শুক্ৰাচাৰ্যৰ মতে ৯ টা কথা সদায় গোপনে ৰাখিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 4, 2021

শুক্ৰাচাৰ্যৰ মতে ৯ টা কথা সদায় গোপনে ৰাখিব : Assamese Fact

Assamese Fact


গুৰু হৈছে সেইজন ব্যক্তি যিয়ে আমাৰ জীৱনটো অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আনে। আমি সকলোৱে এই কথা জানো যে দেৱতা সকলৰ গুৰু বৃহস্পতি আছিল আৰু অসুৰৰ গুৰু আছিল  শুক্ৰাচাৰ্য। ( Assamese Fact )


এতিয়া আহিছোঁ শুক্ৰাচাৰ্যৰ বিষয়ে কিছু কথা ,তেওঁ এজন মহান জ্ঞানী হোৱাৰ লগতে এজন ভাল নীতিকাৰ আছিল। তেওঁ বহুত বাৰ সুচিন্তাৰে অসুৰ সকলক স্বৰ্গৰ ৰাস্তা দেখুৱাইছিল। গুৰু শুক্ৰাচাৰ্যৰ কিছুমান কথা এনেকুৱাও আছে যি আজিও বহুত মহত্বপূৰ্ণ হয়। কিয়নো তেওঁ জীৱনক লৈ এনে কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছিল যাক পালন কৰিলে মানুহ সুখীও হব আৰু জীৱনত সফলতা প্ৰাপ্তি কৰিব পাৰিব।


এই লিখনিটোৰ যোগেদি এনেকুৱা ৯ টা কথাৰ বিষয়ে আলোচনা কৰিম যিকেইটা কথা গুৰু শুক্ৰাচাৰ্যৰ মতে সদায় গোপনে ৰাখিব লাগে। অন্যথা ইয়াৰ পৰিনাম বেয়া হবও পাৰে। 

১) প্ৰথমটো বিষয় হৈছে - "আয়ুস" 

 গুৰু শুক্ৰাচাৰ্যই তেওঁৰ নীতিত কৈছে যে যিকোনো এজন ব্যক্তিয়ে তেওঁৰ আয়ুসৰ বিষয়ে সদায় গোপনে ৰাখিব লাগে।যিমান সম্ভৱ ইয়াক যাতে সকলোৰে লগত সহজভাৱে ব্যক্ত কৰিব নোৱাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কিন্তু এতিয়া বহুতো মানুহৰ মনত এইটো বিচাৰ আহিব যে কোনো এজন ব্যক্তিৰ আয়ুস বা বয়সৰ বিষয়ে গম পোৱাৰ পাছত নো কিদৰে কাৰোবাৰ কিবা ক্ষতি হব পাৰে?  ইয়াত কোৱা হৈছে যে আপোনাৰ সঠিক বয়সৰ বিষয়ে গম পোৱাৰ পাছত বহুতো প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ শত্ৰুৱে আপোনাৰ  শক্তি আৰু কৌশলৰ অনুমান কৰি সুযোগ বুজি আপোনাৰ ক্ষতি কৰিব পাৰে। 

 

২) দ্বিতীয়টো বিষয় হৈছে '' ধন"।

 বন্ধুসকল, এই পৃথিৱীত প্ৰায়ে দেখা পোৱা যায় যে মানুহে বেলেগৰ আয়ৰ ওপৰত চকু দিয়ে। আৰু এইটো জনাৰ চেষ্টাত লাগি থাকে যে আপুনি কিমান ধন সঞ্চয় কৰিব পাৰে। এই সম্পৰ্কত শুক্ৰাচাৰ্যই কৈছে যে আপোনাৰ ওচৰত যিমানেই টকা পইচা, ধন সম্পত্তি নাথাকক কিয় কিন্তু এই বিষয়ে আপুনি নিজৰ পৰিয়ালৰ বাদে অন্য ব্যক্তিক গম পাবলৈ দিব নালাগে। আপুনি যে সকলো দিশৰ পৰাই সমৃদ্ধ সেই কথা বেলেগৰ ওচৰত দেখুৱাই থাকিব নালাগে। গতিকে আপুনি যিমান সম্ভৱ আপোনাৰ ধন টকা প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক। যিমান পাৰে এই কথা গোপনে ৰাখিব লাগে। যদি আপোনাৰ কোনোবা খুব আপোন ক'লা মনৰ মানুহে আপোনাৰ টকা পইচাৰ কথা গম পায় তেন্তে তেওঁ সেই টকা আত্মসাত কৰাৰ চেষ্টা কৰিব পাৰে । আজিকালি প্ৰায়ে আপোন মানুহে তেনে কৰা দেখা যায়।


৩) তৃতীয়তো বিষয় হৈছে - " পাৰিবাৰিক ভেদ"

 বন্ধুসকল, আপোনালোকে এনেকুৱা বহুতো ব্যক্তি দেখিছে যিয়ে নিজৰ পাৰিবাৰিক সমস্যাৰ বিষয়ে অন্য ব্যক্তিৰ সন্মুখত ব্যক্ত কৰে। কিন্তু তেনেকুৱা ব্যক্তিয়ে পাছত বহুত অনুতাপ কৰে। কিয়নো আপুনি যিজন ব্যক্তিৰ সন্মুখত আপোনাৰ সমস্যাৰ বিষয়ে কৈ আছে তেওঁ বিশ্বাসৰ পাত্ৰ হোৱাটো জৰুৰী নহয়। সেইবাবে গুৰু শুক্ৰাচাৰ্যই নিজৰ নীতিত কৈছে যে আপুনি যিকোনো পৰিস্থিতিত পাৰিবাৰিক সংঘাতৰ বিষয়ে কাৰো আগত প্ৰকাশ কৰিব নালাগে। কিয়নো এনে কৰাৰ ফলত আপোনাৰ পৰিয়ালৰ প্ৰতিষ্ঠা বেয়া হোৱাৰ লগতে বহুতো লোকে ইয়াৰ সুযোগ বুজি আপোনাৰ ঘৰখনত আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে।  এনে পৰিস্থিতিত আপুনি বহুত বেয়া পৰিনাম ভোগ কৰিবলগীয়া হব পাৰে। ( Assamese Fact )


৪) চতুৰ্থটো বিষয় হৈছে - " মন্ত্ৰ আৰু কৃপা" 

 পৃথিৱীত সকলো ব্যক্তিয়ে সফলতাৰ বাবে চেষ্টা চলাই যায়। সেইবাবে সকলোৱে পৰমাত্মাৰ কৃপা লাভ কৰিবৰ  বাবে পোৱা গধূলি প্ৰাৰ্থনা জনাই। বহুতো লোকে ইয়াৰ বাবে বিভিন্ন গুৰুক পূজা কৰে আৰু বহুতো লোকে পূজা অৰ্চনা কৰে আৰু মন্ত্ৰ জাপ কৰে। এই সন্দৰ্ভত গুৰু শুক্ৰাচাৰ্যই কৈছে  কোনো এটা পূজা বা মন্ত্ৰ তেতিয়াহে ফলদায়ক হয় যেতিয়া তাক গুপ্ত ৰূপত সম্পন্ন কৰা হয়। যদি এনেকুৱা নহয় তেন্তে ইয়াৰ গভীৰ পৰিনাম ভোগ কৰিবলগা হব পাৰে।


৫) পঞ্চমটো বিষয় হৈছে-" অন্তৰংগ পল"

বহুতো লোকে হাঁহি ধেমালিৰ মাজতে নিজৰ জীৱনৰ আটাইতকৈ গোপনীয় কথাবোৰ বন্ধুবৰ্গ অথবা পৰিয়ালৰ ব্যক্তিৰ আগত ব্যক্ত কৰি দিয়ে। কিন্তু আপুনি এনে কৰাৰ পৰা সদায় বিৰত থাকক। কিয়নো শুক্ৰাচাৰ্যৰ নীতিত কোৱা হৈছে যে মানুহে নিজৰ অন্তৰংগ পলৰ চৰ্চা কাৰো সন্মুখত পাহৰিও কৰিব নালাগে। এই মৰ্যদা সদায় মানুহে  বজাই ৰাখিব লাগে। অন্যথা এনে কৰাৰ পাছত মানুহে বহুত বেয়া পৰিনাম লাভ কৰিব পাৰে আৰু লজ্জিত হবলগীয়া হয়। এনে ব্যক্তি অন্য ব্যক্তিৰ তুলনাত উপহাশৰ পাত্ৰ হৈ ৰব লগা হয়।

৬) ষষ্ঠটো বিষয় হৈছে -" ঔষধ" 

শুক্ৰাচাৰ্যৰ নীতি অনুসৰি যদি আপুনি কিবা ৰোগত আক্ৰান্ত হৈ আছে আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা ঔষধ ব্যৱহাৰ কৰি আছে তেন্তে ই অত্যন্ত জৰুৰী যে আপুনি নিজৰ ঔষধৰ বিষয়ে গোপনীয়তা বজাই ৰাখে।অন্যথা যিসকল লোকে মনৰ ভিতৰতে আপোনাৰ প্ৰতি শত্ৰুতা পুহি ৰাখিছে তেওঁ ঔষধৰ জৰিয়তে আপোনাৰ ৰোগৰ বিষয়ে জানিব পাৰিব আৰু তেওঁ অনৈতিক ভাবে আপোনাৰ কিবা ক্ষতি কৰিব পাৰে। গতিকে যিমান সম্ভৱ আপুনি নিজৰ ৰোগ আৰু ঔষধৰ বিষয়ে চিকিৎসক তথা পৰিয়ালৰ লোকৰ বাহিৰে কাকো জানিবলৈ নিদিব।


৭) সপ্তমটো বিষয় হৈছে-" দান" 

এনেকুৱা বহুত লোক আছে যিয়ে কোনো ব্যক্তিক কিবা এটা বস্তু  দান  কৰাৰ পাছত সকলোৰে আগত জনাই ফুৰে। কিন্তু প্ৰকৃতাৰ্থত এনে কৰা উচিত নহয়। আমি সকলোৱে জানো যে আমাৰ সনাতন ধৰ্মত দানৰ কিমান মহত্ব আছে । দান কৰাৰ ফলত আপুনি ঈশ্বৰৰ আশীৰ্বাদ পোৱাৰ লগতে আপোনাৰ ৰোগ আৰু কষ্ট কম হয়। কিন্তু শুক্ৰাচাৰ্যই কৈছে যে , দান হৈছে এনে এটা পূণ্য কাম যে যিকোনো পৰিস্থিতিত ইয়াক গোপনে কৰিব লাগে তেতিয়াহে ইয়াৰ পূণ্য ফল পোৱা যায়। অন্যথা দান কৰা ব্যৰ্থ হয়। যদি আপুনি কোনো দুখীয়া ব্যক্তিক দান কৰিছে তেন্তে তেওঁ নিশ্চয়কৈ আপোনাক সঁচা অন্তৰৰ পৰা আশীৰ্বাদ কৰিব। যদি আপুনি তেওঁক কৰা দানৰ প্ৰদৰ্শন কৰে তেন্তে তেওঁৰ মনত বহুত আঘাত হয় যি আপোনাৰ বাবেও বেয়া। ই আপোনাৰ দানক নিৰাশ কৰি দিয়ে যাৰ ফলত আপুনি কৰা দানৰ কোনো ফল লাভ নহয়।


৮) অষ্টমতো বিষয় হৈছে-" সন্মান আৰু প্ৰশংসা" 

 গুণী জ্ঞানী লোকে নিজৰ মান সন্মানৰ বিষয়ে বেলেগৰ আগত বখানি নুফুৰে। কিন্তু যিসকল লোকে নিজৰ প্ৰশংসা নিজেই কৰি ফুৰে তেওঁ অন্য লোকৰ সন্মুখত নিজৰ আদৰ হেৰুৱাই। মিত্ৰতা কৰাৰ সলনি তেওঁ শত্ৰুতাহে কৰি পেলায়। সেইবাবে আপুনি যিমান সম্ভৱ আপোনাৰ সন্মুখৰ ব্যক্তিজনক আপোনাৰ বিষয়ে জানিবলৈ সুযোগ দিয়ক। তেতিয়াহে আপোনাক কোনোবাই সঁচা অৰ্থত প্ৰশংসা কৰিব। 

৯) নৱমটো বিষয় হৈছে-" অপমান" 

 আমি কেতিয়াও নিজৰ মান সন্মানৰ বিষয়ে বেলেগৰ আগত কব নালাগে। ঠিক সেইদৰে মানুহে নিজৰ অপমানৰ বিষয়েও কাৰো আগত ব্যক্ত কৰিব নালাগে। তথাপিও শুকাৰাচাৰ্যৰ নীতিৰ পৰা অজ্ঞাতে থকা বহুতো লোকে যদি এনে কৰে তেন্তে তেওঁ নিজৰ কষ্ট দূৰ কৰাৰ সলনি তেওঁৰ উপহাস বেছিকৈ কৰে। 

গতিকে বন্ধুসকল যদি আপোনালোকে শুক্ৰাচাৰ্যৰ এই ৯ তা কথা সদায় মনত ৰাখি গোপনে ৰাখে তেন্তে আপুনি সফলতা লাভ কৰিব তাৰূপৰিও আপোনাৰ জীৱনত শান্তি বৰ্তি থাকিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages