এগৰাকী চিকিৎসকৰ এটা শিহৰণকাৰী অভিজ্ঞতা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 24, 2021

এগৰাকী চিকিৎসকৰ এটা শিহৰণকাৰী অভিজ্ঞতা : Assamese Fact

Assamese Fact

"ছাৰ অস্ত্ৰোপচাৰৰ সময়ত আপোনাৰ মাতটো মই শুনি আছিলোঁ।মোৰ কাণ কেইটাই আপোনাৰ মাতটো প্ৰতিটো মুহূৰ্তত শুনিব বিচাৰিছিল।যেতিয়া লৈকে মই আপোনাৰ মাতটো শুনি আছিলো, তেতিয়া লৈকে মই জীয়াই আছিলো বুলি ভাবিছিলো।" (Assamese Fact )


চেহনাজ আহমেদ,৩২ বছৰ

বগদাই গাওঁ,চন্তক,শিৱসাগৰ


৪ ছেপ্টেম্বৰৰ ৰাতিপুৱা ৭ বজাত চেহনাজৰ আপাত কালীন(emergency)ছিজাৰীণ অস্ত্ৰোপচাৰৰ বাবে প্ৰগতি হস্পিটেলৰ অস্ত্ৰোপচাৰ কক্ষত উপস্থিত হওঁ।চেহনাজৰ লগত অস্ত্ৰোপচাৰ কক্ষত দুই এটা কথা পাতি,ষ্ঠেটস্কপৰে পৰীক্ষা নিৰীক্ষা কৰি ৮:১০ বজাত কঁকালৰ বেজী(spinal anaesthesia) প্রয়োগ কৰি অস্ত্ৰোপচাৰ আৰম্ভ কৰা হয়।


৮:২৫(সঠিক সময় মই পাহৰিছো) মিনিটত এজনী ছোৱালীৰ জন্ম হোৱাত মই কলো,


"আগৰ ৭ বছৰীয়া লৰা আৰু আজি এগৰাকী ছোৱালী,আপোনাৰ পৰিয়াল পূর্ণ হল।এতিয়া টোপনি যাওক,কিবা অসুবিধা হলে কব মই আছোঁ।"চেহনাজে মিচিকিয়া হাঁহিৰে আমাক ধন্যবাদ জনায়।


কিন্তু ৯-১৫ মিনিটমানৰপৰা চেহনাজ লাহে লাহে শেঁতা পৰিব আৰম্ভ কৰে।BP টোও নোপোৱা হলো।অৰ্থাৎ চেহনাজৰ  অত্যাধিক ৰক্তক্ষৰণ হৈছে।


তৎক্ষণাত সম্পূৰ্ণ অৱশ(General anaesthesia) প্ৰয়োগ কৰা হয় আৰু সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ ঋতুপৰ্ণ বৰাৰ সহায় লোৱা হয়।


ৰক্তক্ষৰণ বন্ধ কৰিবলৈ স্ত্ৰী আৰু প্ৰসুতী বিভাগৰ চিকিৎসকৰ ডাঃ অৰবিন্দ, ডাঃ ললিত বৰা,ডাঃ সুন্দৰ চাংমায়ে অশেষ চেষ্টা কৰি আছিল। ডাঃ বন্দনা গুপ্তা বাইদেউকো সহায়ৰ কাৰণে মতা হয়।এই চেগতে সকলোকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।


আমি যেন এখন তয়াময়া ৰণলৈ আগবাঢ়িছিলো।অস্ত্ৰোপচাৰ কক্ষৰ বাহিৰত থকা চেহনাজৰ পৰিয়াল বৰ্গক তৎক্ষণাত ৮ বটলমান তেজ যোগাৰ কৰিব কোৱা হয়।এনেকুৱা এটা আকস্মিক সমস্যাৰ কাৰণে তেওঁলোকো প্রস্তুত হৈ থকা নাছিল।তথাপি তেওঁলোক তেজৰ কাৰণে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ দৌৰি গৈছিল।


সময় বোৰ বাগৰি গৈছিল,কিন্তু চেহনাজৰ মাত্ৰ হৃদস্পন্দনহে আছিল।BP তেতিয়াও শূণ্য।১১ মান বজাত যেনে তেনে দুটা তেজৰ ব্যৱস্থা হয়।


১২ মান বজাৰ পৰা চেহনাজৰ হৃদপিণ্ডৰ হাৰ ১৭০ ৰপৰা অস্বাভাৱিক ভাবে বাঢ়ি ২৫০ হৈছিল, যাক আমি ventricular tachycardia বুলি কওঁ।এনেকুৱা অৱস্থাৰ কিছু ক্ষণৰ পাছত হৃদ পিণ্ড বন্ধ হৈ যায়।তৎক্ষণাত ২০০  জুলৰ ইলেক্ট্রিক স্বক(shock)চেহনাজক প্ৰয়োগ কৰা হয়।তৎক্ষণাত হৃদপিণ্ডৰ হাৰ স্বাভাৱিক হৈছিল।


অস্ত্ৰোপচাৰ কক্ষত মূৰত হাতটো থৈ মই থৰ লাগিছিলোঁ।কি হব?শৰীৰত তেজ নাই,তেজৰ বটল এতিয়ালৈকে পোৱা নাই,BP শূণ্য,আছিল মাত্ৰ হৃদ পিণ্ডৰ হাৰ,কিন্তু সেইটোৰও অৱস্থা তথৈবচ।আমি যেন চেহনাজক লাহে লাহে হেৰুৱাব লৈছিলোঁ।


ছোৱালী জনীৰ জন্ম হোৱাৰ পাছত "বাইদেউ আপোনাৰ পৰিয়াল সম্পূৰ্ণ হল" বুলি কোৱাৰ পাছত চেহনাজৰ মিচিকিয়া হাঁহি,মোৰ চকুৰ আগত ভাহি আহিল।অস্ত্ৰোপচাৰ কক্ষৰ বাহিৰত মাকৰ কাৰণে ৰৈ থকা ৭ বছৰীয়া লৰাটোক আমি কি বুলি সান্তনা দিম,আদি বিভিন্ন প্ৰশ্নই মোক ব্যতিব্যস্ত কৰি তুলিছিল।এইবোৰ ভাবি থাকোতে মনিটৰত চেহনাজৰ হৃদ পিণ্ডৰ হাৰ আকৌ ২৫০ হৈছিলগৈ।


ক্ষন্তেক সময়ৰ ভাৱনাই মোক যেন দৃঢ় কৰি তুলিছিল।defibrillator মেচিনৰ পেডেল কেইটা ধৰি আকৌ স্বক(shock) প্ৰয়োগ কৰিলো।কিছু সময়ৰ স্বাভাৱিকতাৰ পাছত আকৌ একেই অৱস্থা।defibrillator মেচিনিৰ পেডেল কেইটা দুই হাতেৰে ধৰি চেহনাজক প্ৰয়োগ কৰিবলৈ প্ৰস্তুত হৈ থাকিলো।মনিটৰটো চাইছোঁ আৰু shock দি গৈ আছিলোঁ,প্ৰটকলবোৰ জলাঞ্জলি দি সৰ্বমুঠ ১৫ বাৰ স্বক(shock) দিয়াৰ পাছত লাহে লাহে সকলো স্বাভাৱিক হল।ইতিমধ্যে ৮ টা বটল তেজৰ যোগাৰ হোৱাত চেহনাজ শেঁতাৰ পৰা ৰঙচুৱা হৈছিল।ৰক্তক্ষৰণও সম্পূৰ্ণ  বন্ধ হৈছিল।


৯ বজাৰ পৰা আৰম্ভ হোৱা যুদ্ধ খন দুপৰীয়া ১-২০ মান বজাত শেষ হৈছিলগৈ।


চকু মেলিয়েই  চেহনাজ কলে,


"মই আপোনাৰ সকলো চিঞৰ বাখৰবোৰ শুনি আছিলোঁ,কিন্তু মই চকু কেইটা মেলিব পৰা নাছিলোঁ।"


আমি সকলোৱে যেন তেতিয়াহে উশাহ লব পৰিছিলোঁ। অস্ত্ৰোপচাৰ কক্ষৰ মজিয়াত  বহি,সন্তুষ্টিত, ঘট ঘটকৈ পানী এবটল খোৱাৰ পাছতহে যেন মই সম্বিত ঘূৰাই পাইছিলোঁ।নহলে কিবা বেলেগ এটা পৃথিৱীত থকা নিচিনা লাগিছিল।(Assamese Fact )


 সঠিক সময়ত সঠিক দৰৱ,বেজী, defibrillator আদি হাতত তুলি দিয়া বাবে আমাৰ সকলো স্বাস্থ্য কৰ্মী প্ৰশংসাৰ পাত্ৰ।মিণ্টু, সৌৰভ, ৰাজীৱ, ৰাতুলৰ পৰা আৰম্ভ কৰি নাৰ্ছ ছবিতা, বিজু, জোনালী,কৰৱী, ৰিজুমণি আদি সকলোৰে চেষ্টাত অৱশেষত চেহনাজ সম্পূৰ্ণ সুস্থ।


পৰ্যায় ক্ৰমে সৰ্বমুঠ ১৭ টা তেজৰ বটল চেহনাজৰ শৰীৰত প্ৰয়োগ কৰা হয়।এই চেগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মৰত সকলো কৰ্মচাৰীৰ লগতে চেহনাজৰ সকলো আত্মীয়ক সঠিক সময়ত তেজৰ বটল কেইটা যোগাৰ দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।সেইকাৰণে কোৱা হয় ৰক্ত দান মহান দান।আপোনাৰ এটুপাল তেজ কোনোবা এজন মানুহৰ কাৰণে এটা সঞ্জীৱনী।


আজিলৈকে আমি পাকিস্তানৰ লগত আমি বিভিন্ন  যুদ্ধত জয়ী হৈ আছোঁ।কিয়?


কাৰণ, সীমান্তত ২৪*৭ সৈন্যৰ দল এটাই পহৰা দি থাকে।পাকিস্তানে ১০ বছৰ বা ১৫ বছৰত এবাৰহে আক্ৰমণ কৰে।যদিও আমাৰ ওপৰত আক্ৰমণ সদায় নহয়, তথাপি আমাৰ সৈন্য ২৪*৭ সজাগ হৈ থাকে কাৰণেই আমি সদায় জিকি আছোঁ।


একেই কথা চিকিৎসা শাস্ত্ৰত প্ৰযোজ্য। অস্ত্ৰোপচাৰ, সংজ্ঞাহৰণ বা ছিজাৰীণ যত কটা চিঙা হয়, সদায় অত্যাধিক ৰক্তক্ষৰণৰ অৱকাশ থাকে।কেতিয়াবা অকস্মাত এনেকুৱা হব পাৰে।


যোৱা ১৭ বছৰত প্ৰায় ১০,০০০ ছিজাৰীণ অস্ত্ৰোপচাৰত সংজ্ঞাহৰণৰ অভিজ্ঞতাত মই দ্বিতীয়বাৰ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ।অৰ্থাৎ এই আকস্মিক ঘটনাবোৰ, কেতিয়াবা কাৎচিতহে দেখা দিয়ে।কথা হল এনেকুৱা সমস্যাবোৰ মুকবিলা কৰিবলৈ আমি সদায় প্ৰস্তুত  হৈ আছোনে?কোনোবাই কব এইবোৰ কেতিয়াবাহে হব!ইমান প্ৰস্তুতি কিয়?


আমি সুখী যে দুইটা ঘটনাত আমি সম্পূৰ্ণৰূপে জয়ী হৈছিলোঁ।কিন্তু এইটোও ঠিক যে সদায় আমি নিজিকিবও পাৰো,কিন্তু অন্ততঃ মনত নুযুঁজাৰ  দুখ নাথাকিব।


আমাৰ সকলো স্বাস্থ্য কৰ্মীৰ সদিচ্ছা, লাগ বুলিলেই হাততে পোৱাকৈ সকলো দৰৱ আৰু যন্ত্ৰ পাতিবোৰৰ সহযোগতহে আমি জয়ী হৈছিলোঁ।


উন্নত দেশ বোৰত এনেকুৱা ঘটনাৰবোৰৰ বিস্তৃত পৰ্য্যালোচনা হয়।এনেকুৱা ঘটনাবোৰৰ পৰা শিক্ষা এটা লব চেষ্টা কৰা হয় আৰু ঘটনাবোৰ দেশৰ সকলো স্বাস্থ্য কৰ্মীৰ মাজত পৰ্য্যালোচনা কৰা  হয়।


কিন্তু আমাৰ ভাৰতবৰ্ষ আৰু অসম মুলুকত এটা হুলস্থূলীয়া পৰিৱেশৰ চেষ্টা কৰা হয়।অমুক ডাক্তৰৰ ভুল চিকিৎসাত ৰোগীৰ মৃত্যু  আদি বিভিন্ন বিশেষণেৰে   ডাক্তৰ জনক থকা সৰকা কৰে।এই হৈ চৈ বোৰ সাগৰৰ ঢৌৰ দৰে কিছু সময় থাকে,তাৰ পাছত সম্পূৰ্ণৰূপে মাৰ যায়।এনেকুৱা ঘটনাবোৰৰ কোনো বিজ্ঞান সন্মত পৰ্য্যালোচনা নহয় আৰু আকৌ কিছুদিনৰ পাছত কৰবাত কাৰোবাৰ মৃত্যু হব, আকৌ চিঞৰ বাখৰ হব,দুদিনমানৰ পাছত মাৰ যাব,এনেকৈ চলি থাকিব।


অস্ত্ৰোপচাৰ বা সংজ্ঞাহৰণ বা দৰবৰ পাৰ্শ্বক্ৰিয়া হোৱা বা মৃত্যু হোৱা কোনো নতুন কথা নহয়।আমাৰ AIIMS বা আমেৰিকা দেশতো এইবোৰ হয়।মানুহৰ মৃত্যু হয়।আমেৰিকাত যি পদ্ধতিৰে  চিজৰীয়ান বা সংজ্ঞাহৰণ কৰা হয়,একে পদ্ধতিৰে আমাৰ অসম মুলুক বা শিৱসাগৰতো কৰা হয়।সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে বান্ধি দিয়া SOP মতেই কাম কৰে।তাৰ মাজতো কেতিয়াবা পাৰ্শ্বক্ৰিয়া বা এনেকুৱা ধৰণৰ ঘটনা হব পাৰে।এজন সুস্থ আৰু ভদ্ৰ সমাজে এনে ঘটনাৰ উচিত পৰ্য্যালোচনা হোৱাটোত হে জোৰ দিব লাগে,যাতে কালিলৈ আমি এনেকুৱা ঘটনাবোৰ বাধা দিব পাৰো।


এইক্ষেত্ৰত চেহনাজৰ পৰিয়ালবৰ্গক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।তেওঁলোকে কোনো ধৰণৰ চিঞৰ বাখৰ নকৰি আমি স্বাস্থ্য কৰ্মী সকলৰ লগত সম্পূৰ্ণ সহযোগ কৰিছিল।হৈ চৈ/চিঞৰ বাখৰবোৰ হৈ থাকিলে, আমাৰ মন,মগজু সেইফালে গতি কৰে আৰু আমি মনোযোগেৰে ৰোগীৰ ক্ষেত্ৰত উদ্ভৱ হোৱা আকস্মিক সমস্যা বোৰ মুকবিলা কৰিব সক্ষম নহওঁ।


ৰোগী,স্বাস্থ্য কৰ্মী আৰু ৰোগীৰ পৰিয়ালবৰ্গ এটা পাতল এনাজৰীৰে বান্ধ খাই থাকে।যিকোনো মুহূৰ্তত চিঙি যাব পাৰে।ইয়াক দৃঢ় কৰাৰ দায়িত্ব আমি সকলোৰে।


মনত ৰাখিব আমাৰ চিকিৎসক সকল ভাৰতীয় চিকিৎসা পৰিষদৰ দ্বাৰা পঞ্জিভূত চিকিৎসক।সকলোৱে নিৰ্দিষ্ট SOP মতে চিকিৎসা সেৱা আগ বঢ়ায়।ভুল চিকিৎসা বুলি কোনো চিকিৎসা নাই।


হয়,কেতিয়াবা সঠিক সিদ্ধান্তত অলপ ইফাল সিফাল হব পাৰে, কিন্তু ভুল চিকিৎসা বা wrong treatment বুলি কোনো ধৰণৰ চিকিৎসা আমাৰ শাস্ত্ৰত নাই।(Assamese Fact )


চেহনাজৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।


ধন্যবাদেৰে


Assamese Fact
ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা


ফোন: ৯৪৩৫০৫৬৬২৭

No comments:

Post a Comment

Advertisement

Pages