ছাৰ, চিনি পাইছেনে, "মই মৌচুমী।বাৰ্থ দে পাতিলো।ওচৰ চুবুৰীয়া সকলকো বাৰ্থ দে লৈ মাতিলো।আজিকালি মোকো বাৰ্ড দে খাব মাতে।"( Assamese Fact )
কেইদিনমান আগতে ডিমৌ গ্ৰাম্য চিকিৎসালয়ত আপাত কালীন নৈশ কৰ্ত্যব কৰাৰ সময়ত ৰাতিপুৱা প্ৰায় ৩ বজাত মৌচুমীয়ে আত্ম সন্তুষ্টিত কথাখিনি কয়।
দৰৱ কেইটা মানৰ বিধান দি মৌচুমীক বিদায় দি অলপ শুব চেষ্টা কৰিলোঁ। কিন্তু বাৰে বাৰে যোৱা বছৰ(২০২০ চন) আগষ্ট মাহৰ মৌচুমীৰ ঘটনাখিনি চকুৰ আগত ভাহি উঠিল।
বিয়াৰ প্ৰায় ১৫ বছৰ পাছত অন্তঃ সত্ত্বা হোৱাৰ পাছত স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ চিকিৎসকক নিয়মিত ভাবে চেক আপ কৰাইছিল।শেষত চিজাৰীয়ান অস্ত্ৰোপচাৰ কৰিবলৈ ডিমৌ চিকিৎসালয়ত ভৰ্তি হয়। বহু অপেক্ষাৰ অন্তত মাতৃত্বৰ অনুভূতিয়ে সেইদিনাখন মৌচুমীক পুলকিত কৰিছিল।কিন্তু আলচা কথা নহয় সিদ্ধি,বাটত আছে কণা বিধি !
পেটৰ ভিতৰতে সন্তানৰ মৃত্যু বা জন্মৰ কিছু সময়ৰ পাছত মৃত্যু আদি মৰ্মান্তিক ঘটনাবোৰ আপোনালোকে নিশ্চয় শুনিছে।পেটৰ ভিতৰত পৃথিৱীলৈ আহিব লগীয়া সন্তান টোৱে ঠিকেই খেলি থকা যেন অনুমান হয়, USG বা আনুসংগিক পৰীক্ষা পাতিবোৰো ঠিকেই থাকে।তথাপি কেতিয়াবা পেটৰ ভিতৰতে বা ভূমিষ্ট হৈ কিছু সময়ৰ পাছত নবজাতকৰ মৃত্যু হয়।কেতিয়াবা চিজাৰীয়ান কৰাৰ পাছতো নবজাতকৰ মৃত্যু হয়।এজন সাধাৰণ নাগৰিক হিচাবে,ৰোগীৰ অবিভাৱকে ডাক্তৰ কিম্বা নাৰ্ছক দোষাৰোপ কৰে।কৰবাত যেন স্বাস্থ্য কৰ্মীসকলে গাফিলতি কৰিছে।সন্দেহ এটা থাকি যায়।মই কোনো প্ৰসূতি বিশেষজ্ঞ নহয় যদিও ২০০৪ চনৰপৰা প্ৰায় ১০ হাজাৰ চিজাৰীয়ান অস্ত্ৰোপচাৰত বিভিন্ন প্ৰসূতি বিশেষজ্ঞৰ লগত কাম কৰি গম পাইছো, যেতিয়া লৈকে আপোনাৰ সন্তানৰ ভূমিষ্ঠ নহয়, তেতিয়ালৈকে সন্তানটিৰ সকলো ঠিকেই থাকিব বুলি কব নোৱাৰি।কেতিয়াবা দেখিছোঁ,হাৰ্টৰ বেমাৰ ওলাইছে বা কেতিয়াবা বেলেগ সমস্যা দেখা পোৱা গৈছে।
যদিওবা আজি চিকিৎসা বিজ্ঞানৰ জয় যাত্ৰাত USGৰদ্বাৰা গৰ্ভস্থ সন্তানটিৰ স্বাস্থ্যৰ বিষয়ে ভালেখিনি কথা জানিব পাৰি,কিন্তু সন্তানটিয়ে মাকৰ জৰায়ুত খেলা ধূলা কৰা পানীৰ ৰঙৰ কথা প্ৰায়ে কব নোৱাৰে।পানী কম বা বেছি আদি কব পাৰে।কিন্তু পানীটো লেতেৰা নে চাফা সেইয়া কব পৰাটো প্ৰায়ে সম্ভৱ নহয়।
সাধাৰণতে গৰ্ভস্থ সন্তানটোৱে যিটো পানীত খেলি থাকে, সেই পানীটোতে পেচাব কৰে।জৰায়ুত সন্তানৰ লগতে থিতাপি লোৱা ফুল(placenta) টোৱে পানী খিনিৰ লেতেৰা বোৰ শুহি দিয়ে আৰু পানীখিনি চাফা কৰি ৰাখে আৰু সেই বিশুদ্ধ পানীখিনিয়ে খাই সন্তানটিয়ে পুষ্টি পায় আৰু তাৰ বিকাশ হয়।আমি খোৱাৰ পাছত যেনেকৈ পায়খানা হয়, গৰ্ভস্থ সন্তানটিয়ে মাকৰ পেটৰ ভিতৰত পায়খানা নকৰে।
জন্ম হোৱাৰ পৰা প্ৰায় কিছু দিনলৈ নবজাতকে আলকাট্ৰাৰ নিচিনা কলা বা সেউজীয়া পায়খানা কৰে।এইখিনিক মেডিকেল ভাষাত মেকনিয়াম বুলি কয়।এইখিনি জন্ম নোহোৱা লৈকে সন্তানটিৰ খাদ্য নলীতে জমা হৈ থাকে।কিন্তু গৰ্ভতে থাকোতে সন্তানটিয়ে কষ্ট পালে এই মেকনিয়ামবোৰ(কলা বা সেউজীয়া ৰঙৰ) পায়খানাৰ দুৱাৰেদি ওলাই আহিব পাৰে।তেতিয়াই পানীটো লেতেৰা হয় আৰু সন্তানটিয়ে সেই লেতেৰা পানী খোৱাৰ লগতে হাওঁ ফাউত সোমাই যায় আৰু জন্ম হৈয়ে উশাহ টানিব নোৱাৰা হয় বা নাকান্দে আৰু ভূমিষ্ঠ হৈয়ে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লগাত পৰে।কেতিয়াবা আকৌ যিকোনো মুহূৰ্তত সন্তানটি পেটৰ ভিতৰতে মৃত্যু হব পাৰে।বিভিন্ন মেডিকেল কাৰণত সেইয়া হব পাৰে।তেনেকুৱা কিছু মেডিকেল কাৰণত স্বাভাৱিক প্ৰসৱলৈ ৰৈ নাথাকি চিজাৰীয়ান কৰি সন্তানটিক গৰ্ভৰ পৰা উলিয়াই অনা হয়।কিন্তু কেতিয়াবা একো মেডিকেল কাৰণ নাথাকোঁতেও সন্তানটিয়ে পেটত পায়খানা কৰিব পাৰে।
মৌচুমীৰ সকলো ঠিকেই আছিল।তাইৰ লগত হাঁহি ধেমালি কৰিয়েই কঁকালৰ এনেষ্ঠেছীয়া বেজী প্ৰয়োগ কৰি শৰীৰৰ তলৰ চোৱা অংশ অৱশ কৰি অস্ত্ৰোপচাৰ আৰম্ভ কৰা হয়।এটা গতানুগতিক অস্ত্ৰোপচাৰ কক্ষৰ পৰিৱেশ আছিল।
পেটটো কাটি জৰায়ুৰ ভিতৰত সোমায়ে স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ সীমান্ত জ্যোতি টায়ে হতভম্ভ হয়।উৱা! সন্তানটিয়ে খেলি থকা ভিতৰৰ পানী দেখোন একেবাৰে লেতেৰা।গেলগেলীয়া আৰু ডাঠ।নবজাতকৰ অৱস্থা একেবাৰে লেবেজান।কন্দা নাই, উশাহ লোৱা নাই।সাধাৰণতে নবজাতকৰ হৃদ স্পন্দনৰ হাৰ এক মিনিটত ১০০ বা তাতোতকৈ অধিক হব লাগে।কিন্তু মৌচুমীৰ নবজাতকৰ হৃদস্পন্দনৰ হাৰ ৫০-৬০ মানহে আছিল।তৎক্ষণাত অস্ত্ৰোপচাৰ কক্ষত ঘমঘন্ট লাগি যায়।( Assamese Fact )
জন্ম হৈয়ে নবজাতকক এখন বিশেষ ট্ৰলীত ৰখা হয়।সেই ট্ৰলীতে নবজাতকৰ শুশ্ৰূসা কৰাৰ লগতে নবজাতকৰ উষ্ণতা আদি নিয়ন্ত্ৰণ কৰি ৰখা হয়।তাতে আমি প্ৰয়োজন সাপেক্ষে নবজাতকৰ পুনঃ জীৱনৰ কাৰণে ব্যৱস্থাবোৰও কৰা হয়।
অস্ত্ৰোপচাৰ কক্ষত নবজাতকৰ এই বিশেষ ট্ৰলীটো অস্ত্ৰোপচাৰ কৰা বিছনাৰ কাষতে থাকে, যাতে মাতৃ গৰাকীয়ে নিজৰ সন্তানটিক প্রত্যক্ষ কৰি থাকিব পাৰে।
নবজাতক নকন্দা দেখি,নাৰ্ছ চুবৰ্ণ দেউৰীয়ে নবজাতকক নব জীৱন দিবলৈ চেষ্টা কৰিছিল।কথা ভীষণ দেখি মইও মুঠিটোৰ সমান নবজাতকৰ বুকুত হেঁচা প্রয়োগ কৰাৰ লগতে জীৱনী দায়ক বেজী,দৰৱ পাতি আৰু অক্সিজেনৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিওঁ।উপস্থিত সকলো স্বাস্থ্য কৰ্মী নবজাতকৰ ওপৰত জপিয়াই পৰে।ডেইজীয়ে এড্ৰেনেলীন বেজী,মনোৰঞ্জন দায়ে আম্বু বেগ/হাও ফাউত প্ৰয়োজন সাপেক্ষে এডাল পাইপ সুমুৱাই অক্সিজেনৰ ব্যৱস্থা,পোনা দায়ে অক্সিজেন,বীণা বাইদেউয়ে প্ৰয়োজনীয় দৰৱ পাতি আদিৰ ব্যৱস্থা কৰে।আপ্ৰাণ চেষ্টা কৰাৰ পাছতো নবজাতকজন নাকান্দেহে নাকান্দে!উশাহও ভালকৈ লোৱা নাছিল।নবজাতকৰ পুনৰ জীৱনৰ কাৰণে বান্ধি দিয়া সকলো প্ৰটকলৰ মতেই চেষ্টা কৰা হৈছিল।তথাপি নবজাতক লৰাটোৰ সাৰ সুৰ নথকা দেখি মৌচুমীয়ে আমাৰ ফালে ভেবা লাগি চাই থাকিল।ঘটনাৰ আকস্মিক পট পৰিৱৰ্তনে তাইক মৰ্মাহত কৰিছিল।সেইয়া হোৱাটো স্বাভাৱিক।
গ্ৰাম্য চিকিৎসালয়বিলাকত পৰ্য্যাপ্ত শিশু ৰোগ বিশেষজ্ঞ চিকিৎসকৰ অনুপস্থিতত প্ৰায়ে সংজ্ঞাহাৰক চিকিৎসকসকলে চিজাৰীয়ান অস্ত্ৰোপচাৰৰ পাছত নবজাতকৰ পুনৰ জীৱন দান কাৰ্য্যত ব্যস্ত হব লগত পৰে।অদূৰ ভৱিষ্যতে যে গ্ৰাম্য চিকিৎসালয়বোৰত প্রতিটো চিজাৰীয়ান অস্ত্ৰোপচাৰত নবজাতকৰ কাৰণে এজন শিশু ৰোগ বিশেষজ্ঞ উপস্থিত থাকিব, সেয়া মনে নধৰে।সেই বাবে যদিও নবজাতকৰ পুনঃ জীৱন(resuscitation) কাৰ্য্য আমাৰ নহয়, তথাপি গ্ৰাম্য চিকিৎসালয় বোৰত আমি সংজ্ঞাহাৰক চিকিৎসক সকলেই যে আগ ভাগ লব লাগিব সেয়া ধুৰূপ।
চুবৰ্ণক কলো,"ই চাগে ঘূৰি নাহিব।তথাপি কিছু সময় চেষ্টা কৰা যাওক,নহলে এৰি দিব লাগিব।"
অস্ত্ৰোপচাৰ কক্ষৰ পৰিৱেশটো কাঁহ পৰি জীন গৈছিল।ডাঃ টায়ে,পল্লৱীকা,স্বপ্নালি মৌচুমীৰ অস্ত্ৰোপচাৰত ব্যস্ত আছিল।আমিবোৰ নবজাতকক স্বাভাৱিক কৰাবলৈ যুঁজি আছিলো। সকলোৰে মন বিষণ্ণ আছিল।
অলপ আগলৈক মৌচুমী ১৫ বছৰৰ পিছত মাতৃত্ব হোৱাৰ গৌৰৱৰ আনন্দত আত্মহাৰা হৈ আছিল।তাই আমালৈকে আশাৰে বাট চাই আছিল।নবজাতকটোৰ পুনঃ জীৱনৰ কামত লাগি থাকোতে কোনোবা পাকত মৌচুমীৰ চকুৱে চকুৱে পৰিছিল।মৌচুমীৰ নীৰৱ চকুৰ লোতকে যেন বহুত কথা কৈছিল বা সুধিছিল।কিয় এনেকুৱা হল।ডাক্তৰে কোৱা মতে সকলোখিনি আখৰে আখৰে পালন কৰিছিলোঁ।তথাপি কিয় এনেকুৱা হল?আপোনালোকে কিবা গণ্ডগোল কৰিলে নেকি?কিছু সময়ৰ আগলৈকে নবজাতকটোৱে পেটত খেলি থকাও অনুভৱ কৰিছিলো দেখোন?আৰু যেন বহু চিন্তাই মৌচুমীৰ মনত বাহ লৈছিল।
সৌভাগ্যক্ৰমে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ নেৰা নেপেৰা চেষ্টাত নবজাতকৰ হৃদপিণ্ডৰ হাৰ লাহে লাহে স্বাভাৱিক হব আৰম্ভ কৰে।সকলো জল্পনা কল্পনাৰ ওৰ পেলাই, জন্ম হোৱাৰ প্ৰায় ২০ মিনিট মানত নবজাতক লৰাটোৱে প্ৰথমে লাহেকই পাছত ফেঁকুৰি ফেঁকুৰি কান্দিব আৰম্ভ কৰে।তেতিয়াহে যেন নবজাতকৰ লগতে আমাৰ সকলোৰে উশাহ ঘূৰি আহিছিল।
মনত ৰাখিব কোনো স্বাস্থ্যকৰ্মীয়ে আপোনালোকক মৃত বা ৰোগীয়া সন্তান তুলি দিবলৈ চিজাৰীয়ান অস্ত্ৰোপচাৰ নকৰে।যদিও প্ৰসূতি গৰাকীৰ ৰিপৰ্ট সকলো স্বাভাৱিক থাকে, তথাপিও কেতিয়াবা মৌচুমীৰ সন্তানৰ নিচিনা হব পাৰে।যেতিয়ালৈকে পেটৰ সন্তানটি ভূমিষ্ঠ নহয়, তেতিয়া লৈকে নবজাতকজন সম্পূৰ্ণ সুস্থ হব বুলিও ঢাঠি দি কব নোৱাৰি। ভূমিষ্ঠ হোৱাৰ পাছত চাক্ষুস দেখা পালেহি সন্তানটিৰ অৱস্থাটো কেনেকুৱা হব জানিব পাৰি।
"ছাৰ, মোক ওচৰ চুবুৰীয়া কোনেও বাৰ্থ দে খাব নামাতিছিল।আজিৰ পৰা মোক মাতিব।মইও মাতিম।"
২০২০ চনৰ আগষ্ট মাহৰ ১৪ তাৰিখে মৌচুমীৰ চিজাৰীয়ান অস্ত্ৰোপচাৰ শেষ কৰাৰ পাছত,পেটৰ কটা অংশত বিষ কমাবলৈ USG ৰে দৰৱ প্ৰয়োগ কৰি থাকোতে আনন্দত খুব আবেগিক হৈ কথা খিনি মৌচুমীয়ে কয়।
মৌচুমীৰ কথাখিনিয়ে আমাৰ তথাকথিত ভদ্ৰ সমাজ আৰু ব্যক্তিসকলৰ চিন্তা ধাৰণাবোৰকো প্ৰতিফলিত কৰা যেন অনুভৱ হল।
বি:দ্ৰ : এনে ঘটনাবোৰ সকলো স্বাস্থ্যকৰ্মীয়ে সন্মূখীন হয়।মই মাত্ৰ বহিঃ প্ৰকাশ কৰিছোঁ।ভাল বা মহান দেখাবলৈ এই ঘটনাবোৰ প্ৰকাশ কৰা নাই।আমাৰ সমাজ আৰু ৰাইজে স্বাস্থ্যকর্মী সকলে কৃতকাৰ্য্যৰে কৰা কামবোৰ প্ৰায়ে বিবেচনা নকৰে।কেতিয়াবা আমি সম্পূৰ্ণৰূপে বিফল হওঁ।কেতিয়াবা বিফল হলে আমাৰ স্বাস্থ্যকৰ্মী সকল ৰাইজৰ যাতে ৰোষৰ বলি নহওঁক, তাকেই কামনা কৰিলো।( Assamese Fact )
ধ্যন্যবাদেৰে
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ICU বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭
No comments:
Post a Comment