নৱবৰ্ষৰ আগেয়ে ঘৰলৈ এই বস্তু আনিলে ঘৰ ধনেৰে উপচি পৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 8, 2021

নৱবৰ্ষৰ আগেয়ে ঘৰলৈ এই বস্তু আনিলে ঘৰ ধনেৰে উপচি পৰে : Assamese Fact

Assamese Fact


নতুন বছৰে বেছি ভাগ ব্যক্তিৰ বাবে সুখ সমৃদ্ধি কঢ়িয়াই আনে আৰু লগতে কিছুমান বিশেষ পৰিৱৰ্তনো আনে । নতুন বৰ্ষত ঘৰত ধন সম্পত্তি ,  সুখ শান্তি আহিবৰ বাবে বহুতে বিভিন্ন ধৰণৰ উপায় কৰে । ( Assamese Fact )


কিছু সংখ্যক লোকে মাটিৰ চাকি জ্বলাই নতুন বৰ্ষক আদৰণি জনাই । তাতেই আকৌ কিছুমানে ঘৰত সুখ-সমৃদ্ধি আৰু ধন আহিবৰ বাবে নতুন বছৰৰ আগে আগে কিছুমান বস্তু আগতীয়াকৈ আনি ঘৰত লগায় । ঘৰত কোনকেইটা বস্তু থাকিলে মা লক্ষ্মীৰ কৃপা সদায় ঘৰখনত থাকে জানোঁ আহক ।


১) স্বাস্তিক চিহ্ন - শাস্ত্ৰ অনুসৰি স্বাস্তিক চিহ্ন ঘৰত লগোৱাটো বহুত শুভ মনা হয় । পুৰাণৰ মতে স্বাস্তিক মা লক্ষ্মী আৰু গণেশৰ প্ৰতীক মনা হয় । মান্যতাসূচক অনুসৰি স্বাস্তিক চিহ্নই মাজৰ লক্ষ্মীক আকৰ্ষণ কৰে আৰু ঘৰত মাক লক্ষ্মীৰ কৃপা হয় । হিন্দু ধৰ্মত উৎসৱত পূজা পাঠ কৰোঁতে স্বাস্তিক চিহ্ন বনোৱা হয় । নৱবৰ্ষৰ পূৰ্বেই স্বাস্তিক চিহ্ন ঘৰলৈ অনা মানে ঘৰলৈ সুখ সমৃদ্ধিক নিমন্ত্ৰণ কৰাৰ দৰে হয় ।


২) তুলসীৰ পুলি - হিন্দু ধৰ্মত তুলসী পুলিৰ বিশেষ মান্যতাসূচক আছে । মান্যতা অনুসৰি তুলসী মা লক্ষ্মীৰ অন্য এক ৰূপ । তুলসীৰ পুলি লগালে ঘৰত অশান্তি নহয় আৰু সদায় ধন টকা-পইচা ঘৰলৈ আহি থাকে । যদি আপোনাৰ ঘৰত তুলসীৰ পুলি নাই তেতিয়া আপুনি নতুন বছৰৰ আগতেই তুলসী পুলি ঘৰত লগোৱাক ‌। ৰাতিপুৱা গৈ ধুই তুলসীক পানী ধালি নিয়মিত পূজা কৰক ‌। ( Assamese Fact )


৩) মা লক্ষ্মীৰ চৰণ - ঘৰত সুখ সমৃদ্ধি বাবে মা লক্ষ্মীৰ চৰণক ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত লগোৱাক । মান্যতাসূচক অনুসৰি যত মা লক্ষ্মীৰ চৰণ থাকে তাত দুখ দৰিদ্ৰতা আঁতৰি যায় ।এই চৰণক ঘৰত স্থাপিত কৰিলে সুখৰ আগমন ঘটে সেইবাবে নতুন বছৰ অহাৰ আগে আগে মা লক্ষ্মীৰ চৰণ ঘৰলৈ আনি মুখ্য দুৱাৰত লগাব লাগে ।


৪) ময়ূৰ চৰাই পাখি - হিন্দু ধৰ্মত ময়ূৰ পাখিৰ বহুত গুৰুত্ব আছে ‌‌। ময়ূৰ পাখি কেৱল শ্ৰীকৃষ্ণৰেই প্ৰিয় নহয় , মা লক্ষ্মী , ইন্দ্ৰদেৱ আৰু লগতে বহুতো ভগৱানৰো প্ৰিয় । সেইবাবে হিন্দু ধৰ্মত ময়ূৰ পাখিক বহুত শুভ মনা হয় । আপুনি দেখিছে কিছুমানে ময়ূৰ পাখিক ঘৰখন সজাবলৈ ব্যৱহাৰ কৰে । তাতেই আকৌ কিছুমানে কিতাপৰ মাজত ৰাখি ভাল পায় । যদি আপুনি ঘৰখনত সুখ-সমৃদ্ধি বৰ্তাই ৰাখিব বিচাৰে তেতিয়া ঘৰত ময়ূৰ পাখি আনিব আৰু এডাল পূজা কৰা ঠাইত ৰাখিব আৰু আন এডাল ধন থোৱা ঠাইত থব । নতুন বছৰৰ আগতে ময়ূৰ পাখি আনিলে আপোনাৰ জীৱন সুখেৰে ভৰপূৰ হৈ পৰিব । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages