এজন ৰজা আছিল। তেওঁৰ নাম আছিল ভৰত হৰি। তেওঁ নিজৰ পত্নীক বহুত বেছি ভাল পাইছিল আৰু মৰম কৰিছিল। (Assamese Fact)
এদিন তেওঁলোকৰ নগৰলৈ এজন বহুত ডাঙৰ সাধু আহিল। সাধুজনে গম পালে যে ৰজা
ভৰত হৰি বহুত ধৰ্মীক। সাধুজনে নিজৰ সম্পূৰ্ণ শক্তিৰে এটা ফল ৰজাক দিলে আৰু ক'লে এইটো খাই দিয়ক সদায় ডেকা হৈ থাকিব আৰু সুস্থ থাকিব। আয়ু আপোনাৰ বাঢ়ি যাব।মোৰ তপস্যা ফল আৰু শক্তি আছে ইয়াত।
ভৰত হৰিয়ে সেই ফলতো সন্মুখত ৰাখিলে আৰু বিচাৰ কৰিবলৈ ধৰিলে যে যদি মই এই ফলতো খাওঁ তেতিয়া মই ডেকা হৈ পৰিম আৰু মোৰ আয়ু বাঢ়ি যাব। কিন্তু মইটো মোৰ পত্নীক বহুত ভাল পাওঁ।এটা কাম কৰোঁ এই ফলতো মই মোৰ পত্নীক দিওঁ তাই সদায় ডেকা হৈ থাকিব। তেওঁ সেই ফলতো নাখালে কাৰণ তেওঁ নিজৰ পত্নীক ভাল পাইছিল। তাৰ পিছত সেই ফলতো নি পত্নীক দি দিলে। শুনা তোমাৰ কাৰণে কি আনিছোঁ চোৱা । পত্নীয়ে ৰজাক ক'লে কি আনিছেনো? এই ফলতো খালে সদায় ৰূপৱতী , সুন্দৰ আৰু ডেকা হৈ থাকিবা। হয়নি ঠিক আছে। ভৰত হৰিয়ে ফলতো দি নিজৰ কামত গুচি গ'ল।
ৰজা পত্নীয়ে আকৌ ৰজাৰ সেনাপতিজনক ভাল পাইছিল।ৰাণীয়ে ভাবিলে এই ফলতো খালে মইহে ডেকা হৈ থাকিম ।কিন্তু এই ফলতো যদি সেনাপতিয়ে খাই তেতিয়া তেওঁ ডেকা হৈ থাকিব আৰু মোক সকলো সুখ দিব। তাৰ পিছত ৰাণীয়ে সেই সেনাপতিজনক মনে মনে মাতিলে ।সেনাপতিজন আহিল আৰু ক'লে কি হ'ল কিয় মাতিছিলে? তেতিয়া ৰাণীয়ে ক'লে মই তোমাক কিমান ভাল পাওঁ তুমি নাজানা। চোৱা এইটো ফল তুমি খাই পেলাবা । সদায় ডেকা হৈ থাকিবা, সুস্থ থাকিবা আৰু আয়ু বাঢ়ি যাব। হয় নেকি বুলি কৈ সেনাপতিজনে সেই ফলতো লৈ গুচি গ'ল।
আকৌ সেই সেনাপতিজনে ৰজাৰ ৰুম চফা কৰা এজনী মহিলাক ভাল পাইছিল। সেই ৰুম চফা কৰা মহিলা গৰাকী বহুত ধুনীয়া আছিল।তাই বহুত ভাল আছিল সংস্কাৰীও আছিল আৰু বহুত ভাল আছিল।
সেই সেনাপতিজনে তাইক চাই থাকিছিল আৰু তাইক মাতিলে এইফালে আহা। মই চোৱা তোমাক কিমান ভাল পাওঁ। মহিলাগৰাকীয়ে ক'লে হয় নেকি,কেনেকে?
এই ফলতো আনিছো তোমাৰ কাৰণে খোৱা সদায় ডেকা হৈ থাকিবা আৰু সুস্থ থাকিবা। সুন্দৰ হোৱা লগতে তোমাৰ আয়ু বাঢ়িব। হয় নেকি ঠিক আছে বুলি কৈ সেই মহিলা গৰাকীয়ে ফলতো লৈ ল'লে ।
সেই মহিলা গৰাকীৰ মন আছিল যে ৰজাক যাতে মই স্বামী হিচাপে পাওঁ। সেই মহিলা গৰাকীয়ে মনে মনে ৰজাক ভাল পায় আছিল। তাৰ পিছত মহিলা গৰাকীয়ে ভাবিলে মই এই ফলতো খাই কি কৰিম ৰজাতো প্ৰজাসকলৰ ৰক্ষক তেওঁ সকলো প্ৰজাকে ৰক্ষা কৰি আছে আৰু তেওঁ বহুত ধাৰ্মিকো সেই কাৰণে এই ফলতো ৰজাই খাব লাগে। তাৰ পিছত সেই মহিলা গৰাকীয়ে ফলতো লৈ গৈ ৰজাক দি ক'লে- মহাৰাজ মই এটা ফল পাইছোঁ যিটো খালে সদায় ডেকা হৈ থাকিব পাৰে আৰু সুস্থ হৈ থাকিব পাৰে আৰু মইটো এজনী কাম কৰা মহিলাহে বহুত দিন জীয়াই থাকি কি কৰিম। আপুনিটো ৰজা আপুনি জীয়াই থকাঁতো ভাল।
( Assamese Fact)ৰজাই ফলতো লৈ ভাবিলে সেই ভগৱান এই মোক এই ফলতো দিছে। ৰজায়ে ক'লে এইটো মইটো মোৰ পত্নীক দিছিলোঁ। তোৰ ওচৰলৈ কেনেকৈ আহিল? সোনকালে কওঁ নহ'লে দণ্ড দিম ।ভয়তে কৈ দিলে সেনাপতি জনে দিছে তেওঁ মোক ভাল পায় কাৰণে। তেওঁ মোক ভাল পায় কিন্তু মই তেওঁক ভাল নাপাওঁ। মইটো আপোনাক ভাল পাওঁ। তাৰ পিছত ৰজাই সেনাপতিজনক মাতিলে আৰু ক'লে তোমাক এই ফলতো কোনে দিলে সোনকালেই কোৱা।সেনাপতিজনে ভয় খালে আৰু ক'লে- মহাৰাজ ক্ষমা কৰক ৰাণীয়ে মোক দিছিল। ৰাণীকতো ৰজাই ফলতো দিছিল ।
ৰজাই ভাবিলে ৰাম ৰাম যিজনী পত্নীক মই ইমান ভাল পাইছিলোঁ।তাইয়ে মোৰ লগত ইমান ডাঙৰ বিশ্বাস ঘাটকতা কৰিলে। সঁচা প্ৰেম এই পৃথিৱীৰ মানুহে কি জানিব। এওঁলোকতো বাসনাত অভিভূত এওঁলোকে প্ৰেম কি নাজানে। ভৰত হৰি বৈৰাগী হৈ গ'ল তেওঁ সকলো ত্যাগ কৰি, জংঘললে গৈ ভগৱানক স্মৰণ কৰিলে। নাইটো পুত্ৰত মন লাগোৱা ভাল নাইটো পত্নীৰ লগত নাইটো পৰিয়ালৰ লগত। মন ভগৱান ওপৰত লগোৱা এইটোৱে ভাল। ভৰত হৰি বৈৰাগী হৈ গ'ল ।
এইবোৰেই মায়া আপোনালোকে ভাবে আপোনাৰ স্বামীয়ে আপোনাক বহুত ভাল পায়। কিন্তু যেতিয়া আপুনি মৰি যাব তেতিয়া আকৌ বেলেগ লৈ আহিব আৰু তাইকো ক'ব বহুত ভাল পাওঁ বুলি। সকলো স্বামী এনেকুৱা নহয় কিন্তু প্ৰায় ৮০শতাংশ মান তেনেকুৱাই।
বৃদ্ধ বয়সত বহুত বাৰ পত্নীৰ মৃত্যু হ'লে ভাবে বিয়া পাতিব পাৰিলোঁ হেঁতেন। কিন্তু বৃদ্ধ বয়সত কোন মোৰ লগত বিয়া হ'ব। বহুত মানুহে ভুল ধাৰণা লৈ জীয়াই থাকে যে মই বহুত ভাল পাওঁ তাই বা সিওঁ মোক বহুত ভাল পায়। এইসকলোবোৰ মিছা কথা। সঁচা কথা এইটো যে আমি ভগৱানক ভাল পাব লাগে।নাইটো আমি কাৰোবাৰ নাইটো আমাৰ কোনোবা। আমাৰ অকল ভগৱান। কেৱল কৃষ্ণ নিজৰ।এইটো কথাটো বুজি পালে আপোনালোকৰ লোক পৰলোক শুদ্ধ হৈ পৰিব। নহ'লেবা আপোনালোক মায়াতে বান্ধ খাই আছে।
যি আপোনাৰ নহয় তেওঁক আপুনি নিজৰ বুলি ভাবিছে।এইজন মোৰ স্বামী।ক'ৰ পৰা আপোনাৰ স্বামী।বিয়া আগতো নাছিল আপোনাৰ। মৃত্যুৰ পাছতো আত্মা উলাই গ'লে শৰীৰটো পৰি থাকিলে আপোনালোকে ক'ব নোৱাৰে যে এইটো মোৰ। তোমাৰ যদি লৈ লোৱা ৰাখা নিজৰ ওচৰত পাৰিবা ৰাখিব মৰা শৰীৰটো নিজৰ ওচৰত। কিমান দিন ৰাখিবা। আপোনালোকৰ বা আমাৰ একো নাই জোৰ কৰি লাগি আছে মোৰ মোৰ মোৰ। সেই কাৰণে হাৰ পাবলৈ চেষ্টা কৰক নিজকে স্বভালী লওঁক। নহ'লেবা পাছত ভাবিব চিন্তিব পৰা সময় নাথাকিব। ভগৱানৰ লগত সংযোগ স্থাপন কৰক।আমি এইটো কোৱা নাই যে পত্নী, স্বামী আৰু পৰিয়ালৰ লগত থাকিব নালাগে। আমি এইটো কৈছোঁ সকলোৰে লগত থাকক ব্যৱহাৰ কৰক ভাল পাওঁক ।কিন্তু প্ৰেম ভগৱানকো কৰক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact)
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment