ৰাতি পেচাব কৰিবলৈ যোৱা ব্যক্তিজন মৃত্যু হোৱাৰ পাছত সৰব আলোচনা হয়। ( Assamese Fact )
ৰাতি ভূতে পালে , ভাল জীৱ কাৰণে বিনাকষ্টে মৰিল , ভিতৰুৱা গভীৰ ৰোগাক্ৰান্ত আছিল, ঘোচখোৰ সকল এনেকৈ মৰে, হাইপ্ৰেচাৰ আছিল , মানসিক অশান্তিৰ কাৰণে ষ্ট্ৰোক হল , ঘৈণীয়েক বা পুতেক-বোৱাৰীয়েৰ অত্যাচাৰৰ কাৰণে মৰিল ইত্যাদি অনেক মন্তব্য।
প্ৰকৃততে সুস্থ ব্যক্তিজনৰ হল কি ? ৰাতি পেচাব জোৰেৰে লগাত নিদ্ৰাৰত ব্যক্তিজন হঠাতে উঠি পেচাব কৰিবলৈ যোৱাৰ সযয়ত পজিচন পৰিৱৰ্তন হয়। বিচনাত সমান্তৰালভাৱে শুই থকা ব্যক্তিজন হঠাতে ঠিয় হোৱাৰ পৰিপ্ৰেক্ষিতত মস্তিষ্কলৈ ৰক্তসঞ্চালন কমি যায় আৰু অক্সিজেনৰ অভাৱৰ কাৰণে হঠাতে ব্যক্তিজনৰ মৃত্যু হয়। বিচনাৰ পৰা উঠি ইউৰিনেলত পেচাব কৰিব ধৰাৰ সময়ত এই অঘটন হয় বাবে ঘৰৰ কোনেও গম নাপায়। পিছত ইউৰিনেলত পৰিথকা মৃতদেহ দেখি হুৱাদুৱা লাগে। ( Assamese Fact )
অঘটন নহবলৈ কি কৰিব ?
""""""""''''''""""""""""""""""
(১) হঠাতে সাৰ পালে আধামিনিট সময় শুই লব।
(২) তাৰ পাছত আধামিনিট বিচনাৰ ওপৰত বহিব।
(৩) তৃতীয় পৰ্যায়ত ভৰি দুটা বিচনাৰ পৰা নমাই মজিয়াৰ ওপৰত আধামিনিট ৰাখিব। তাৰ পাছত লাহেকৈ বিচনাৰ পৰা নামিব।এইদৰে লাহে লাহেকৈ উঠিলে মস্তিষ্কলৈ ৰক্তসঞ্চালন স্বাভাৱিক ভাৱে হৈ থকাৰ কাৰণে অক্সিজেনৰ অভাৱ নহয় আৰু মৃত্যু হোৱাৰ সম্ভাৱনা নাথাকে। ( Assamese Fact )
লিখনি- Dr. Manuj Kumar Saikia
( উৎস ঃ ফেচবুক )
No comments:
Post a Comment