শনিক দূৰ্বল কৰি তোলা কাৰণসমূহ: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 9, 2021

শনিক দূৰ্বল কৰি তোলা কাৰণসমূহ: Assamese Fact

Assamese Fact

শনিৰ প্ৰকোপৰ পৰা বাচিব বিচাৰে যদি কিছুমান বস্তুৰ পৰা দূৰত থকাই ভাল। কাৰণ এইবোৰে শনিক দূৰ্বল কৰি তোলে। শনি দূৰ্বল হ'লে জীৱনটো দুখেৰে ভৰি পৰে। (Assamese Fact)


শনি দেৱৰ প্ৰকোপৰ বিষয়ে সকলোৱে জানে। কাৰণ জীৱন বৰবাদ হ'বলৈ তেওঁৰ কু-দৃষ্টিয়ে বহুত। সেইকাৰণে জ্যোতিষ শাস্ত্ৰত শনিৰ কু-দৃষ্টিৰ পৰা বাচিবলৈ বহুত উপায় বা সমাধান দিয়া আছে। ইয়াৰ উপৰিও যিসকল ব্যক্তিৰ শুৱনিত শনি গ্ৰহ দূৰ্বল থাকে তেওঁলোকেও শনি গ্ৰহ মজবুত কৰিবলৈ কিছুমান উপায় কৰিব লাগে। মানুহৰ অভ্যাসেও শনি গ্ৰহক দূৰ্বল আৰু মজবুত কৰি তুলিব পাৰে।যদি ব্যক্তিয়ে এনেকুৱা কিছুমান কাম কৰে যিবোৰ শনি দেৱে ভাল নাপায় তেতিয়া সেই ব্যক্তিজন ধ্বংস হোৱাটো নিশ্চিত।


জীৱনত পৰিব ধৰে প্ৰভাৱ-


শনি এনেকুৱা এটা গ্ৰহ যি কৰ্মৰ আধাৰত ফল প্ৰদান কৰে।যদি ব্যক্তিৰ কৰ্ম ভাল তেওঁ শনিৰ মহাদশাৰ পৰা বেছি কষ্ট বা সমস্যা সন্মুখীন হ'ব নালাগে।যিবোৰ সহজ সৰল মানুহৰ হয়। আনহাতে যদি ব্যক্তিৰ কৰ্ম বেয়া হয় শুৱনিত শনিৰ মজবুত স্থিতি হ'লেও তেওঁ বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়।


যদি ব্যক্তিয়ে বেয়া আচৰণ কৰে তেতিয়া শনি দূৰ্বল হৈ পৰে আৰু তাৰ প্ৰভাৱ ব্যক্তিৰ জীৱনটো পৰা দেখা পোৱা যায়। তেওঁলোকৰ হ'ব লগা কামো বেয়া হৈ পৰে আৰু তেওঁ এটাৰ পিছত এটা বেয়া কাম কৰিবলৈ ধৰে। নিচাযুক্ত দ্ৰব্যৰ চিকাৰ হৈ পৰে। তেওঁলোকৰ ঘৰৰ ইলেক্ট্ৰনিক বস্তুসমূহ বাৰে বাৰে বেয়া হৈ থাকে। তেওঁৰ বহুত লোকচান হ'ব পাৰে। লগতে মান হানি আৰু ধন হানিও হয়।



শনিক দূৰ্বল কৰি তোলে এইসমূহ অভ্যাসে-


১. নিজতকে ডাঙৰ, মহিলা‌ আৰু অসহায় ব্যক্তিৰ কেতিয়াও কোনেও অপমান কৰিব নালাগে। শুৱনিত যদি শনি দূৰ্বল হৈ আছে তেতিয়া এইসমূহ কামে আপোনালোকৰ জীৱন ধ্বংস কৰি পেলাব। সেই কাৰণে এইসমূহ কাম নকৰিব।


২.শনি দূৰ্বল হৈ থাকিলে মাছ-মাংস খাব নালাগে আৰু নিচাযুক্ত দ্ৰব্যও গ্ৰহণ কৰিব নালাগে।এই অভ্যাসবোৰে শনিক আৰু দূৰ্বল কৰি তোলে।যাৰ ফলত জীৱন ধ্বংস হৈ পৰে। (Assamese Fact)


৩.আনৰ ওপৰত মিছা আৰোপ বা বদনাম দিয়া ব্যক্তিক শনি দেৱে ভালকৈ থাকিব নিদিয়ে। তেওঁ কৰ্ম ফল তেওঁক শনি দেৱে প্ৰদান কৰে।


৪.শনি দূৰ্বল হৈ থাকিলে ব্যক্তিসকলক জোৱা, অবৈধ্য সম্পৰ্ক,চুৰ আৰু অপৰাধজনিত কামৰ ফালে আগবঢ়ায় দিয়ে। সেই কাৰণে নিজৰ সংগ বা সংগতি ভাল কৰি ৰাখিব লাগে। অৰ্থাৎ ভাল সংগৰ লগত থাকিব লাগে। নহ'লেবা বেয়া কামৰ শাস্তি পাবলৈ বেছি দেৰি নালাগে।


৫.শনিবাৰৰ দিনা নখ আৰু চুলি কাটিব নালাগে।এইবোৰে শনিক দূৰ্বল কৰি তোলে।


৬.ভুলটো পশু-পক্ষীক চতোৱাব নালাগে। এনেকুৱা কৰা ব্যক্তিসকলক শনিদেৱে ক্ষমা নকৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 






No comments:

Post a Comment

Advertisement

Pages