চন্দ্ৰ গ্ৰহণৰ ১৫ দিনৰ পাছতেই লাগিব ২০২১ চনৰ অন্তিম সূৰ্য্য গ্ৰহণ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 27, 2021

চন্দ্ৰ গ্ৰহণৰ ১৫ দিনৰ পাছতেই লাগিব ২০২১ চনৰ অন্তিম সূৰ্য্য গ্ৰহণ : Religious Studies

Religious Studies


২০২১ বৰ্ষৰ অন্তিমটো সূৰ্য্য গ্ৰহণ ৪ ডিচেম্বৰৰ দিনা লাগিব । এই দিনটোত অমাৱস্যাও হয় ‌। ( Religious Studies )


সূৰ্য্য গ্ৰহণ সদায় অমাৱস্যাত আৰু চন্দ্ৰ গ্ৰহণ সদায় পূৰ্ণিমাৰ দিনা লাগে । বৈজ্ঞানিকসকলে সূৰ্য্য গ্ৰহণক বহুত ধৰণৰ পৰা বিশেষ বুলি কৈছে । ধাৰ্মিক মান্যতা অনুসৰি এই সময়ছোৱাত ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৃথিৱীত পৰে । মানুহ আৰু জীৱ জন্তুৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে । ৪ ঘন্টাৰ বাবে লগা গ্ৰহণৰ সময়ছোৱাত ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৃথিৱীত পৰিব । এনেকুৱাত কিছুমান উপায়ৰ দ্বাৰাহে এই প্ৰভাৱসমূহ কম কৰিব পাৰি । 


গ্ৰহণৰ সময়ছোৱাত বহুতো মানুহে এই নিয়মসমূহ পালন কৰে । লগতে ইয়াৰ প্ৰভাৱৰ পৰা বাছি থাকিবলৈ কিছুমান মন্ত্ৰৰ জাপ কৰা হয় । আপোনালোকে কোনবোৰ মন্ত্ৰ জাপ কৰিব  জানোঁ আহক । 


সূৰ্য্য গ্ৰহণক লৈ হোৱা মান্যতা সমূহ ‌- 

মান্যতা আছে যে সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত কোনো শুভ কাম আৰম্ভ কৰিব নালাগে । জ্যোতিষীসকলৰ মতে বেলেগ বেলেগ ৰাশিৰ ওপৰত সূৰ্য্য গ্ৰহণৰ বেলেগ বেলেগ প্ৰভাৱ পৰে । ইয়াৰ পৰা বাছিবলৈ কিছুমান বিশেষ মন্ত্ৰ জাপ কৰাটো ভাল হয় । আহক জানো এনেকুৱা কিছুমান মন্ত্ৰ যাৰ জৰিয়তে কেৱল শত্ৰুৰ নাশয়েই নহয় , ডাঙৰতকৈ ডাঙৰ বিপদ আতৰি যায় । ( Religious Studies )


গ্ৰহণৰ সময়ছোৱাত এই সময়ছোৱাত  কৰক এই মন্ত্ৰসমূহৰ জাপ - 

১) নাকাৰাত্মক শক্তিসমূহৰ নাশ কৰিবৰ বাবে - 


ওঁম হ্লীঁ বগলামুখী সৰ্বদুষ্টানাং বাচং মুখং পদং স্তম্ভায় 

জিহ্বাং কীলয় বুদ্ধিং বিনাশয় হ্লীঁ ওঁম স্বাহা ।।


যদি আপুনি গ্ৰহণৰ সময়ছোৱাত এই মন্ত্ৰটো জাপ কৰে তেতিয়া নাকাৰাত্মক শক্তিবোৰৰ নাশ হব আৰু শত্ৰুৰ ওপৰত জয় লাভ কৰিব পাৰিব । আপুনি এই মন্ত্ৰটো সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত মালা এডালৰ সৈতে জাপ কৰিব । 


২) ধন লাভৰ বাবে - 


ওঁম শ্ৰীং হ্ৰীং শ্ৰীং কমলে কমলালয়ে 

প্ৰসীদ প্ৰসীদ শ্ৰীং হ্ৰীং শ্ৰীং মহালক্ষ্মী নমহ: ।।


যদি গ্ৰহণৰ সময়ছোৱাত এই মন্ত্ৰ জাপ কৰে তেতিয়া মাতা লক্ষ্মী সুখী হব আৰু জাপৰ লাভকাৰী প্ৰভাৱ পৰিব । ধন লাভৰো সম্ভাৱনা বাঢ়িব ‌‌।


৩) বেয়া শক্তিৰ বিনাশৰ বাবে - 


বিধুন্তুদ নমস্তভ্যং সিংহিকানন্দনাচুযত

দানেনানেন নাগস্য ৰক্ষ মাং বৈধজাদ্ৰযাত ।।।


গ্ৰহণৰ সময়ছোৱাত এই মন্ত্ৰ জাপে বেয়া শক্তিবোৰৰ নাশ হয় আৰু গ্ৰহণৰ সময়ছোৱাত বেয়া প্ৰভাৱৰ পৰা ৰক্ষা পৰে ।


৪) শান্তি বৰ্তাই ৰাখিবৰ বাবে - 


তমোময় মহাভীম সোমসূৰ্যবিমৰ্দন ।

হেমতাৰাপ্ৰদানেন মম শান্তিপ্ৰদো ভব ।। ( Religious Studies )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages