জোৰ কৰি নিজৰ সংগীৰ লগত কথা পাতিব চেষ্টা নকৰিব।যদি আপোনালোকৰ সংগীয়ে আপোনালোকৰ লগত কথা নাপাতে বা বহুত কম কথা পাতে।আপোনালোকক ধ্যান নিদিয়ে বা আপোনালোকৰ পৰা দূৰত্ব বজাই ৰাখে। এনেকুৱা পৰিস্থিতিত আপোনালোকে কি কৰিব লাগে বা এনেকুৱা পৰিস্থিতিত মানুহে কি কৰে। (Assamese Fact)
সংযোগ কৰিবলৈ চেষ্টা কৰে, সেই মানুহজনক বহুত বেছি বুজাবলৈ চেষ্টা কৰে। যিবোৰ আমি দেখো আমি সেইবোৰ সেই মানুহজনৰ লগত বিচাৰ-বিবেচনা কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ বিচাৰ-বিবেচনা বা আলোচনা কৰিলে সমস্যা সমাধান হয়।যদি আমি আলোচনা নকৰোঁ সমস্যা সমাধান নহ'ব আৰু তাৰ ফলত আমাৰ সম্পৰ্ক মজবুত নহ'ব।এইসকলোবোৰ কথা এই ক্ষেত্ৰত কামত নাহে।
আলোচনা কৰিবলৈ চেষ্টা কৰিলে শান্তি ভংগ হৈ পৰিব। সেই মানুহজনৰ লগত আপোনালোকে কথা পাতিবলৈ চেষ্টা কৰিব তেওঁ একেবাৰে অকমাণো আপোনালোকক ধ্যান নিদিব আৰু এনেকুৱা দেখিবলৈ পোৱা যাব যে অকল আপোনাৰহে প্ৰয়োজন এই সম্পৰ্কত থকাতো বা এই সম্পৰ্কতো বচোৱাতো। আপোনালোকৰ এনেকুৱা লাগিবও পাৰে মইয়ে কিয় চেষ্টা কৰিব লাগে এই সম্পৰ্কতো বজাই ৰাখিবলৈ। মই কিয় সদায় বুজিব লাগে। আমি নিজেই কিছুমান এনেকুৱা কাম কৰোঁ যাৰ ফলত আমাৰ সংগীজনে এই সম্পৰ্কটোত সোমাবলৈ আৰু বুজিবলৈ সুবিধায়ে নাপায়। সংগীজনে আপোনালোকক ধ্যান নিদিয়ে বা দূৰলৈ গ'লেও আপোনালোকে এনেকুৱা কিছুমান স্বভাৱ কৰে যাৰ ফলত তেওঁ নিজৰ ভুলটো বুজিয়ে নাপায়। সেইবোৰ কিয় হয় ? কাৰণ আমি আমাৰ আত্মসংযমৰ ওপৰত ধ্যান নিদিও।যদি আপোনালোকে বা আমি আত্মসংযম কৰিবলৈ শিকোঁ তেতিয়া আমাৰ বহুত ভাল হ'ব।
কিন্তু আপোনালোকে কি কৰে কোনোবাই যদি আপোনালোকৰ ফোনটো এবাৰ কাটি দিয়ে আপোনালোকে সেইজনক আকৌ ১০ বাৰ ফোন কৰে।যদি কোনোবাই আপোনাৰ মেচেজ চাই আপোনাক গুৰুত্ব নিদিয়ে তেতিয়া আপুনি কি কৰে এটা দীঘলীয়া মেচেজ লিখি সেই মানুহজনক পঠিয়াই দিয়ে। যিবোৰ বহুত ডাঙৰ ভুল।হয়তো আপোনালোকৰ মেচেজ কৰোঁতে ফোন কৰোঁতে খং কৰোঁতে বহুত ভাল লাগিব পাৰে আৰু আপোনালোকে ভাবিব পাৰে আজিটো মই কথা পাতিহে এৰিম। কিন্তু সেই মানুহজনে যেতিয়া আপোনাক একেবাৰে গুৰুত্ব নিদিব তেতিয়া আপুনি সঁচাকৈ আমনি বা অশান্তি পায়। আপোনালোকে ভাবে মই তাৰ ওপৰত খং কৰিম কিন্তু সেই মানুহজনে আপোনাক খং কৰিবলৈ সুযোগেই নিদিয়ে তেতিয়া সেই খং কি হ'ব নিজৰ ওপৰতে উঠিব।
ক'বলৈ গ'লে যদি এনেকুৱা পৰিস্থিতিত আপোনালোকে নিজকে আত্মসংযম নকৰে তেতিয়া আপোনালোকে বহুত বেছি দুখ সহ্য কৰিব লাগিব। আপুনি যদি ভাবি আছে সেই মানুহজনৰ লগত আপোনাৰ সম্পৰ্ক ভাল হৈ যাব লাগে তাৰ লগত আমোক কথা পাতিম খং কৰিম ।কিন্তু আপোনালোকৰ এইসমূহ আশা পূৰণ নহ'ব আৰু তাৰ ফলত আপোনালোক বহুত খঙত থাকিব । ইয়াৰ পৰা আপোনাৰহে ক্ষতি হ'ব। সেই মানুহজনে গমেই নাপাব যে আপুনি কিমান অশান্তিত আছে।
যদি আপোনালোকে সেই মানুহজনৰ ওচৰত কান্দে তেতিয়া তেওঁৰ অনুভূতিবোৰ আৰু মজবুত হৈ পৰিব। সহানুভূতিৰ দ্বাৰা কেতিয়াও সম্পৰ্ক মজবুত নহয়। আপোনালোকে ভাবে যে মই কান্দিছো তাৰ পিছতো সেই মানুহজনৰ ওপৰত প্ৰভাৱ পৰা নাই।এই যে ব্যৱহাৰ তেওঁ কৰে এইবোৰো আপোনাৰ কাৰণে কৰে অৰ্থাৎ আপুনিয়েই তেওঁক তেনেকুৱা হ'বলৈ বাধ্যা কৰিছে বা তেওঁক তেনেকুৱা কৰি পেলাইছে। আমি আপোনালোকক দোষ দিয়া নাই এটা সঁচা কথাহে কৈছোঁ। (Assamese Fact)
যদি আপোনালোকে নিজকে দূৰ্বল কৰি তুলিছে জোৰ কৰি সেই ব্যক্তিজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে। তেতিয়া ইয়াৰ পৰা একো ভাল নহয়। আগতেই সেই ব্যক্তিজনে আপোনাৰ লগত কিবা কথা থাকিলে আলোচনা কৰিছিল কিন্তু এতিয়া তেওঁ অকনো একো আলোচনা কৰিব নিবিচাৰে। এইবোৰ কাৰ কাৰণে আপোনাৰ কাৰণে আপুনিয়েই তেওঁৰ স্বভাৱ তেনেকুৱা হোৱাত সহায় কৰিছে। বহুত সম্পৰ্কতে এনেকুৱা হয় এজনে গুৰুত্ব নিদিলেও আনজনে মেচেজ কৰি ফোন কৰি থাকে। কাৰণ এওঁলোকে নিজকে আত্মসংযম কৰিব নাজানে। আপুনি বা আপোনালোকে চাবলৈ চেষ্টা কৰে যে তেওঁৰ জীৱনত কি চলি আছে ।এইবোৰ কৰাতকৈ সেই মানুহজনক সুযোগ দিয়ক তেওঁৰ মনত বা জীৱনত কি চলি আছে ক'বলৈ।যদি আপুনি কোনো এটা সম্পৰ্কত থাকিব বিচাৰে তেতিয়া আপুনি এইটো তেওঁক দেখোৱাক যে এই সম্পৰ্কত থকাতো অকল আপোনাৰ বাবেই নহয় তেওঁৰ বাবেও বহুত জৰুৰী। এইবোৰ কেতিয়া হ'ব যেতিয়া আপুনি আত্মসংযম কৰিবলৈ শিকিব।
আপোনালোকে যদি আত্মসংযম কৰিবলৈ শিকি যায়। সেই ব্যক্তিজনৰ জীৱনত কি চলি আছে তাক জানিবলৈ বেছি চেষ্টা নকৰে আৰু সেই ব্যক্তিজনৰ লগত জোৰ কৰি কথা পাতিব নিবিচাৰে । তেতিয়া ইয়াৰ পৰা আপোনাৰ বহুত মূল্য বাঢ়িব আপোনাৰ সন্মানো বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বহুত মজবুত হৈ পৰিব। আমি জানি বুজি ভুল কৰোঁ।আমি জানো যে আমি ১০ ফোন কৰিলেও সেই ব্যক্তিজনৰ লগত আমি ভালকৈ কথা পাতিব নোৱাৰোঁ কাজিয়াহে হ'ব তাৰ পাছতো আমি ফোন কৰি থাকো। কিন্তু মনে বিচাৰে যে আমাৰ সম্পৰ্ক ভাল হৈ থাকক। যদি নিজকে আত্মসংযম কৰি সম্পৰ্কত থাকে তেতিয়া আপোনাৰ বা আপোনালোকৰ সম্পৰ্ক বহুত মজবুত হৈ পৰিব।
জোৰ কৰি সেইকাৰণে কথা পাতিবলৈ চেষ্টা নকৰিব।অলপ সময় নিজৰ লগতো কটাবলৈ অৰ্থাৎ অকলশৰীয়াকৈ থাকিবলৈ চেষ্টা কৰিব লাগে। তেওঁকো অলপ সময় দিব লাগে কথাবোৰ ভাবিবলৈ। ফোন কৰা , মেচেজ কৰোঁতে একো বেয়া কথা নহয়। কিন্তু যাক কৰিছে সি যদি আপোনাক গুৰুত্ব নিদিয়ে অৰ্থাৎ আপোনাৰ ফোন, মেচেজৰ সহাঁৰি নিদিয়ে । তেতিয়া খং কৰাতকৈ আত্মসংযম হ'বলৈ শিকক। আপুনি লাগিলে ১০বাৰ ফোন কৰক বা এবাৰ সেই ব্যক্তিজনে ইনেও গম পাব যে আপুনি ফোন কৰিছিলে।যদি আপোনালোকে ১০-১৫ বাৰ ফোন কৰে মেচেজৰ ওপৰি মেচেজ কৰে তেতিয়া সেই ব্যক্তিজনে আপোনাক গুৰুত্ব নিদিয়া হয় আৰু আপুনি দুখত থাকিলেও তেওঁ আপোনাক গুৰুত্ব নিদিয়া হয়।
আবেগ আৰু অনুভূতিবোৰক অলপ জীয়াই থাকিবলৈ দিব লাগে যদি আপোনালোকে সম্পৰ্কটো ভালকৈ ৰাখিব বিচাৰে। মৰি মৰি নিজকে দুখ দি সেই ব্যক্তিজনক পাবলৈ চেষ্টা নকৰিব। কাৰণ যদি আবেগ আৰু অনুভূতিবোৰ নাথাকে তেতিয়া সদায় কাজিয়াহে হ'ব। আপোনালোকৰ সম্পৰ্ক ভাল হৈ নাথাকিব আৰু যদি আপোনালোকে জোৰ কৰি কথা পাতিবলৈ চেষ্টা কৰে কথা পাতিলেও কাজিয়াহে হ'ব। ইয়াতকৈ বেছি আৰু একো নহয়। যদি আপোনাক আপোনাৰ সংগীয়ে গুৰুত্ব দিয়া নাই তেতিয়া তাক বা তাইক সময় দিয়ক ভাবিবলে ,বুজিবলে। বহুত প্ৰশ্ন সুধিম বুলি মনত ভাবি নাথাকিব। মই তাক বা তাইক আমোকটো কম এইটো কৰিম , সেইটো সুধিম এইবোৰ। অকল নিজক কেনেকে সংযম কৰিব পাৰি সেইটো ভাবক।
আপুনিও অলপ সময় লওঁক ,তাইক বা তাকো অলপ সময়ৰ দিয়ক যাতে তেওঁ বুজি পায় আৰু তাৰ পিছতো যদি বুজি নাপায় তেতিয়া তেওঁক এইটো অনুভৱ কৰিবলৈ দিয়ক যে যাৰ ভুল সিয়ে ক্ষমা খুজিব লাগিব। আমি আপোনালোকক Attitude দেখুৱাবলৈও কোৱা নাই কিন্তু আপোনালোকে নিজক সংযম কৰিবলৈ শিকক।তেতিয়াহে আপোনালোকে সুখত থাকিব পাৰিব নহ'লেবা আপোনালোকৰ সম্পৰ্ক বহুত বেয়া হয় যাব আৰু আপোনালোক বহুত দুখত থাকিব লগা হ'ব। নিজকে সংযম কৰিব নোৱাৰা হ'ব। সেই কাৰণে নিজকে আত্মসংযম কৰিবলৈ শিকক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact)
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
100% agree..
ReplyDelete