পৃথিৱীৰ এটা আটাইতকৈ ভয়ানক জাতি মুৰ্চি জনজাতি : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 1, 2021

পৃথিৱীৰ এটা আটাইতকৈ ভয়ানক জাতি মুৰ্চি জনজাতি : Assamese Article

Assamese Article


সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীও  সলনি হোৱা দেখিবলৈ পোৱা যায়৷ সময়ৰ লগত খোজ মিলাই যাবলৈ পৃথিৱীৰ প্ৰত্যেকটো বস্তু,জাতি জনগোষ্ঠীয়ে উন্নত হোৱা দেখা যায়। কিন্তু আজিৰ এই বিজ্ঞান প্ৰযুক্তিবিদ্যা যুগতো পৃথিৱীত এনে কিছুমান জনজাতিয়ে বাস কৰে, যিয়ে পৌৰাণিক কিছুমান ভয়ানক আৰু অদ্ভুত ৰীতি নীতি আৰু অন্ধবিশ্বাসৰ মাজত তেওঁলোকৰ জীৱন প্ৰণালী অতিবাহিত কৰি আহিছে। ( Assamese Article ) 


Assamese Article


পূৱ আফ্ৰিকাৰ ইথি'পিয়া'ত বাস কৰা এনে এটা ভয়ানক জনজাতি হৈছে মুৰ্চি জনজাতি। মুৰ্চি জনজাতি মতে কোনো অন্য ব্যক্তিক হত্যা নকৰাকৈ জীয়াই থকাতকৈ ভাল নিজেই নিজক হত্যা কৰা। এই জনজাতিটোৱে যিখন অৰণ্যৰ বাস কৰে, সেই অৰণ্যৰ ওপৰত তাৰ চৰকাৰো নিয়ন্ত্রণ নচলে। 

Assamese Article


মুৰ্চি জনজাতিৰ কিছুমান অদ্ভুত পৰম্পৰা আছে। তেওঁলোকৰ, AK 47'ৰ দৰে কিছুমান আধুনিক অস্ত্র ব্যৱহাৰ কৰাৰ চখ আছে আৰু তেওঁলোকৰ অঞ্চলত বাহিৰৰ কোনো ব্যক্তিয়ে ভৰি ৰখাৰ লগে লগে তেওঁৰ হত্যা হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ অস্ত্র সমূহ চুবুৰীয়া ৰাষ্ট্ৰ ছুডান আৰু ছোমালিয়াৰ পৰা যোগান ধৰা হয়। ( Assamese Article ) 


Assamese Article


ইয়াৰ উপৰি মুৰ্চি জনজাতিৰ লোকসকলে কিছুমান বৰ আচৰিতজনক ৰীতি নীতিও পালন কৰে। তেওঁলোকে যিকোনো ধৰণৰ যুদ্ধলৈ যাবৰ সময়ত গৰুৰ তেজ ভক্ষণ কৰে। তেওঁলোকৰ বিশ্বাস যে, গৰুৰ তেজ ভক্ষণ কৰাৰ লগে লগে তেওঁলোক অত্যধিক শক্তিশালী হৈ পৰে। আৰু লগতে সন্মানৰ সৈতে জীয়াই থাকিব পাৰে। 

Assamese Article


এই জনজাতিৰ লোকসকলে মহিলাক কু দৃষ্টিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে শৰীৰ পৰিৱৰ্তন প্ৰক্ৰিয়াত এনে কিছুমান অদ্ভুত কাণ্ড কৰে, যিবোৰ শুনা বা দেখাৰ লগে লগে সাধাৰণ জনতাৰ আত্মা কপিঁ উঠিব। মুৰ্চি জনজাতিৰ মহিলাসকলে তেওঁলোকৰ ওঁঠৰ অংশৰ তলত মাটিৰে নিৰ্মিত কিছুমান প্লেট পৰিধান কৰে। তেওঁলোকৰ ছোৱালীৰ বয়স ১৫বছৰ হোৱাৰ লগে লগে ছোৱালীৰ মাক আৰু অন্য মহিলাসকলে লগ হৈ জীয়েকৰ ওঁঠৰ তলৰ অংশ কাটি দিয়ে। যেতিয়া এই ঘা পকি যায়, তেতিয়াই ওঁঠত প্লেট পিন্ধাই দিয়া হয় আৰু তেওঁলোকৰ ছোৱালীৰ সৌন্দর্য্য এই লিপ প্লেটৰ ওপৰত নিৰ্ভৰ কৰা হয়। যদি প্লেটৰ আকাৰ সৰু হয় তেন্তে ছোৱালীজনীৰ সৌন্দর্য্য কম আৰু প্লেটৰ আকাৰ ডাঙৰ হলে, ছোৱালীজনীৰ সৌন্দর্য্য বেছি বুলি বিশ্বাস কৰা হয়। 

Assamese Article


ইয়াৰ উপৰি মুৰ্চি জনজাতিৰ পুৰুষসকলে মহিলাৰ কাৰণে নিজৰ মাজতে লাঠীৰে যুদ্ধ আৰম্ভ কৰে। তেওঁলোকৰ মতে যিজন পুৰুষে যুদ্ধত বিজয়ী হয়, তেওঁ এগৰাকী সুন্দৰ পত্নীৰ গৰাকী হয়। মুৰ্চি জনজাতিৰ লোকসকলৰ পৰম্পৰাগত সাজপাৰ ছাগলীৰ ছালৰ পৰা নিৰ্মাণ কৰা হয়। আৰু বৰ্তমানেও তেওঁলোকৰ মহিলাসকলক চামৰাৰ কাপোৰ পিন্ধা দেখা যায়। মুৰ্চি জনজাতিৰ লোকসকলে বাহিৰৰ পৃথিৱীৰ সৈতে সম্পর্ক ৰখাটো পচন্দ নকৰে। যদি সেই ঠাইলৈ পৰ্যটক যোৱা হয়, তেন্তে আগতীয়াকৈ বিশেষ অনুমতি লোৱাটো অত্যন্ত প্ৰয়োজন। তাৰ অবিহনে এই ঠাইলৈ যোৱাটো বিপদৰ পৰা মুক্ত নহয় আৰু লগতে এজন পৰ্যটক নিৰ্দেশিকা আৰু নিৰাপত্তাৰক্ষী হোৱাটো অত্যন্ত প্ৰয়োজন। (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages