এনেকুৱা সম্পৰ্কৰ পৰা নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 20, 2021

এনেকুৱা সম্পৰ্কৰ পৰা নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰক: Assamese Fact

Assamese Fact

আমি ইজনে সিজনৰ লগত এটা সম্পৰ্কত বান্ধ খাই থাকোঁ।মনৰ অধিকতম সুখৰ কাৰণ হৈছে আমাৰ সম্পৰ্ক আৰু মনৰ অধিকতম দুখৰ কাৰণো হৈছে আমাৰ এই সম্পৰ্কই। সম্পৰ্কই আমাৰ নিসংগতা দূৰ কৰি দিয়ে।(Assamese Fact)


 কেতিয়াবা এই সম্পৰ্কবোৰেই আমাক বহুত অকলশৰীয়া কৰি দিয়ে। আমাৰ সম্পৰ্কবোৰেই আমাৰ মুখত হাঁহি বিৰিঙাই তোলে আৰু সুখ লৈ আনে। কেতিয়াবা সেই সম্পৰ্কই আমাৰ চকুত চকু পানী লৈ আনে।



এনে কিয় হয়? সম্পূৰ্ণ নিষ্ঠাৰে সম্পৰ্ক এটা পালন কৰাৰ পাছতো আমি সেই সম্পৰ্কটোত দুখ পাওঁ। আমি যাক নিজৰ আপোন বুলি ভাবো, তেওঁৱেই কিয় আমাক সকলোতকৈ পৰ কৰি তোলে?  কিয় এনে হয় যিয়ে আমাক বেছি দুখ দিয়ে তেওঁৰ বাবেই আমাৰ বেছি চিন্তা হয় ? আমি কিয় সেইজন ব্যক্তিৰ লগতে থাকিব বিচাৰোঁ ? আমি যাক বেছি সন্মান কৰোঁ কিয় তেওঁ আমাক অলপো সন্মান নিদিয়ে? অধিকতম ব্যক্তিৰ সমস্যা ,চিন্তা তেওঁলোকৰ সম্পৰ্কৰ লগত জড়িত। 


মনত ৰাখিব, আপোনাৰ কোনো এটা সম্পৰ্ক যিমানেই মৰমৰ নহওক কিয়,কোনো এজন  ব্যক্তি আপোনাৰ যিমানেই ভাল লাগক  , কিন্তু যদি আপুনি সেই সম্পৰ্কটোত এই  পাচঁটা ভুল কৰে তেন্তে সম্পৰ্কটোত আপুনি দুখৰ বাহিৰে আৰু একো নাপায়।



(১) কেতিয়াও কোনো সম্পৰ্কৰ বাবে কাৰো ওচৰত ভিক্ষা কৰিব নালাগে , তেওঁৰ ওচৰত কান্দিব নালাগে যে তেওঁ আপোনাৰ লগত থাকিব লাগে, আপোনাক এৰি যাব নালাগে। যেতিয়া আপুনি এনেদৰে সম্পৰ্কটোৰ বাবে ভিক্ষা খোজা পৰিস্থিতিলৈ আহে তেতিয়া  আপুনি তেওঁৰ দৃষ্টিত তল পৰি যোৱাৰ লগতে তেওঁ আপোনাক গুৰুত্ব নিদিয়া হ'ব। যদি আপুনি  সম্পৰ্কটোত থাকিবলৈ তেওঁক জোৰ কৰিছে, ভিক্ষা কৰিছে তেন্তে তাৰ অৰ্থ হল যে তেওঁ আপোনাৰ লগত থাকিব নোখোজে। যদি তেওঁ সঁচাই আপোনাৰ লগত থাকিব বিচাৰিলে হয় তেন্তে আপুনি ইমান কষ্ট পাব লগা নহলহেঁতেন। যিয়ে আপোনাক এৰি যাব বিচাৰে বা এৰি যাব খুজিছে তেনে ব্যক্তিৰ পিছত কেতিয়াও নাযাব। কিয়নো সেইটো সম্পৰ্কত আপোনাৰ কেতিয়াও কোনো মূল্য নাথাকিব। আপুনি সদায় দুখেই পাব ।



(২) কেতিয়াও কাকো আপোনাৰ লগত কথা পাতিবলৈ জোৰ নকৰিব। কথা পাতিব লাগে বুলি কেতিয়াও তেওঁৰ লগত কাজিয়া নকৰিব আৰু  তেওঁক জোৰ নকৰিব আপোনাক সময় দিবলৈ। যিয়ে আপোনাক সঁচা প্ৰেম কৰিব তেওঁক আপুনি সময় বিচাৰিব নালাগে, কথা পাতিবলৈ জোৰ কৰিব লগা নহয়। যদি তেওঁ আপোনাক সঁচাই ভাল পায় তেন্তে তেওঁৰ গোটেই সময় আপোনাক দি দিব। তেওঁ নিজেই আপোনাৰ লগত কথা নপতাকৈ থাকিব নোৱাৰিব। যদি আপুনি জোৰ কৰি কৰি কাৰোবাৰ লগত কথা পাতিবলৈ তেওঁৰ পৰা সময় বিচাৰিব লগা হয় তেন্তে তাৰ অৰ্থ হ'ল যে তেওঁৰ নিজৰ সময় আপোনাৰ লগত কটাবলৈ কোনো ইচ্ছা নাই। এনে সম্পৰ্কৰ পিছত দৌৰি, এনে ব্যক্তিৰ পিছত দৌৰি আপুনি মাথোঁ দুখ লাভ কৰিব, চকুপানীৰ বাহিৰে আৰু একো নাপাব।



(৩) প্ৰেমৰ কৰিব কাৰণে, আপোনাৰ বাবে চিন্তা কৰিবলৈ, আপোনাৰ যত্ন লবলৈ আপোনাক ধ্যান দিবলৈ কেতিয়াও কাকো জোৰ নকৰিব। এইবোৰ বস্তু কেতিয়াও খুজিব লগা নহয় বা এইবোৰ খোজা বস্তু নহয় । এইবোৰ বস্তু মানুহে নিজেই নিদিলে ইয়াক বিচাৰিলেও পোৱা নাযায়। যিয়ে আপোনাক সঁচা ভাল পাব তেওঁ নিজেই আপোনাক মৰম কৰিব , আপোনাৰ চিন্তা কৰিব, সন্মান দিব  আৰু আপোনাৰ ধ্যান ৰাখিব। যদি আপুনি এইবোৰ বস্তু খুজিব লগা হৈছে  তেন্তে তাৰ অৰ্থ হৈছে তেওঁৰ মনত আপোনাৰ প্ৰতি  কোনো আবেগ অনুভূতি নাই । সম্পৰ্ক যিমানেই মৰম লগা নহওক কিয় কেতিয়াও প্ৰেমৰ বাবে ভিক্ষা বা জোৰ নকৰিব।

Assamese Fact)


(৪) যদি কোনো এজন ব্যক্তিৰ জীৱনত আপুনি সকলোতকৈ পিছত আছে, যদি আপোনাতকৈ আগত তেওঁ বাকীবোৰ বস্তুত বেছি প্ৰাধান্য দিয়ে তেন্তে আপুনি তেওঁক আপোনাৰ জীৱনত কেতিয়াও আগ স্থান নিদিব। তেওঁৰ ওচৰত যদি আপোনাৰ বাবে সময় নাই তেন্তে আপুনি তেওঁ যেতিয়াই মাতে তেতিয়াই গৈ তেওঁৰ ওচৰত উপস্থিত নহ'ব। যদি তেওঁ আপোনাৰ কথা চিন্তা নকৰে তেতিয়া আপুনি তেওঁৰ বাবে নিজক কষ্ট দি বা তেওঁৰ চিন্তা কৰি লাভ নাই । চিন্তা তেওঁৰ কৰিব যিয়ে আপোনাৰ মূল্য বুজি পায়। গুৰুত্ব তেওঁক দিয়ক যিয়ে আপোনাক গুৰুত্ব দিয়ে। যিয়ে আপোনাক নিজৰ জীৱনত আগ স্থান দিয়ে আপুনিও তেওঁক নিজৰ জীৱনত আগ স্থান দিয়ক ।



(৫) জীৱনত কেতিয়াও কোনো ব্যক্তিৰ পিছত নদৌৰিব। যদি আপুনি কাৰোবাৰ পিছত দৌৰিছে তেন্তে তাৰ অৰ্থ হ'ল তেওঁ আপোনাৰ লগত থাকিব নিবিচাৰে আঁতৰি আছে। যদি তেওঁ আপোনাৰ ওচৰত থাকিব বিচাৰিলে হেঁতেন তেতিয়া আপুনি কেতিয়াও তেওঁৰ পিছত দৌৰিব লগা নহলহেঁতেন। যদি আপুনি তেওঁৰ পিছত পৰিব লগা হৈছে তেন্তে তেওঁ আপোনাৰ প্ৰতি নহয় আপোনাৰ পৰা আঁতৰি গৈছে।  এনে ব্যক্তিৰ পিছত দৌৰিলে আপুনি কেৱল দুখৰ সন্মুখীন হ'ব। প্ৰেম ভালপোৱাৰ এটা নিজা স্থান আছে। কিন্তু য'ত আপোনাৰ আত্মসন্মান হানি হয়, য'ত আপোনাৰ সন্মানৰ কথা আহি পৰে তাত আপুনি প্ৰথমে নিজক চম্ভালি লওঁক। যি সম্পৰ্কই আপোনাক দুখ দিছে, সন্মান কাঢ়ি নিছে , আপোনাৰ কোনো গুৰুত্ব নাই সেই সম্পৰ্কৰ পৰা আপুনি দুখোজ পিছুৱাই আহঁক। আপুনি তেওঁৰ বাবে ইমান অধীৰ হৈ নাথাকিব কিয়নো এনে কৰিলে আপুনি কেৱল দুখ পাব।আপুনি এবাৰ এইটো চাওক যে সেইজন ব্যক্তিয়ে আপোনাৰ সম্পৰ্কটোৰ বাবে কিবা কৰিছে নে নাই কৰা নে সকলো কেৱল আপুনিয়েই কৰিব লগা হৈছে। যদি তেওঁ সঁচাই আপোনাক ভাল পাই, আপোনাৰ চিন্তা কৰে তেন্তে তেওঁ নিজেই আপোনাৰ ওচৰলৈ আহিব। যদি তেওঁৰ জীৱনত আপোনাৰ কোনো মূল্য নাই তেন্তে আপুনি তেওঁৰ পৰা আঁতৰি অকলশৰীয়াকৈ থকাই ভাল।



আমি আপোনালোকক এইটো নাই কোৱা যে আমি সম্পৰ্ক গঢ়িব নালাগে।  সম্পৰ্ক গঢ়িব লাগে ।কিন্তু এনেকুৱা ব্যক্তিৰ লগত নহয় যিয়ে আপোনাৰ মূল্য বুজি নাপায়। তেওঁলোকৰ লগত সম্পৰ্ক গঢ়ি নোতুলিব যিয়ে কেৱল আপোনাক দুখ দিয়ে। তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰক যিয়ে আপোনাক বুজি পায় আপোনাৰ মৰম বুজি পায় আৰু যিয়ে আপোনাৰ লগত এক দীঘলীয়া সম্পৰ্কত থাকে আপোনাক আধাতে এৰি নাযায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 







No comments:

Post a Comment

Advertisement

Pages