সপোনৰ জৰিয়তে ভৱিষ্যতৰ বিভিন্ন তথ্য লাভ কৰক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

সপোনৰ জৰিয়তে ভৱিষ্যতৰ বিভিন্ন তথ্য লাভ কৰক : Assamese Fact


Assamese Fact

জ্যোতিষীসকলৰ মতে মানুহে যি সপোনত দেখে তাৰ পৰা মানুহে নিজৰ ভৱিষ্যতৰ বিষয়ে তথ্য লাভ কৰিব পাৰে। জানো আহঁক এনেকুৱা কিছুমান অদ্ভূত সপোনৰ বিষয়ে যি ভৱিষ্যতে পাব লগা ধনৰ সংকেত দিয়ে।

(Assamese Fact)



মানুহে শুই থাকোঁতে এখন বেলেগ পৃথিৱীলৈ গুচি যায় বুলি কোৱা হয়।যাক আমি সপোনৰ পৃথিৱী বুলি ক'ব পাৰোঁ। সপোনত আমি কিছুমান এনেকুৱা অদ্ভূত বস্তু দেখো যিবোৰৰ আমাৰ বাস্তৱিক জীৱনৰ লগত একো সম্পৰ্ক নাই। কিন্তু সপোন শাস্ত্ৰৰ অনুসৰি এইসমূহ বস্তুৱে আমাৰ ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পেলাই ।জ্যোতিষীসকলৰ মতে মানুহে যিবোৰ সপোনত দেখে তাৰ পৰা মানুহে নিজৰ ভৱিষ্যতৰ বিষয়ে তথ্য লাভ কৰিব পাৰে।আমি আপোনালোকক ক'বলৈ গৈ আছোঁ এনেকুৱা কিছুমান অদ্ভূত সপোনৰ বিষয়ে যিয়ে ভৱিষ্যতে পাব লগা ধনৰ সংকেত দিয়ে।


প্ৰায়ে মানুহে এনেকুৱা সপোন দেখে য'ত মানুহে নিজকে উৰি থকাৰ দৰে অনুভৱ কৰে।সপোন শাস্ত্ৰৰ অনুসৰি এনেকুৱা সপোনক শুভ বুলি ধৰা হয়।এই সপোনবোৰক এই কথাৰ সংকেত বুলি ধৰা হয় যে আপুনি সোনকালেই ধন লাভ কৰিব নহ'লেবা আপুনি নিজৰ জীৱনত বহুত ভাল পদত অধিষ্ঠিত হ'ব। এই সপোনবোৰে যিকোনো কামত ডাঙৰ সফলতা পোৱাৰ সংকেত দিয়ে। (Assamese Fact)


যদি আপোনালোকে সপোনত নদীৰ দিশত উটি যোৱা দেখে। তেতিয়া ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ কিবা লাভ হ'ব।এই সপোনবোৰে জীৱনত সফলতা পোৱাৰ সংকেত দিয়ে। যদি আপোনালোকে সপোনত নদীৰ উলোটা দিশত উটি যোৱা দেখে। তেতিয়া সেই সপোনটো অশুভ বুলি ধৰা হয়।ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ কিবা লোকচান হ'ব।


যদি মানুহে সপোনত মৰা সাপ দেখে তেতিয়া ইয়াক বহুত শুভ বুলি ধৰা হয়। ইয়াৰ অৰ্থ এইটো যে আপোনাৰ ওপৰত থকা ৰাহুৰ দৃষ্টি আতঁৰি গৈছে।এই সপোনটোৱে জীৱনত কষ্ট দূৰ হোৱাৰ সংকেত দিয়ে।এই সপোনটো দেখাৰ পাছত আপুনি চাকৰিত পদোন্নতি ও পাব পাৰে।


সপোনত যদি আপোনালোকে দাঁত ভগা দেখে। তেতিয়া ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ আৰ্থিক স্থিতি ভাল হৈ উঠিব। আকৌ যদি আপোনালোকে সপোনত শৰীৰত দুখ পোৱা অংশৰ পৰা তেজ ওলোৱা দেখে। তেতিয়া ইয়াৰ অৰ্থ হ'ল যে আপুনি সোনকালেই ধন লাভ কৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages