ধাৰ ঋণৰ পৰা মুক্তি পাবলৈ বিশেষ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 7, 2021

ধাৰ ঋণৰ পৰা মুক্তি পাবলৈ বিশেষ উপায় : Assamese Fact

Assamese Fact


ধাৰ ঋণৰ পৰা মুক্ত হবলৈ কি কৰিব?  যদি আপুনিও ঋণত ডুব গৈ আছে তেন্তে এই লিখাটো পঢ়ক । ( Assamese Fact )


যদি কোনো এজন ব্যক্তি ঋণত ডুব গৈ থাকে তেন্তে কি উপায়েৰে তেওঁ সেই ঋণৰ পৰা মুক্ত হব পাৰিব সেই বিষয়ে আহকচোন জানি লওঁ।

 

যদি আপুনি অধিক ধাৰ ঋণত ডুব গৈ আছে তেন্তে প্ৰথমে আপুনি ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব। পৰাপক্ষত আমি ধাৰ ঋণ কৰিবই নাপায়। নিমখ ৰুটি খুৱাটোয়েই ভাল কিন্তু ঋণ লোৱাটো উচিত নহয়। মহাভাৰতৰ প্ৰসংগত কোনোবাই সুধিছিল যে সকলোতকৈ বেগত কোন বাঢ়ি যায়?  উত্তৰত পোৱা গল যে সকলোতকৈ বেগত সুত বাঢ়ি যায়। যাৰ মূৰৰ ওপৰত অধিক ঋণ আছে সেই ব্যক্তিজন আটাইতকৈ দুখী হয়। যি ব্যক্তিৰ ধাৰ ঋণ নাই সেই ব্যক্তিজন সকলোতকৈ সুখী হয়। গতিকে যিমান পাৰি ধাৰ নোলোৱাকৈ থাকিব চেষ্টা কৰিব। যদি ধাৰ লৈছে তেন্তে আপোনাৰ আমদানি বঢ়াবলৈ চেষ্টা কৰক, কষ্ট কৰক আৰু ব্যয় কমকৈ কৰক। তাৰ পাছত নিজৰ মাজত প্ৰন লওক যে আৰু ধাৰ নলয়। বেংকৰ পৰা লোৱা ঋণ ঠিকেই থাকে কিন্তু যি ঋণ অন্য ব্যক্তিৰ পৰা লোৱা হয় যেনে ১ লাখ টকা আপুনি ৫%, ১০% সুতৰ হাৰত লৈ ললে আৰু সেইটো সুত খুব দ্ৰুত গতিত বাঢ়ি যায়। বেংকৰ ঋণৰ কিস্তি বোৰ মাৰিবলৈ সময়সীমা দিয়া থাকে। গতিকে ঋণ লোৱাৰ আগতে হাজাৰ বাৰ ভাবি চাওক যে আপোনাৰ কিমান ক্ষমতা আছে, আপুনি ঋণ সময়মতে ঘূৰাই দিব পাৰিব নে নোৱাৰে। ঋণ লোৱাটো হৈছে অন্তিমটো উপায় যদিহে আপোনাৰ ঘূৰাই দিয়াৰ ক্ষমতা থাকে। সেইবাবে কোৱা হয় যে প্ৰতিজন ব্যক্তি সফল হব লাগে।


 আপুনি যেতিয়া কিবা এটা ভাল চিন্তা কৰিব , ভাল ব্যৱসায় কৰিব তেতিয়াহে আপুনি সফল হব পাৰিব। আপুনি ভাল কিবা এটা কৰিলে স্বাভাৱিক ভাবেই সফল হব। যিয়ে কষ্ট কৰিছে তেওঁৰ টকা পইচাৰ অভাৱ নাই। আপুনি যিকোনো এটা কামক সৰু ডাঙৰ বুলি নাভাবিব। কামৰ অভাৱ নাই কিন্তু কাম কৰা মানুহৰ অভাৱ । মানুহে নিজৰ মাজতে এটা টাৰ্গেট কৰি লৈছে যে আমি ভাল পঢ়া শুনা কৰিলোঁ, ইঞ্জিনীয়াৰ পঢ়িলোঁ, ডাক্তৰ পঢ়িলোঁ গতিকে সৰু সুৰা কাম নকৰো। কিন্তু প্ৰকৃতাৰ্থত কোনো কামেই সৰু নহয়। যদি আপুনি কষ্টৰ মাজেৰে সৰু কাম এটাও কৰি যায় এদিন সেই কামটোৱেই আপোনাক সমাজত প্ৰতিষ্ঠিত ডাঙৰ ব্যক্তি কৰি তুলিব পাৰে। বিক্ৰী কৰোঁতা জনে সকলো বস্তুৱেই বিক্ৰী কৰে। মানুহে বৰ্তমান দিনত পেলাই দিয়া জাৱৰৰ কিছু অংশ পুনৰ ব্যৱহাৰৰ বাবে ক্ৰয় কৰে। যিয়ে জীৱনত কিবা এটা কৰিম বুলি ভাবিছে তেওঁ আপোনাৰ ঘৰৰ জাৱৰৰ দমৰ পৰাও টকা উপাৰ্জন কৰি আছে। আমি ভৱিষ্যতৰ দিশে আগবাঢ়ি গৈ আছোঁ। আজিৰ পৰা ১০ বছৰ পিছত আৰু নতুন নতুন প্ৰযুক্তি ওলাব। ১০ বছৰ পাছত কি হব সেইয়া কোনেও নাজানে।  ( Assamese Fact )


মানুহে বৰ্তমান সময়ত এখন দুখনকৈ বহুত গাড়ী কিনিছে।তাৰ ৫ বছৰ পাছত চৰকাৰে কব যে আৰু ৫ বছৰ আপুনি গাড়ী চলাওক কিন্তু ১০ বছৰ হোৱাৰ পাছত ৰাস্তাত এই গাড়ী দেখা পাব নালাগিব। আপুনি যিখন গাড়ী কিনিব সেইখন আপুনি অধিকতম ১৫ বছৰ চলাব বিচাৰিব। কিন্তু যিবোৰ ট্ৰাক আছে, কাৰ আছে সেইবোৰ ১৫ বছৰ চলোৱাৰ পাছত আপুনি কি কৰিব?  নিশ্চয় সেইবোৰ আপুনি বিক্ৰী কৰি দিব লোহা , টিনৰ ডেমত । তাৰ পাছত তেওঁলোকে সেইবোৰ নতুন প্ৰযুক্তিৰে সৈতে পুনৰ ব্যৱহাৰ কৰিব পৰা কৰি তুলিব। গতিকে আহিবলগীয়া সময়ত এনেদৰেই চলি থাকিব। প্ৰতিটো বস্তুৱেই  Recycle কৰা হব। আজিৰ পৰা ১০ বছৰ আগতে যিটো প্লাষ্টিকৰ বটলত আপুনি পানী খাইছিল সেই বটলটো বৰ্তমানেও কৰবাত নহয় কৰবাত আছে।


আপোনালোকে জানে নে আমাৰ পৃথিৱীত  যিবোৰ মহাসাগৰ আছে  সেইবোৰত বহুত ডাঙৰ প্লাষ্টিকৰ পাহাৰ জমা হৈ গৈছে?  সেই জাৱৰৰ পাহাৰ খনক হিমালয় যেন দেখি। আমি কল্পনাও কৰিব নোৱাৰো সেইয়া কিমান ডাঙৰ হৈছে আৰু হবলৈ গৈ আছে। আমি পানী খোৱাৰ পাছততো বটলটো দলিয়াই পেলাই দিওঁ। আহিবলগীয়া সময়ত এইটো বিষয়ত গুৰুত্ব দিব লাগে যাতে আমি পেলনীয়া বস্তুৰ মাধ্যমেৰে টকা উপাৰ্জন কৰিব পাৰো। বৰ্তমান বহুত ডাঙৰ ডাঙৰ উদ্যোগপতি এই বিষয়ত কাম কৰিবলৈ ধৰিছে। কিন্তু আমাৰ সাধাৰণ মানুহ চামে এই বিষয়ত একো কৰা নাই। 


কোৱা হয় যে জ্ঞানী মানুহজনে গোবৰ দিওঁ টকা লয় আৰু মূৰ্খ মানুহে সোণ বস্তু গোবৰ দামত বিক্ৰী কৰি দিয়ে। মানুহে যত গৈ গোবৰ পেলাই তাত গোবৰ জমা হৈ হৈ খালৰ দৰে হৈ পৰে আৰু খেতিয়কে সেই গোবৰ ক্ৰয় কৰি লয়।  বেপাৰ কৰিব জনা জনে যিকোনো বেপাৰ কৰি টকা উপাৰ্জন কৰি আছে। কৰি যোৱা জনে সকলো কৰি গৈছে আৰু যিয়ে একো কৰিব পৰা নাই তেও মাত্ৰ কান্দিছে যে হে ভগবান মোক একো নিদিলা।  আমাৰ ভাগ্যত একোৱেই নিলিখিলা, আমি দৰিদ্ৰ আমাৰ হাতত একো কাম নাই।


প্ৰকৃতাৰ্থত তোমাৰ ভাগ্যত বহুত কিবা লিখা আছে কিন্তু তুমি একো কৰিব পৰা নাই। প্ৰতিটো সপোন সঁচা কৰিবলৈ কষ্টৰ প্ৰয়োজন। 

চানক্যই চন্দ্ৰগুপ্ত মৌৰ্য়ৰ হাত চাই কলে যে তোমাৰ হস্তৰেখাই কৈছে যে তুমি ৰজা হবা, সম্ৰাট হবা। চন্দ্ৰগুপ্তই নাচিব ধৰিলে যে মই ৰজা হম। তেতিয়া  চানক্যই তেওঁক ধৰি বহুৱাই লৈ কলে যে  ৰজা তুমি হবা কিন্তু ইয়াৰ আগতো কিবা লিখা আছে। 

যেতিয়া তোমাৰ মূৰৰ ঘাম মাটিত পৰিব অৰ্থাৎ অধিক কষ্ট কৰিবা, ৰদ বৰষুণ কাটি কৰি কাম কৰিবা তেতিয়াহে তুমি সম্ৰাট হব পাৰিবা। তোমাৰ হাতত লিখা আছে যে ৰজা হব পাৰিবা কিন্তু ৰজা হবলৈ হলে তুমি কষ্ট কৰিব লাগিব এই কথাষাৰো হাতত লিখা আছে।

মানুহে সফল হব বিচাৰে কিন্তু কষ্ট নকৰাকৈ। গতিকে জীৱনত সফল হবলৈ হলে কষ্ট কৰি যাওক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages