মৌন হৈ থকাটো উচিত নে অনুচিত : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 24, 2021

মৌন হৈ থকাটো উচিত নে অনুচিত : Assamese Fact

Assamese Fact

 

আপোনালোক সকলোৱে জীৱনত এষাৰ কথা নিশ্চয় শুনিছে যে 'এজন মৌন ব্যক্তিয়ে ১০০ জনক হৰুৱাব পাৰে।' ( Assamese Fact )


সেইবাবে জীৱনত বহুতবাৰ আমি পৰিস্থিতি সাপেক্ষে মৌন হৈ থাকো। কিয়নো এইটো সত্য যে এজন মূৰ্খৰ বাবে মৌন হৈ থকাতকৈ আৰু শ্রেষ্ঠ উত্তৰ একো হব নোৱাৰে। কিন্তু জীৱনত সদায় মৌন হৈ থকাটো জানো উচিত হয়?  নহয়,যত পাপৰ বল বেছি বাঢ়ে , যত প্ৰতাৰণা হয় তাত মৌন হৈ থকাতকৈ গভীৰ অপৰাধ আৰু একো হব নোৱাৰে। মৌন হৈ থাকি আপুনি কেতিয়াবা হে সমস্যাৰ পৰা বাচিব পাৰিব কিন্তু আপুনি সংসাৰক সমস্যাত পেলাই দিয়ে। ইতিহাস সাক্ষী আছে যে পাপী সকলৰ উদ্ভণ্ডালিয়ে সংসাৰৰ ইমান হানি কৰা নাই যিমান  সজ্জন সকলৰ মৌনতাই ক্ষতি কৰিলে। যদি কোনো মূৰ্খই কথা কৈ আছে তেন্তে মৌন হৈ থকাটো উচিত। কিন্তু যদি কৰবাত অপৰাধ হৈ আছে তেন্তে তাৰ বিৰোধিতা কৰক। আপুনি হয়তো বাছি যাব কিন্তু আপোনাৰ আহিব লগীয়া প্ৰজন্মই এই পাপৰ দণ্ড নিশ্চয় ভুগিব। আপোনাৰ জীৱনত আপুনি কিমান মিত্ৰৰ লগ পায়?কিমানক আপুনি নিজেই ভালদৰে চিনি পায়? আপুনি কিমানৰ শুভ হোৱাটো বিচাৰে আৰু কিমানে আপোনাৰ শুভ হোৱাটো বিচাৰে?  এনেকুৱা বহুতো মানুহ যিয়ে আপোনাৰ লগ পাই নিজৰ জীৱনৰ দুখবোৰ কবলৈ লয়।


 বহুতো ব্যক্তি এনে আছে যিয়ে নিজেই আহি কয় যে  তেওঁৰ জীৱনত ইমানেই সমস্যা আছে যে তেওঁ জীৱনত আগুৱাই যাব পৰা নাই। কিন্তু এনে ব্যক্তিৰ বাস্তৱিক সমস্যা কি সেইয়া আপুনি জানেনে?   তেওঁলোকৰ সমস্যাবোৰ মাৰ্গত থিয় দিয়া বাধা হয় নেকি?  সত্য এইটো যে বাস্তৱত এনে লোকে নিজৰ কাৰ্য্য আৰম্ভই নকৰে।  আধা ৰাস্তাৰ পৰা উভতি অহাতকৈ অধিক বেয়া এইটো যে নিজৰ কাম আৰম্ভই কৰিব নালাগে। নিজৰ কাম আৰম্ভ কৰি বিশ্বাস কৰক নিশ্চয় আপুনি সুফল পাব। আপোনাক গৰ্বিত কৰিবলৈ সফলতা আপোনাৰ লগত নাথাকিব পাৰে  কিন্তু সফলতা পোৱাৰ জ্ঞান আপোনাৰ হাতত নিশ্চয় থাকিব।  আমাৰ জীৱনত মিত্ৰ আৰু শত্ৰুৰ বহুত ভূমিকা আছে। মিত্ৰ সেইজন যিয়ে আমাৰ হিত চিন্তা কৰে যিয়ে আমাৰ সুখ দুখত আমাক সহায় কৰে। কিছুমান মিত্ৰ জন্মৰ পৰাই থাকে, কিছুমান আমি নিজেই সাজো। কিছুমান মিত্ৰ পৰিয়ালত পোৱা যায়  আৰু কিছুমান যাত্ৰাৰ সময়ত। কিন্তু শত্ৰু আমি জীৱনত যিকোনো সময়তে পাও। কিন্তু আপুনি কেতিয়াবা ভাবিছে নে যে বাস্তৱত আমাৰ শত্ৰু কোন?  আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু আপোনাৰ নিজৰ ভিতৰত লুকাই আছে। আৰু সেইয়া হৈছে আপোনাৰ ক্ৰোধ।


 আপুনি যাক লৈ ৰুষ্ট হৈ থাকে তেওঁক আপুনি খং কৰে আৰু তেওঁৰ হানি কৰাৰ চেষ্টা কৰে। কিন্তু অলপ শান্ত মনেৰে ভাবি চাওক  যাৰ আপুনি ক্ষতি কৰিব বিচাৰিছে এনে কৰাৰ আগতে আপুনি নিজেই এবাৰ ভিতৰৰ পৰা জ্বলিছে। ক্ৰোধ হৈছে জ্বলি থকা জুইৰ দৰে যাৰ জৰিয়তে  আপুনি শত্ৰু সকলক জ্বলাই শেষ কৰি দিব খোজে। কিন্তু এনে কৰাৰ আগতে আপুনি সেই জুইকুৰা নিজেই চুব লগা হয় আৰু শত্রুতকৈ আগতে আপুনি নিজেই জলিব লগীয়া হয় সেই দুখ সহিবলগীয়া হয়। যদি আপুনি শত্ৰুৰ পৰা মুক্ত হব বিচাৰে তেন্তে প্ৰথমে নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰিব শিকক। 


পৰিয়াল, সন্তান আমাৰ আপোন মানুহবোৰ আমাৰ কিমান প্রিয় হয় । তেওঁলোকৰ সুখৰ বাবে আমি কি কি যে নকৰো। নিজৰ সন্তানক ভৰিত পিন্ধিবলৈ কোমল জোতা দিওঁ যাতে তেওঁলোকৰ ভৰিত দুখ নাপায়। কিন্তু আমি এই প্ৰক্ৰিয়াত এটা কথা পাহৰি যাওঁ যে ভৰিয়ে নিজৰ উপস্থিতি তেতিয়াহে বুজি পাব যেতিয়া সি মাটিত স্পর্শ কৰিব । যেতিয়া সি গৰম বালিৰ ওপৰেৰে খোজ কাঢ়িব,  যেতিয়া ভৰিত কাঁইট সোমাব। ঠিক তেনেদৰেই আমাৰ প্ৰিয়জন আমাৰ সন্তানৰ লগতো হয়। আমি তেওঁলোকক জীৱনৰ সুখবোৰ দিওঁ কিন্তু জীৱনটো অনুভৱ কৰিবলৈ নিশিকাও। নিজৰ প্রিয়জনক জীৱনৰ কঠিন সমস্যা বোৰৰ সন্মুখীন হবলৈ দিয়ক। যদি নিজেই সন্মুখীন হব শিকে তেন্তে আগলৈ নিজৰ সন্তানকো শিকাব পাৰিব। ( Assamese Fact )


জ্ঞান, টান, মান, পৰমাৰ্থ এইবোৰক আটাইতকৈ ডাঙৰ ধৰ্ম বুলি কোৱা হৈছে। আৰু ই ধৰ্মও হয় কিন্তু ধৰ্মৰ পালন ভাবি চিন্তি কৰিব লাগে। 


ভাবি লওক আপোনাৰ ওচৰত এটা বীজ আছে। যদি তাক আপুনি ভাল মাটিত ৰোপণ কৰে তেন্তে সি ভাল ফল দিব। আৰু সেইবোৰ দেখি আপুনি সুখ পাব। যদি আপুনি সেই বিজটো লেতেৰা ঠাইত পেলাই তেন্তে সি নিজৰ অস্তিত্ব হেৰুৱাই সেই জাৱৰৰ অংশ হৈ পৰিব। এই নিয়তি দান, মান আৰু উপকাৰৰো হয়। সুপুত্ৰক দিয়া জ্ঞান, তাক কৰা উপকাৰ এদিন কামত আহিব , সুখ দিব আৰু শৃংখলা বজাই ৰাখিব। আৰু কুপুত্ৰক দিয়া জ্ঞান আৰু তাক কৰা উপকাৰ লেতেৰা যাবৰত পেলাই দিয়া বিজটোৰ দৰে যিয়ে নিজৰ অস্তিত্ব হেৰুৱাব। আমি সকলোৱে নিজৰ জীৱন শান্তিৰে জীয়াই থাকিব বিচাৰোঁ নিজৰ প্ৰতিটো সময় আনন্দত থাকিব বিচাৰোঁ। কিন্তু আমি এনে কৰিব নোৱাৰো কিন্তু ইয়াৰ কাৰণ কি? আমাৰ শত্ৰু ইয়াৰ কাৰণ নে উত্তৰ দায়িত্ব?  ইয়াৰ কাৰণ হৈছে আমাৰ ভয়। এইটো ভয় যে কোনোবাই কি কব? আমাৰ বিষয়ে কোনোবাই কি ভাবিব? আমি নিজেই জীয়াই থাকোঁ, নিজেই মৰো তেন্তে জীয়াই থকা দিনকেইটাত সংসাৰৰ লোকসকলে কি কব সেই বিষয়ে কিয় চিন্তা কৰোঁ?  হয়, সংসাৰৰ অহিত নকৰি  এই কথাটো সদায় মনত ৰাখিব লাগে । কিন্তু সংসাৰৰ ভাৱনাত নিজৰ জীৱন কিয় নষ্ট কৰিব লাগে?  যেতিয়া আপুনি আনন্দত নাচিব এনেকৈ নাচক যেন আপোনাক কোনেও দেখা নাই। যেতিয়া আপুনি গাব তেতিয়া এনেদৰে গাঁওক যাতে আপোনাক কোনেও শুনা নাই। নিজকে সংসাৰ বুলি ভাবিব আৰু এই ধৰাক স্বৰ্গ বুলি ভাবিব। যদি আপুনি জীৱনত চাৰিটা পল এনেদৰে


যদি আপুনি জীৱনত চাৰিটা পল এনেদৰে জীয়াই থাকিব পাৰে তেন্তে আপোনাৰ জীৱন সফল হব। মানুহৰ জীৱনত কিমান কঠিনতা আহে  এটাতকৈ এটা বেছি জটিল সমস্যা আহে যে মোৰ ভৱিষ্যত কি হব?  মোৰ সন্তানৰ ভৱিষ্যত কি হব? মোৰ ঋণ আদায় হব নে? মই ভৱিষ্যতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হব পাৰিম নে? কিন্তু বাস্তৱত এই সমস্যা বোৰ ইমান জটিল নে? ইহঁতৰ ইমান শক্তি আছে নে যে ইহঁতে আপোনাৰ ৰাস্তাত বাধা দি থিয় হব পাৰে? ইয়াৰ উত্তৰ পোৱাটো ইমান টান নেকি  ? নহয়, অলপ শান্ত মনেৰে বিচাৰ কৰক কেতিয়াবা উত্তৰ ইমান জটিল নহয় যিমান প্ৰশ্ন হয়। বাস্তৱত আপোনাৰ মনত যি প্ৰশ্ন আছে  সেইটোহে জটিল হয় কিন্তু উত্তৰ বহুত সৰল হয়। সেই উত্তৰ হৈছে কৰ্ম। গতিকে কৰ্ম কৰক আৰু জটিলতা বোৰ নাইকিয়া হৈ যাব। এটা চকাৰ আকাৰ এটা পইচাৰ আকাৰৰ দৰে হব পাৰে। কিন্তু সৰুকালত এই খেলটো খেলা কোনো ব্যক্তি নাই। আমি যে চকা এটা লৈ গোল গোল কৰি নিৰন্তৰে চলাই গৈ থাকোঁ সেই খেলটো সকলোৱে খেলিছোঁ। কিমান যে ফুৰ্তি লাগিছিল। আমি সেই সৰুকালৰ মনোৰঞ্জনৰ কথা স্মৰণ কৰি মনটো আনন্দত নাচি উঠে। কিন্তু সৰুকালত সেই চকা তোৰ পৰা পোৱা শিক্ষা আমি প্ৰায়ে পাহৰি যাওঁ। আৰু সেই শিক্ষা হৈছে যে সদায় সাৱধান হব লাগে। সেই খেলৰ মাত্ৰ এটা তৰ্ক আছিল যদি সেই চকাটো সন্তুলিত কৰি ৰাখিব লগা হয় তেন্তে তাক নিৰন্তৰ গতিত চলাই থাকিব লাগিব। আৰু এইয়াই হৈছে জীৱন। জীৱনত যদি সুখ দুখ, লাভ লোকচান , আনন্দ আৰু কষ্টৰ সন্তুলন বজাই ৰাখিব লাগে তেন্তে সদায় গতিমান হৈ থাকিব লাগিব। কোনো এটা দুখ, সমস্যাৰ মাজত ভুগি ৰৈ নাযাব। কৰ্ম কৰি যাওক।


বহুতবাৰ আমাৰ মনত এনেকুৱা প্ৰশ্ন উদয় হয় যে যদি আমি এনেকুৱা এটা দিশ বিচাৰি পালোঁ হয় যাতে আমি আমাৰ লক্ষ্যত সহজতে উপনীত হব পাৰো । আৰু সেইবাবে আমি অধিকতম সময় এইটো চেষ্টা কৰোঁ যে সহজত লক্ষত উপনীত হওঁ আৰু কেতিয়াবা এই কাৰণেই আমি সুফল নাপাওঁ। লক্ষ মহান হওক বা নহওক কিন্তু আমাৰ যাত্ৰা মহান হব লাগে। অসফল হোৱাৰ বাবে, পৰাজিত হোৱাৰ বাবে আমাৰ প্ৰয়াসৰ অনুভৱ মহান হব লাগে। ভাগ্যবশত কেতিয়াবা কাপুৰুষ সকলেও বিজয় লাভ কৰিব পাৰে । কিন্তু আমাৰ দণ্ড মহান হব লাগে। আপোনাৰ বিজয় লাগিলে সৰুয়েই হওক কোনো কথা নাই কিন্তু আপোনাৰ যুদ্ধ মহান হব লাগে। সেইবাবে নিজৰ প্ৰতিটো প্ৰহাৰক ধাৰ দিয়ক যাতে আপোনাৰ প্ৰত্যক প্ৰহাৰ প্ৰতিলক্ষিত হব পাৰে।


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages