আপোনাৰ জিদ আছে যদি সফল হোৱাত কোনেও বাধা দিব নোৱাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 7, 2021

আপোনাৰ জিদ আছে যদি সফল হোৱাত কোনেও বাধা দিব নোৱাৰে : Assamese Fact

Assamese Fact


যদি আপোনাৰ মাজতো কিবা এটা কৰাৰ জিদ আছে তেন্তে নিশ্চয় আপুনি সফল হব । ( Assamese Fact )


এটা সময়ত এজন ব্যক্তিয়ে নিজৰ কোম্পানীটো বিক্ৰী কৰি ১ কোটি টকা পাইছিল। তেওঁ সেই টকা বেলেগ বেলেগ ব্যৱসায়ত ব্যৱহাৰ কৰিলে আৰু নিজে এটা ভাড়া ঘৰত থাকিব ধৰিলে। এতিয়া আমাৰ মনত প্রশ্ন উদয় হব যে  সেই মানুহজন পাগল নেকি?  কিয়নো সাধাৰণ মানুহ হোৱা হলে তেওঁ গাড়ী, বংলা কিনি টকাবোৰ খৰছ কৰিলে হয়। সেই মানুহজন অন্য কোনো নহয় তেওঁ হৈছে 'ইলন মস্ক' যি বৰ্তমান পৃথিৱীৰ বহুতো উন্নত কোম্পানীৰ মালিক হয়। বৰ্তমান তেওঁৰ নেটৱৰ্থ ১ লাখ ৪০,০০০ কোটি। এই সকলোবোৰ সম্ভৱ হল তেঁওৰ এই জিদৰ বাবেই। কিয়নো ভিৰৰ মাজত যোৱাটো বহুত সহজ কিন্তু অকলে আগুৱাই যাবলৈ হলে অলপ পাগলামী থকাটো জৰুৰী।


যিজন ব্যক্তিক তেওঁৰ মাতষাৰ মোটা হোৱাৰ বাবে ৰেডিঅ ষ্টেচনৰ পৰা ৰিজেক্ট কৰা হৈছিল তেওঁ সেই সময়ত জিদ কৰিলে আৰু জীৱনৰ এনে এটা পৰ্য্যায়ত গৈ তেওঁ উপনীত হল যি কেৱল মানুহে সপোনহে দেখে। হয় ইয়াত অভিনেতা অমিতাভ বচ্চনৰ কথা কোৱা হৈছে। তেওঁৰ প্ৰথম জনপ্ৰিয় ছবি "Zanjeer' 'অহাৰ আগতে  তেওঁৰ ১৭ খন চিনেমা ফ্লপ হৈছিল। তথাপি তেওঁ কিন্তু জিদ এৰি নিদিলে। শেষত সফলতাই তেওঁৰ জিদৰ আগত সেও মানিব লগা হল।


জনপ্ৰিয় ক্ৰিকেটাৰ "Virat Kohli" ৰ এনে এক কাহিনী আছে যিয়ে ক্ৰিকেটৰ প্ৰতি থকা তেওঁৰ জিদ, পাগলামী ব্যক্ত কৰে। বিৰাতে কৰ্ণাটকত ৰঞ্জী খেলি আছিল। প্ৰথম দিনা তেওঁ ৪০ ৰান সংগ্ৰহ কৰি নত আউৎ হল। হয় সন্ধিয়ালৈ খবৰ আহিল যে তেওঁৰ দেউতাকৰ মৃত্যু হৈছে। সকলোৱে ভাবিলে যে তেওঁ তৎক্ষণাত খেল এৰি ঘৰলৈ ৰাওনা হব। কিছুমানে তেওঁৰ ঠাইত কোনে খেলিব সেইটোলৈকে সিদ্ধান্ত ললে। কিন্তু তেওঁ নগল, পিছদিনা বেত লৈ বিৰাট খেল পথাৰত নামিল। তেওঁ এই অৱস্থাটো শতক ৰান সংগ্ৰহ কৰিলে। তেওঁ নিজৰ দলটোক জয়ী কৰি দেউতাকৰ অন্তিম সংস্কাৰৰ বাবে ওলাই আহিল। লাখৰ ভিতৰত মাত্ৰ এজনৰহে এনেকুৱা জিদ থাকে। আৰু সেইজনেহে জীৱনত কিবা এটা কৰি যাব পাৰে। দিনৰ ১৫ ঘণ্টাকৈ সময় কাম কৰিবলৈ মাত্ৰ শক্তিৰে প্ৰয়োজন নহয় , সেই কামটো সম্পূৰ্ণ কৰিবলৈ সেই জিদটোও থাকিব লাগিব। ( Assamese Fact )


 এনেকুৱা জিদেৰে পূৰ্ণ আৰু এটা কাহিনী হৈছে " দশৰথ পাজি"  যিয়ে সময়ত তেওঁৰ পত্নীক হস্পিতাল লৈ যাব পৰা নাছিল। কিয়নো তেওঁৰ গাঁৱৰ পৰা হস্পিটেলৰ মাজত এটা ডাঙৰ পাহাৰ আছিল। আৰু তাৰ ফলত তেওঁৰ পত্নীৰ মৃত্যু ঘটিল। তেতিয়া তেওঁৰ বহুত খং উঠিল আৰু সেই খং এদিন জিদলৈ পৰিৱৰ্তন হল। সেই ব্যক্তিজনে চেনী হাতুৰীৰে ২২ বছৰত  ৫৫ কিঃমিঃ ৰৰ এটা পাহাৰ ভাঙি দিলে। এইবোৰ পাগলামী নহয় কি?  এনেকুৱা জিদ যেতিয়া অন্তৰ ভাগি যায় তেতিয়া সৃষ্টি হয়। কিছুমান লোক একেবাৰে ভাগি পৰে কিন্তু যিয়ে এই দুখক জিদলৈ পৰিৱৰ্তন কৰিব পাৰে তেওঁক কোনেও বাধা দি ৰখাব নোৱাৰে। 


কিছুমান মানুহে বহুত দূৰ দূৰলৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰে আৰু তাৰ মাজতে কিছুমানে নিজৰ সপোন পূৰণ কৰাৰ জীৱনত কিবা এটা কৰি দেখুৱাৰ হেঁপাহক সাৰ্থক কৰিবলৈ অহৰহ চেষ্টা চলাই থাকে। যেতিয়া কোনোবাই চাকৰি বিচাৰি ঘূৰি ফুৰে তেতিয়া কোনোবাই চাকৰি দিয়াৰ কথা ভাবি থাকে। এনে ধৰনৰ ব্যক্তিবোৰেই এদিন গৈ বিখ্যাত ব্যৱসায়ী "Bill Gates" ৰ দৰে হয়। এওঁলোক সদায় সফলতাৰ পিছত দৌৰি থাকে। এওঁলোক কেতিয়াও সন্তুষ্ট নহয়। এই জিদেই তেওঁলোকক শুবলৈ নিদিয়ে জীৱন বাটত থমকি ৰব নিদিয়ে। এজন জিদ কৰা মানুহ কেতিয়াও শান্ত হৈ বহি নাথাকে। তেওঁ হাজাৰ বাৰ অসমৰ্থ হলেও তেওঁৰ জিদে তেওঁক আকৌ এবাৰ চেষ্টা কৰিবলৈ প্ৰেৰণা যোগায়।


যেতিয়ালৈকে সফলতাই তেওঁৰ ওচৰত হাৰ মানি নলয় তেতিয়ালৈকে তেওঁ চেষ্টা কৰি যাব। এনেধৰণৰ ব্যক্তিয়ে এদিন ইতিহাস ৰচে। বিশ্বাস নহলে ইতিহাস চাব পাৰে।


কোনজন ব্যক্তিয়ে ১০০০ বাৰ অসফল হোৱাৰ পাছতো চেষ্টা কৰিবলৈ নেৰে?  হয় ইয়াত 'থমাছ অলভা এদিছনৰ ' বিষয়ে কোৱা হৈছে যিয়ে বিজুলীৰ উদ্ভাৱন কৰিলে। ৬৫ বছৰীয়া এজন ব্যক্তি যাক হাজাৰ বাৰ ৰিজেক্ট কৰা হল।কিন্তু তেওঁ জিদ এৰি নিদিলে।আৰু তাৰ পাছত "KFC" ৰ দৰে হোটেলৰ লাইন লগাই দিলে। যিজন ব্যক্তিক ইংৰাজ সকলে তেওঁলোকৰ হোটেলত প্ৰৱেশ কৰিব দিয়া নাছিল তেওঁ জিদ কৰিলে আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ হোটেল "Taj" গঢ়ি তুলিলে। জিদেই এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে। তাৰ পাছত এই অসাধাৰণ লোকবোৰেই এনেকুৱা কিবা এটা কৰি দেখুৱাই যিবোৰ আমি সাধাৰণ মানুহে ভাবিবও নোৱাৰো। গতিকে আপুনি যি কৰি ভাল পায় , সেই কামটো ভালদৰে মন লগাই কৰি যাওক। সেই কামত সফল হবলৈ হলে আপুনি জিদ কৰিব লাগিব আৰু সেই জিদ থাকিলেহে আপুনি অসাধাৰণ কাম এটা কৰিব পাৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages