ৰাতি শুৱাৰ পিছত কেতিয়াবা আমি বহুতো ভাল সপোন দেখিবলৈ পাওঁ আৰু কেতিয়াবা বহুত বেয়া সপোন দেখিবলৈ পাওঁ । ( Assamese Fact )
যিবোৰ আমি আমাৰ পৰিয়ালৰ সদস্য অথবা বন্ধুসকলক কৈ দিও । কিন্তু বন্ধুসকল কিছুমান সপোন এনেকুৱা থাকে যিবোৰ আমি কেতিয়াও অন্য ব্যক্তিৰ সন্মুখত কব নালাগে । এই লেখাত সেই তেনেকুৱা ৬ টা সপোনৰ বিষয়ে জানিম যাৰ গোপনীয়তা কেৱল নিজৰলৈকেহে সীমিত ৰাখিব লাগে ।
১) সপোনত ভগৱানৰ দৰ্শন হোৱা
প্ৰথম সপোনতো হল সপোনত ভগৱানৰ দৰ্শন হোৱা । যদি আপুনি সপোনত ভগৱানক দেখে তেতিয়া আপুনি সেইসকলৰ ভিতৰত পৰে যিসকলক ভগৱানে ভাল পায় আৰু আপোনাৰ আত্মা পৃথিৱীৰ অন্য ব্যক্তিৰ তুলনাত পবিত্ৰ হয় । সেইবাবে আপুনি এই সপোনৰ বিষয়ে কাকো অৱগত নকৰিব । অন্যথা আপুনি সপোনৰ পৰা যি ফল পাবলগীয়া আছে সকলো ব্যৰ্থ হৈ যাব ।
২) সপোনত সাপ দেখা
পৃথিৱীত অধিক সংখ্যক লোকে সাপক ভয় কৰে ।কিন্তু সপোনত সাপ দেখিলে শুভ মনা হয় ।এই সপোন দেখিলে আপোনাৰ ভৱিষ্যতে ধন লাভ হোৱাৰ সংকেত দিয়ে ।সেইবাবে এনেধৰণৰ সপোন কাকো কব নালাগে । শাস্ত্ৰ অনুসৰি আনক কলে সপোনৰ প্ৰভাৱ কম হৈ পৰে । ( Assamese Fact )
৩) সপোনত মাছ দেখা
যদি আপুনি সপোনত মাছক সাঁতুৰি থকা খাই থকা বা ভাজি থকা দেখে তেতিয়াও ইয়াৰ বিষয়ে কাৰো আগত প্ৰকাশ নকৰিব কিয়নো এই সপোনে অতি সোনকালে ধন লাভ হোৱাৰ সংকেত দিয়ে ।
৪) সপোনত প্ৰকৃতি দেখা
যদি আপুনি সপোনত প্ৰকৃতিৰ লগত সম্পৰ্কিত যিকোনো বস্তু যেনে গছ-গছনি, পাহাৰ বা নদীক দেখে তেতিয়া আপোনাৰ জীৱনত বহুত ডাঙৰ সুখবৰ আহিব । সেইবাবে এই সপোনৰ বিষয়ে পৰিয়ালতে নজনাব ।
৫) সপোনত মন্দিৰৰ টিলিঙা বা শংখৰ মাত শুনা
সপোনত যদি মন্দিৰৰ টিলিঙা বা শংখৰ মাত শুনে তেতিয়া আপোনাৰ ধনৰ লাভ হব । এই সপোন কাকো জনাব নালাগে কিয়নো শাস্ত্ৰ অনুসৰি এনে সপোনৰ ফল পোৱাৰ আগতেই ইয়াৰ প্ৰভাৱ শেষ হৈ যায় ।
৬) সপোনত মহিলাক দেখা
যদি সপোনত কোনো স্ত্ৰীয়ে কৰ্ণ ফুল ধাৰণ কৰা দেখে তেতিয়া আপোনাৰ বহু দিনৰ ৰৈ থকা কাম সম্পন্ন হব ।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )
No comments:
Post a Comment