বহুত লৰা ছোৱালীৰ মূৰত এটা চক্ৰ থাকে আৰু কিছুমানৰ মূৰত দুটাকৈ চক্ৰ থাকে। আগৰ দিনত আইতাসকলে সেই চক্ৰ দেখিয়েই ভৱিষ্যতৰ কথা কৈ দিছিল। ( Assamese Fact )
তেওঁলোকে গৰ্ভস্থ সন্তানটো লৰা হব নে ছোৱালী হব তাৰ বিষয়েও কৈ দিব পাৰিছিল। আজি আমি সেই বিষয়ে জানিম যে তেওঁলোকে কিদৰে এই কথাবোৰ কৈ দিব পাৰিছিল।
যিবোৰ লৰা ছোৱালীৰ মূৰত এটা ঘূৰণীয়া চক্ৰ থাকে আমাৰ আইতাসকলৰ মতে তেনে লৰা ছোৱালীবোৰ শান্তিপ্ৰিয় হয়। এনে সন্তান সদায় মাকৰ পক্ষত থিয় হয়। মাকক বহুত মৰম কৰে, বহুত বুদ্ধিমান হয়। পঢ়া শুনাৰ সময়তো ভালদৰে মনোযোগ দিব পাৰে। এনে শিশুয়ে ভৱিষ্যতে গৈ বহুত উন্নতি কৰিব পাৰে।
যি মাক দেউতাকৰ প্ৰথম সন্তানৰ মূৰটো ঘড়ীৰ আকাৰৰ চক্ৰ থাকে তেওঁলোকৰ দ্বিতীয় সন্তান ছোৱালী হয়। আমাৰ আইতা সকলে এনেদৰেই কোৱা শুনিবলৈ পাওঁ। কিন্তু ইয়াৰ কোনো বৈজ্ঞানীক প্ৰমাণ নাই। কিন্তু আমাৰ আইতা সকলে কোৱা এই কথাবোৰৰ সত্যতা কৰবাত নহয় কৰবাত অলপ হলেও আছে। ( Assamese Fact )
যিসকল শিশুৰ মূৰত "Anti Clock" চক্ৰ থাকে সেইসমূহ শিশু শান্ত হয় আৰু মাক দেউতাক দুয়োৰে পক্ষত থাকে। তেওঁলোকো বহুত বুদ্ধিমান হয়, ভৱিষ্যতে জীৱনত সফলতা লাভ কৰে। আৰু এনে শিশুৰ মাক দেউতাকৰ দ্বিতীয় সন্তান লৰা হয়। আমাৰ আইতাহতে এনেদৰেই কয় এই বিষয়ে।
যিসকল শিশুৰ মূৰত দুটা চক্ৰ থাকে তাৰ কি অৰ্থ হয় বাৰু?
এনেকুৱা শিশু সকল বহুত দুষ্ট হয়, বহুত জেদী হয়। তেওঁলোকে এটা ঠাইত ৰৈ থাকিব নোৱাৰে। তেওঁলোকে মাত্ৰ দুষ্টামী কৰি ভাল পায়। শিশুৰ মূৰত থকা এই চক্ৰৰ পৰাই তেওঁলোকৰ স্বভাৱৰ বিষয়ে জানিব পাৰি। আমাৰ আইতাসকলে কোৱা এই কথাবোৰৰ কৰবাত নহয় কৰবাত সত্যতা আছে আৰু সেইবাবে আমি আজিও ইয়াক মানি আহিছো।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )
4ta চক্ৰ
ReplyDelete