দিপাৱলীৰ দিনা কি কি বস্তু দেখিলে অত্যন্ত শুভ বুলি মানা হয় : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, November 1, 2021

demo-image

দিপাৱলীৰ দিনা কি কি বস্তু দেখিলে অত্যন্ত শুভ বুলি মানা হয় : Religious Studies

 

.com/img/a/

দিপাৱলী হৈছে হিন্দু ধৰ্মৰ লোকৰ এটি মুখ্য পৰ্ব। এই পৱিত্ৰ দিনত শ্রী গণেশ আৰু মা লক্ষ্মীৰ পূজা কৰা হয়। এই দিনতে অযোধ্যাৰ ৰজা শ্রী ৰামচন্দ্ৰই ১৪বছৰ বনবাস খাটি আপোন ঘৰলৈ উভটি আহিছিল। সেয়ে এই দিনটোত পোহৰৰ উৎসৱ আৰু আনন্দৰাম উৎসৱ পালন কৰা হয়। লগতে এই দিনটোত ধন সম্পত্তি দেৱী মা লক্ষ্মীক বিধি বিধানেৰে পূজা কৰা হয়।

 হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুসৰি এই দিনটোতে মা লক্ষ্মীয়ে সকলোৰে ঘৰত প্ৰৱেশ কৰে। সেয়হে এই দিনা শ্ৰদ্ধা ভক্তিৰে মা লক্ষ্মীক পূজা কৰিলে গোটেই বছৰ ধৰি মা লক্ষ্মীৰ কৃপা থাকিব আৰু ঘৰখনত কোনো অশুভ শক্তিয়ে অপকাৰ কৰিব নোৱাৰিব। সেয়হে মা লক্ষ্মীৰ বেছি বেছি শুভ দৃষ্টি পাবলৈ এই কাম কৰিবলৈ কেতিয়াও না পাহৰিব। ( Religious Studies )


আম পাতৰ অধিক মহত্ব আছে, সেয়ে আম পাত বহু পূজাত ব্যৱহাৰ কৰা হয়। লগতে আম পাত মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে দিপাৱলীৰ ৩দিনৰ আগে ঘৰখন সুন্দৰকে চাফ চিকুণ কৰি লওক। তাৰপিছত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ১১টি আম পাত চিঙি আনি ৰঙা সূতাঁৰে মালা গাঠি ঘৰৰ মূল দুৱাৰত উলমাই ৰাখক। এনে কৰিলে ঘৰখনত সুখ শান্তি বিৰাজ কৰিব। ঘৰখনত ৰোগ ব্যাধি দূৰ হব, আৰু ঘৰখনত অশুভ শক্তিৰ প্ৰভাৱ নঘটিব। 


দিপাৱলীৰ দিনা  ৰাতি যদি এই ৪টা বস্তু আপোনাৰ ঘৰ বা ব্যৱসায় স্হানত দেখা যায়, তেন্তে এয়াক অত্যন্ত শুভ মনা হয়। যাৰ অৰ্থ এয়া যে, মা লক্ষ্মী সেই স্হানলৈ প্ৰৱেশ হৈছে। এই পোহৰৰ উৎসৱৰ দিনা মা লক্ষ্মীয়ে গোটেই পৃথিৱী ভ্ৰমণ কৰে । আৰু এই চাৰিপদ বস্তু হৈছে, 


১/লক্ষ্মী ফেঁচা। 

এই ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। এই দিপাৱলীৰ দিনা মা লক্ষ্মী ফেঁচাত বহি পৃথিৱী দৰ্শন কৰে। সেয়ে এই দিনত ঘৰত বা ব্যৱসায় স্হানত ফেঁচা দেখা পালে, মা লক্ষ্মীৰ কৃপা সিদ্ধি হব। 


২/মেকুৰী

দিপাৱলীৰ দিনা ঘৰত বা ব্যৱসায় স্হানত মেকুৰীৰ দৰ্শন হলে মংগলজনক মান্যতা দিয়া হয়। যাৰ ফলতে আগন্তুক বছৰটো মা লক্ষ্মীৰ কৃপাত অত্যন্ত ভালদৰে পাৰ হব। 


৩/চিকা

এই দিপাৱলীৰ দিনা চিকাৰ দৰ্শন অত্যন্ত ভাগ্যৰ কথা বুলি মান্যতা দিয়া হয়। এই দিনা চিকা যদি আপোনাৰ ঘৰত বা ব্যৱসায় স্হানত দেখিবলৈ পাইছে, তেতিয়া যানিব আপোনাৰ আকষ্মিক লাভ সমাগত। 


৪/জেঠী

এই দিনত জেঠী দেখা পোৱাটো মংগলজনক। যদিহে পূৱ দিশত জেঠী দেখা পায়, তেন্তে আগন্তুক বছৰটোত ব্যৱসায় বাণিজ্যত লাভ বাঢ়িব। আপোনাৰ সন্মান বৃদ্ধি হব। উত্তৰ দিশত জেঠী দেখা পালে ধন কুবেৰ দেৱৰ আপোনাৰ ওপৰত কৃপা পৰিব আৰু মা লক্ষ্মীৰ আৰ্শীবাদ পাব। পশ্চিম দিশত জেঠী দেখা পালে, বছৰটো সুখ সমৃদ্ধিৰ হব, বছৰটো ৰোগৰ পৰা দূৰত থাকিব পাৰিব। আৰু দক্ষিণ দিশে দেখিলে পৰিয়ালত সুখ বাঢ়িব। সামাজিক জীৱনৰ সন্মান বৃদ্ধি হব। 


এই চাৰিটাৰে এটা দেখাটো সৌভাগ্যৰে কথা। যিকোনো এটা দেখিলেই চাউল চটিয়াই দি মা লক্ষ্মীক জ্ঞান কৰি হাতযোৰ কৰি নিজৰ মনোকামনা প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। (কথাখিনি সংগ্ৰহিত)।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages