ঔৰংজেবৰ দ্বাৰা মন্দিৰ ধ্বংস-- ইতিহাসৰ পাতৰ পৰা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 7, 2021

ঔৰংজেবৰ দ্বাৰা মন্দিৰ ধ্বংস-- ইতিহাসৰ পাতৰ পৰা : Assamese Fact

Assamese Fact

ভাৰতৰ ইতিহাসত মোগল সম্ৰাট ঔৰংজেবেই সকলোতকৈ দীঘলীয়া সময় শাসণত কৰাৰ কথা পোৱা যায়। এই দীঘলীয়া সময়চোৱাত ঔৰংজেবৰ শাসণৰ বিষয়ে বা তেওঁৰ বিভিন্ন ধৰণৰ কামৰ ব্যাখ্যা সৰু বৰ সিচৰিত হৈ থকা ইতিহাস সমূহত পোৱা যায়। তেওঁ হিন্দু গুৰুকুল বিলাক, মন্দিৰ বিলাক ধ্বংস কৰাইছিল আৰু বলপূৰ্বক ভাবে হিন্দু মানুহক ইচলাম ধৰ্মলৈ ধৰ্ম পৰিবৰ্তন কৰাইছিল।( Assamese Fact )


 বৰ্তমান ৰাজস্থানৰ বিকানিৰ চহৰৰ মিউজিয়ামত মোগলৰ শাসণত সময়ৰ বহুত গুৰুত্বপূৰ্ণ চিঠি আৰু  নথি-পত্ৰ সংৰক্ষণ কৰা হৈছে। এই নথিপত্ৰৰ লগত ঔৰংজেবৰ হিন্দু মন্দিৰ ধ্বংস কৰিবলৈ দিয়া ফৰমানো সংৰক্ষণ কৰা আছে। তেওঁৰ কেইটামান উল্লেখযোগ্য কাম ---


১) ঔৰংজেৱ ৰাজপাটত উঠি অযোধ্যালৈ দহ বাৰ অভিযান চলাই সকলো মন্দিৰ ধ্বংস কৰাৰ লগতে মানুহক জোৰ জুলুম কৰি ধৰ্ম পৰিবৰ্তন কৰালে।


২) ১৬৬৯ চনত ঔৰংজেৱে ফৰমান জাৰি কৰি কাশী বিশ্বনাথ মন্দিৰ সম্পূৰ্ণ ৰূপে ধ্বংস কৰি দিয়ে। এই ফৰমান আজিও কলকতাৰ এছিয়েতিক লাইব্ৰেৰীত সুৰক্ষিত আছে। ঔৰংজেবৰ আদেশ অনুসৰি মন্দিৰ ভাঙি মন্দিৰৰ জ্ঞানৱাপী মন্দপত জ্ঞানৱাপী মছজিদ  নিৰ্মাণ কৰে। ইয়াৰ পাছত ঔৰংজেবে কাশী আৰু তাৰ আসে পাসে থকা ব্ৰাহ্মণ সকলক দিনে এহেজাৰ জনক মুছলমান ধৰ্মলৈ পৰিবৰ্তন কৰিবলৈ আদেশ দিলে। সেয়ে উত্তৰ প্ৰদেশৰ শতকৰা ৯০ শতাংশ মুছলমান লোকৰ পূৰ্বজ ব্ৰাহ্মণ। 


৩) ১৬৬৯/৭০ চনত ঔৰংজেবে মথুৰা আক্ৰমণ কৰি শ্ৰীকৃষ্ণ জন্ম স্থানৰ  কেশৱদেৱ মন্দিৰ ধ্বংস কৰি তাৰ ঠাইত শ্বাহি ঈদগাহ মছজিদ সজাইছিল।


৪) ঔৰঙ্গজেবৰ ওপৰত চাকি মুস্তাক খানে লিখা "মাছিৰ-ই-আলমগিৰি" নামৰ কিতাপখনত এনে এটা ঘটনাৰ কথা উল্লেখ কৰা হৈছে যিটো আমি পঢ়া ইতিহাসৰ কিতাপ বিলাকত কোনেও লিখা নাই। 


 মুস্তাক খানে ঔৰঙ্গজেবৰ জীৱনীত লিখিছে-- 


"সেইদিনা আছিল  দেওবাৰ (২৪-২৫ মে, ১৬৮৯) । ঔৰঙ্গজেবৰ সৈন্য দলে  যোধপুৰৰ মন্দিৰবোৰ ধ্বংস কৰি  উভতি আহিছিল।  খান জহাঁ বাহাদুৰৰ নেতৃত্বত মন্দিৰসমূহ ভাঙি পেলাইছিল, সেইবোৰ লুটি লৈছিল আৰু মূৰ্তিবোৰ ভাঙি পেলোৱা হৈছিল তেতিয়া সম্ৰাট জন অতি সুখী হৈছিল। সম্ৰাটে বাহাদুৰৰ কাৰ্য্যত গৌৰৱ অনুভৱ কৰিছিল।" 


মাছিৰ-ই-আলমগিৰিৰ  মতে  খান জহাঁ বাহাদুৰে যোধপুৰৰ পৰা কেইবাখনো (ঘোঁৰা) গাড়ীত হিন্দু দেৱতাৰ মূৰ্তি আনিছিল। এই লুণ্ঠন কৰা মূৰ্তিবোৰ ৰজা ঔৰঙ্গজেবৰ ওচৰত দিয়া  হৈছিল আৰু সেই বিলাক দেখি ঔৰঙ্গজেব বৰ সন্তুষ্ট হৈছিল ।  মূৰ্তি  বিলাক বৰ ধুনীয়া ধুনীয়া আছিল। কিছুমান সোণ আৰু ৰূপৰ, কিছুমান পিতল, আন কিছুমান তামেৰে নিৰ্মিত। তাৰ ভিতৰত শিল আৰু সূক্ষ্ম কাৰুকাৰ্যৰ বহুতো ভাস্কৰ্য আছিল।( Assamese Fact )


ঔৰঙ্গজেবে আদেশ দিছিল যে এই মূৰ্তিবোৰ তেওঁৰ দৰবাৰৰ জিলাউখানাত থব লাগে । দেৱালৰে আৱৰি থকা চোতালৰ দৰে ঠাইক জিলাউখানা বুলি কোৱা হয়। ইয়াৰ পাচত  ঔৰঙ্গজেবে  যি আদেশ দিছিল সেয়া আজিৰ প্ৰতিজন হিন্দুৱে জনা উচিত। 


চাকি মুস্তাক খানে লিখিছে-- সম্ৰাটে কৈছিল যে যোধপুৰ লুণ্ঠন কৰি অনা হিন্দু দেৱী দেৱতাৰ মূৰ্তিবোৰ জামা মছজিদৰ খোজ কঢ়ি উঠি যোৱা  চিৰি বিলাকৰ তলত  পুতি থব লাগে। এনেদৰে হিন্দু দেৱী দেৱতাসকলৰ মূৰ্তিবোৰ জামা মছজিদৰ তলত সমাধিস্থ কৰা হৈছিল। 


৫)ঔৰঙ্গজেবৰ ওপৰত সেই একেখন কিতাপত ৰমজান মাহত মথুৰাৰ মন্দিৰবোৰ কেনেকৈ ভাঙি পেলোৱা হৈছিল তাৰো উল্লেখ আছে। ৰাজস্থানত, খাণ্ডেলাৰ আটাইতকৈ ডাঙৰ মন্দিৰটো ৩০০ জন লোকক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত ভাঙি পেলোৱা হৈছিল। উদয়পুৰত ৰাণাৰ প্ৰাসাদৰ সন্মুখৰ মন্দিৰটো ভাঙি পেলোৱা হৈছিল। ৰাজস্থানৰ অম্বৰৰ পৰা উভতি অহা মোগল সেনা নায়ক  আবু তাৰাবে সম্ৰাটক জনাইছিল যে ৬৬ টা মন্দিৰ ভাঙি পেলোৱা হৈছে।


হামুউদ্দিন খানক মন্দিৰসমূহ ভাঙি বলৈ আৰু সেইবোৰৰ সলনি মছজিদ স্থাপন কৰিবলৈ কৰ্ণাটকৰ বিজাপুৰলৈ পঠোৱা হৈছিল। তেওঁ উভতি আহি জনাইছিল যে মন্দিৰ ধ্বংসৰ ফলত বহু সংখ্যক হিন্দু নিবনুৱা হৈ পৰিছে।


এনে এজন হিন্দু বিৰোধী,  নিষ্ঠুৰ আৰু ভাৰতীয় সনাতন সংস্কৃতি ধ্বংস কৰা শাসক মা কামাখ্যা মন্দিৰৰ বাবে মাটি দিয়া বুলি কোৱা কথাতো বাৰু হব পাৰেনে।  


ঔৰংজেবৰ ২০ বছৰীয়া  জী জৈবুন্নিছাই  হিন্দু মহাৰাজ ছত্ৰশালৰ  প্ৰেমত পৰি শ্ৰীকৃষ্ণক আৰাধনা কৰিবলৈ লোৱা বাবে সালীমগঢ় দূৰ্গত ভৰাই  মৰিবলৈ যাবলৈ দিছিল।  সেই হিন্দুৰ প্ৰতি আৰু হিন্দু দেৱতাৰ প্ৰতি এনে ঘৃণা ভাব থকা লোক জনে মা কামাখ্যা মন্দিৰৰ বাবে মাটি দিয়া কথাটো কোনো  লোকৰ ইচ্ছাকৃত  অপপ্ৰচাৰ হব নহলে হয়তো তেওঁৰ চিন্তা শক্তি আৰু বুজা শক্তি লোপ পাইছে। 


জুলা শৰ্মা 

নতুন দিল্লী

Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages