ঘৰত সুখ-শান্তি আগমনৰ বাবে বিশেষ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

ঘৰত সুখ-শান্তি আগমনৰ বাবে বিশেষ উপায় : Assamese Fact

Assamese Fact


বন্ধুসকল, যদি আপোনাৰ ঘৰত কাৰোবাৰ অকাল মৃত্যু ঘটে আৰু পুৱা গধূলি কাজিয়া হৈ থাকে আৰু টকা উপাৰ্জন কৰাৰ পাছতো ঘৰলৈ টকাৰ আগমন নহয় তেন্তে এই লিখনিটো শেষলৈকে ভালকৈ পঢ়ক। ( Assamese Fact )


১) বাস্তু শাস্ত্ৰ মতে ঘৰত দুখনতকৈ বেছি চুৰি ৰাখিব নালাগে। কিয়নো ইয়াৰ ফলত নকাৰাত্মক প্ৰভাৱ পৰে। ৰাতিপুৱা সময়ত চুৰি কটাৰীৰ ব্যৱহাৰ বেছিকৈ কৰিব নালাগে। কিয়নো ইয়াৰ ফলত গোটেই দিন বেয়া কামৰেই সন্মুখীন হবলগা হয়।


২) যদি আপোনাৰ ঘৰত কাঁইটীয়া গছ আছে তেন্তে ই বহুত অশুভ হয়। ইয়াৰ ফলত ঘৰত অকাল মৃত্যু হোৱাৰ শংকা বাঢ়ি যায়। ঘৰত অশান্তি বাঢ়ি যায়, পৰিয়াল ভাঙি যায়। ভূত প্ৰেতাত্মাই আপোনাৰ ঘৰৰ প্ৰতি আগমন কৰে। লগতে প্ৰতিদিনে স্বামী স্ত্ৰীৰ মাজত কাজিয়া হব ধৰে কিয়নো কাঁইট প্ৰেমৰ প্ৰতীক নহয় ই কেৱল নকৰাত্মক দিশবোৰত প্ৰভাৱ বিস্তাৰ কৰে। যি গছত পাত নাথাকি কেৱল কাঁইট বেছিকৈ থাকে সেই গছজোপাক ঘৰত লগাব নালাগে। তুলসী গছৰ ওচৰতো কোনো ধৰণৰ কাঁইটীয়া গছ লগাব নালাগে।


৩) মাহেকীয়া হৈ থকাৰ সময়ত যদি আপুনি গছ গছনিত পানী দিয়ে তেন্তে ইয়াৰ ফলত দৰিদ্ৰতাৰ বাস হয়। বিশেষকৈ তুলসী গছত পানী দিব নালাগে। যিমান পাৰি এই সময় চোৱাত আৰাম কৰিব লাগে। 


৪) যদি আপোনাৰ ঘৰত ভাঙি থকা বিচনা আছে তেন্তে ই ও এক অশুভ কাৰক হয়। বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ ফলত ঘৰত কাজিয়া সৃষ্টি হয়। ঘৰত ভঙা চিঙা কাচৰ বাচন থৈ দিব নালাগে। ভঙা আইনা, বন্ধ হৈ থকা ঘড়ীও আঁতৰাই থব লাগে ঘৰৰ পৰা। এনেধৰণৰ সৰু সৰু কথাত যদি আপোনালোকে মনোযোগ দিয়ে তেন্তে ঘৰলৈ দৰিদ্ৰতা নাহে।


৫) ঘৰত থকা মকৰাৰ জালে কয় যে আপোনাৰ ঘৰত মা লক্ষ্মীৰ বাস নাই। মকৰাৰ জালে সমস্যাবোৰক আকৰ্ষিত কৰে। 


৬) যদি আপোনাৰ ঘৰত জেতুকাৰ গছ আছে তেন্তে ইয়াক বাহিৰত হবলৈ দিয়ক। লগতে মধুৰীৰ গছো ঘৰৰ বাহিৰত লগাব লাগে। যদি আপোনাৰ ঘৰৰ ভিতৰত তাবত অত্যাধিক সুগন্ধিৰ কিবা গছ আছে তেন্তে তাক তৎক্ষণাত বাহিৰত লগাই দিয়ক। কিয়নো ইয়াক শুভ মনা নহয়। ইয়াৰ ফলত নকাৰাত্মক দিশবোৰ ঘৰৰ প্ৰতি আকৰ্ষিত হয়।



৭) আহত গছ ঘৰত লগাব নালাগে। যদি ঘৰত সৰু সৰু আহত গছৰ পুলি দেখা পাইছে তেন্তে তাক পূজা অৰ্চনা কৰি উঘালী দিয়ক। ইয়াক মাটিত পুতি দিয়ক নতুবা পানীত বিসৰ্জন দিয়ক। ঘৰত শুকান তুলসী গছ থাকিব নাপায়। যদি তুলসী গছ শুকাই গৈছে তেন্তে তাক উলিয়াই বৈ থকা পানীত বিসৰ্জন দিয়ক। ( Assamese Fact )


৮) ঘৰত কলৰ গছ বেছি ডাঙৰ হবলৈ দিব নালাগে। ইয়াৰ ফলত দিব্য শক্তি ক্ৰোধিত হয়।  ঘৰত থকা ৰাতিৰ জোঠা বাচনে অভিশাপ দিয়ে। অৰ্থাৎ আহাৰ গ্ৰহণ কৰাৰ পাছত খোৱা বাচন ৰাতি থৈ দিব নালাগে। ইয়াৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হয় আৰু অকাল মৃত্যুৰ শংকাও বাঢ়ে। লগতে মা লক্ষ্মীও ক্ৰোধিত হয় গতিকে ৰাতিৰ খোৱা বাচন ৰাতিপুৱালৈ থৈ দিব নালাগে। পাকঘৰটো সদায় চাফাকৈ ৰাখিব লাগে কিয়নো পাকঘৰত মা অন্নপূৰ্ণা বাস কৰে।


৯) বাস্তু শাস্ত্ৰত কোৱা হৈছে যে পতি পত্নীৰ ৰুমলৈ অন্য পুৰুষ বা পৰিয়ালৰ অন্য সদস্য সঘনাই গৈ থাকিব নালাগে। ইয়াৰ ফলত স্বামী স্ত্ৰীৰ সম্পৰ্কত দূৰত্ব বাঢ়ে। পতি পত্নীৰ ৰুমত অন্য ব্যক্তিয়ে জোতা চেন্ডেল পৰিধান কৰিও প্ৰৱেশ কৰিব নালাগে। 


১০) গুৰু বাৰে ঘৰ মুচিব নালাগে। ইয়াৰ ফলত গুৰু কমজুৰ হয় আৰু গুৰু কমজুৰ হোৱাৰ ফলত ঘৰলৈ মহান বিনাশকাৰী দৰিদ্ৰতা আহে।


১১) ৰাতি ১২ বজাৰ আশে পাশে আইনা চাব নালাগে লগতে মেক আপ আদিও কৰিব নালাগে। কিয়নো এই সময়ত বেয়া শক্তিবোৰে আইনা আৰু আপোনাৰ সুগন্ধৰ প্ৰতি আকৰ্ষিত হব পাৰে  তেনেস্থলত ৰাতি পাৰ্ফিউম আদিও লগাব নালাগে। ইয়াৰ ফলত নকৰাত্মক দিশত প্ৰভাৱ পৰে আৰু আপুনি কোনো ডাঙৰ সমস্যাত পৰিব পাৰে।


১২) ৰুটি বনুৱাৰ পাছত জ্বলি থকা টাৱাত পানী ঢালিব নালাগে। ইয়াৰ ফলত ৰাহু দুখ উৎপন্ন হয় আৰু ঘৰত কাজিয়া বাঢ়ে লগতে ধনৰ হানি হয়।


১২) কাপোৰ ধুই শুকুৱাৰ পাছত মনত ৰাখিব যাতে তুলসী গছৰ তলত কাপোৰ মেলি নিদিয়ে । ইয়াৰ ফলত মা তুলসী ক্ৰোধিত হৈ পৰে। ঘৰত ভয়ংকৰ ধনৰ অভাৱ হব পাৰে। ঘৰত থকা মন্দিৰ ভাগ সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে।  মন্দিৰৰ ভিতৰত এটাত কৈ বেছি ভগৱানৰ মূৰ্তি ৰাখিব নালাগে।


১৩) পতি পত্নীয়ে ৰাতিৰ সময়ত প্ৰেম নিশ্চয় কৰিব লাগে কিন্তু সকলো খং অভিমান সামৰি সম্পৰ্কটো ভালদৰে চলাই নিব লাগে। ভগৱান শ্ৰী কৃষ্ণই কৈছে যে যি ঘৰত পতি পত্নীৰ মাজত মৰম চেনেহ থাকে সেই ঘৰত ময়ো সদায় বাস কৰোঁ। কিন্তু যি ঘৰত স্ত্ৰীয়ে কান্দে সেই ঘৰত ভগৱানৰ কেতিয়াও বাস নহয়। 


১৪) আলমাৰী তথা লকাৰত ফটা পইচা থব নালাগে। মনিবেগ বা লকাৰত ফটা পইচা থলে মা লক্ষ্মী ক্ৰোধিত হয় আৰু  চিৰদিনৰ বাবে আঁতৰি যায়।


১৫) বেদত লিখা হৈছে এগৰাকী স্ত্ৰীৰ জীৱন তেতিয়াহে সম্পূৰ্ণ হৈ উঠে যেতিয়া তেওঁ পূজা পাঠ তথা ব্ৰত পালন কৰে। সদায় মহিলা গৰাকীয়ে একাদশিৰ ব্ৰত আৰু সোমবাৰে আৰু শুক্ৰবাৰে নিশ্চয় ব্ৰত পালন কৰিব লাগে। ৰাতিপুৱাৰ সময়ত সোনকালে স্নান কৰি লব লাগে। ইয়াৰ ফলত পূণ্য লাভ হয় মা লক্ষ্মী সদায় প্ৰসন্ন হৈ থাকে। এনে ঘৰত সদায় ভগৱানৰ বাস হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages