জীৱনত কেনেধৰণৰ ব্যক্তিক বিশ্বাস কৰিব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 22, 2021

জীৱনত কেনেধৰণৰ ব্যক্তিক বিশ্বাস কৰিব পাৰি : Assamese Fact

Assamese Fact


সংসাৰত স্বামী-স্ত্ৰীৰ সম্পৰ্কক সকলোতকৈ ডাঙৰ সম্পৰ্ক মনা হয় আৰু এই সম্পৰ্কটো এদিন দুদিনৰ বাবে নহয় সাতটা জনমলৈকে তেওঁলোকে ইজনে সিজনৰ লগত সম্পৰ্কত বান্ধ খাই অৰ্ধাংগ হৈ যায় ।  ( Assamese Fact )


অৰ্ধাংগ অৰ্থাৎ অৰ্ধ অংগ । ইয়াৰ মহত্ব আপোনালোকে বুজি পাইছেনে । নিজৰ সমস্ত জীৱন কাৰোবাৰ সৈতে ভাগ কৰা । কিন্তু সংসাৰৰ সকলো স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত নিজৰ জীৱন ভাগ কৰিব পাৰেনে ? ইয়াত সকলো সক্ষম হয়নে ? 


নিজৰ জীৱন কাৰোবাৰ লগত ভগাবলৈ সকলোতকৈ মহত্বপূৰ্ণ হল স্বীকৃতি । স্বীকাৰ কৰা । সন্মুখৰ ব্যক্তিজনক স্বীকাৰ কৰা । তেওঁৰ ভালৰ লগতে তেওঁৰ বেয়াবোৰকো স্বীকাৰ কৰা । সম্পূৰ্ণৰূপে ব্যক্তিজনক স্বীকাৰ কৰিব পাৰিব লাগিব । তেতিয়াহে এই সম্পৰ্ক আগবাঢ়ি যাব ‌। তেতিয়াহে এই সম্পৰ্ক আৰু সুন্দৰ হৈ উঠিব । 


ইজনে সিজনৰ দোষবোৰ বিচৰা , দোষবোৰ হিচাপ কৰোৱা এইবোৰে কেৱল আৰু কেৱল মাত্ৰ এটা কাৰ্য কৰে , সম্বন্ধৰ জীৱনটোৰ নাশ কৰা । ইয়াৰ সলনি এইটো হব লাগে যে ইজনে সিজনৰ দোষবোৰ বুজি তেওঁ আভাস নকৰাকৈ তেওঁৰ ভুলবোৰ শুধৰাব লাগে ‌। তেওঁৰ দুৰ্বলতাক তেওঁৰ শক্তি কৰি তুলিব লাগে । এইটোৱেইটো হয় দাম্পত্য ‌। এইটোৱেই হয় বেয়াৰ দমন , এইটোৱেই হয় গুণৰ উদয় । ( Assamese Fact )


সকলো সম্বন্ধৰ মূল বিশ্বাস হয় । প্ৰশ্ন উঠে বিশ্বাস কাৰ ওপৰত কৰিব লাগে । এতিয়া এইটো বুজিবলৈ প্ৰথমে এইয়া বুজিব লাগিব ‌। বান্ধিবলৈ কামত অহা ৰছী কেনেদৰে গোঁঠা হয় । সকলো ৰছীতে তিনিডাল  সৰু ৰছী থাকে যাক সিহঁতৰ মাজত গোঁঠা হয় । বিশ্বাসৰ লগতো সেইটোৱেই হয় যদি আপুনি তেওঁৰ লগত বিশ্বাসৰ সম্পৰ্ক গঢ়ে যিজনে আপোনাৰ জীৱনৰ এই তিনিডাল ৰছীৰ বিষয়ে জানে অৰ্থাৎ বুজি পায় । 

প্ৰথম:

আপোনাৰ হাঁহিৰ ভিতৰত লুকাই থকা দুখ

দ্বিতীয়তে:

আপোনাৰ ক্ৰোধৰ ভিতৰত লুকাই থকা প্ৰেম

তৃতীয়তে:

আপোনাৰ মৌনতাৰ পিছত লুকাই থকা শব্দৰ জ্বালামুখী , আপোনাৰ অৱস্থা

যি ব্যক্তিয়ে আপোনাৰ জীৱনৰ এই তিনিডাল ৰছীৰ বিষয়ে জানে যদি সেই ব্যক্তিৰ লগত বিশ্বাসৰ সম্পৰ্ক গঢ়ে তেতিয়া তেওঁৰ লগত জীৱনত ডাঙৰতকৈও ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব । 


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত । ( Assamese Fact )


No comments:

Post a Comment

Advertisement

Pages