মানুহ এজন কিবা বস্তু বা ভাৱেৰে পৰিচিত হওক বা নহওক কিন্তু ব্যক্তি এজন সদায় ভয় আৰু ভৱিষ্যত এই দুয়োটাই ব্যক্তিজনৰ মনত থাকে যাৰ অস্তিত্ব ব্যক্তিজনৰ অস্তিত্বৰ ওপৰত গধুৰ হয়। ( Assamese Fact )
ভয় হৈছে সেইটো বস্তু যিটো আপুনি নাজানে, যি আপোনাৰ দ্বাৰা অপৰিচিত আৰু সেইবাবেই আপোনাৰ ভয় হয় যে কি হব ঠিক নাই? ভৱিষ্য হৈছে সেইটো যি এতিয়ালৈকে ঘটা নাই। গতিকে যিটো এতিয়ালৈকে ঘটা নাই সেই বিষয়ে চিন্তা কিহৰ? আপোনাৰ হাতত আছে বৰ্তমান। বৰ্তমানৰ কৰ্ম সত্য মনেৰে কৰি যাওক। আৰু নিজৰ কৰ্মক কিমান শ্ৰেষ্ঠতাৰে কৰিব পাৰিব তাৰ বিষয়ে চিন্তা কৰক। সেইবাবে বিশ্বাস কৰক যদি আপুনি বৰ্তমানৰ কৰ্মবোৰ সত্য মনেৰে কৰে তেন্তে ভয় আপোনা আপুনি নাইকিয়া হৈ যাব আৰু ভৱিষ্যতৰ ফল অৱশ্যেই মিঠা হব। ভয় আৰু ভৱিষ্যতক লৈ চিন্তা কৰা বাদ দিয়ক। সদায় বৰ্তমানটোত জীয়াই থাকক।
জীৱনত আমি বহুত মানুহ লগ পাওঁ । আপুনিও হয়তো এনেকুৱা ব্যক্তি লগ পাইছে যিয়ে নিজক অসফল বুলি মানি লৈছে, নিৰাশ হৈছে আৰু জীৱনত তেওঁ একো কৰ্ম কৰিব নোৱাৰে বুলি মানি লৈছে। কিন্তু সঁচা অৰ্থত এইটো নহয়, এই সংসাৰত এনেকুৱা একো নাই যি নিকী যোগ্য নহয়। এনেকুৱা একো আখৰ নাই যি মন্ত্ৰত উচ্চাৰণ নোহোৱাকৈ থাকে।এনেকুৱা কোনো বনৌষধি নাই যি ঔষধ নোহোৱাকৈ থাকে। এনেকুৱা কোনো বিষ নাই যি সময়ত অমৃত হৈ পৰে। ঠিক সেইদৰে কোনো ব্যক্তি অযোগ্য নহয়। তেওঁক অযোগ্য কৰি তোলে তেওঁৰ চিন্তা ভাৱনাই। সেইবাবে নিজকে ভালদৰে জানি লওক তেতিয়াহে নিজৰ যোগ্যতা বোৰ গম পাব। অন্তৰ খনৰ মনটোক জগাওঁক , আপুনি জানিব যে যিখন সংসাৰৰ ভেঁটি টোৱেই আশাৰে গঢ়ি উঠিছে সেই সংসাৰত নিৰাশা, হতাশাৰ দৰে ভাবে কোনো অস্তিত্ব নাৰাখে। আমি কিতাপ এখন দেখিলে তাৰ ওপৰৰ আৱৰণ দেখি ধুনীয়া বুলি কওঁ কিন্তু সচাকৈ ই অদ্ভুত কিতাপ বুলি কোৱাৰ যোগ্য নে? কিতাপখনৰ ভিতৰত থকা কথাবোৰ সত্য নে? প্ৰেৰণাদায়ক হয় নে? কিদৰে ইয়াৰ নিশ্চয়তা পৰীক্ষা কৰিব পাৰি? এতিয়া আমি সাধাৰণতে ভাবো যে আৱৰণ দেখি কিতাপ এখনৰ গুনৱত্ব কিদৰে জানিব পাৰি ? তাৰ বাবে কিতাপখন পঢ়িব লাগিব, বুজি পাব লাগিব আৰু সময় দিব লাগিব। আচৰিত কথা এইটো যে কিতাপখনৰ বিষয়ে আমি সকলোৱে এই কথাবোৰ জানো কিন্তু কোনো এজন ব্যক্তিৰ বিষয়ে আমি এই কথাবোৰ মনলৈ আনিব নোৱাৰো । ব্যক্তি এজনৰ মূল্যাংকন তেওঁৰ বস্ত্ৰ, শাৰীৰিক ৰূপৰ দ্বাৰা কৰিব নোৱাৰি। তাৰ বাবে ব্যক্তি জনক বুজি পাব লাগিব, তেওঁক সময় দিব লাগিব তেতিয়াহে তেওঁৰ বিষয়ে জানিব পৰা যাব। কিন্তু আমি সকলোৱে প্ৰায় কি কৰোঁ যে ব্যক্তি এজনৰ ৰং, তেওঁৰ সুন্দৰতা দেখি আকৰ্ষিত হৈ যাওঁ। আৰু সেই আকৰ্ষণক প্ৰেম বুলি ভাবি লওঁ। তাৰ পাছত প্ৰায় মানুহৰে মুখত শুনিবলৈ পোৱা যায় যে তেওঁৰ প্ৰেম সফল নহল, তেওঁ প্ৰবঞ্চনাৰ বলি হল। কিন্তু ইয়াত ভুল বেলেগৰ নহয় সেই ব্যক্তিজনৰহে ভুল যিয়ে আকৰ্ষণক প্ৰেম বুলি মানি ললে। কিয়নো তেওঁ আকৰ্ষিত হোৱা ব্যক্তিজনক সময় নিদিলে, তেওঁৰ চিন্তা বিচাৰ বোৰক চালি জাৰি নাচালে। ( Assamese Fact )
প্ৰেম দুই মিনিততে তৈয়াৰী হোৱা কোনো খাদ্য সামগ্ৰী নহয়। ইয়াৰ সোৱাদ লবলৈ হলে আপুনি জীৱন ভৰ সময় দিব লাগিব। গতিকে সময় দিয়ক, ইজনে আনজনৰ ৰূপ দেখি সম্বন্ধ নগঢ়িব নিজৰ অন্তৰাত্মা মিলিছে নে নাই সেইটো চাওক।
আমি সকলোৱে বৃক্ষ দেখিছোঁ, বৃক্ষত থকা পশু পক্ষী আমি সকলোৱে দেখিছোঁ। পশু পক্ষীয়ে গছত সজা সিহঁতৰ ঘৰ দেখিছোঁ। আমি সকলোৱে সেই পক্ষীবোৰে সিহঁতৰ সৰু সৰু পোৱালি বোৰক আহাৰ গ্ৰহণ কৰাই দিয়াও দেখিছোঁ। চৰাই বোৰে দূৰৰ পৰাই নিজৰ পোৱালিৰ বাবে ওঁঠত আহাৰ লৈ আহে। যিবোৰ পোৱালীয়ে নিজে আহাৰ গ্ৰহণ কৰিব নোৱাৰে সিহঁতক উঠেৰে খুৱাই দিয়ে আৰু নিজে ভোকত থাকে নি স্বাৰ্থ ভাবে। কিন্তু যেতিয়া সন্তান কেইটাৰ পাখি গজে তেতিয়া মাকজনীয়ে সিহঁতক উৰিবলৈ শিকাই। আৰু তাৰ পাছত নিজৰ জীৱন জীয়াই থাকিবলৈ স্বাধীন কৰি দিয়ে সিহঁতক এই বিশাল আকাশত উৰিবলৈ।
আৰু আমি মানৱ জাতিয়ে কি কৰোঁ? যি সন্তানক আমি পক্ষীৰ দৰে লালন পালন কৰোঁ সিহঁতৰ পাখি গজাৰ লগে লগে আমি বান্ধি পেলাওঁ এইটো ভাবি কিজানি সিহঁত দূৰলৈ উৰি যায়। এনেকুৱা নহয় যে এই স্থিতিত মাক দেউতাকৰ সন্তানৰ প্ৰতি মৰম কম। কিন্তু ইয়াত সন্তানৰ প্ৰতি থকা প্ৰেমৰ ওপৰত মোহ ভাৰি হৈ পৰে যি সন্তান আৰু নিজৰ ভৱিষ্যতৰ মাজত বাধা হৈ পৰে। আমি এইটো পাহৰি যাওঁ যে আমি কেৱল জন্মদাতা হওঁ ভাগ্য বিধাতা নহয়। প্ৰেমত যেতিয়া মোহ আহি পৰে তেতিয়া সেইয়া প্ৰেম নহয় স্বাৰ্থ হৈ পৰে। সেইবাবে প্ৰেমক কাষত থওক আৰু মোহক আঁতৰাই থওক। কিয়নো যাক প্ৰেম কৰা যায় তেওঁৰ বিকাশত বাধা দিয়া নহয়।
প্ৰেম হৈছে সংসাৰৰ আটাইতকৈ পবিত্ৰ বন্ধন। কিন্তু সঁচা অৰ্থত ই বন্ধনৰ পৰা মুক্তি হয়, স্বাধীনতা হয়। যদি কোনোবাই আপোনাৰ প্ৰেম প্ৰত্যাখ্যান কৰে , আপোনাৰ প্রেম বুজিয়েই নাপায় তেতিয়া আপুনি কি কৰিব? কিছু সময় উদাস হব নতুবা চল কপটেৰে প্ৰেম পাবলৈ বিচাৰিব। আৰু কিছুমানে বলপূৰ্বক ভাবে প্ৰেমৰ ওপৰত অধিকাৰ পাব বিচাৰিব। কিন্তু এইটো আৱশ্যক নহয় যে আপুনি যাক প্ৰেম কৰিব তেওঁ যে ওলোটাই আপোনাক প্ৰেম কৰিব লাগিব। কিয়নো প্ৰেম কোনো বস্তু নহয়। প্ৰেম কোনো ৰাজ্য নহয় ধন নহয় যাক আপুনি বলেৰে পাব পাৰিব। প্ৰেম সেইটো শক্তি হয় যিয়ে আপোনাৰ বাবে সকলো বন্ধন ভাঙিব পাৰে কিন্তু নিজে কোনো বন্ধনত নফছে। আপুনি যাক প্ৰেম কৰে তেওঁক স্বাধীন ভাবে এৰি দিয়ক। কিয়নো স্বাধীনতাই হৈছে সেইটো ভাব যিটো জীৱৰ বাবে অধিক প্রিয়। প্ৰেম সঁচা হলে অৱশ্যে তেওঁ বুজি পাব। তেতিয়ালৈকে নিঃস্বাৰ্থ ভাবে প্ৰেম কৰি যাওক। স্বাৰ্থ আঁতৰি গলে প্ৰেম নিশ্চয় আহিব। আৰু মন প্ৰসন্ন হৈ উঠি কব " ৰাধা ৰাধা"
যেতিয়াই প্ৰেমৰ কথা আহে আমি প্ৰথমে এজন নায়ক আৰু নায়িকাৰ চিত্ৰ মনত অংকন কৰি লওঁ। আমাৰ সকলোৰে লগতে এনেকুৱাই হয় নহয় জানো? কিন্তু প্ৰেম কি সচাকৈ নায়ক আৰু নায়িকাৰ আকৰ্ষণৰ বন্ধন নেকি? নহয়, প্ৰেমটো পৰিয়ালৰ লগতো হব পাৰে, মা দেউতা, বাই ভনী , ককাই ভাইৰ লগতো হব পাৰে। বন্ধু বান্ধৱ, দেশ আৰু জন্মভূমিৰ বাবেও হব পাৰে। মানৱতাৰ বাবে হব পাৰে, কোনো কলাৰ প্ৰতি হব পাৰে। কিন্তু প্ৰেম কিন্তু প্ৰেম সেইটো পৃষ্ঠা হয় যত আৰু লিখিবলৈ একো বাকী নাথাকে যিদৰে এটা ভৰ্তি হৈ থকা পানীৰ কলহত আৰু পানী ঢালিব নোৱাৰি। যদি প্ৰেম পাবলৈ হয় তেন্তে মনটো খালি কৰিব লাগিব। নিজৰ ইচ্ছা, নিজৰ সুখ সকলো ত্যাগ কৰি সমৰ্পণ কৰিব লাগিব। নিজৰ মনৰ পৰা বেপাৰ আঁতৰাব লাগিব তেতিয়াহে প্ৰেম পোৱা যাব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )
No comments:
Post a Comment