এনেকৈ জানি লওঁক কেনেকুৱা হ'ব বৈবাহিক জীৱন:‌‌ Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 9, 2021

এনেকৈ জানি লওঁক কেনেকুৱা হ'ব বৈবাহিক জীৱন:‌‌ Assamese Fact

Assamese Fact

বিয়াৰ বয়স আৰু বিবাহিত জীৱনৰ বিষয়ে বিবাহ ৰেখাই বহুত কথা কয়। ইয়াত থকা চিহ্নয়ে বিবাহিত জীৱন ভাল হ'ব নে বেয়া হ'ব তাক দৰ্শাই।

Assamese Fact)

বিয়া কেতিয়া হ'ব? যদি হৈ গ'ল তেতিয়া বিবাহিত জীৱন কেনেকুৱা হ'ব? এই প্ৰশ্নসমূহ সকলোৰে মনত থাকে। কাৰণ বৈবাহিক জীৱন মানুহৰ জীৱনৰ এটা অংশ। সেই কাৰণে হস্তৰেখা শাস্ত্ৰত বিবাহ ৰেখাক বহুত মহত্ব দিয়া হয়। বিবাহ ৰেখাৰ স্থিতি কিছুমান চিহ্নৰ পৰা জনা যায় । লগতে বিয়া কেতিয়া হ'ব। যদি হৈ গ'ল তেতিয়া বিবাহিত জীৱন কেনেকুৱা হ'ব। এইবোৰৰ বিষয়ে জনা যায়।এই ৰেখা হাতৰ সকলোতকৈ সৰু আঙুলিটোৰ তলত বাহিৰৰ পৰা ভিতৰলৈ থাকে আৰু বহুতৰে ইয়াত এডালতকৈ বেছি ৰেখা থাকে।


এনেকৈ জানক কেনেকুৱা হ'ব বৈবাহিক জীৱন-


১.যদি বিবাহ ৰেখা ওচৰত এডালতকৈ বেছি ৰেখা থাকে। তেতিয়া ই এটাতকৈ বেছি অবৈধ‌্য সম্পৰ্ক আৰু বিয়াৰ ফালে ইংগিত দিয়ে।


২. আনহাতে বিবাহ ৰেখাত যদি দ্বীপ অৰ্থাৎ চাকিৰ চিহ্ন থাকে বা ৰেখা গৈ এনেকুৱা স্থানত ৰৈ যা‌য় তেতিয়া বিয়া চিনাকি বা সম্পৰ্কীয় মানুহৰ লগতে হয়। লগতে এওঁলোকৰ কম বয়সতে বিয়া হয়।


৩.যদি দ্বীপ অৰ্থাৎ চাকিৰ চিহ্ন বিবাহ ৰেখাৰ মাজত থাকে। তেতিয়া তেওঁলোকৰ বৈবাহিক জীৱনত সমস্যা আহি পৰে। কিন্তু দুয়োজনে কথা বতৰা পাতি এই সমস্যা সোনকালেই নাইকীয়া কৰিব পাৰে।

Assamese Fact)


৪.বিবাহ ৰেখাত ক'লা গোল চিহ্ন থাকিলে বহুত অশুভ বুলি ধৰা হয়। এনেকুৱা বেছিভাগ ব্যক্তিয়ে জীৱনটো অকলশৰীয়াকৈ কটাব লগা হয়। কাৰণ এওঁলোকৰ জীৱন সংগীৰ দূৰ্ঘটনা বা বিভিন্ন বেমাৰ আজাৰত অসময়তে মৃত্যু হোৱা শংকা থাকে। এওঁলোকে যাত্ৰা কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগে।


৫. বিবাহ ৰেখাত ক্ৰচ চিনৰ দৰে থাকিলে তাক বহুত অশুভ বুলি ধৰা হয়।এই চিনে বিয়া ভগা আৰু জীৱন সংগীৰ মৃত্যু হোৱা সংকেত দিয়ে। এনেকুৱা ব্যক্তিয়ে বিয়া পতাৰ সময়ত সাৱধান হৈ থাকিব লাগে ।


৬.যদি বিবাহ ৰেখাত চক্ৰৰ দৰে চিন থাকে তেতিয়া বৈবাহিক জীৱন বহুত সুখময় হৈ পৰে। এওঁলোকৰ জীৱন সংগীৰ লগত বহুত ভাল সম্পৰ্ক গঢ় লৈ উঠে।


৭. যদি বিবাহ ৰেখাত নক্ষত্ৰ দৰে চিন আছে আৰু সেই ডাল যদি সূৰ্য ৰেখালৈকে দীঘল তেতিয়া তেওঁলোকৰ বহুত ডাঙৰ আৰু ধনী ঘৰলৈ বিয়া হয়। এওঁলোকৰ বিয়া পিছত জীৱনটো এনেকৈ সলনি হৈ পৰে যে যিবোৰ এওঁলোকে কেতিয়াও নাভাবেই হ'ব বুলি।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 







No comments:

Post a Comment

Advertisement

Pages