পাঁচটা বিশেষ সপোনৰ ফলাফল আজিয়ে জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 25, 2021

পাঁচটা বিশেষ সপোনৰ ফলাফল আজিয়ে জানি লওক : Assamese Fact

Assamese Fact

 

সপোন মনৰ এক বিশেষ অৱস্থা যত বাস্তৱিকতাৰ আভাস হয় । আপোনালোকে সকলোৱে নিজৰ জীৱনত অনেক ধৰণৰ সপোন দেখিছে । ( Assamese Fact )


স্বপ্ন শাস্ত্ৰ অনুসৰি ইয়াৰ এক বিশেষ মহত্ব আছে । কিছুমান সপোন এনেকুৱা থাকে যিয়ে শুভ সংকেত দিয়ে আৰু কিছুমান সপোন এনেকুৱাও থাকে যিয়ে অশুভ ঘটনাৰ সংকেত দিয়ে । এই লেখাৰ মাধ্যমত এনেকুৱা পাঁচটা সপোনৰ বিষয়ে জনাম যাক দেখিলে ব্যক্তিজনেই আশ্চৰ্যকৰ হৈ পৰে । যেনে সপোনত সাপ দেখা , সপোনত সম্ভোগ কৰা দেখা , সপোনত ভগৱানৰ দৰ্শন কৰা , সপোনত ওপৰৰ পৰা পৰি যোৱা বা সপোনত কাৰোবাৰ মৃত্যু হোৱা দেখা স্বপ্ন শাস্ত্ৰক এই সকলোৰে মহত্বৰ বিষয়ে কোৱা হৈছে । আপুনি আপোনাৰ জীৱনকালত এই সপোনবোৰ এবাৰ হলেও নিশ্চয় দেখিছে । আহক জানোঁ এই সপোনবোৰ দেখিলে ব্যক্তিৰ জীৱনত কেনে প্ৰভাৱ পৰে ।

১) সপোনত সাপ দেখা 

স্বপ্নৰ শাস্ত্ৰ অনুসৰি যদি কোনো ব্যক্তিয়ে সপোনত সাপ দেখে তেতিয়া ইয়াৰ অৰ্থ এইটো যে ব্যক্তিজনেই সোনকালে নিকট ভৱিষ্যত সমস্যাৰে আৱৰি পৰিব । কিন্তু যদি সপোনত ব্যক্তিজনক সাপে খুটে তেতিয়া এইটোৱে ইয়াৰ সংকেত দিয়ে যে ব্যক্তিজনক সোনকালেই গম্ভীৰ ৰোগ হব অথবা কোনো প্ৰকাৰৰ সংকত আহিব ।

২) সপোনত সম্ভোগ কৰা দেখিলে 

সপোনত সম্ভোগ কৰা দেখিলে মানুহে সহজতে পাহৰিব নোৱাৰে এনে দেখিলে কিছু অদ্ভুদ লাগে । কিন্তু এই সপোনে জীৱনৰ লগত‌ জড়িত বহুতো ক্ষেত্ৰৰ বিষয়  সংকেত দিয়ে  । যদি সপোনত আপুনি নিজৰ পতি পত্নীৰ লগত সম্ভোগ কৰা দেখে তেতিয়া ইয়াৰ দুটা বেলেগ বেলেগ অৰ্থ আছে । এটা হল আপোনাৰ সংগীৰ সৈতে বহুত ভাল সম্পৰ্ক চলি আছে আৰু আনটো হল আপুনি আপোনাৰ সংগীৰ পৰা সেইবোৰ পোৱা নাই যিবোৰ আপুনি তেওঁৰ পৰা বিচাৰিছে । এনেকুৱা সৰু দেখিলে আপুনি সাৱধান হোৱাৰ প্ৰয়োজন কিয়নো এনে সপোনে আপোনাৰ মাজৰ সম্পৰ্কৰ বিষয়ে ইংগিত দিয়ে   যদি আপুনি সপোনত আপোনাৰ মন পছন্দ ষ্টাৰৰ লগত সম্ভোগ কৰে তেতিয়া ইয়াৰ অৰ্থ যে আপুনি আপোনাৰ সংগীৰ মাজত এনেকুৱা কিবা বিচাৰি আছে যিটো সেই ষ্টাৰ জনৰ আছে । সেইজনৰ ভিতৰৰ গুণবোৰক নিজৰ সংগীৰ ভিতৰত বিচাৰিছে । আপোনালোককো যদি এনেকুৱা সপোন আহে তেতিয়া আপুনি আপোনাৰ সংগীৰ বহুত কাষত অথবা বহুত দূৰত আছে । যাৰ বাবে নিজৰ সংগী বা নিজৰ প্ৰেমিকক সপোনত এনেদৰে দেখে ।

আকৌ কেতিয়াবা আপুনি পৰিচিত বা অপৰিচিত ব্যক্তিৰ সৈতেও সম্ভোগ কৰা দেখিব পাৰে । এনেকুৱাত জ্যোতিষ শাস্ত্ৰই দুটা পৰিস্থিতিতে সপোন দেখাৰ অৰ্থৰ বিষয়ে কয় । যদি আপুনি পৰিচিত ব্যক্তিৰ সৈতে সম্ভোগ কৰা দেখে তেতিয়া এনে সপোনক শুভ মনা হয় যদি আপোনাৰ বিবাহৰ বাবে উপযুক্ত বয়স হৈছে তেতিয়া আপোনাৰ বিবাহৰ যোগ বনিব পাৰে । যদি বিবাহিত হয় তেতিয়া এই সপোনে লক্ষ্মী কৃপা দৃষ্টি আপোনাৰ ওপৰত হোৱাৰ বিষয়ে সংকেত দিয়ে আৰু আপোনাৰ যথেষ্ট ধন সমৃদ্ধি ঘটাৰ বিষয়ে সংকেত দিয়ে । ( Assamese Fact )

আকৌ যদি নৱবিবাহিতা স্ত্ৰীয়ে এনে সপোন দেখে তেতিয়া স্বপ্নৰ শাস্ত্ৰ অনুসৰি তেওঁৰ ওপৰত প্ৰেমত আত্মাৰ বেয়া দৃষ্টি পৰাৰ সংকেত দিয়ে । এনে এইবাবেই কোৱা হয় কিয়নো যেতিয়া বিবাহৰ মূহুৰ্তত হালধী লগোৱা হয় তেতিয়া ভূত প্ৰেতৰ আদি সেই মহিলাৰ ওপৰত আকৰ্ষিত হয় । আৰু বিবাহৰ সাত পাকত সেই আত্মাবোৰে মহিলাগৰকীৰ সৈতে সাত পাক লগায় আৰু তেওঁক নিজৰ পত্নী বুলি ভাবে ।

ইয়াৰ ওপৰিও যদি অচিনাকী ব্যক্তিৰ সৈতে সম্ভোগ কৰা দেখে তেতিয়া এইটো আপোনাৰ ওপৰত প্ৰৱল প্ৰেমত বাধাৰ সংকেত হয় বা আপোনাৰ ওপৰত কোনো সাকাৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাইছে । 

যদি আপুনি পূৰ্ব প্ৰেমিকৰ সৈতে সম্ভোগ কৰে তেতিয়া স্বপ্ন শাস্ত্ৰ অনুসৰি ইয়াৰ তিনিটা অৰ্থ আছে । প্ৰথমতে আপোনাৰ পূৰ্ব প্ৰেমিকৰ সৈতে শাৰীৰিক সম্পৰ্ক বহুত ভাল আছিল  , দ্বিতীয়তে আপুনি নতুন পিকনিক তুলনাত পুৰণা প্ৰেমিকক সিমান প্ৰেম কৰিব পৰা নাই আৰু তৃতীয়তে আপোনাৰ বৰ্তমানৰ শাৰীৰিক সম্পৰ্কৰ পৰা আপোনাৰ মন তৃপ্তি হোৱা নাই যাৰ বাবে আপোনাৰ এনে সপোন আহে । 

এই সন্দৰ্ভতে পৰিচিত ব্যক্তিৰ সৈতে সম্ভোগৰ সপোন শুক্ল পক্ষত নিক আহে আৰু অপৰিচিত লগত সপোন কৃষ্ণ পক্ষত অধিক আহে । 

আপোনাৰো যদি অশুভ সংকেত দিয়া এনে স্বপ্ন আহে তেতিয়া এডাল কলা ৰছীত সাতটা গাঠি মাৰি সৰিয়হৰ তেল লগায় মূৰৰ ওচৰত ৰাখি ৰাতি শুই ৰাতিপুৱা ৰছীডাল ফুল পুলিৰ তলত পুতি দিব এনে কৰিলে এই সপোন দেখা বন্ধ হব  ।

এতিয়া আপুনি নিশ্চয় সপোনত সম্ভোগ কৰা দেখাৰ কাৰণ সমূহৰ বিষয়ে বুজি পালে । 

৩) সপোনত ভগৱানক দেখা 

যদি কোনো ব্যক্তিয়ে সপোনত ঈশ্বৰক দেখে তেতিয়া ইয়াৰ অৰ্থ এইটো যে ঈশ্বৰে সেই ব্যক্তিজনক ভক্তি পথত যাবলৈ সংকেত দিছে । কিয়নো আজিকালি পৰিস্থিতিৰ  জাক জমকতাত ব্যক্তিয়ে ঈশ্বৰৰ স্মৰণ কৰিবলৈ পাহৰি যায় । আৰু ভুল পথত যাবলৈ লয় । 

৪) সপোনত উচ্চতাৰ পৰা পৰি যোৱা দেখা

যদি সপোনত উচ্চতাৰ পৰা পৰি যোৱা দেখে তেতিয়া এইটোক ভাল মনা নহয় । ব্যক্তিজনে নিকট ভৱিষ্যতত সমস্যাৰ মুখামুখি হব পাৰে ।

৫) সপোনত মৃত্যু হোৱা দেখা 

সপোনত যদি মৃত্যুক দেখে তেতিয়া স্বপ্ন শাস্ত্ৰ অনুসৰি এইটোৱে ব্যক্তিজনক দুখ বা ভুলৰ বাবে পস্তোৱাৰ ভাববোৰ ব্যক্ত কৰে ।


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages