প্ৰতিজন মানুহেই খং কৰে । কিন্তু অধিক খং কৰাৰ ফলত কেতিয়াবা নিজৰেই লোকচান হয় গতিকে নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখিব লাগে। ( Assamese Fact )
খং কমুৱাৰ বহুত উপায় আছে। প্ৰথমতেই চাওক যে খং কিয় উঠে? খং উঠাৰ মূল ২ তা কাৰণ আছে। প্ৰথমটো হৈছে অহংকাৰ। অহংকাৰী মানুহৰ খং বেছি। দক্ষ মহাৰাজ সভালৈ যোৱাৰ পাছত সকলোৱে থিয় হল কিন্তু ভগবান শিৱ থিয় নহল আৰু তেতিয়া দক্ষ ৰজাৰ খং উঠিল কিয়নো সকলোৱে সন্মান কৰিলে কিন্তু ভোলানাথে নকৰিলে। মানুহে অহংকাৰত কয় যে মই কোন হয় চিনি পোৱা নাই? মোক কিয় সন্মান কৰা নাই? এইবোৰ বাক্য অহংকাৰী লোকে ব্যৱহাৰ কৰে। সামান্য ব্যক্তিয়ে এইবোৰ শব্দৰ ব্যৱহাৰ নকৰে।
এবাৰ এজন শিক্ষক চাইকেলেৰে আহি আছিল শিক্ষাৰ্থী সকলক পঢ়াবলৈ। তেতিয়া তেখেতক এখন মটৰছাইকেলে খুন্দা মাৰি দিলে আৰু শিক্ষকজন চাইকেলৰ পৰা পৰি গল। তেওঁ বহুত দুখ পালে। তেতিয়া তেওঁ মটৰছাইকেলৰ গৰাকীজনক কলে যে তুমি সোনকালে ইয়াৰ পৰা গুচি যোৱা নতুবা মানুহে ধৰি লৈ তোমাক মাৰিব। তেওঁ ইমান দুখ পোৱাৰ পাছটো এই ব্যক্তিজনক তাৰ পৰা গুচি যাবলৈ কলে কিয় জানেনে? কিয়নো তেওঁৰ খং উঠা নাছিল। খং নুঠিল কিয়নো তেওঁৰ অহংকাৰ নাছিল।
খং উঠাৰ দ্বিতীয়টো কাৰণ হৈছে ইচ্ছা। যেতিয়া আপোনাৰ ইচ্ছা পূৰণ নহব তেতিয়া আপোনাৰ খং উঠিব । যেতিয়া আপুনি আপোনাৰ পতি, পত্নী, সন্তানক কিবা এটা কাম কৰিবলৈ কয় আৰু তেওঁলোকে যদি আপোনাৰ কথা শুনি কামটো কৰে তেন্তে ভাল আৰু যদি নকৰে তেতিয়া খং উঠিব। যেতিয়া আপোনাৰ মনৰ কামবোৰ নহয় তেতিয়া খং উঠে। যদি আপুনি ইচ্ছা কৰামতে কামবোৰ নহয় তেতিয়া আপোনাৰ খং উঠিব। যিসকল লোকৰ ব্যৱসায় বেয়া হয় , দোকানত লোকচান হয় সেইসকল লোকে খঙত থাকে আৰু সৰু সৰু কথাত খং কৰে। কিয়নো তেওঁলোকৰ ইচ্ছা এইটো যে ভালদৰে ব্যৱসায়তো চলিব লাগে, লাভ হব লাগে আৰু যেতিয়া লোকচান হয় তেতিয়া তেওঁলোকৰ খং উঠে। আপোনাৰ ইচ্চাবোৰ খঙৰ কাৰণ হয়।অহংকাৰ আৰু ইচ্চাবোৰ কম কৰি দিলে খং কমাব নালাগে । লাইট এটা বন্ধ কৰি দিয়াৰ ফলত অন্ধকাৰ নিজেই নামি আহে। আপুনি বিবেকশূণ্য হলে বেয়াবোৰে নিজেই আপোনাক বেৰি ধৰিব। কোৱা হয় যে ৰজা মহাৰজা সকলৰো ইচ্ছা পূৰণ নহয়। জীৱনটো আপুনি ইচ্ছা কৰামতে যে হব লাগিব তেনে নহয়। জীৱনটো প্ৰয়োজনীয়তাৰ মতে হব লাগে। প্ৰয়োজনীয়তা সকলোৰে পূৰণ হয় কিন্তু ইচ্ছা সকলোৰে পূৰণ নহয়। ( Assamese Fact )
ইচ্ছা আৰু প্ৰয়োজন দুয়োটা বেলেগ। আমাৰ ৪ তা প্ৰয়োজনীয়তা আছে আৰু সেইকেইটা হৈছে আহাৰ, বাসস্থান, বস্ত্ৰ আৰু শিক্ষা। তাৰোপৰি গাড়ী, বঙলা এইবোৰ মানুহৰ প্ৰয়োজনীয়তা নহয় ইচ্ছাহ । সেইবাবে নিজৰ ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে।মানুহৰ জীৱন সম্পূৰ্ণ হয় , শৰীৰ সম্পূৰ্ণ হয় কিন্তু ইচ্ছা কেতিয়াও সম্পূৰ্ণ নহয়। কিছুমান বুঢ়া মানুহৰ দাঁত ভাঙি যায় কিন্তু তাৰ পাছতো তেওঁলোকে বুট খাবলৈ ইচ্ছা কৰে। দাঁত নথকা সকলে তো প্লাষ্টিকৰ দাঁত লগাই লয় যাতে ভাল আহাৰৰ সোৱাদ লব পাৰে। কিয়নো সকলোৰে ইচ্ছা থাকে আৰু এই ইচ্ছাই আমাক ঠগি দিয়ে। আজিৰ পৰা ১০ বছৰ আগতেও আপুনি ৰসগোল্লা খাইছিল আৰু আজিও খাই কিয়নো আপোনাৰ সেই একেই ইচ্ছা আছে। কিন্তু এই ভোগ বিলাখ কৰি কি লাভ হল? সত্যতা এয়ে যে ভগৱন্তৰ চৰণত সমৰ্পিত হওক।
ৰাৱণৰ ইচ্ছা সম্পূৰ্ণ হোৱা নাছিল। তেওঁৰ ইচ্ছা পূৰণ নোহোৱাৰ বাবে বেলেগৰ পত্নীক অপহৰণ কৰি আনিলে নিজৰ ইমান ভাল পত্নী থকাৰ পাছতো। হনুমানে যেতিয়া লংকালৈ গৈছিল তেতিয়া ৰাৱণৰ পত্নী শুই আছিল। হনুমানে যেতিয়া ৰাৱণ আৰু তেওঁৰ পত্নী মণ্ডদৃৰ কোঠালৈ গল সীতা দেৱীক বিচাৰি। কিন্তু সেই সময়ত ৰাৱণৰ পত্নীয়ে হনুমানক দেখা পালে তেতিয়া হনুমানে ভাবিলে এইগৰাকীয়ে সীতা দেৱী হয়। ৰাৱণৰ পত্নী ইমানেই ধুনীয়া আছিল যে তেওঁ ইমান জ্ঞানী হোৱাৰ পাছতো তেওঁ ৰাৱণৰ পত্নীক দেখি তেওঁ সীতা দেৱী হয় নেকি বুলি সুধিলে। তেতিয়া হনুমানে ভাবিলে যে এইগৰাকী সীতা হব নোৱাৰে কিয়নো তেওঁ ৰাৱণৰ ৰাজমহলত আৰামত শুই আছে। কিয়নো পতীব্ৰতা নাৰীয়ে নিজৰ স্বামীক এৰি এনেকৈ আৰামত শুব নোৱাৰে। তেতিয়া হনুমানে গম পালে যে এইয়া সীতা দেৱী হব নোৱাৰে।
ৰাবনৰ পত্নীৰ আচৰণৰ দ্বাৰা গম পালে যে তেওঁ সীতা নহয়। সীতা দেৱীৰ দৰে ৰাৱণৰ পত্নীও সুন্দৰ আছিল সেইবাবে হনুমানৰ ভ্ৰম হৈ গল। কিন্তু ৰাবনে ইমান সুন্দৰ পত্নী এগৰাকী পাইও তেওঁৰ বেলেগক পছন্দ হল । তেওঁৰ নিজৰ পত্নীক লৈ ইচ্ছা পূৰণ হোৱা হলে তেওঁ সীতা দেৱীক হৰণ কৰি নানিলে হয়। অৰ্থাৎ ,ৰাৱণৰ ইচ্ছাও পূৰণ নহল আৰু ইচ্ছা পূৰণ নোহোৱাকৈয়ে মৃত্যু ঘটিল ।
মাছমৰিয়াই মাছ ধৰিবলৈ বৰশীত টোপ লগাই দিয়ে যাতে মাছ সোনকালে ধৰিব পাৰে। মাছটো কিয় মৰিলে নিজৰ সোৱাদৰ কাৰণে। হৰিণা ধৰিবলৈ মানুহে বাঁহী বজাই আৰু জাল পেলাই থয়। হৰিণাই বাঁহীৰ সুৰ শুনি ভাল পাই আৰু সুৰ শুনি জালত ফচি যায়। চকুৱে আমাক ৰূপৰ প্ৰতি আকৰ্ষণ কৰে আৰু কান খনে শব্দৰ প্ৰতি। জীভাই সুৱাদৰ প্ৰতি আকৰ্ষণ কৰে।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )
No comments:
Post a Comment