"প্ৰটকল"
ডিমৌ মডেল হস্পিটেলত ২৮ ছেপ্টেম্বৰৰ গতানুগতিক ৰাতিপুৱা ৯:৫০ মিনিট।
সৰ্প দংশনৰ ৰোগীসকলক আনুসংগিক বিধান দি আপাত কালীন বিভাগত বহি ৰোগীক দিয়া বিধানবোৰ লিখা মেলা কৰি আছিলোঁ।( Assamese Fact )
হঠাৎ এগৰাকী ৩২ বছৰ মানৰ মহিলা আৰু প্ৰায় ১০ বছৰ মানৰ এজনী সৰু ছোৱালীক এজন ২৩ বছৰ মানৰ ব্যক্তিয়ে বুকুচাত লৈ আমাৰ চিকিৎসালয়ত আবিৰ্ভাৱ হয়।
মূৰটো তুলি সুধিলো:
"কিবা আছিল নেকি?"
তেখেতে কলে:
"ছোৱালী জনীক কিবা এটাই বাওঁ ভৰিত কামুৰিছে,এতিয়া ভৰিটো খুব বিষ হৈছে।"
আপাত কালীন বিভাগৰ বিচনাতে তাইক শুবলৈ বিধান দিওঁ।
কস্তুৰী গগৈ,১০ বছৰ
৩১৯ নং খুৱাং গাওঁ
ডাকঘৰ : ৰাংচালি
ডিব্ৰুগড় জিলা
"৮৩০ মান বজাত মই পুখুৰীটোত পানী চাব গৈছিলোঁ।মোৰ বাওঁ ভৰিটো এটা গাতৰ সন্মুখত আছিল।হঠাৎ কিবা এটাই মোৰ বাওঁ ভৰিত কামোৰা অনুভৱ কৰোঁ।তললৈ চাওঁতে কিবা এটা গাতত সোমাই যোৱা দেখোঁ।"কস্তুৰীয়ে একে উশাহতে ঘটনাটো বৰ্ণনা কৰে।
মাক বন্দনা গগৈৰ ভাষ্য :
"আমি ছাৰ তাইক মটৰ চাইকেলতে তৎক্ষণাত ইয়ালৈ লৈ আহো।বাটত আহি থাকোতে তাই এবাৰ বমি কৰিছিল।"
কামোৰা অংশটোত বিষ আছিল আৰু দুটা চিন দেখা পাইছিলোঁ আৰু বিশেষ একো লক্ষণ নথকাত আমি প্ৰথমে পৰ্যবেক্ষণৰ সিদ্ধান্ত লওঁ।
মাক বন্দনা কওঁ:
"যিহেতু এই মুহূৰ্তত বিষাক্ত সর্প দংশনৰ একো লক্ষণ নাই,তাইক আমি নিৰীক্ষণ কৰিম আৰু লক্ষণ দেখা দিলে প্ৰয়োজন সাপেক্ষে এন্টিভেনম দিব লাগিব।"
সৰ্প দংশনৰ আছুতীয়া কক্ষত নিৰীক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হয়।যাৱতীয় বিধান দি ৫ টাকৈ ছিজাৰীণ অস্ত্ৰোপচাৰৰ বাবে ওপৰ মহলালৈ বুলি গতি কৰোঁ।
ডিমৌ চিকিৎসালয়ত সেই সময়ত বহিঃ বিভাগ আৰু আপাত কালীন বিভাগত ৰোগীৰ ভিৰ দেখি মনটো কোচ খাই গল।২ জনী মাত্ৰ নাৰ্চ, তিনি গৰাকী প্ৰসৱ বেদনাত থকা ৰোগীক পৰ দি আছে,প্ৰায় ৩০-৪০ জন মান বহিঃ বিভাগৰ ৰোগীকো শুশ্ৰূষা কৰিব লাগিব।কস্তুৰীৰ দায়িত্ব কাক দি যাম??
এইবোৰ ভাবি আধা ৰাস্তাৰপৰা ঘূৰি আহি মাক বন্দনাক আকৌ কলো:
"ওপৰলৈ বলক।মই মোৰ ৰুমত,মোৰ সন্মুখত কস্তুৰীক নিৰীক্ষণ কৰিম।"
ৰাতিপুৱা ১০-০৫ ,সংজ্ঞাহৰণ বিভাগৰ মোৰ কোঠা :
কস্তুৰীৰ অস্বাভাৱিক লক্ষ্যণ দেখা দিছিল।তাইৰ খুব পিয়াহ লাগিছিল, পানী খাইছিল আৰু বমি কৰি আছিল।বিচনা খনত এবাৰ বহিছে, এবাৰ শুইছে।
এইবাৰ সিদ্ধান্ত সলনি কৰি মাক বন্দনাক কলো:
"এন্টিভেনম বেজী দিব লাগিব।বিষাক্ত ফেঁটী সাপৰ দংশন হৈছে।মাক দুধুৰ মোধোৰত পৰিল।"
তেওঁ কিবা কিবি সুধি আছিল।কেনেকৈ বিষাক্ত সাপ বুলি গম পালে আদি,মাক বন্দনাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰাৰ লগতে এন্টিভেনমৰ যা যোগাৰ কৰা হয়।
অস্ত্ৰোপচাৰ কক্ষত থকা বিণা বাইদেউ,ডেইজী, চুবৰ্ণ,ললীতা,পলবিকা,ৰুণো বাইদেউ আৰু পোনা দাক তৎক্ষণাত ১০ টা এন্টিভেনম বেজী আৰু আনুসংগিক দৰৱ যোগাৰ কৰিব কোৱা হয়।
১০-১০ বজাৰপৰা ১০ টা এন্টিভেনম বেজী আৰম্ভ কৰা হয়।কস্তুৰীৰ হৃদ পিণ্ডৰ হাৰ অস্বাভাৱিক ভাবে বাঢ়ি ১৪০ হৈছিলগৈ,অক্সিজেনৰ পৰিমাণ কিন্তু তেতিয়া লৈকে স্বাভাৱিক আছিল।
মনে মনে ভাবিলো,কিছু সময়ৰ পাছত কস্তুৰীৰ শৰীৰে কি ৰূপ দেখাব কব নোৱাৰি।সম্ভৱতঃ সাপডালে ৰাতিপুৱাতে খাদ্যৰ সন্ধানত গাতৰ পৰা ওলাব বিচাৰিছিল।ওলাব লওঁতেই সাপডালৰ কাৰণে পাহাৰৰ নিচিনা কস্তুৰীৰ ভৰিটো বাধা বুলি ভাবি সম্ভৱত ভীষণ খঙত বিহ ঢালিছে।ডিঙি শুকাই যোৱা,খুব পিয়াহ লগা আৰু একে লেথাৰিয় বমি হোৱা আদি লক্ষণবোৰ বিষাক্ত ফেঁটী সাপৰ প্ৰাৰম্ভিক বা প্ৰথম লক্ষণ।
১০ টা বেজী দি থাকোতে, কস্তুৰী লাহে লাহে শুই গৈছিল, অত্যন্ত ডিঙি বিষ হৈছিল,জিভাখন লৰচৰ কৰিব নোৱাৰিছিল,উশাহ চুটি চুটি হৈছিল,চকুৰ পতা কেইটা নামি গৈছিল আৰু অক্সিজেনৰ পৰিমাণ কমি গৈ ৭৯% (সাধাৰণতে ৯৫%-১০০% হব লাগে) হৈছিলগৈ।এই সকলো বোৰ লক্ষণ বিষাক্ত ফেঁটী সাপৰ লক্ষণ আছিল।( Assamese Fact )
কস্তুৰীৰ অৱস্থা দেখি মাক বন্দনাই কান্দিব আৰম্ভ কৰো।আমাৰ উপস্থিত স্বাস্থ্য কৰ্মী সকলে তেওঁক যিমান পাৰে সাত্বনা দিব চেষ্টা কৰিছিল।
কথা বিষম দেখি পোনা দা আৰু উপস্থিত সকলো স্বাস্থ্য কৰ্মীক আনুসংগিক যন্ত্ৰ পাতিবোৰ যোগাৰ কৰিব কওঁ।
কস্তুৰীৰ অৱস্থা দেখি মনে মনে ভাবিলোঁ :
এন্টিভেনম আৰু প্ৰয়োজনীয় neostigmine দৰৱব দিয়াৰ পাছতো লক্ষণবোৰ কমাতকৈ বাঢ়িহে গৈছে দেখোন!কস্তুৰীৰ হব পৰা সাম্ভাব্য উশাহ নিশাহৰ জটিলতা আৰু সাম্ভাব্য ভেন্টিলেচনৰ প্ৰক্ৰিয়াবোৰ মনতে ফঁহিয়াই আছিলোঁ।
অলপ আগলৈকে কথা পাতি থকা কস্তুৰী লেবেজান।লাহে লাহে যেন তাই অসীম শূণ্যলৈ গতি কৰিছে।কান্দি থকা মাক বন্দনালৈ চালো।তেওঁৰ চকুৱে মোৰ মুখলৈহে চাই আছিল।তেওঁৰ চকুত চকু পেলাবই নোৱাৰিলোঁ।তেওঁৰ চকুৱে যেন বহুত প্ৰশ্ন কৰিছে।তেওঁ যেন মোক কৈছে, মই চিকিৎসালয়লৈ সময় মতে পাইছিলোঁ, অলপ আগলৈকে তাই মোক মা বুলি কৈছিল, পানী খাইছিল, তৎক্ষণাত কি হৈ গল?আপুনি বেজী কেইটা দিয়াৰ পিছত কিয় এনেকুৱা হল?কস্তুৰী নাইকীয়া হলে, তেওঁক মই কি বুলি সন্ত্বনা দিম?
এইবোৰ ভাবি থাকোতে কস্তুৰীৰ শৰীৰৰ অক্সিজেনৰ পৰিমাণ হুৰা হুৰে কমিব আৰম্ভ কৰে।
মনটো দৃঢ় কৰি নিজকে নিজে কলো,কস্তুৰীৰ দেহত ফেঁটী সাপডালে যিমানেই বিহ নিদিয়ক, অকামিলা কৰিবই লাগিব।বিষাক্ত সৰ্প দংশনৰ এন্টিভেনম প্ৰয়োগৰ সকলোবোৰ প্ৰটকলবোৰ ভংগ কৰি তৎক্ষণাত আৰু ১০ টা এন্টিভেনম বেজী প্ৰয়োগ কৰা হয়।সাধাৰণতে আমি প্ৰথম ১০ টা এণ্টিভেনম চেলাইনত ভৰাই ১ ঘণ্টা মানৰ ভিতৰত শেষ কৰা হয়।প্রয়োজন সাপেক্ষে আধা ঘণ্টাৰ পাছতহে আৰু ১০ টা এন্টিভেনম বেজী প্ৰয়োগ কৰা হয়।
কিন্তু কস্তুৰীৰ ক্ষেত্ৰত প্ৰটকলবোৰ জলাঞ্জলি দি একেলগে ২০ টা এন্টিভেনম বেজী মাত্ৰ ১৫ মিনিটত দি শেষ কৰা হয়।মনে মনে ভাবিলোঁ,এন্টিভেনমৰ পাৰ্শ্বক্ৰিয়া হলে পিছত দেখা যাব।উপস্থিত স্বাস্থ্য কৰ্মী সকলোকে আৰু ১০ টা এন্টিভেনম বেজী যোগাৰ কৰি থব কওঁ।
কিন্তু ২০ টা এন্টিভেনম দি শেষ কৰাৰ পাছত লাহে লাহে কস্তুৰীৰ অক্সিজেনৰ পৰিমাণ স্বাভাৱিক হব আৰম্ভ কৰে !
থু গিলি তাই কলে, "মই থু গিলিব পাৰিছোঁ,উশাহটো টানিব পাৰিছোঁ।গা টো অলপ ভাল লাগিছে, জিভা টোও লৰচৰ কৰিব পাৰিছোঁ।"
কস্তুৰীৰ মাতটো শুনাৰ পাছতহে মাক বন্দনা আৰু উপস্থিত আমি সকলো স্বাস্থ্য কৰ্মীৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙিছিল।
মাক বন্দনাৰ এইবাৰ চকুত চকু থৈ কলো :
"কস্তুৰীৰ শৰীৰত বিয়পি যোৱা ফেঁটী সাপৰ বিহ সম্পূৰ্ণৰূপে অকামিলা হৈছে।চিন্তা কৰিব নালাগে।"
প্ৰায় আধা ঘণ্টা মানৰ পাছত, কস্তুৰীৰ ভীষণ কঁপনি জ্বৰ হয়।এইটো হোৱাটো স্বাভাৱিক।এন্টিভেনম বেজীৰ পাৰ্শ্বক্ৰিয়া।একেলগে ২০ টা এন্টিভেনম বেজী ১০ বছৰীয়া শৰীৰৰত ১৫ মিনিটৰ ভিতৰত তেজত সুমুৱাই দিয়াৰ পাছতো পাৰ্শ্বক্ৰিয়া নোহোৱাটোহে আচৰিত কথা। আমি তৎক্ষণাত সেয়া মুকবিলা কৰিব সক্ষম হৈছিলোঁ।
কস্তুৰী যেতিয়া আমাৰ ওচৰলৈ আহিছিল,তেতিয়া তাইৰ বিশেষ সমস্যা নাছিল।কিন্তু এন্টিভেনম বেজী কেইটা দিয়াৰ পাছতহে ফেঁটী সাপৰ লক্ষণ বোৰ পৰিস্ফুট হৈছিল।
দুটা ঘটনা হোৱাৰ অৱকাশ আছিল :
১)যিহেতু এন্টিভেনম বেজী কেইটা দিয়াৰ পাছতহে কস্তুৰীৰ অৱস্থা শোচনীয় হৈছিল,দস্তুৰমত ভুল চিকিৎসাৰ অভিযোগ/হৈ চৈ বা চিঞৰ বাখৰ হোৱাৰ থল আছিল।যিটো আমি স্বাস্থ্য কৰ্মী সকলে প্ৰায়ে সন্মুখীন হব লগাত পৰে।
২)যিহেতু কস্তুৰীক সাপে দংশন কৰাৰ কোনো চাক্ষুষ প্ৰমাণ নাছিল আৰু প্ৰথম অৱস্থাত বিষাক্ত সৰ্প দংশনৰ কোনো লক্ষণ নাছিল, আমাৰ প্ৰটকলে তেনে অৱস্থাত নিৰীক্ষণৰ কথাহে কয়।কিন্তু প্ৰটকলবোৰৰ মতে যোৱা হেতেন,
কস্তুৰীক ভেন্টিলেচন লাগিল হেতেন বা মৃত্যুও হল হেতেন!তেতিয়াও সমাজ,ৰাইজে আমাকে দূষিলহেঁতেন।চিকিৎসা নিদিয়াকৈ ছোৱালী জনীক পেলাই থলে।ভুল চিকিৎসাৰ কাৰণে এগৰাকী ফুল কুমলীয়াৰ অকাল মৃত্যু আদি বিভিন্ন বিশেষণেৰে আমি স্বাস্থ্য কৰ্মী সকলক থকা সৰকা কৰিল হেতেন।প্ৰকৃততে কি হৈছিল, কিয় হল আদি ভাবিবলই কৰো সময় নহব।
আমি স্বাস্থ্য কৰ্মী সকলৰ আপাত কালীন সিদ্ধান্তবোৰত সদায় যে আমি সফল হম, তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই।কেতিয়াবা আমি সম্পূৰ্ণৰূপে বিফলো হব পাৰো।মনত ৰাখিব পৃথিৱীৰ কোনো স্বাস্থ্য কৰ্মীয়ে ৰোগীৰ পাৰ্শ্বক্ৰিয়া হওঁক বা বেয়া হওক বুলি কেতিয়াও চিকিৎসা নকৰে।
স্বাস্থ্য জনিত জটিল সময় চোৱাত স্বাস্থ্য কৰ্মী সকলৰ লগত সহযোগ কৰক,তেওঁলোকৰ লগত আকস্মিক সমস্যা বোৰৰ বিষয়ে কথা পাতক,ৰোগী,আত্মীয় আৰু স্বাস্থ্যকৰ্মীৰ সম্বন্ধৰ এনাজৰী ডাল দৃঢ় কৰক।
কস্তুৰীৰ ঘটনাটোৰ সাৰমৰ্ম হল :
কিবাই কামুৰিছে।সৰ্প দংশন হবও পাৰে।তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰক।( Assamese Fact )
কস্তুৰীৰ মাক বন্দনাৰ লিখিত সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্রকাশিত।
ধন্যবাদেৰে
ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ICU বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭
No comments:
Post a Comment