সৰুৰে পৰাই সাঁচি গছৰ লগত মোৰ পৰিচয় ৷ মোৰ দেউতাই গোলাঘাট জিলাৰ বাতিপৰীয়া অঞ্চলৰ জাফৰ কাকা ৰ লগত মিলি সাঁচি খেতি কৰিছিল ৷ নাহৰণি আৰু দক্ষিণহেঙেৰাত মোৰ দেউতাৰ চেম্বাৰ থকাৰ সূত্ৰে, সেই অঞ্চলৰ অতি অমায়িক খেতিয়ক দেউতাৰ ৰোগীৰ আত্মীয়, জাফৰ কাকা দেউতাৰ ঘনিষ্ঠ হৈ পৰিছিল ৷ চিন’ৰিটা পঢ়াসকলে নিশ্চয় জাফৰ কাকাক মনত ৰাখিছে ৷ জাফৰ কাকা আৰু দেউতাই যৌথভাৱে সাঁচিৰ গছ ৰুই বিক্ৰী কৰিছিল ৷( Assamese Fact )
যোৱা 30.11.2021 ত মই দেউতাৰ কৰ্মস্থলীৰ সোঁৱৰণী বিচাৰি গোলাঘাট জিলাৰ নাহৰণি পালোগৈ ৷ জাফৰ কাকা এতিয়া মৃত ৷ নাহৰণিৰ ৰাতুল হুছেইনৰ আদৰৰ বা লৈ মাজগাঁৱৰ সোণালী ধাননিৰ মাজে মাজে গৈ সাঁচিৰ আঁত বিচাৰি দিলোৱাৰ হুছেইনৰ ঘৰ পালোগৈ ৷
সাঁচি গছৰ লাভৰ বিষয়ে সকলোৱে জানে ৷ কিন্তু গছজোপা ৰুই দুটকা অৰ্জন কৰাৰ চেষ্টাহে সকলোৱে নকৰে ৷ গোলাঘাট জিলাক সাঁচি গছৰ জন্মভূমি বুলিব পাৰি ৷ আচলতে সাঁচি গছৰ বাকলিত আখৰ লিখি ধৰ্মপুথি লিখাৰ কথা আমি সকলোৱে জানো ৷ আগৰ দিনত সকলো পুঁথি-পাজি সাঁচি গছৰ বাকলিতে লিখা হৈছিল ৷ কিন্তু এই সাঁচি গছৰ পৰা যে মহামূল্যবান আন আন সামগ্ৰীও তৈয়াৰ কৰিব পাৰি, সেই কথা সকলোৱে জনা নাছিল ৷
1917 চনত ইছলাম পীৰ আতৰ আলি বা পীৰ চাহাব, ধৰ্মপ্ৰচাৰৰ বাবে আহি গোলাঘাট জিলাৰ বৰপথাৰত পোন প্ৰথমে অগৰু গছৰ চিনাক্ত কৰিছিল ৷ পীৰ চাহাব বা আতৰ আলী, অবিভক্ত ভাৰতৰ চিলেটৰ পৰা আহিছিল ৷ যি চিলেট এতিয়া বাংলাদেশৰ অন্তৰ্ভুক্ত ৷ এই পীৰ চাহাবৰে পুত্ৰ আছিল আঁবু চৈয়দ মহলদাৰ। আবু চৈয়দে, অগৰু মহল ডাক কৰিছিল বাবে তেওঁৰ নামৰ লগত মহলদাৰ উপাধিটো লগোৱা হৈছিল । এই আবু চৈয়দ মহলদাৰেই অসমত আতৰ ব্যৱসায়ৰ আৰম্ভনী কৰিছিল ৷ কিন্তু 1978 চনত চৰকাৰে নিৰ্দ্দেশনা দি এই ব্যৱসায় বন্ধ কৰি দিলে ৷ তেতিয়াৰে পৰা সাঁচি গছ কটা আৰু সৰবৰাহ কৰা চৰকাৰী ভাবে বন্ধ কৰি দিয়া হ’ল ৷
কিয় বন্ধ কৰি দিয়া হৈছিল এই ব্যৱসায় ?
কাৰণ---
সেই সময়ত চৰকাৰে সাঁচি গছৰ জৰীপ কৰাইছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাবে সাঁচি গছৰ খেতি কৰা অঞ্চলত জৰীপ নকৰি, বনাঞ্চলত জৰীপ কৰি সাঁচি গছৰ বিলুপ্তি হোৱা যেন পাই, সাঁচি গছ কটা বন্ধ কৰি দিছিল ৷ চৰকাৰৰ ভুল জৰীপৰ ফলত এই ব্যৱসায়টো বন্ধ হৈ পৰিছিল ৷ চৰকাৰে 1983 চনত আইন আনি সাঁচিগছ কটা আৰু সৰবৰাহ কৰা একেবাৰেই বন্ধ কৰি দিলে। তথাপিও কিন্তু সাঁচিৰ ব্যৱসায় গোপনে চলি থাকিল ৷ চৰকাৰী নিষেধাজ্ঞাৰ পিছতো সাঁচিৰ বেপাৰ চলিয়েই থাকিল আৰু প্ৰসাৰ বেছিহে হ’ল ৷ মানুহে বেছিকৈ গছ ৰুই টকা ঘটিবলৈ লাগি গ’ল ৷ এজোপা সাঁচি গছ কাটি দহজোপা ৰুলে ৷ 2001 চনত ৯০ লাখ সাঁচি গছ আছিল। আৰু আজিৰ তাৰিখত সমগ্ৰ অসমত ১০ কোটিৰ বেছি সাঁচি গছ আছে ৷ গোলাঘাটতে জিলাতে ৩ কোটি সাঁচি গছ আছে ৷
সাঁচি গছে আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে। বিশেষকৈ মধ্যপ্ৰাচ্যত সাঁচিৰ বহুল প্ৰয়োগ হয় ৷ ভাৰতত ইয়াৰ ব্যৱহাৰ নাই ৷ চৌদি আৰৱ, ডুবাই, কুৱেইট, উমান, কাটাৰ আদি বিশ্বৰ প্ৰতিখন দেশলৈ যায় সাঁচি ৷ আমেৰিকা, ইউৰোপ, জাপান, চীন, জাৰ্মানী আদি দেশলৈয়ো যায়। সাঁচি এজোপা দৈৱিক গছ ৷ বেমাৰৰ ঔষধ প্ৰস্তুত কৰা হয় সাঁচি গছৰ পৰা ৷ সাঁচি গছত কেঞ্চাৰ ৰোগ প্ৰতিষেধক ক্ষমতা আছে ৷ সাঁচি গছৰ পৰা স্নায়ুৰোগৰ দামী ঔষধবোৰ তৈয়াৰ কৰা হয় ৷ সাঁচি গছত ১৩ বিধ দৈৱিক গুণ আছে ৷ যাৰ বাবে ইয়াক দৈৱিক গছ বুলি কোৱা হয় ৷ সাঁচিৰ পাতৰ পানীয় অতি ঔষধি গুণসম্পন্ন ৷
অসমীয়া হিন্দুসকলে সাঁচিৰ বিষয়ে আগ্ৰহ প্ৰকাশ নকৰে ৷ অৱশ্যে আজিকালি কিছু হিন্দু মানুহ এই ব্যৱসায়ত লাগিছে ৷ তথাপিও বহুত কম ৷ হিন্দুৰ বাবে সাঁচি গছ সাঁচিপাতৰ পুঁথিতেই সীমাবদ্ধ ৷ ইফালে সাঁচিৰ খেতি কৰি উজনিৰ মুছলমান স্বাৱলম্বী হ’ব পাৰিছে ৷
আমাৰ অসমৰ কোনো এখন চৰকাৰেও সাঁচি গছৰ উন্নয়নত কোনো ধৰণৰ ভূমিকা লোৱা মই আজিলৈকে নেদেখিলো ৷ অসমৰ গৰিষ্ঠসংখ্যক মানুহে আজমলক বুজাবলৈহে সাঁচি নামটো ব্যৱহাৰ কৰে ৷ সাঁচি মানেই আজমল আৰু আজমল মানেই যেন সাঁচি ৷ অসমৰ বহুত মানুহৰে এই খেতিটোৰ প্ৰতি কোনো ধৰণৰ ঔৎসুকতা নাই ৷
কিন্তু বাংলাদেশলৈ চাওক ৷ বাংলাদেশ চৰকাৰে কেনেকৈ দেশৰ আৰ্থিক উন্নয়নত প্ৰজাক সহায় সহযোগ কৰি আহিছে ৷ মই জনা আব্দুল ৰেজাক বাংলাদেশৰ এজন সাধাৰণ আগৰ ব্যৱসায়ী ৷ কিন্তু তেওঁৰ সাঁচি উদ্যোগটো Inauguration কৰিবলৈ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা আহিছিল ৷ আমাৰ দেশত সেই সুযোগ নাই ৷ আমাৰ দেশত ধনী মানুহৰ ঘৰলৈহে বিধায়ক যায় ৷ প্ৰধানমন্ত্ৰীতো দূৰৰে কথা ৷( Assamese Fact )
বাংলাদেশৰ প্ৰাণ পটেট’ চিপচৰ পৰা আদি কৰি লিচি লৈকে, FM প্লাষ্টিক চকীৰ পৰা আদি কৰি চুৱেটাৰলৈ, ইমান উচ্চমানৰ যে আমেৰিকা, ইউৰোপ আদি দেশে কেৱল বাংলাদেশৰ সামগ্ৰীহে ক্ৰয় কৰিব বিচাৰে ৷ তেনেস্থলত মহামূল্যবান সাঁচিৰ মূল্য বাংলাদেশত কিমান হ’ব ৰাইজে ভাবক ৷ মালয়েচিয়া, চিংগাপুৰ, ইটালী, দক্ষিণ আফ্ৰিকা, লেবানন, জৰ্ডান, কাণাডা, গ্ৰীছ, অষ্ট্ৰেলিয়া, স্পেইন, চাউথ কোৰিয়া, জাপান, জাৰ্মানী, চুইডেন, পোলেণ্ড, মৰিচাছ, মালদ্বীপ, ফ্ৰাঞ্চ আদি দেশত বাংলাদেশী কৰ্মচাৰীৰ ডিমাণ্ডেই বেলেগ ৷ আমাৰ অসমীয়াবোৰৰ ভিতৰত বহুতখিনি কৰ্মচাৰী আকৌ এইবোৰ দেশৰ এয়াৰপৰ্টৰ পৰাই ৰিটাৰ্ণ হ’ব লগা হয় ৷
এবিঘা মাটিত 576 জোপা সাঁচি গছ ৰুব পাৰি ৷ কিন্তু 500 জোপা ৰুলে বেছি ভাল ৷ 5×5 হিচাপত প্ৰতি বিঘাত 576 জোপা সাঁচি গছ ৰুব পাৰি যদিও, 500 জোপা ৰুলে Growth টো বেছি ভাল হয় ৷ ৰুই থৈ দিয়ক ৷ Natural Infact নহ’লেও, প্ৰতিজোপা গছত ১৫ৰ পৰা ২০ হাজাৰ টকাকৈ লাভ পাব ৷ Natural Infact হ’লে অৰ্থাৎ গছজোপাত স্বভাৱিকভাবে পোকে খালেতো আৰু কথাই নাই ৷ 90 cm ৰ এজোপা গছতে কেইবা কোটি টকা পাব ৷ গছজোপা কিন্তু শকত আৱত হ’ব লাগিব ৷ সাধাৰণতে ১০/১২ বছৰত এজোপা সাঁচি গছ 90 cm হয়গৈ ৷
সাঁচিগছৰ পৰা তেল উলিওৱা প্ৰক্ৰিয়াটো অতি ৰোমাঞ্চকৰ প্ৰক্ৰিয়া ৷ প্ৰথমতে গছবোৰ সৰু সৰু টুকুৰা কৰি সেইবোৰ বটালীৰ সহায়ত খুলি পেলোৱা হয় ৷ তাৰপৰা পোকেখোৱা অংশটো উলিয়াই, তাক ১৫ দিনমান পানীত গেলাই থৈ সেইবোৰ তুঁহজুইত বা খৰিৰ জুইত উতলোৱা হয় ৷ সুন্দৰভাবে সজ্জিত ডেগত এইবোৰ উতলাই থাকিলে, নিৰ্দিষ্ট সময়ত তাৰ পৰা তেলবোৰ ওপঙি উঠে ৷ দুই তিনিদিনৰ মূৰে মূৰে এই তেলবোৰ কাটি জমা কৰা হয় ৷ 5 ml ৰ এবটল তেলৰ বজাৰমূল্য প্ৰায় দুহেজাৰ টকা ৷
সাঁচি তেলৰ আন্তৰাষ্ট্ৰীয় মূল্যলৈ চাই, আমি অসমত বিশেষকৈ উজনি অসমত চৰকাৰী পৃষ্ঠপোষকতাত বহুল ভিত্তিত সাঁচিগছৰ খেতি কৰাৰ পোষকতা কৰোঁ। চৰকাৰে শিক্ষিত নিবনুৱাসকলক সাঁচি খেতি কৰিবৰ বাবে লোণ নহয়, এককালীন সাহাৰ্য্য দিয়ক ৷ অসমৰ নিবনুৱা সমস্যা সমাধানত সাঁচি ব্যৱসায় এক মাইলৰ খুটি হওক ৷
অসমীয়া হিন্দুসকলে আতৰ ব্যৱসায়ক মুছলমানৰ বুলি ইতিকিং নকৰি, সাঁচি খেতিত মনোনিৱেশ কৰক ৷ উজনি অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ, ৰাংঢালী, বাতিপৰীয়া, দক্ষিণহেঙেৰা, নেঘেৰীটিং, এলেংমৰা, বৰপথাৰ, শিৱসাগৰ, নামতি, নাজিৰা, শিমলুগুৰি আদি অঞ্চল সাঁচি গছৰ বাবে উপযোগী ৷ উজনি অসমত বৃহৎ ভিত্তিত সাঁচি খেতি হওক ৷ চৰকাৰে সহায় কৰক ৷ এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ আপোনালোকে কৃষি কেম্পৰ জৰিয়তে, কৃষকৰ মাজত সাঁচি খেতিৰ লাভৰ বিষয়ে সজাগতা বৃদ্ধি কৰক ৷
আমাৰ আশা, যিকোনো প্ৰকাৰে অসমৰ অৰ্থনীতি টনকিয়াল হওক ৷ যিকোনো প্ৰকাৰে নিবনুৱাসকলৰ মুখলৈ হাঁহি আহক ৷ তাৰবাবে আমাৰ সকলোৰে কিছু কৰণীয় থাকে ৷ সেয়া কৰাতো নাগৰিক হিচাপে আমাৰ দায়িত্ব ৷ এগৰাকী লেখিকা হিচাপে, মোৰ ফালৰ পৰা এই দায়িত্বৰ অংশ হিচাপে, সাঁচি গছ তথা সাঁচি ব্যৱসায়ৰ ওপৰত এই সৰল প্ৰৱন্ধটো আগবঢ়ালো ৷ ( Assamese Fact )
গুৱাহাটী
১৮/১২/২০২১
No comments:
Post a Comment