সপোন শাস্ত্ৰৰ অনুসৰি সপোনৰ বেলেগ বেলেগ অৰ্থ বা মহত্ব আছে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 9, 2021

সপোন শাস্ত্ৰৰ অনুসৰি সপোনৰ বেলেগ বেলেগ অৰ্থ বা মহত্ব আছে : Assamese Fact

Assamese Fact

সপোন শাস্ত্ৰৰ অনুসৰি ভয়ানক সপোনে জীৱনত কিবা ডাঙৰ সাল- সলনি হোৱাৰ সংকেত দিয়ে। কিছুমান ভয়ানক সপোন এনেকুৱাও আছে যিবোৰে চাকৰি আৰু ব্যৱসায়ত উন্নতি হোৱাৰ সংকেত দিয়ে।

Assamese Fact)

সপোন মানুহৰ জীৱনৰ এক এৰাব নোৱাৰা অংশ।সপোন শাস্ত্ৰত ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে কোৱা আছে। সপোনে বহুত বাৰ কিছুমান বস্তুক লৈ সৰ্তক থাকিবলৈ সংকেত দিয়ে। সপোন শাস্ত্ৰৰ অনুসৰি সকলো সপোনৰে বেলেগ বেলেগ অৰ্থ বা মহত্ব আছে।ভয়ানক সপোনবোৰক মানুহে অশুভ বুলি ভাবে। কিন্তু কিছুমান ভয়ানক সপোনে জীৱনত কিবা ডাঙৰ সাল- সলনি হোৱাৰ সংকেত দিয়ে। এই ভয়ানক সপোনবোৰৰ বিষয়ে জানো আহঁক-


১. সপোনত সাপ দেখা-  সপোনত সাপ দেখাতো বহুত ভয়ানক। কিন্তু ইয়াৰ সংকেত শুভ বুলি কোৱা হৈছে। যদি কোনোবাই সপোনত ডাঙৰ সাপ বা সাপে খোঁটা দেখে তেতিয়া ইয়াক শুভ সংকেত বুলি কোৱা হয়। এনেকুৱা সপোনে মানুহৰ সফলতাক দৰ্শাই। লগতে এই সপোনটোৰ অৰ্থ হ'ল যে মানুহজনে বহুত সোনকালে সফলতা লাভ কৰিব। ইয়াৰ উপৰিও এই সপোনটোৱে ৰৈ যোৱা কাম সম্পূৰ্ণ হোৱাৰ সংকেত দিয়ে।

Assamese Fact)


২. নিজকে উৰি থকা দেখা-  কিছুমান মানুহে নিজকে সপোনত উৰি থকা দেখে। এইটো এটা সাধাৰণ সপোন নহয়। সকলো মানুহে এনেকুৱা সপোন নেদেখে।এই ভয়ানক সপোনটোকো শুভ বুলি ধৰা হয়।এই সপোনটোৱে আহিব লগা সময়ত মানুহে কিমান সফলতা অৰ্জন কৰিব তাক দৰ্শাই।এই সপোনটো দেখা ব্যক্তিজনে ভৱিষ্যতে ব্যৱসায় ,চাকৰি আদিত সফলতা অৰ্জন কৰে।


৩.নিজকে আত্মহত্যা কৰা দেখা-  সপোনত নিজকে আত্মহত্যা কৰা দেখা, শুনিবলৈ বহুত অদ্ভূত যেন লাগে। কিন্তু এই সপোনটোৰ সংকেত শুভ বুলি কোৱা হয়। এই সপোনটোৱে জীৱনত কিবা ডাঙৰ সাল- সলনি হোৱাৰ সংকেত দিয়ে।সপোন শাস্ত্ৰৰ অনুসৰি এই সপোনটোৱে কষ্টৰ নাশ হোৱাৰ সংকেত দিয়ে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages