জ্যোতিষ শাস্ত্র অনুসৰি মানুহৰ দেহৰ কিছুমান অংগত অৱস্থিত কিছু বিশেষ চিহ্ন অত্যন্ত মঙ্গলজনক আৰু শুভ বুলি ধৰা হয় । ( Assamese Fact )
এই চিহ্নসমূহতে মানুহৰ ধন, টকা,ঐশ্বৰ্য্য, বিভূতিৰ কথা জনাত সহায় কৰে। সেই বিশেষ চাৰিটা চিহ্ন হৈছে-
১. যদি হাতৰ তলুৱাৰ মাজত ৰথ,বক্র বা পতাকা চিহ্ন থাকে ।তেতিয়া তেনে জাতক জাতিকাক অত্যন্ত ভাগ্যবান বুলি কোৱা হয়। এওঁলােক চাকৰি হওঁক বা ব্যৱসায় সকলােতে সফল হবলৈ সক্ষম হয়। তেওঁলােকে যি কামে আৰম্ভণি নকৰক সফলতা তেওঁলােকৰ হাতৰ মুঠিত থাকে। পৰিয়াল আৰু সমাজৰ মাজত এওঁলােক অতি প্রিয় হৈ পৰে। এওঁলােকৰ পাৰিবাৰিক জীৱন খুব সুখৰ হয়।
২. মানুহৰ শৰীৰত তিল থকা এটি সাধাৰণ কথা। কিন্তু এই তিলৰ কিছু বিশেষ স্থানত থাকিলে মানুহক ভাগ্যশালী কৰি তোলে৷ এই তিল যদি হাতৰ তলুৱাত থাকে তেতিয়া ইয়াক বহুত ভাল বুলি ধৰা হয়। হাতৰতলুৱাৰ মাজভাগত তিল থাকিলে মানুহ অত্যন্ত ধনী হয় আৰু প্রতিষ্ঠিত হ'ব পাৰে। এওঁলােকে বহু কষ্ট আৰু ত্যাগ কৰিব লগা হ'লেও অৱশেষত সফলতা লাভ কৰে। এওঁলােকৰ দাম্পত্য জীৱন সুখৰ হয়।
( Assamese Fact)
৩. যিসকল জাতক জাতিকাৰ ভৰিত পদ্মচিহ্ন বা চক্রচিহ্ন থাকে তেওঁলােকৰ ধন সম্পত্তিৰ ক্ষয় ক্ষতি নহয়। এই ব্যক্তিসকলে প্ৰচুৰ ধন সম্পত্তিৰ সুখ ভােগ কৰে। এই ব্যক্তিসকল শিশুসুলভ হয় ; এওঁলােকৰ শিশুৰ প্ৰতি স্নেহ বেছি থাকে। এই ব্যক্তিসকলে মানুহক ভাল ভাল উপদেশ দিয়ে । এই ব্যক্তিসকল খুব ভাল মানসিকতাৰ হয় আৰু সহজতে আনৰ মন জয় কৰিবলৈ সক্ষম হয় ।
৪. যিসকল লােকৰ ভৰিৰ তলুৱাত তিল থাকে। তেওঁলােকক শাসক বুলি কোৱা হয়।এই জাতক জাতিকাই জীৱনত সকলাে ধৰণৰ সুখ লাভ কৰে।এনে ব্যক্তি সকলে স্বাধীনভাৱে জীৱন নির্বাহ কৰি ভাল পাই। এই ব্যক্তি সকলে জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ সকলাে কষ্ট আৰু ত্যাগ কৰিব পাৰে । ধন-সম্পত্তি আৰু টকা পইচাৰ ক্ষেত্ৰত এওঁলােক খুবেই ভাগ্যশালী হয়। এওঁলােকে পিতৃ মাতৃৰ পৰা অনেক ধন সম্পদ লাভ কৰে আৰু লগতে পিতৃ মাতৃৰ আশীর্বাদো প্ৰাপ্ত কৰে।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )
No comments:
Post a Comment