"কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে,যে তেওঁৰ একমাত্র পুত্ৰকে জগতৰ বাবে দান কৰিলে,যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে,তেওঁৰ অনন্ত জীৱন পায়"।( Assamese Fact )
বাইবেলৰ এই উক্তি প্ৰমাণিত কৰি আজি প্ৰায় দুহেজাৰ বছৰ আগতে এজন মহাপুৰুষীয়া এই পৃথিৱীত জন্ম লৈছিল। মানৱ জাতিৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে তেওঁৰ একমাত্র পুত্র যীশুখ্রীষ্টক মানুহৰ ৰূপত এই পৃথিৱীলৈ পথিয়াইছিল। যিশুৰ জন্মৰ এই দিনটোকে খ্ৰীষ্টিয়ানসকলে পৱিত্ৰ বৰদিন অৰ্থাৎ ডাঙৰ দিন হিচাপে পালন কৰে।
বৰদিনৰ সৈতে কিছুমান প্ৰচলিত নীতি নিয়ম আৰু ঘটনাৰ পৰিপ্ৰেক্ষিতত ছান্তাক্ল'জ, খ্ৰীষ্টমাছ ট্ৰি, কেৰল উপহাৰ আদি বৰদিনৰ লগত জড়িত হৈ আছে। কিন্তু এইবোৰ কৰপৰা কেনেকৈ আহিল, ইয়াৰ বিষয়ে বিভিন্ন মতবাদ দেখিবলৈ পোৱা যায়।
খ্ৰীষ্টমাছ ট্ৰিৰ বিষয়ে পৌৰাণিক কথামতে, তাহানিৰ ইউৰোপৰ বাসিন্দাসকলে ধৰ্ম হিচাপে সাপ, গছ, আদিক উপাসনা কৰিছিল। কিন্তু যীশুৰ আগমনৰ পাছত তেওঁলোক খ্ৰীষ্ট ধৰ্মলৈ পৰিৱৰ্তিত হয়। অৱশ্যে পাচলেও তেওঁলোকে মনৰ পৰা গছডালক বিসৰ্জন দিব নোঁৱাৰিলে। সেইবাবে বৰদিনৰ এই বিশেষ দিনটোত গছ এডালক আকৰ্ষণী ৰূপত সজাই তোলে আৰু ভালপোৱা বিভিন্ন বস্তু, বিশেষ কৰি যীশুৰ জন্মৰ ঘটনাৰ লগত জড়িত বস্তুবোৰ যেনে, পৰী, ঘন্টা, বেল, তৰা, আৰু বিভিন্ন উপহাৰ আদিৰে গছডালক সু-সজ্জিত কৰি তুলে।
ছান্তাক্ল'জ বা খ্ৰীষ্টমাছ ফাদাৰ পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ ৰূপত আগমন হয়। প্ৰকৃততে চেন্ট নিক'লাছ নামৰ এজন পুৰোহিতে তাহানি ৰাছিয়াত ভোক, ঠাণ্ডা আৰু অনাহারে জৰ্জৰিত হৈ থকা শিশুসকলক সকলো সময়ত নহলেও এই বিশেষ দিনটোত তেওঁলোকে মনে বিচৰা বস্তু আৰু এসাজ পেট ভৰাকৈ আহাৰৰ যোগান ধৰিবলৈ চেষ্টা কৰিছিল। সেই লৰা ছোৱালীবোৰৰ বাবে লাগতিয়াল সামগ্রী বিতৰণ কৰি ফুৰিছিল। ( Assamese Fact )
নিক'লাছৰ এই কাৰ্য্যৰ দ্বাৰা হাজাৰ হাজাৰ শিশুৱে এদিনৰ বাবে হলেও সকাহ পাইছিল৷ তেওঁৰ মৃত্যুৰ পাছতো এই ঘটনাৰ পুনৰাবৃত্তি হৈছিল। সেইবাবে তেওঁক ছেইন্ট উপাধি দিয়া হয়। অৰ্থাৎ ছেইন্ট নিক'লাছ। বৰ্তমান সেই নিক'লাছৰ দৰে খ্ৰীষ্টমাছ ফাদাৰ সাজি সেই কাৰ্য্যৰ পুনৰাবৃত্তি কৰে। পৃথিৱীৰ চহকী দেশসমূহেও বিভিন্ন দৰিদ্ৰ দেশলৈ কিছুমান সংস্হাৰ যোগেদি দৰিদ্ৰ লৰা ছোৱালীক আৱশ্যকীয় বস্তু উপহাৰ স্বৰূপে দিয়ে।
কেৰলৰ বিষয়ে বাইবেলত আভাস পোৱা যায়। যীশু খ্রীষ্টৰ জন্মলগ্নত স্বৰ্গদূতসকলে যীশুৰ জন্মৰ বিষয়ে আগতীয়াকৈ বাণী প্ৰচাৰ কৰিছিল। সেইখিনি সময়ত ভেড়া ৰখীয়াহঁতে এই বাণী শুনি গৌৰৱেৰে গীত গাই গাই যীশুৰ জন্মৰ স্হানলৈ গৈছিল। সেইবাবে এতিয়াও বৰদিনৰ প্ৰাক মুহূর্তত খ্ৰীষ্টমাছ ইভৰ দিনা মাজনিশালৈ ডেকা গাভৰুসকলে, পৰা পক্ষত সকলোৰে ঘৰলৈ গৈ কেৰল গীত পৰিৱেশন কৰে।
উপহাৰ-বাইবেলৰ মতে যীশুৰ জন্মৰ সময়চোৱাত তিনিগৰাকী জ্যোতিষী পণ্ডিতে সেইখিনি সময়ত আকাশত দেখা দিয়া উজ্জ্বল তৰাৰ যোগেদি পথ নিৰ্মাণ কৰি যীশুক চাবলৈ যাওঁতে সোণ, ধূণা, এঁঠা আৰু গন্ধৰস উপহাৰ স্বৰূপে আগবঢ়াইছিল। সম্ভৱতঃ তেতিয়াৰে পৰাই উপহাৰ প্ৰথা চলি আহিছে। সমগ্র বিশ্বতে খ্ৰীষ্টিয়ান ধৰ্মীয়সকলে প্ৰতিবছৰে ২৫ডিচেম্বৰ দিনটো গভীৰ শ্ৰদ্ধাৰে আৰু আনন্দৰে
যীশুৰ জন্মৰ দিন পালন কৰে।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment