ৰাতিপুৱা উঠিয়েই কিয় চাব লাগে নিজৰ হাতৰ তলুৱা: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 8, 2021

ৰাতিপুৱা উঠিয়েই কিয় চাব লাগে নিজৰ হাতৰ তলুৱা: Assamese Fact

Assamese Fact

গ্ৰহৰ অৱস্থা শুভ কৰি তুলিবলৈ টোপনিৰ পৰা হাৰ পাইয়ে বিছনাত বহি দুয়োখন হাতৰ তলুৱাৰ দৰ্শন কৰিব লাগে।দুয়োখন হাতৰ তলুৱাৰ দৰ্শন কৰিলে শুভকামনা বৃদ্ধি হয় বুলি কোৱা হয়।

(Assamese Fact)


হিন্দু ধৰ্মৰ শাস্ত্ৰত ৰাতিপুৱা শুই উঠি হাতৰ তলুৱাৰ দৰ্শন কৰা কথা কোৱা হৈছে। কোৱা হয় যে ৰাতিপুৱা শুই উঠি এনেকুৱা কৰা ফলত দিনটো ভাল হয়। ধাৰ্মিক গ্ৰন্থসমূহত এনেকৈ বৰ্ণনা কৰা আছে যে হাতৰ তলুৱাৰ ওপৰভাগত ধনৰ দেৱী লক্ষ্মী দেৱীয়ে বাস কৰে। এতিয়া জানো আহঁক চোন ৰাতিপুৱা শুই উঠি হাতৰ তলুৱাৰ দৰ্শন কৰা ফলত কি কি লাভ হয়।


১.হাতৰ তলুৱাৰ দৰ্শন কৰাতোঁ শুভ বুলি কোৱা হয়-

গ্ৰহৰ অৱস্থা শুভ কৰি তুলিবলৈ টোপনিৰ পৰা হাৰ পাইয়ে বিছনাত বহি দুয়োখন হাতৰ তলুৱাৰ দৰ্শন কৰিব লাগে।দুয়োখন হাতৰ তলুৱাৰ দৰ্শন কৰিলে শুভকামনা বৃদ্ধি হয় বুলি কোৱা হয়।হাতে সুখ-সমৃদ্ধি বঢ়াই।সকাৰাত্মক শক্তি বৃদ্ধি কৰি তুলিবলৈ হাতৰ তলুৱা দৰ্শন কৰাটো শুভ বুলি ধৰা হয়।


২. হাতত থাকে কিছুমান তীৰ্থ-

মান্যতাৰ অনুসৰি হাতৰ তলুৱাৰ ওপৰভাগত ধনৰ দেৱী লক্ষ্মী দেৱী , মাজভাগত সৰস্বতী দেৱী আৰু তলৰ অংশত গোবিন্দ ভগৱানে বাস কৰে। ইয়াৰ উপৰিও ধাৰ্মিক গ্ৰন্থসমূহত এনেকৈ বৰ্ণনা কৰা আছে যে দুয়োখন হাতৰ তলুৱাত কিছুমান তীৰ্থও থাকে।

Assamese Fact)

 বাওঁহাতৰ চাৰিটা আঙুলিৰ ওপৰৰ ভাগত দেৱতীৰ্থ আছে। তৰ্জনী আঙুলিৰে মূলভাগত পিতৃতীৰ্থ আছে আৰু একেবাৰে সৰু আঙুলিটোত প্ৰজাতিতীৰ্থ আছে। হাতৰ বুঢ়া আঙুলিত ব্ৰহ্মতীৰ্থ আছে । সোঁহাতৰ তলুৱাৰ মাজভাগত অগ্নিতীৰ্থ আছে। কিন্তু বাওঁহাতৰ তলুৱাৰ মাজভাগত সোমতীৰ্থ আছে।আনহাতে সকলো আঙুলি জইন আৰু গাঁঠিবোৰত ঋষিতীৰ্থ থাকে। সেই কাৰণে হাতৰ তলুৱা দৰ্শন কৰাতোঁ বহুত  শুভ। হাতৰ তলুৱা দৰ্শন কৰা সময়ত "কৰাগ্ৰে বসতে লক্ষ্মী:কৰমধ্যে সৰস্বতী,কৰমূলে তু গোবিন্দ: প্ৰভাতে কৰদৰ্শনম্" এই মন্ত্ৰটো গাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages