শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰথম অধ্যায়ত মহাভাৰত যুদ্ধ আৰম্ভ হোৱাৰ আগেয়ে অৰ্জুনৰ মন ব্যাকুল আৰু উগুল থুগুল (ব্যকুলতাৰে ভৰা)আছিল। অৰ্জুনে দৃঢ় নিশ্চয় কৰি সিদ্ধান্ত লব পৰা নাছিল, যে তেওঁৰ বন্ধু বান্ধব আৰু গুৰুসকল আৰু ইষ্ট কুটোম্ব সকলৰ ওপৰত অস্ত্ৰৰে প্ৰহাৰ কৰিব? নে নকৰিব? কৰা উচিত নে অনুচিত? এই শক্ৰান্তত বিবুধিত পৰি অৰ্জুনে ভগৱান শ্ৰী কৃষ্ণৰ পৰা এই পৰিস্থিতিৰ পৰা সমাধানৰ উপায় বিচাৰিছিল।। ( Religious Studies )
আমি আপোনালোকক গীতাৰ দ্বিতীয় অধ্যায়ত ভগৱান শ্ৰী কৃষ্ণই মনুষ্য জাতিৰ কাৰণে কি পৰামৰ্শ আগবঢ়াইছিল সেই বিষয়ে অলপ জনাম ।।
গীতাৰ দ্বিতীয় অধ্যায়টিক সাংখ্যযোগ বুলি কোৱা হয়। যেতিয়া অৰ্জুনে মহাভাৰতৰ যুদ্ধৰ আৰম্ভণিতে যুদ্ধ নকৰোঁ বুলি হতবুদ্ধি হৈ অস্ত্ৰ সম্বৰণ কৰিছিল সেই অৱস্থাতে বাসুদেৱ কৃষ্ণই অৰ্জুনৰ মনৰ এই মহোময় অৱস্থা দূৰ কৰিবলৈ সমাধান আৰু পৰামৰ্শ আগবঢ়াইছিল।
বাসুদেৱ কৃষ্ণই অৰ্জুনক কৈছিল “ হে অৰ্জুন, যুদ্ধৰ এই প্ৰাক মুহুৰ্তত কৰ পৰা তোমাৰ মনত এনে মোহৰ উৎপত্তি হল। এনে মোহে কেতিয়াও কোনো শ্ৰেষ্ঠ পুৰুষক শোভা নিদিয়ে। এনে মোহে তোমাৰ কোনো যশ কীৰ্তি নবঢ়ায়। হে অৰ্জুন, নপুংসক নহবা আৰু কাপুৰুষতা ত্যাগ কৰি যুদ্ধৰ বাবে প্ৰস্তুত হোৱা।"মহাভাৰত যুদ্ধৰ মাজত ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক দিয়া এই উপদেশ বাণী কেৱল অৰ্জুনকে দিয়া নাই, অৰ্জুনৰ মাজেদি এই উপদেশ বাণী সমগ্ৰ মানৱ জাতিৰ কাৰণেই প্ৰদান কৰিছে।
আমি সকলোৱেই নিজেই নিজৰ জীৱনত অনুভৱ কৰিছো কেনেকৈ কিছুমান জটিল পৰিস্থিতিত পৰিলে আমাৰ মন দুৰ্বল হৈ পৰে আৰু সেই সময়ত আমি কি কৰিম কি নকৰিম একো সিদ্ধান্ত লব নোৱাৰা হওঁ। ভাল বেয়া কৰ্মৰ বিচাৰ বিবেচনা কৰিব নোৱাৰোঁ। আৰু সেই কৰ্মৰ আমাৰ চৰিত্ৰৰ ওপৰত কেনে প্ৰভাৱ পৰিব তাকো বুজিব নোৱাৰা হওঁ। সেইয়ে শ্ৰীমদ্ভাগৱত গীতাৰ মাধ্যমেৰে আমি আমাৰ জীৱনৰ জটিল পৰিস্থিতিত অৰ্জুনৰ নিচিনাকৈ ভগৱান শ্ৰী কৃষ্ণৰ মাধ্যমেৰে সঠিক সিদ্ধান্ত আৰু দিহা পৰামৰ্শৰ সন্ধান বিচাৰি পাব পৰো। শ্ৰীমদ্ভাগৱত গীতাৰ অধ্যয়নৰ কাৰণে আমাৰ জীৱনত নিশ্চয় সময় উলিওৱাটো প্ৰয়োজন । গীতাৰ এই অধ্যায়ত অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক দণ্ডৰে ভৰপূৰ মনেৰে সুধিছে “হে মধুসূদন মই কেনেকৈ বাৰু মোৰ পৰম পূজনীয় মহানুভৱ গুৰু সকল, ভীষ্ম পিতামহ আৰু গুৰু দুৰ্ণচাজ্যৰ শৰীৰত অস্ত্ৰৰে প্ৰহাৰ কৰোঁ। পৰম আৰাধ্য গুৰু সকলৰ তেজেৰে মিহলি হোৱা অন্ন ভোগ কৰি জীয়াই থকাতকৈ ভিক্ষা কৰি জীয়াই থকাটোয়েই মোৰ কাৰণে পৰম কল্যাণ কাৰি হব বুলি মই ভাবোঁ। মই কোনো পধ্যেই যুদ্ধ কৰিম নে নকৰিম সিদ্ধান্ত কৰিব পৰা নাই আৰু এইটোও নাজানো যে যুদ্ধত কোন পক্ষয়ৰ বিজয়ী আৰু কোন পক্ষয়ৰ পৰাজয় হব। হে মধুসূদন যি সকল ইষ্ট কুটুম্ব মিত্ৰ আৰু গুৰু সকলক নিধন কৰি মই পৃথিৱীৰ আধিপত্য পালেও মই অন্তৰত সুখ লাভ কৰিব পাৰিম বুলি আশা দেখা নাই। সেয়ে কাপুৰুষতাৰে ভৰি উঠা আৰু চিত্ত মোহেৰে আচ্ছাদিত হোৱা এই বিভ্ৰান্তিময় অৱস্থাত মোৰ কাৰণে কোনটো শ্ৰেয় হব আৰু পৰম কল্যাণকাৰী আৰু ধৰ্ম বিহিত হব সেই কাৰ্যকে তুমি মোক জনোৱা। কিয়নো মই তোমাৰ সেই শিষ্যত্ব গ্ৰহণ কৰিছো। এই বিষয়ত তুমি মোক শিক্ষা প্ৰদান কৰা।"( Religious Studies )
শ্ৰী কৃষ্ণই অৰ্জুনক কিছু বুজনি দিয়া পাছতো অৰ্জুনৰ মনৰ সংকা দূৰ নহল। সিফালে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে “ হে ৰাজন কুৰুক্ষেত্ৰ ৰণাংগনত দুয়ো দল সেনানী মাজত নিদ্ৰাৰ উপৰত বিজয় প্ৰাপ্ত কৰা অৰ্জুনে অনৰ্য্যমি বাসুদেৱ কৃষ্ণৰ আগত স্পষ্ট ভাষাৰে মই যুদ্ধ নকৰোঁ বুলি কৈ গাণ্ডীৱ ত্যাগ কৰি মৌন হৈ ৰল।" অৰ্জুনৰ এনে বমৰ্ষ অৱস্থা দেখি বাসুদেৱ কৃষ্ণই এটি শান্ত হাঁহি মাৰি অৰ্জুনলৈ চাই কলে “হে অৰ্জুন তুমি যাৰ কাৰণে শোক কৰি যুদ্ধ নকৰোঁ বুলি কৈছা তেওঁলোকৰ প্ৰতি কোনোপধ্যেয় শোক কৰা যোগ্যই নহয়। কাৰণ জ্ঞানী লোকে যিসকলে প্ৰাণ ত্যাগ কৰিছে তেওঁলোকৰ প্ৰতি অথবা যি জীৱিত হৈ আছে তেওঁলোকে প্ৰাণ ত্যাগ কৰিব বুলি বা মৃত্যু হব বুলি শোক আৰু চিন্তাত কাতৰ নহয় কাৰণ এনে কোনো সময় নাছিল যেতিয়া তুমি বা মই অথবা তোমাৰ সৈতে যুদ্ধত লিপ্ত হোৱা এই ৰজা সকল নাছিল। বা এনে কোনো সময় নাথাকিব যেতিয়া তুমি বা মই বা এই ৰজা সকল নাথাকিব। হে অৰ্জুন,
আত্মা অমৰ, বিনাশ শিল , নিত্য সনাতন। শৰীৰৰ মৃত্যু হলেও আত্মাৰ মৃত্যু নহয়। যেনেকৈ এই শৰীৰৰ জন্ম, বাল্য অৱস্থা যৌৱন জোৰা অৱস্থা আৰু মৄত্যু থাকে কিন্তু আত্মা ৰ মৃত্যু নাই আত্মাই এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ প্ৰৱেশ কৰে। তেনেকৈ আত্মাই য়ো এটি শৰীৰৰ পৰা সংস্কাৰ অনুযায়ী আন শৰীৰত প্ৰবেশ কৰে। জ্ঞানী লোক এই বিলাক বিষয়ৰ দ্বাৰা প্ৰভৱান্বিত নহয়। ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক কলে," হে কুন্তী পুত্ৰ অৰ্জুন, গৰম ঠাণ্ডা , সুখ দুখ আদি ইন্দ্ৰিয় ৰে অনুভৱ কৰা সুখ বিনাশ শিল আৰু অনিত্য। হে ভাৰত শ্ৰেষ্ঠ , তুমি ইন্দ্ৰিয়ৰ আৰু বিষয়ৰ সম্পৰ্কত প্ৰাপ্ত হোৱা সুখ দুখ সহ্য কৰা। এই বিষয়ৰ পৰা উৎপত্তি হোৱা সুখৰ দ্বাৰা প্ৰভাৱত নহবা। কাৰণ এই ইন্দ্ৰিয় গ্ৰাহ্য বিষয় সুখৰ দ্বাৰা আক্ৰান্ত নোহোৱা ধীৰ স্থিৰ ইন্দ্ৰীয় বিজয়ী পুৰুষ হে মোক্ষ প্ৰাপ্তি ৰ অধিকাৰী হয়। হে কুন্তী পুত্ৰ আত্মা ক বিনাশ কৰিব পৰা কোনো শক্তি নাই। আত্মা নাশৰহিত, অপ্ৰমেয়, স্বাস্বত। আত্মাৰ তুলনাত জীৱৰ শৰীৰৰ বিনাশসিল অনিত্য। সেইয়ে হে অৰ্জুন তুমি যুদ্ধত প্ৰবৃত্ত হোৱা। আত্মাই কাকো মৃত্যু নঘটাই অথবা আন কাৰোবাৰ দ্বাৰা মৃত্যু নহয়।এই আত্মাৰ জন্মও নাই আৰু মৃত্যুও নাই। এই আত্মা অজনম, চিৰপুৰাতন, অমৰণ- অভগন। হে কুন্তী পুত্ৰ অৰ্জুন, যিজন পুৰুষে এই আত্মা অজনমা, অব্যয়, নিত্য, চিৰ-স্বাস্বত আৰু চিৰ পুৰাতন বুলি জানে , তেওঁ এইটো ও জানে যে শৰীৰৰ পৰিবৰ্তন হলে ও আত্মা অপৰীৱতনীয়। যেনেকৈ জিবাত্ময়ে জৰাজীৰ্ণ বস্ত্ৰ সলাই নতুন বস্ত্ৰ পৰিধান কৰে তেনেকৈ আত্মাইও দেহ পুৰণা আৰু জৰাজীৰ্ণ হলে সেই দেহ সলাই নতুন দেহ ধাৰণ কৰে। এই আত্মাক অস্তৰে কাটিব নোৱাৰে, জুইয়ে জ্বলাব নোৱাৰে, বতাহে শুকুৱাব নোৱাৰে আৰু পানিয়েও তিয়াব নোৱাৰে। এই আত্মা অদাহ্য, অছেদ্য, অপৰিবতনীয় আৰু বিনাশ ৰহিত। এই আত্মা অব্যক্ত, অব্যয়। অকল সেই য়ে নহয় এই বিকাশ ৰহিত নিত্য সৰ্ব বিয়াপি। হে অৰ্জুন আত্মাৰ এই নিত্য স্বৰূপ ক অনুভৱ কৰি তুমি শোক মুক্ত হোৱা। আৰু যদিও তুমি আত্মা শৰীৰৰ জন্ম আৰু মৃত্যু হয় বুলি ভাবিছা তথাপিও জানি লোৱা যে যাৰ জন্ম হৈছে তাৰ মৃত্যু হবৈ। আৰু যাৰ মৃত্যু হৈছে সি পুনৰ জন্মিব লাগিব। আত্মা অব্যক্ত জন্ম আগতেও আত্মা অব্যক্ত আছিল আৰু মৃত্যুৰ পিছতো অব্যক্ত থাকিব। কেৱল জন্ম আৰু মৃত্যুৰ মধ্য ভাগতে আত্মাই সংস্কাৰ অনুযায়ী দেহ ধাৰণ কৰি ব্যক্ত হয়। হে অৰ্জুন সেইয়ে তুমি কিয় অনাহকত শোক কৰিছা। কোনো কোনো পুৰুষে এই আত্মাৰ কথা শুনি আচৰ্য্য প্ৰকাশ কৰে , কোনো কোনোৱে এই আত্মাক অনুভূতি কৰি তাক বৰণ কৰে, কোনো কোনোৱে সকলো শুনিও একোৱে বুজিব আৰু অনুভৱ কৰিব নোৱাৰে। আত্মা সকলো প্ৰাণীৰ শৰীৰত সদায় অবধ্য ৰূপত থাকে। সেইয়ে সম্পূৰ্ণ প্ৰাণীকুলৰ কাৰণেও তুমি শোক কৰিব নালাগে। তুমি তোমাৰ ধৰ্ম পাল ৰ সময়ত এনেদৰে আঁতৰি অহা উচিত নহয়। ক্ষত্রিয় সকলৰে কাৰণে এই ধৰণৰ ধৰ্ম আধাৰিত যুদ্ধত প্ৰবৃত্ত হোৱাতকৈ আৰু কোনো কল্যান কাৰী কৰ্তব্য নাই। কিন্তু তুমি যদি এই স্বধৰ্ম যুক্ত আৰু কীৰ্তি প্ৰদানকাৰী যুদ্ধত প্ৰবৃত্ত নহৈ আঁতৰি যোৱা , তেন্তে তুমি পাপত পৰিবা। হে পাৰ্থ, স্বৰ্গদ্বাৰ আপোনা আপুনি খুলি দিয়া এনে ধৰণৰ ধৰ্ম যুদ্ধ ত। প্ৰবৃত্ত হবলৈ ভাগ্যবান ক্ষত্ৰিয় সকলেহে লাভ কৰে। সেইয়ে যদি তুমি এনে ধৰ্ম যুদ্ধৰ পৰা আঁতৰি যোৱা তেন্তে স্বধৰ্ম পালনৰ পৰা বিৰত থকাৰ কাৰণে পাপত পৰিবা। আৰু যি সকলে সদায় তোমাক সন্মান আৰু শ্ৰদ্ধাৰে চাইছিল আৰু কীৰ্তিমান বুলি আদৰ কৰিছিল তেওঁলোকৰ চকুটো তুমি প্ৰতিপন্ন হবা। তেওঁলোকে তোমাৰ অপযশ আৰু অকৃৰ্তি ৰ কথা হে আলোচনা কৰিব। খ্যাতিমান আৰু শক্তিমান পুৰুষৰ নিন্দা আৰু অপযশ মৃত্যু তুল্য। আৰু যিসকলে তোমাক মহাৰথী বুলি গুণ-গান কৰিছিল আৰু সন্মানৰ চকুৰে চাইছিল তেওঁলোকেও তুমি ভয়তে যুদ্ধৰ পৰা আঁতৰি আহিছা বুলি তোমাৰ নিন্দা কৰিব। ইয়াতকৈ আৰু দুখৰ কথা কি হব পাৰে। সেই য়ে হয় তুমি যুদ্ধত লিপ্ত হৈ বীৰ গতি প্ৰাপ্ত কৰা নহবা যুদ্ধত বিজয় হৈ এই পৃথিৱীৰ সুখ সম্পদ ভোগ কৰা। সেইকাৰণে হে অৰ্জুন তুমি যুদ্ধত জয় পৰাজয় সুখ-দুখ,লাভ-ক্ষতি এই সকলো বিলাক চিন্তা ভাবনা মনৰ পৰা আঁতৰাই যুদ্ধৰ কাৰণে দৃহ নিশ্চয় কৰি প্ৰস্তুত হোৱা। এনেধৰণৰ যুদ্ধ কৰিলে কেতিয়াও তুমি পাপত প্ৰবিত্ত নোহোৱা। এতিয়ালৈকে তোমাক মই যিখিনি কথা কৈছোঁ সেইয়া কেৱল তোমাৰ জ্ঞান প্ৰাপ্তি কাৰণে হে কৈছোঁ। এতিয়া মই তোমাক তোমাৰ কৰ্তব্য কৰ্ম বিষয়ে অৱগত কৰিম। সেয়ে তুমি ধ্যানেৰে কথাবোৰ শুনিবা ।
ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক কৰ্ম যুগৰ বিষয়ে কবলৈ আৰম্ভ কৰিলে, “হে পাৰ্থ এই কৰ্ম যুগত নিশ্চয় আত্মিকতা আৰু বুদ্ধি এক হৈ পৰে। কিন্তু অস্থিৰ মনৰ বিভিন্ন বুদ্ধিৰে ভেদ সম্পন্ন মনুষ্য সকলৰ মনে নিশ্চয় আত্মক বুদ্ধি প্ৰাপ্ত কৰিব নোৱাৰে। যিসকলৰ মন বুদ্ধি ভোগতি তন্ময়, যিসকলে কেৱল কৰ্ম ফল প্ৰদানকাৰী বেদ বাক্যৰ প্ৰতি প্ৰীতি যুক্ত, যিসকলে কেৱল স্বৰ্গ প্ৰাপ্তিকে পৰম প্ৰাপ্তি বুলি বিবেচনা কৰে আৰু তাতোতকৈ আৰু কোনো উত্তম লক্ষ্য আছে বুলি নাভাবে, যিসকলৰ মন ভোগ আৰু ঐশ্বৰ্য প্ৰদানকাৰী বিভিন্ন ধৰণৰ কৰ্ম কাণ্ড প্ৰতিহে অধিক আকৰ্ষিত তেনেধৰণৰ অবিবেচিত অস্থিৰ চিত্তৰ মনে পৰমাত্মাক নিশ্চয়আত্মিকতা বুদ্ধিৰে স্থিৰতা লাভ কৰিব নোৱাৰে।বেদত তিনি গুণৰ অধাৰেৰে এই জগতৰ সকলো মনুষ্য কৰ্ম পৰিচালিত হয় বুলি উল্লেখ কৰিছে। যেনেকৈ জলাশয় পানীৰে পৰিপূৰ্ণ হৈ পৰা পিছত সৰু জলাশয় ৰ প্ৰয়োজন হৈ পৰে তেনেদৰেই ব্ৰহ্ম জ্ঞানী মহা অনুভৱ জনৰ কাৰণে সমস্ত বেদৰ প্ৰয়োজনো সীমিত হৈ পৰে। হে অৰ্জুন তোমাৰ কেৱল কৰ্ম কৰি যোৱাতহে অধিকাৰ আছে কৰ্ম ফলত অধিকাৰ নাই। তুমি ফলৰ প্ৰতি আশা ত্যাগ কৰি সিদ্ধি আৰু অসিদ্ধিত সম-ভাবাপূৰ্ণ হৈ যোগ স্থিতি ৰে কৰ্ম কৰি যোৱা। কৰ্ম কৰা পিছত ফল যিয়ে নহওঁক লাগিলে সেই ফলৰ প্ৰতি সমভাবাপূৰ্ণ হৈ থাকিব পৰা টোৱে যোগ তুমি এই সমস্ত বুদ্ধিত প্ৰতিষ্ঠিত হবলৈ প্ৰয়াস কৰা। সমত্ত বুদ্ধি ত প্ৰতিষ্ঠিত লোকে পাপ পুণ্য দুয়োকে ত্যাগ কৰি কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ যায়। সমত্ত বুদ্ধি ত প্ৰতিষ্ঠিত হৈ কুশলতা ৰে কৰ্ম কৰাটো য়ে যোগ। সমত্ত বুদ্ধিৰে যুক্ত জ্ঞানী পুৰুষে কৰ্ম ফলৰ বন্ধনৰ পৰা মুক্ত হৈ নিৰ্বিকাৰ পৰম পদ প্ৰাপ্ত কৰে। যেতিয়া তোমাৰ মন বিষয় ভোগৰ পৰা নিবৃত্ত হৈ অন্তৰত বৈৰাগ্য ৰ উৎপত্তি হব তেতিয়াই তোমাৰ মন পৰমাত্মা ত স্থিৰ হৈ যোগ স্থিতি লাভ কৰিব। এনে যোগ স্থিতিৰে কৰ্ম কৰা লোকেই স্থিত প্ৰজ্ঞ হয়। ভগৱান শ্ৰী কৃষ্ণৰ এই কথা শুনি অৰ্জুনে কৌতূহলেৰে সুধিলে,“ হে কেশৱ স্থিত প্রজ্ঞ লোকৰ লক্ষণ কি? তেওঁলোকে কেনেকৈ উঠা বহা কৰে? খোৱা শুৱা কৰে? সেই বিষয়ে মোক তুমি অৱগত কৰা।” ভগৱান শ্ৰী কৃষ্ণই কলে,“যি জন মনুষ্যৰ বুদ্ধি ৰাগ দ্বেষ আদিৰ পৰা মুক্ত হৈ সুখ আৰু দুখত সম বুদ্ধি যুক্ত হৈ সকলো উদ্বেগৰ পৰা মুক্ত হৈ পৰে তেওঁলোকৰ বুদ্ধি স্থিৰ বুলি কব পাৰি।যিসকল পুৰুষে মনৰ সকলোঁ কামনা ত্যাগ কৰি আত্মাৰে পৰমাত্মা তেই স্থিত হয় তেনে সন্তুষ্ট চিত্ত ৰ পুৰুষক স্থিত প্ৰজ্ঞ বুলি কোৱা হয়। কাছই যেনেকৈ মুৰ , ঠেং আদি সমস্ত অংগ সমুহ প্ৰয়োজন অনুসৰি সুমুৱাই লয় তেনেকৈ স্থিত প্ৰজ্ঞ কৰণেও নিজৰ সমস্ত ইন্দ্ৰীয় বিষয়ৰ পৰা আঁতৰাই কেৱল পৰমাত্মা ত নিজৰ মন চিত্ত ক একাগ্ৰ কৰি লয়। স্থিত প্ৰজ্ঞ জনৰ অন্তৰৰ আসক্তিয়েও পৰমাত্মাক সাক্ষাৎ কাৰ কৰি য়েই তৃপ্ত হয়।কিন্তু বিষয়ৰ চিন্তা কৰা জনৰ মন বিষয়ৰ প্ৰতি আসক্ত হৈ পৰে। আসক্তিৰ পৰা কামৰ উৎপত্তি আৰু কামৰ পৰা ক্ৰোধৰ উৎপত্তি হয়। ক্ৰোধৰ পৰা মোহৰ উৎপত্তি হয় আৰু মোহৰ পৰা স্মৰণ শক্তি ভ্ৰমিত হয় আৰু বুদ্ধি নষ্ট হয়। বুদ্ধি নষ্ট হলে মনুষ্য সৰ্ব নাশ হয় আৰু পুনঃ নিম্ন স্থিতি লৈ অবনমিত হয়। কিন্তু স্থিত প্ৰজ্ঞ পুৰুষৰ অন্তৰত সদা প্ৰসন্নতাৰ অনুভূতি হয় আৰু এই প্ৰসন্ন তাৰ বলতেই অন্তৰৰ সকলো দুখৰ পৰা মুক্ত হয়। এনে প্ৰসন্নতাযুক্ত যোগী জনৰ মন পৰমাত্মা ত শীঘ্ৰেই স্থিৰ হয । কিন্তু অস্থিৰ মনৰ , অন্তৰত প্ৰসন্নতা নথকা জনৰ মন পৰমাত্মাত স্থিৰ নহয় আৰু তেঁও লোকৰ অন্তৰত ভৱনা ৰেই অভাৱ ঘটে। ভাৱ হীন মনুষ্য ৰ অন্তৰত শান্তি নাথাকে আৰু যাৰ অন্তৰত শান্তিয়েই নাই তেঁও বাৰু কেনেকৈ স্থিৰ হব? যেনেকৈ পানীৰ ওপৰত থকা নাওঁক বায়ু যে প্ৰভাৱিত কৰি পৰিচালিত কৰে তেনেকৈ বিষয় আসক্ত মনুষ্যৰ মনো কামনা বাসনাৰ দ্বাৰা পৰিচালিত হবলৈ বাধ্য হৈ পৰে।
সেইয়ে, হে মহাবাহু, যাৰ মন সৰ্বতো ভাৱে ইন্দ্ৰীয়ৰ পৰা নিগৃহিত হৈ কেৱল পৰমাত্মা ৰ ধ্যানতেই ৰত হয়, তেঁও পৰম শান্তি প্ৰাপ্ত কৰিব পাৰে।" ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক আৰু কলে ," সম্পূৰ্ণ প্ৰাণী জগতৰ কাৰণে যেতিয়া ৰাতি হয় তেতিয়া পৰমাত্মা স্থিত যোগী জন জগৃত হয আৰু সাংসাৰিক বিষয় সুখৰে আক্ৰান্ত জীৱকুলৰ কাৰণে যেতিয়া দিন হয় আৰু তেঁও লোক সাংসাৰিক ক্ৰিয়া কাৰ্যৰ কাৰণে জাগৃত হয় তেতিয়া প্ৰজ্ঞা বান যোগী জনৰ কাৰণে সেই দিন ৰাতি সদৃশ হৈ পৰে তেঁও বিষয় ভোগৰ পৰা নিজকে আঁতৰাই নিদৃত হৈ পৰে। আকৌ যেনেকৈ মহা সমুদ্ৰত বিভিন্ন দিশৰ পৰা ভিন ভিন নদ নদী সমুহ একেলগে আহি মিলিত হলেও মহা সমুদ্ৰৰ জল পৃষ্ঠ পানীৰে উপচি নপৰে, মহা সমুদ্ৰেই সেই সকলো বিলাক নিজৰ মৰ্যাদাৰে সামৰি লয়, তেনেকৈ পৰমাত্মা স্থিত যোগী জানো মহাসমুদ্ৰৰ দৰেই,। তেওঁ তেওঁৰ অন্তৰত উৎপত্তি হোৱা সকলো ইন্দ্ৰীয়ৰ আমনি তথা বিকাৰত বিচলিত নোহোৱাকৈ মহা সমুদ্ৰৰ দৰেই সমাহিত কৰি লব পাৰে। সেই কাৰণে যি জন পুৰুষ মমতা ৰহিত, স্পৃহা ৰহিত ,, অহংকাৰ ৰহিত হৈ যায়, তেঁও এই পৰমাত্মাত স্থিৰ হৈ পৰম শান্তি প্ৰাপ্ত কৰিব পাৰে। এই পৰম শান্তি ময় স্থিতি প্ৰাপ্ত হোৱাৰ পিছত আৰু তেঁও পুণৰ মোহিত নহয়।
পৰমাত্মা স্থিত হৈ পৰম আনন্দ আৰু পৰম শান্তি প্ৰাপ্ত কৰি তেঁও মানৱ জীৱনৰ পৰম লক্ষ্য ত উপনীত হৈ মানৱ জীৱনৰ পৰম সৰ্থকতা লাভ কৰে।
শ্ৰীমদ্ভাগৱত গীতাৰ সংখ্যা যোগ,২ য় অধ্যায়ত ভগৱান শ্ৰী কৃষ্ণই সমগ্ৰ মানৱ জাতিক জ্ঞান আৰু কৰ্ম ৰ বিষয়ে অৱগত কৰিছে। এই অধ্যায়ত ভগৱান শ্ৰী কৃষ্ণই কেনেকৈ মোক্ষ প্ৰাপ্তি লাভ কৰিব পাৰি আৰু ভগৱনৰ শ্ৰী চৰণত স্থান লাভ কৰিব পাৰি সেই বিষয়ে অমৃত বাণী প্ৰদান কৰিছে।
ইমানতে ই শ্ৰী মদ ভাগৱত গীতা ৰ
সংখ্যা যোগ নামেৰে ২ য় অধ্যায়ৰ ইতি পৰিছে।
আপোনালোকে এই আলোচনাৰ পৰা শ্ৰীমদ্ভাগৱত গীতাৰ বিষয়ে আৰু অধিক অধ্যয়ন আৰু চৰ্চা আৰু দৈনন্দিন জীৱনত এই উপদেশ সমূহৰ আচৰণেৰ এই মানৱ জীৱন টিক আনন্দ ময় আৰু সমৃদ্ধি ময় কৰি তুলিব পাৰে।।....( Religious Studies )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment