সপোন শাস্ত্ৰ অনুসৰি সপোনত কিছুমান বস্তু দেখাটো শুভ মনা হয় কিন্তু কিছুমান বস্তু দেখিলে অশুভ সংকেত দিয়ে । সপোনত এই ৫ টা জন্তু দেখাটো যথেষ্ট শুভ মনা হয় । ( Assamese Fact )
সপোন শাস্ত্ৰ অনুসৰি সপোনবোৰে ভৱিষ্যতৰ ঘটনাবোৰক সূচায়। লগতে সপোনত দেখা বস্তুবোৰে বিভিন্ন সংকেত প্ৰদান কৰে। যদিও সপোনত কিছুমান বস্তু দেখাটো শুভ, কিছুমান বস্তুৱে অশুভ লক্ষণবোৰলৈ আঙুলিয়াই দিয়ে। সপোনত বেলেগ বেলেগ জীৱ-জন্তু দেখাৰ ফল বেলেগ বেলেগ। সপোনত এই ৫ টা জন্তু দেখিলে কি ফল দিয়ে জানোঁ আহক ।
১) সপোনত ভালুক
সপোনত ভালুক দেখাটো এটা শুভ সপোন। যদি ভালুক সপোনত শুই থকা দেখা যায়, ইয়াৰ অৰ্থ হৈছে যে ভৱিষ্যতে সংঘৰ্ষ বৃদ্ধি হ'ব। লগতে, যদি ভালুকটো টোপনি যোৱা দেখা যায়, ইয়াৰ অৰ্থ হৈছে যে অদূৰ ভৱিষ্যতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।
২) সপোনত মেকুৰী
মেকুৰীক সপোনত দেখিলে শুভ সংকেত দিয়ে । সপোনত ক'লা মেকুৰী এটা দেখাৰ অৰ্থ হৈছে আপুনি আপোনাৰ প্ৰতিভাক মানুহৰ সন্মুখত দেখুৱাৰ সময় আহিছে । যদি আপুনি সপোনত ভয়ংকৰ মেকুৰী এটা দেখে, ইয়াৰ অৰ্থ হৈছে আপুনি বাস্তৱ জীৱনত সাৱধান হোৱা উচিত। ( Assamese Fact )
৩) সপোনত কুকুৰ
এটা কুকুৰক সপোনত দেখাটোও ভাল সংকেত দিয়ে । সপোনত কুকুৰে ভকা শব্দও শুভ হয় । সপোনত, যদি কুকুৰে কামোৰা দেখা যায় তেতিয়া ডাঙৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ সংকেত দিয়ে। যদি সপোনত কুকুৰে খেদে তেতিয়া আপোনাক জীৱনত কিছু শুধৰণিৰ বাবে সংকেত দিয়ে ।
৪) সপোনত হাতী
সপোন শাস্ত্ৰ অনুসৰি, সপোনত হাতীৰ আবিৰ্ভাৱে শুভ সংকেত দিয়ে । সপোনত হাতীৰ আবিৰ্ভাৱে বাস্তৱ জীৱনত যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ সংকেত দিয়ে । যদি আপুনি এটা হাতীৰ পিঠিত উঠি গৈ থকা দেখে তেতিয়া ইয়াৰ অৰ্থ হৈছে যে বাস্তৱ জীৱনত আপোনাৰ এজন ভাল নিদৰ্শক হোৱাৰ ক্ষমতা আছে।
৫) সপোনত ভেকুলী
সপোনত আপোনাৰ হাতত ভেকুলী এটা ধৰি থকা দেখিলে ভাল সংকেত দিয়ে। লগতে সপোনত কেৱল ভেকুলীৰ মাত শুনা গ'লে ইয়াৰ অৰ্থ হৈছে জীৱনত এটা নতুন অধ্যায়ৰ আৰম্ভণি হব । কিন্তু যদি সপোনত পানীত ভেকুলী থকা দেখে তেতিয়া ইয়াৰ অৰ্থ হৈছে আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰা উচিত।
সপোনে কেতিয়াও আপোনাৰ ভাগ্য সলনি কৰিব নোৱাৰে। সপোনবোৰে মাথোঁ আপোনাক সংকেত দিয়ে যে আপুনি যদি কষ্ট কৰে তেতিয়া আপুনি সেই কামত নিশ্চয় সফল হব পাৰিব । আৰু সেই সপোনবোৰ আপোনাক আপোনাৰ ভিতৰৰ মনটোৱে দেখুৱাই । আপুনি যদি কেতিয়াবা দুখত থাকে আপুনি মন কৰিব পাৰে আপোনাৰ ভিতৰৰ মনটোৱে আপোনাক দুখৰ পৰা উলিয়াবলৈ এটা ভাল সপোন দেখুৱাই আৰু পিছ দিনা ৰাতিপুৱা আপুনি সেই ভাল সপোনৰ বাবে দুখবোৰ পাহৰি জীৱনত নতুনকৈ আৰম্ভণি কৰিব পাৰে ।
এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )
No comments:
Post a Comment