এই বিষয়টো মন নিদিলে আপুনি গোটেই জীৱন পস্তাৱ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 25, 2021

এই বিষয়টো মন নিদিলে আপুনি গোটেই জীৱন পস্তাৱ : Assamese Fact

Assamese Fact

 

সংস্কাৰ সকলোৰে বাবে জৰুৰী। সংস্কাৰ অবিহনে আপোনাৰ আৰু মোৰ কোনো শোভা নাই। কিন্তু মনত ৰাখিব যে ৰং ৰূপেৰে মানুহৰ শোভা নহয়। মানুহৰ শোভা বাঢ়ে তেওঁৰ গুণৰ দ্বাৰা, সংস্কাৰৰ দ্বাৰা। ( Assamese Fact )


বহুত লোক সুন্দৰ হয়। কিন্তু যদি সুন্দৰ মানুহৰ গুণ নাই তেন্তে তেওঁৰ সুন্দৰতাৰ কি অৰ্থ? সেইবাবে ব্যক্তি এজনৰ মূল্য তেওঁৰ স্বৰূপৰ দ্বাৰা নহয় তেওঁৰ স্বভাৱৰ দ্বাৰাহে হয়। সংস্কাৰ আৰু বিচাৰৰ মূল্য থাকে। সেইবাবে আপোনাৰ স্বৰূপ কেনেকুৱা সেইয়া ডাঙৰ কথা নহয় । আপুনি কলা হওক বা বগা তাত কোনো কথা নাই। মাতা ছবৰিৰ বৰণ কলা আছিল। হনুমান দেখিবলৈ বান্দৰৰ দৰে। তাত ধুনীয়া বা কুৎসিতৰ কথা আহি নপৰে কিন্তু তেওঁলোকৰ গুণৰ কথা আমি সকলোৱে জানো। হনুমানৰ আকৃতি বান্দৰৰ দৰে কিন্তু তেওঁ বহুত গুণী হয় আৰু তেওঁ ৰামভক্ত। তেওঁ দেখাত কুৎসিত বুলি প্ৰভু ৰামে নাভাবিলে আৰু তেওঁক আলিংগন কৰিলে। ভগৱানে তো কোনোদিন কোৱা নাই যে মোৰ ওচৰলৈ সাজি কাচি আহিবা। ভগৱানে তো কোৱা নাই যে মই কেৱল সুন্দৰ ব্যক্তিক হে লগ কৰিম। ভগৱানে কয় যে যদি তোমাৰ হৃদয়ত প্ৰেম আছে তুমি বান্দৰ হলেও মই তোমাক হৃদয়েৰে আপোন কৰি লবলৈ সাজু আছোঁ। ৰং ৰূপৰ ভোকাটোৰ আজিকালিৰ মানব হয়। সাংসাৰিক লোক ৰং ৰূপৰ ভোকাটোৰ হয়। যেতিয়ালৈকে আপুনি ধুনীয়া হৈ থাকিব তেতিয়ালৈকেহে আপোনাৰ স্বামীয়ে আপোনাক চাব। যেতিয়াই আপোনাৰ সুন্দৰতা নাইকিয়া হব আপুনি বৃদ্ধ হব তেতিয়া চাব আপোনাক কোনে চাই ।


 মোগল ৰজা সমূহৰ বিষয়ে আমি সকলোৱে জানো। মোগল ৰজা সকলে প্ৰথমে বিয়া কৰাই আৰু যেতিয়ালৈকে পত্নী সুন্দৰ হৈ থাকিব তেতিয়ালৈকে সকলো ঠিকেই থাকে। কিন্তু যেতিয়াই পত্নীৰ অলপ বয়স বাঢ়িব তেতিয়াই দ্বিতীয় বিবাহ কৰায় লয়। দ্বিতীয় গৰাকীৰ বয়স বাঢ়িলে আকৌ তৃতীয় বিবাহ কৰায়। এনেদৰেই ক্ৰম বাঢ়ি বাঢ়ি গৈ থাকে। এই গোটেই পৃথিৱীখন মাত্ৰ ৰং ৰূপৰ বাবে ভোকাটোৰ। যদি পৃথিৱীৰ লগত চলিব বিচাৰে তেন্তে নিজৰ ছালখন নিজৰ ৰং ৰূপ ঠিক কৰি লওক। কিন্তু যদি ভগৱানৰ লগত চলিব বিচাৰে তেন্তে মনটো ঠিক কৰি লওক। পৃথিৱীখনে শৰীৰ বিচাৰে মন নিবিচাৰে। কিন্তু ভগৱানে কেৱল প্ৰকৃত মনৰ গৰাকী বিচাৰে। এতিয়া আপুনি কাৰ লগত চলিব বিচাৰে সেইটোহে লক্ষণীয় কথা।  বুঢ়া বয়সত শৰীৰৰ ছাল সমূহ কোচ খাই যায়, হাৰবোৰ কমজুৰি হৈ যায়। বুঢ়া ব্যক্তিৰ ফালে কোনেও ঘূৰি নাচায়। সেইবাবে কোনোবাই তোমাৰ ফালে চাওক বা নাচাওক কিন্তু তুমি নিশয়কৈ ভগৱানৰ ফালে চাবা। মনত ৰাখিবা যেতিয়া তুমি ভগৱানৰ ফালে চাবলৈ লবা তেতিয়া সকলোৱে তোমাৰ ফালে চাব ধৰিব। সেইবাবে কথাবোৰ অলপ গম্ভীৰ ভাবে বুজিব লাগে। আজিৰ দিনত সংস্কাৰি কোন? সকলোৱে কয় যে মোৰ লৰা ধ্ৰুৱ যেন হওক, প্ৰহ্লাদৰ দৰে হওক। কোনো মাক দেউতাকে এইটো নকয় যে মোৰ লৰাটো ৰাৱণৰ দৰে হওক। ৰাবনো ধনবান আছিল। কিন্তু যিসকল লোকে ভগৱানক নামানে তেওঁলোকেও নিজৰ সন্তান ৰাৱণৰ দৰে হোৱাটো নিবিচাৰে।


 ৰাবনৰ ওচৰত তো সোণৰ লংকা আছিল। তথাপিও তেওঁৰ দৰে কোনো হব নিবিচাৰে। কিন্তু প্ৰভু ৰামে বনবাস খতিছিল,  হাবিয়ে জংঘলে  ঘূৰি ফুৰিছিল কিন্তু তথাপিও সকলো মাক দেউতাকে এইটো বিচাৰে যাতে তেওঁৰ সন্তান ৰামৰ দৰে হওক। ৰাম আৰু ৰাবনৰ ৰং স্বৰূপ কোনেও দেখা নাই কিন্তু তেওঁলোকৰ গুণৰ বিষয়ে সকলোৱে শুনিছে। তেওঁলোকৰ সংস্কাৰ কেনে আছিল সেইয়া আমি সকলোৱে দেখি আহিছো। ৰাবনক আমি কোনেও দেখা নাই কিন্তু তাৰ পাছতো আমি ৰাবনৰ দৰে হব নুখুজোঁ কিয়নো ৰাবনৰ সংস্কাৰ বেয়া আছিল। প্ৰভু ৰামক আমি কোনেও দেখা নাই কিন্তু তেওঁৰ দৰে সকলোৱে হব বিচাৰে কিয়নো আমি সকলোৱে ৰামৰ সংস্কাৰৰ বিষয়ে শুনিছোঁ। যদি আপোনাৰ সংস্কাৰ ৰামৰ দৰে তেন্তে কোনো কথা নাই। সংস্কাৰ সকলোৰে বাবে জৰুৰী। কেৱল  সন্তানেই যে সংস্কাৰী হোৱা উচিত তেনে নহয়  মাক দেউতাকো সংস্কাৰী হব লাগে। ককা আইতাৰ বাবেও সংস্কাৰ জৰুৰী। আজি আমাৰ ভাৰত যদি সংস্কাৰৰ ফালৰ পৰা তল নপৰিল হয় তেন্তে আজি আমাৰ ধৰ্মৰ পতন নহল হয়। আপোনাৰ ঘৰত ইমান দুখ কিয় হয়? আজিকালিৰ মানুহৰ যিমান টকা পইচা আছে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে হয়তো ইমান পইচা দেখি পোৱা নাছিল। ( Assamese Fact )


আজিৰ মানুহে যিমান টকা ঘটিছে তেওঁলোকৰ পূৰ্বপুৰুষ সকলে হয়তো গোটেই জীৱনত ইমানবোৰ টকা একেলগে পোৱা নাছিল। তেওঁলোকে হয়তো হাজাৰ টকাও দেখি পোৱা নাছিল কিয়নো সেই সময়ত হাজাৰ টকাও বহুত ডাঙৰ আছিল। কিন্তু তোমাৰ ওচৰত তো হাজাৰ টকা এনেই পৰি থাকে। আপোনাৰ পূৰ্ব পুৰুষ সকলে হাজাৰ টকা হয়তো নেদেখিব পাৰে কিন্তু আপোনাতকৈ বেছি সুখী আৰু সুস্থ আছিল। কিয়নো তেওঁলোকৰ জীৱনত কপত নাছিল, ঠগ প্ৰবঞ্চনা নাছিল, লোভ নাছিল। যিয়েই পাইছিল তাকেই সুখেৰে খাই লৈছিল। তেওঁলোকে মিছা কথা কোৱা নাছিল, মনত হিংসা ভাব নাছিল সাধাৰণ মনৰ গৰাকী আছিল। কিন্তু আজিৰ ব্যক্তি মিছা আৰু হিংসা ভাবত বেছিকৈ লাগি থাকে। ধন টকা বহুত আছে কিন্তু শান্তি নাই। শান্তি এই বাবেই নাই কিয়নো আপোনাৰ পূৰ্ব পুৰুষ সকলে আপোনাৰ বাবে সংস্কাৰ এৰি থৈ গৈছিল আৰু আপোনালোকে সংস্কাৰ এৰি দিলে। সেইবাবেইটো ধন আছে কিন্তু শান্তি নাই। কিয়নো সংস্কাৰহীন ব্যক্তি শান্ত হৈ থাকিব নোৱাৰে। সৰ্বপ্ৰথমে সংস্কাৰ জৰুৰী ঘৰৰ বয়োজ্যেষ্ঠ সকলক। ডাঙৰ সকল সংস্কৰী হলেহে সৰু সকলো সংস্কাৰী হব। ডাঙৰৰ পৰাই সৰুয়ে ভালটোও শিকে আৰু বেয়াটোও শিকে। যেতিয়া আপুনি ডাক্তৰৰ ওচৰলৈ যায় আপোনাৰ অসুখৰ কথা জানি তেওঁ সুধিব যে আয়ুনাৰ দেউতাৰ এনে সমস্যা আছিল নে? আপোনাৰ ককাৰ এনে সমস্যা আছিল নেকি?  বহুত বেমাৰ আমাৰ পূৰ্ব পুৰুষ সকলৰ পৰা আহে।


সৰুতেই যেতিয়া ডাঙৰ সকলে সৰুক সংস্কাৰ নিদিয়ে সেই সন্তানেই এদিন ডাঙৰ হৈ আপোনাক টান মাত কথা দিব আৰু তেতিয়া আপুনি উপলব্ধি কৰিব যে কি ভুল কৰিলে আপুনি। সেইবাবে অসাৱধানতাই বহুত ডাঙৰ ঘটনা ঘটাব পাৰে। সন্তানক সংস্কাৰ দিয়ক, সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰক। তেওঁলোকক শিক্ষা দিয়ক, ভাল মানুহ হিচাপে গঢ়ক, যোগ্য বনাওক। ডাঙৰক কিদৰে সন্মান কৰিব লাগে সেই বিষয়ে সন্তানক মাক দেউতাকেই শিকাব লাগিব। কিদৰে ডাঙৰৰ ভৰিত ধৰি সেৱা কৰিব লাগে সেইয়া মাক দেউতাকেই শিকাব লাগে। যদি আপোনাৰ সন্তানে আপোনাৰ ভৰি ধুই পোৱা নাই তেন্তে ইয়াত আপোনাৰ ভুল আপোনাৰ সন্তানৰ নহয়। যদি আপুনি নিজৰ মা দেউতাৰ ভৰি ধুলে হয় তেতিয়া আপোনাৰ সন্তানে দেখি নিশ্চয় আজি আপোনাৰ ভৰি ধুলে হয়। কিনৰো লৰা ছোৱালীয়ে বহু কথা দেখি শুনিও শিকে। আপুনি ধোঁৱা হলে স্বাভাৱিক কথা যে আপোনাৰ সন্তানেও ধুলে হেতেন। যদি আপুনিয়েই এই কাম কৰিব নোৱাৰিলে তেন্তে আপোনাৰ সন্তানে কেনেকৈ পাৰিব? ভুল আপোনাৰ কিয়নো আপুনি নিশিকালে। মাক দেউতাকৰ সেৱা কৰাটো ভগৱানৰ সেৱা কৰা হয়।( Assamese Fact )



এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । 

No comments:

Post a Comment

Advertisement

Pages