হঠাৎ ফেঁটী সাপে দংশন কৰিলে আপুনি কি কৰিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 22, 2021

হঠাৎ ফেঁটী সাপে দংশন কৰিলে আপুনি কি কৰিব : Assamese Fact

 

Assamese Fact

"ছাৰ, মই চন্তকৰ পৰা কৈছোঁ।সৰ্প দংশনৰ ব্যক্তি এজন আপোনাৰ তালৈ পঠিয়াইছোঁ।খোটা ঠাইত অলপ বিষ আছে।বেলেগ অসুবিধা নাই।"২৬ অক্টোবৰ তাৰিখে প্ৰায় ৫-৪৫ মিনিট মানত শ্ৰী মতী চুমী বৰগোঁহাইয়ে ফোন কৰি আমাক কথাখিনি অৱগত কৰে।( Assamese Fact )


"ভৰিটো বান্ধি নিদিব, খোজ কাঢ়িব নিদিব।ইমান দূৰ আহিব নালাগে।নাজিৰাৰ চৰকাৰী লিগিৰীপুখুৰী  মহকুমা চিকিৎসালয়ত ভৰ্ত্তি কৰক।" মই চুমীক ফোনতে বিধান দিব চেষ্টা কৰিলোঁ।


"নহয় ছাৰ তেওঁলোক ডিমৌ পাব হৈছে।"


"ঠিক আছে তেনেহলে মই হস্পিটেলত কৰ্তব্যৰত স্বাস্থ্য কৰ্মীক সজাগ কৰি দিছো।"


নিলেশ্বৰ ৰায়,৪৫ বছৰ

চন্তক, পাছ আলি,শিৱসাগৰ

২৬ অক্টোবৰ,মঙ্গলবাৰ


৬:৩০ মান বজাত কৰ্তব্যৰত চিকিৎসক ডাঃ গৌৰৱ চৌধুৰীয়ে খোটা ভৰিত অল্প মাত্ৰ বিষ থকা কাৰণে, আনুসংগিক দৰৱ আদি দি পৰ্য্যব্যক্ষণৰ কাৰণে ভৰ্তি কৰে।মনত ৰাখিব, বিষাক্ত নে বিষহীন সাপৰ দংশন জানিবলৈ এতিয়া লৈকে চিকিৎসা বিজ্ঞানত কোনোধৰনৰ পৰীক্ষা বা kit নাই।যেনেকৈ আমাৰ হাতত মেলেৰীয়া বা কবিড ৰোগ থাওকতে ধৰা পেলাবলৈ kit আছে,দুৰ্ভাগ্য বশত: সৰ্প দংশনৰ ক্ষেত্ৰত তেনে kit নাই।আমি চিকিৎসাকৰ্মী সকলে ৰোগীৰ লক্ষণবোৰ চাইহে বিষহীন বা বিষাক্ত সাপৰ দংশন বুলি চিনাক্ত কৰো।অৰ্থাৎ আমি বিষাক্ত সৰ্প দংশনৰ লক্ষণ বোৰৰ ওপৰত নিৰ্ভৰ কৰিহে এন্টিভেনম বা আনুসংগিক বেজী/দৰৱ আদি প্ৰয়োগ কৰোঁ।


প্ৰায় ৭ মান বজাত খেলুৱৈ ব্লকৰ ফাৰ্মাচিষ্ট শ্ৰী চাহিদ আলিয়েও ফোন কৰি ৰোগী জনৰ বিষয়ে অৱগত কৰে।একেজন ৰোগীৰ কাৰণে চুমী আৰু চাহিদে এজন সজাগ আৰু সতৰ্ক নাগৰিক হিচাবে ৰোগীৰ কাৰণে চিন্তিত হোৱাৰ কাৰণে সচাই আপ্লুত হলো।


কিন্তু প্ৰায় ৮-১৫ মিনিট মানত, নিলেশ্বৰ ৰায়ে প্ৰথমে গা  বেয়া লগা অনুভৱ কৰে।এবাৰ শুইছে আৰু এবাৰ উঠিছে।কত যাওঁ, কত নাযাওঁ নিচিনা অনুভৱ হল।খুব পানী পিয়াহ লাগে।পানী খাইছে হে খাইছে,কিন্তু পিয়াহ ভাবটো নেযায় হে নেযায়।লক্ষণবোৰ বিষাক্ত ফেঁটী সাপৰ বিহৰ প্ৰথম লক্ষণ আছিল।এই অৱস্থাত যদি আমি সাজোৰে প্ৰহাৰ কৰো, তেনেহলে দ্বিতীয় বা ৰোগীক ঘূৰাব নোৱাৰা তৃতীয় পৰ্যায় লৈ গতি নকৰে আৰু আমি ৰোগীক সম্পূৰ্ণ সুস্থ কৰিব পাৰিম।


অকণো পলম নকৰি,তৎক্ষণাত কৰ্তব্যৰত চিকিৎসক ডাঃ গৌৰৱে অতি ক্ষিপ্ৰতাৰে ১০ টা এন্টিভেনম বেজী আৰু neostigmine বেজী আৰম্ভ কৰি আমাক খবৰ দিয়ে।নাৰ্ছ বাৰবী, মঞ্জু বাইদেউ আৰু সৃষ্টিয়েও তৎক্ষণাত হাত উজান দিয়ে।যিহেতু লক্ষণ বোৰ বিষাক্ত ফেঁটী সাপৰ আছিল আৰু আমাৰ ফেঁটী সাপবোৰৰ বিহ অকামিলা কৰিবলৈ প্ৰায়ে ২০ টা এন্টিভেনম বেজীৰ প্ৰয়োজন হয়, সেই বাবে আৰু দহটা এন্টিভেনম বেজী প্ৰয়োগ কৰিব বিধান দিওঁ।ডাঃ গৌৰৱে ৰাতি ৯ বজাত তেওঁৰ কৰ্তব্য শেষ হোৱাৰ পাছতো আৰু এক ঘণ্টা থাকি ৰোগীক সম্পূৰ্ণ সুস্থিৰ কৰি আত্ম সন্তুষ্টিত ঘৰমুৱা হয়।এই ক্ষেত্ৰত ডাঃ গৌৰৱ প্ৰশংসাৰ পাত্ৰ।ৰাতি ৯ বজাৰ পৰা ৰাতিপুৱা ৯ বজালৈকে কৰ্তব্যৰ বাবে অহা চিকিৎসক ডাঃ ৰাজীৱ জাংগিদৰ লগত ফোনতে নিলেশ্বৰ ৰায়ৰ স্বাস্থ্যৰ কথা বুজ লৈ ৰাতি ১১-৩০ বজাত নিদ্ৰা দেৱীৰ কোলাত টোপনি যাওঁ।


নিলেশ্বৰক সৰ্বমুঠ ২৫ টা এন্টিভেনম বেজী আৰু ৪ টা neostigmine বেজী দিয়াৰ পাছত ফেঁটী সাপৰ বিহৰ পৰা সম্পূৰ্ণ বিপদ মুক্ত হৈ,ৰাতিৰ সাজ তেওঁ আৰু তেওঁৰ শ্ৰী মতীয়ে তৃপ্তি আৰু সন্তুষ্টিৰে একেলগে খায়।শ্ৰী মতী ৰেণুকাৰ মতে সেই দিনা ৰাতিৰ ভাত আৰু দালি যদিও ঠাণ্ডা আছিল, তথাপি তেওঁলোকে তেনেকুৱা তৃপ্তি কেতিয়াও পোৱা নাছিল।তেনেকুৱা অনুভৱ হোৱাটো স্বাভাৱিক।কাৰণ নিলেশ্বৰ মৃত্যুৰ দুৱাৰ দলিৰ পৰা ঘূৰি আহিছিল আৰু শ্রী মতীয়ে তেওঁৰ স্বামীক  মৃত্যুলৈ গতি কৰা প্রত্যক্ষ কৰিছিল।


"২৬ অক্টোবৰৰ দিনাখন কিবা কিবি হিচাব নিকাচবোৰ টুকি,ডায়েৰীখন আলমিৰাত থবলৈ লওঁতেই সম্ভৱ মোৰ ভৰিটো বিচনাৰ তলত থকা সাপডালৰ নেগুৰত পৰিল আৰু সন্ধিয়া প্ৰায় ৪:৩০ মান বজাত সি মোৰ ভৰিৰ বাওঁ ভৰিৰ তলুৱাত দংশন কৰে।মই বৰ ভয় খাইছিলোঁ,ভয়তে সাপডাললৈ চাবই নোৱাৰিলোঁ।মই কি সাপ, কেনে ৰঙৰ সাপ আছিল,মই নাজানো।ভৰিটোত মোৰ অত্যন্ত বিষ হৈছিল।সেই সময়তে আমাৰ ঘৰৰ ওচৰতে ডাঃ ৰবীন বৰা ছাৰ চেম্বাৰত বহিছিল।মই তেওঁৰ ওচৰলৈ যাওঁ।তেওঁ আপোনাৰ নম্বৰটো দি ডিমৌ হস্পিটেললৈ তৎক্ষণাত যাব কয়।মনটোৱে নমনাত ডিমৌ হস্পিটেললৈ আহি থাকোতে এম্বুলেন্সখন ৰখাই এজন বেজৰ পৰা জৰাই ললো।" পিছ দিনা ৰাতিপুৱা নিলেশ্বৰৰ পৰা গোটেই ঘটনাটো জানি ললো।


জৰাবলৈ সময় নষ্ট কৰা শুনি নিলেশ্বৰৰ চিনাকি শ্ৰী মতী চুমী বুঢ়াগোহাঁইয়ে নিলেশ্বৰ ৰায় আৰু তেওঁৰ স্ত্ৰী ৰেণুকা ৰায়ক তৎক্ষণাত হস্পিটেল যাবলৈ জোৰ দিয়ে।শ্ৰী মতী চুমীৰ নেৰেনেপেৰা ফোনতহে জৰা ফুঁকা আধাতে সামৰি তেওঁলোক ডিমৌলৈ বুলি ৰাওণা হয়।( Assamese Fact )


পিছদিনাখন মই শ্ৰী নিলেশ্বৰ ৰায়ক পৰীক্ষা কৰাৰ পাছত, মোবাইলটো খুচৰি খুচৰি চুমী বৰগোঁহাইয়ে ফোন কৰা নম্বৰটো বিচাৰি উলিয়াই ফোন কৰি তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ।তেওঁ যদি জোৰ কৰি চিকিৎসালয়লৈ নপথালেহেতেন তেনেহলে, নিলেশ্বৰ দেৰিকৈ হস্পিটেল আহি পালেহেঁতেন আৰু আমাৰ স্বাস্থ্য কৰ্মীয়ে তেওঁক দ্বিতীয় বা তৃতীয় পৰ্যায়ত পালেহেঁতেন আৰু আজি আমি নিলেশ্বৰক জীৱিত অৱস্থাত নাপালোঁহেঁতেন।চুমীয়ে গ্ৰন্থ সুবাস গোটটোত নিয়মিত ভাৱে আমাৰ সৰ্প দংশনৰ লিখাবোৰ পঢ়ে আৰু তাতে আমাৰ ফোন নাম্বৰটো পাই আমাক অৱগত কৰিছিল।


ভৰিৰ খোটা অংশটো কলা পৰিছিল।নিলেশ্বৰ আৰু তেওঁৰ পৰিবাৰক বুজাই কলো, পিছলৈ ঘাঁ লাগিব পাৰে,সেইকাৰণে কেইদিনমান হস্পিটেলতে থাকিব লাগিব।ভূতৰ ওপৰত দানহ পৰাদি, তেজ পৰীক্ষা কৰোতে, তেজত শৰ্কৰাৰ পৰিমাণ ৪৫০ পোৱা গল।অৰ্থাৎ তেওঁৰ শৰ্কৰাৰ পৰিমাণ পূৰ্বৰে পৰা বাঢ়ি আছিল।পূৰ্বতে কেতিয়াও তেওঁ তেজৰ পৰীক্ষা পাতি কেতিয়াও কৰা নাছিল কাৰণে ডায়েবেটিছ আছে বুলি তেওঁ গম পোৱা নাছিল।  ডিমৌ গ্ৰাম্য চিকিৎসালয়ত মেডিচিন বিশেষজ্ঞৰ সুবিধা নথকাত আমিয়েই ডায়েবেটিছৰ চিকিৎসা প্ৰদান কৰোঁ।


খোটা অংশটোত বৰ বিশেষ ঘাঁ নলগাৰ কাৰণে আৰু শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক হোৱাৰ পাছত তেওঁক ৩০ অক্টোবৰ তাৰিখে ছুটি দিয়া হয়।মাজে মাজে চাহিদৰপৰা নিলেশ্বৰ ৰায়ৰ শৰ্কৰাৰ পৰিমাণৰ খবৰ লওঁ।বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ।খোটা ঠাইত কোনো ধৰণৰ ঘাঁ নালাগিল।


ডায়েবেটিছ আৰু বিষাক্ত ফেঁটী সাপে দংশন কৰাৰ পাছতো একমাত্ৰ ভৰিটোত বান্ধ নিদিয়াৰ কাৰণেই ভৰিটোত কোনো ধৰণৰ ঘাঁ নালাগিল।ইয়াৰ শ্ৰেয় দিব লাগিব  চুমীকহে।সম্পূৰ্ণ বিজ্ঞান সন্মত ভাবে তেওঁ নিলেশ্বৰক হস্পিটেললৈ স্থানান্তৰিত কৰিছিল।


মনত ৰাখিব ফেঁটী সাপৰ বিহ দাঁত দুটা যদি কেনেবাকৈ পোনপটীয়াভাবে আমাৰ শৰীৰৰ ৰক্তকেশীকাবোৰত পৰে,তেনেহলে ব্যক্তিজনৰ প্ৰায় তৎক্ষণাত লক্ষণবোৰ আহে আৰু তেওঁ প্ৰায়ে চিকিৎসালয় আহি নাপায়,ৰাস্তাতে মৃত্যু হয়।কিন্তু বিহটো যদি ৰক্তকেশীকাত নপৰে, তেনেহলে আমাৰ লসিকা যন্ত্ৰইদি বিহটো লাহে লাহে গতি কৰে আৰু লাহে লাহে তেজত মিহলি হয় আৰু সেই বাবে প্ৰায় ১ ঘণ্টাৰ পৰা ৩ ঘণ্টাৰ ভিতৰতহে লক্ষণবোৰ দেখা দিয়ে আৰু যদি আমি খোটা অংশটো বেছিকৈ লৰচৰ নকৰোঁ,তেনেহলে আমি আৰু এক ঘন্টামান সময় পাওঁ।শ্ৰী মান নিলেশ্বৰৰ ক্ষেত্ৰত আমাৰ কথাবোৰ আখৰে আখৰে মিলি যায়।ফেঁটী সাপডালে ৰক্তকেশীকত বিহ ঢালা নাছিল আৰু খোটাৰ পাছত তেওঁৰ ভৰিটোও বেছিকৈ লৰচৰ কৰিব দিয়া নহৈছিল বাবে প্ৰায় ৪ ঘন্টা মানৰ পাছতহে ৰোগীৰ লক্ষণ আহিছিল।অৰ্থাৎ খোটা অংশতো আমি লৰচৰ কৰিব নিদিলে আমি কিছু সময় পাওঁ।


ডিমৌ চৰকাৰী গ্ৰাম্য চিকিৎসালয়ত আমি আমাৰ নিজস্ব প্ৰটকল বনাই থৈছো,দৰৱ বা আনুসংগিক ব্যৱস্থাবোৰ‌ও সুসংগত ভাবে ৰখা হৈছে আৰু লগতে আমাৰ স্বাস্থ্য কৰ্মীসকলৰ একান্ত সদিচ্ছাৰ বাবেই মৰাত্মক ফেঁটী সাপৰ দংশনৰ পাছতো আমাৰ স্বাস্থ্যকৰ্মী সকলৰ সন্মিলিত প্ৰচেষ্টাত সৰ্বমুঠ ১২জন(দুগৰাকী শিশু) ব্যক্তিৰ নিৰ্ঘাত মৃত্যু আমি বাধা দিব পাৰিছো।অৰ্থাৎ আমাৰ নিৰ্দিষ্ট প্ৰটকলৰ বাবেই আজি ফেঁটী সাপৰ দংশনৰ মেডিকেল চিকিৎসা একেবাৰে সহজ হৈছে।সকলো স্বাস্থ্যকৰ্মীক লৈ আমি আজি অত্যন্ত গৌৰৱ অনুভৱ কৰিছো।


কিন্তু এখন নিদৃষ্ট চিকিৎসালয় বা মুষ্টিমেয় কেইজনমান স্বাস্থ্যকৰ্মীৰ সদিচ্ছা হলেই নহব।আমি সকলোৱে আগ বাঢ়ি আহিব লাগিব,তেতিয়াহে আমি অসমত সৰ্প দংশন জনীত বাধা দিব পৰা মৃত্যুবোৰ বাধা দিব পাৰিম।


ফেঁটী সাপে খোটিলে কোনো মানুহৰ মৃত্যু নহয়, যদিহে-


১)চুমীৰ দৰে একো একোজন VRT(venom response team) সদায় জাগ্ৰত হৈ থাকে।

২)ৰাইজ আৰু সমাজৰ মেডিকেল চিকিৎসাৰ প্ৰতি বিশ্বাস আৰু ভৰসা থাকে।

৩)অসমৰ প্ৰত্যেকটো চৰকাৰী গ্ৰাম্য চিকিৎসালয়ত প্ৰকৃতাৰ্থত(কাগজে, কলমে নহয়) কাৰ্য্যকৰী নিৰ্দিষ্ট প্ৰটকল, সৰ্প দংশনৰ আছুতীয়া কক্ষ আৰু সকলো স্বাস্থ্য কৰ্মীৰ সদিচ্ছা থাকে।

৪)চাহিদ আলিৰ দৰে সৰ্প দংশন ৰোগীৰ বাবে চিন্তা কৰা স্বাস্থ্য কৰ্মী/ব্যক্তি থাকে।

৫)সকলোতকৈ প্ৰয়োজনীয়,যিকোনো সৰ্প দংশনৰ পাছত তৎক্ষণাত ৰোগী গৰাকী চিকিৎসালয়ত ভৰ্তি হয়।( Assamese Fact )


আমি আশাবাদী।


শ্ৰী নিলেশ্বৰ ৰায়ৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।


ধ্যন্যবাদেৰে


Assamese Fact
ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages