শুৱাৰ আগতে আৰু শুই উঠাৰ পাছত কৰক এই কাম : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 3, 2021

শুৱাৰ আগতে আৰু শুই উঠাৰ পাছত কৰক এই কাম : Assamese Fact

Assamese Fact


 ৰাতিপুৱা যেতিয়া আপুনি সোনকালে শুই উঠিব তেতিয়া এইকেইটা কাম নিশ্চয় কৰক। আপুনি মাত্ৰ এইকেইটা কাম ২১ দিন কৰি চাওক নিশ্চয়কৈ আপুনি এক পৰিৱৰ্তন দেখিবলৈ পাব। ( Assamese Fact )


যেতিয়াৰ পৰা মানুহে নিজৰ অচেতন মগজুৰ বিষয়ে গম পাইছে তেতিয়াৰে পৰা মানুহে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সকলো চেষ্টা চলাই আছে।  কিয়নো তেওঁলোকে জানে যে তেওঁলোকে জীৱনত কি কি সাফল্য লাভ কৰিব পাৰে নিজৰ অৱচেতন মনটোক নিজৰ অধীনত ৰাখি। বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত 'Subconscious mind'ৰ বিষয়ে কোৱা হৈছে। কিছুলোকে ইয়াক চমৎকাৰ বুলি ভাবে আৰু কিছুলোকে মগজুৰ শক্তি বুলি মানে। পৃথিৱীৰ দুটাকৈ শক্তিশালী শব্দৰ বিষয়ে জানিম। যাক মগজু নিয়ন্ত্ৰণ কৰাৰ মূলমন্ত্ৰ বুলি কব পাৰো। এইবোৰ হৈছে কিছুমান ৰহস্য যাক কিছু বিজ্ঞ লোকে প্ৰাচীন কালৰে পৰাই জানিছিল। ইয়াক প্ৰাচীন গ্ৰন্থৰ জৰিয়তে প্রতিট কৰা হৈছিল। সমাজৰ মাজত ইয়াক এক ৰহস্য ৰূপে লুকাই থোৱা হৈছিল।


 ই ইমানেই শক্তিশালী হয় যে ই আপোনাক বহুত সফল আৰু বহুত কষ্ট দিব পাৰে অৰ্থাৎ বহুত দুখ দিব পাৰে। এই দুটা শব্দ হৈছে ' মই হয়' ।

 মই হয় হৈছে আমাৰ মানৱ সমাজৰ আটাইতকৈ ডাঙৰ দুটা শব্দ। কিয়নো আপুনি মই হয় ৰ লগত যি জোৰা লগাব আপুনি সেইটোৱেই হব।  আমি আগতে এনেকুৱা কৰিছোঁ দুটা শব্দৰ মাজত এনে এটা শব্দ বহাব লাগে যাতে বাক্য শাৰী  সম্পূৰ্ণ হৈ উঠে। ই ও ঠিক এনেধৰণৰ। আপুনি ইয়াৰ মাজত কি শব্দ বহুৱাব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি ইয়াক নকৰাত্মক দিশৰ লগত জোৰা লগাই তেন্তে আপুনি দুখৰ বাহিৰে আৰু একো নাপায়। যেনে- কিছুমান লোকে কয় যে মই দুৰ্ভাগ্যজনক হয় , মই বেকাৰ হয়। এনেদৰে কোৱাৰ পাছতো যদি তেওঁলোক সফল নহয় তেতিয়া নকৰাত্মক দিশসমূহ তেওঁৰ ওচৰলৈ আহে। কিন্তু যদি আপুনি ইয়াক সকৰাত্মক দিশৰ লগত জোৰা লগাই তেন্তে আপুনি ভবাৰ দৰেই প্ৰাপ্তি লাভ কৰিব। সেইবাবে 'Subconscious mind' ৰ সৈতে মানুহে কয় যে আপুনি যিদৰে ভাবিব সেইদৰেই পাব। আপোনাৰ অৱচেতন মগজুৱে সকলো সময়তে শুনি থাকে। ই অনবৰতে সক্ৰিয় হৈ থাকে। সেইবাবে আপুনি যি কয় তাৰ পালন কৰে। অৱচেতন মগজুৱে আপুনি যিদৰে আদেশ দিয়ে সেইদৰেই কাম কৰে। ইয়াত কিছুমান উদাহৰণৰ বিষয়ে জানিম যিবোৰ আপুনি ৰাতিপুৱা অথবা গধূলি ব্যৱহাৰ কৰিব পাৰে।  এই বাক্যসমূহ সম্পূৰ্ণ বিশ্বাসৰ সৈতে আপুনি ব্যৱহাৰ কৰিব পাৰে।( Assamese Fact )


নিজৰ চকুযুৰি বন্ধ কৰি মনৰ ভিতৰত উচ্চাৰণ কৰক -"মই সুস্থ হয়" 

"মই যোগ্য হয়" 

"মই এজন সফল ব্যক্তি হয়"

"মই এজন বুদ্ধিমান ব্যক্তি হয়"

"মই শিক্ষিত হয়"

"মই প্ৰভাৱশালী হয়"

মই বহুত ভাগ্যবান হয়"

"মই শক্তিশালী হয়"

"মই সমৃদ্ধ হয়" 

"মই সম্পন্ন হয়"

"মই নিষ্ঠাবান হয়"

"মই সাহসী হয়"

"মই নির্ভয় হয়"

 "মই সৃজনকৰ্তাৰ এক অংশ হয়"

"মই আকৰ্ষক হয়"

"মই অনন্ত হয়"

"মই সেই সকলোবোৰ পাব পাৰো যিবোৰ মই ভাবো"

"মই এতিয়া সকলো পাবলৈ সাজু"

"মই সেই সকলোবোৰ বস্তু পাব পাৰো যিবোৰ মই মনত ভাবো।"

"মই সুখী হয়"

 উপৰোক্ত বাক্য কেইশাৰী যিমান পাৰে  ইয়াৰ ওপৰত বিশ্বাস কৰি আপুনি ব্যৱহাৰ কৰিব পাৰে। যিমান দেৰি ইচ্ছা আপুনি সিমান দেৰি কৈ থাকিব পাৰে। আপুনি নিজেই সময় নিৰ্ধাৰণ কৰি কিমান দেৰি ইচ্ছা সিমান এই বাক্যকেইশাৰী মনৰ ভিতৰত উচ্চাৰণ কৰিব পাৰে। আপুনি যিমান দেৰি কৈ থাকিব পাৰিব সিমানেই আপুনি ধনাত্মক মনোভাব এটা গঢ়ি তুলিব পাৰিব। এই সকলোবোৰ কথা আপোনাৰ subconscious mind লৈ পোৱাবলৈ হলে আপুনি ইয়াক বিশ্বাস কৰিব লাগিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব । তেতিয়াহে আপুনি সকলোবোৰ বিষয়ত বিশ্বাস কৰিব পাৰিব। আপোনাৰ জীৱন এক প্ৰতিবিম্বৰ দৰে হৈ পৰিব। এই শব্দ অনুসাৰে আপোনাৰ জীৱনটো এনেকুৱা হৈ পৰিব । কিয়নো এই দুটা শব্দৰ মাজত ইমান শক্তি আছে যিয়ে আপোনাৰ গোটেই জীৱনটো সলাই দিব পাৰে। এই সৰু সৰু বস্তুবোৰে আমাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages