ক্ৰোধক নিয়ন্ত্ৰণ কৰাৰ উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 18, 2021

ক্ৰোধক নিয়ন্ত্ৰণ কৰাৰ উপায় : Religious Studies

Religious Studies

আমাৰ সকলোৰে এটা ডাঙৰ সমস্যা হৈছে ক্ৰোধ । ক্ৰোধ অৰ্থাৎ খং। ৫০০০ বছৰ আগতেও আমাৰ এইটোৱেই সমস্যা আছিল , সেইবাবে শ্ৰীমদ্ভাগৱত গীতাত শ্ৰীকৃষ্ণই ক্ৰোধৰ পৰা মুক্তি পাবলৈ কিছুমান উপায় কৈছে আৰু ক্ৰোধক নৰকৰ দুৱাৰ বুলি কৈছে। (Religious Studies)


প্ৰথমতে আপোনাক জনাও যে ক্ৰোধ কেৱল আৱেগ,মনৰ ভাৱ ব্যক্ত কৰাৰ এক উপায়। আপোনাৰো যদি ক্ৰোধৰ সমস্যা আছে তেতিয়া আপুনিও ইয়াৰ পৰা বাহিৰলৈ আহিব পাৰে। আপুনি এই লেখাটো পঢ়িবলৈ লৈছে যেতিয়া আপুনিও ক্ৰোধৰ পৰা নিজকে মুক্ত কৰিব বিচাৰিছে । বিশ্বাস কৰক আপুনি এই লেখাটো পঢ়িবলৈ লৈ ক্ৰোধ শেষ কৰাৰ আধা যুদ্ধখন ইতিমধ্যে জয় কৰিছে । আৱশ্যকতা আছে ক্ৰোধ আপোনাৰ হাতত থকা থকাটো, আপুনি ক্ৰোধৰ হাতত থকাটো নহয়। ক্ৰোধ কি হয় ভালদৰে বুজাবলৈ এটা কাহিনীৰ উদাহৰণ লৈছোঁ


এবাৰ এজন সাধু এটা সুন্দৰ হ্ৰদৰ ওচৰলৈ গল । তাৰ পাছত তেওঁৰ হ্ৰদটো দেখি তাৰ মাজত গৈ ধ্যান কৰিবলৈ মন গল, সেইবাবে তেওঁ নাৌকাৰ জৰিয়তে হ্ৰদৰ মাজলৈ গৈ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে আৰু নৌকাখন চলাবলৈ এৰি দিলে । প্ৰকৃতিৰ মাজত ধ্যানত বহিবলৈ পায় সাধুজনে যথেষ্ট আনন্দৰ অনুভৱ কৰিছিলে। ভগৱানৰ ধ্যানত বিলীন হৈ থাকোতেই এখন নৌকাই আহি তেওঁৰ নৌকাত খুণ্ডা মাৰি দিলে। এবাৰ দুবাৰ নহয় বহুবাৰ নৌকাখন আহি সাধু জনৰ নৌকাত খুণ্ডা মাৰি - মাৰি অশান্তি  কৰি আছিল । সাধুজনৰ বহুত ক্ৰোধ আহিল আৰু পাছলৈ ঘূৰি চাল যে কোন মূৰ্খ ব্যক্তিয়ে বাৰে-বাৰে আহি তেওঁৰ নৌকাত খুণ্ডা মাৰি আছে। তেতিয়া তেওঁ দেখিলে যে এখন খালী নৌকাইহে তেওঁক বাৰে-বাৰে খুণ্ডা মাৰি আছে যিখন হ্ৰদটোত এৰ খায় গৈ বতাহৰ বাবে নিজেই চলাচল কৰি আছে। তেওঁ অনুভৱ কৰিলে যে ক্ৰোধ তেওঁৰ ভিতৰতেই আছে যিটোক মাথো অকণমান অগ্নিকণাৰ প্ৰয়োজন ।


বন্ধুসকল আমি মানিবই লাগিব যে ক্ৰোধ আমাৰ ভিতৰতেই আছে আৰু ইয়াৰ বাবে কোনো অন্য ব্যক্তি নহয় আমিয়েই দায়ী, আপোনাক কোনোৱেই ক্ৰোধ উঠাই দিব নোৱাৰে,যদি আপুনি ক্ৰোধ নকৰো বুলি মনতে থিৰাং কৰে।


এতিয়া আহিছো দ্বিতীয়টো কাহিনীৰ ওপৰত। 

এবাৰ এটা বহুত ডাঙৰ দোকানী আছিল ।গোটেই গাঁওখনত তাৰ বহুত দুৰ্ণাম আছিল, সি মানুহৰ পৰা চলেৰে বহুত পইচা লুটি লৈছিল । এই কথা এজন বাটৰুৱাই গম পাইছিল আৰু দোকানলৈ যোৱাৰ কথা ভাৱিলে । দোকানলৈ গৈ বস্তু কিনিলে আৰু ঘূৰি আহিব লওঁতেই দোকানীয়ে কলে যে "মই তোমাৰ ওচৰত এটা চৰ্ত ৰাখিম যদি তুমি জিকি যোৱা তেতিয়া এই সকলো বস্তু তুমি পইচা নিদিয়াকে পাই যাবা আৰু যদি মই জিকো তেতিয়া তুমি ইয়াৰ দুগুণ দিব লাগিব বুলি কলে। মই তোমাক এটা কহিনী কম যদি তুমি সেইটো বিশ্বাস কৰি লোৱা আৰু কেনেকৈ সম্ভৱ হল কব পাৰা তেতিয়া তুমি জয়ী হবা। যদি সম্ভৱ নহয় বুলি কোৱা তেতিয়া মই জিকিম।" এই কথাষাৰ শুনাত বহুত আমোদজনক লাগিল বাবে বাটৰুৱাজনে চৰ্তটো মানি ললে ।তেতিয়া দোকানীয়ে কলে ৰাতি মই মোৰ ছাগলীজনীক বান্ধি থলো কিন্তু ৰাতিপুৱা শুই উঠি দেখিলো যে এজনী ছাগলীজনীয়ে ১০০ এটা পোৱালীতকৈ বেছি পোৱালী জন্ম দিলে। এতিয়া এইটো কোৱা এইটো কেনেকৈ সম্ভৱ হল । চৰ্ত অনুসৰি যদি বাটৰুৱা জনে এইটো সম্ভৱ নহয় বুলি কলে তেওঁ বিজয়ী হলহেতেন আৰু যদি সম্ভৱ হয় বুলি কয় তেতিয়া কব লাগিব যে এইটো কেনেকৈ সম্ভৱ হয়। বাটৰুৱাই কলে এইটো একদম সম্ভৱ হয় ছাগলী আপোনাৰ হয়, ৰাতি আপুনিয়েই ছাগলীজনী বন্ধ কৰিছিলে, ৰাতিপুৱাও আপুনিয়েই দেখিছিলে আৰু আপোনাৰ বাহিৰে অন্য কোনোৱে দেখাও নাই । গোটেই গাঁওখনেই কয় আপুনি মিছা কথা নকয় বুলি । নিজৰ প্ৰসংশা শুনি দোকানীজনে খুব হাঁহিলে আৰু চৰ্ত অনুসৰি বাটৰুৱাজনক বস্তুবোৰো দি দিলে আৰু পইচাও ঘূৰাই দিলে। পইচা পোৱা পাছত বাটৰুৱা জনে ওলোটাই প্ৰশ্ন কৰি কলে মইও আপোনাক এটা কাহিনী কম যদি বিশ্বাস কৰি কেনেকৈ হল কয় তেতিয়া পইচাও দি দিম আৰু বস্তুবোৰো ঘূৰাই দিম। যদি বিশ্বাস নকৰে তেতিয়া মোক দুগুণ দিব লাগিব। তেতিয়া দোকানীয়ে চৰ্ত মানি ললে বাটৰুৱাই কলে এই গাঁওত মোৰ এখন খেতি আছে যত বহুত সৰ্প আছে সিঁহতি নিজৰ মুৰটো ওপৰলৈ দাঙি আকাশত উৰি থকা চিলনীবোৰক মাৰি পেলায়। তেতিয়া দোকানীয়ে একদম সম্ভৱ হয় আপুনি মিছা কথাটো নকয় বুলি কলে । বাটৰুৱাই কাহিনীটোক আগুৱাই কলে কালি যেতিয়া মই খেতিলৈ গলো তাত ৫০০ কেজিৰ এটা তৰমুজ পালো সেইটো যেতিয়া কাটিলো তেতিয়া তাৰ পৰা এটা পখিলা উলাল । পখিলাৰ মুখৰ ওচৰত এখন কাগজ পৰি আছিল যত লিখা আছিল ইয়াৰ দোকানীজন চুৰ হয়  আৰু গাঁওৰ মানুহৰ পইচা লুটি লুটি ধনী হৈছে । এই কথাষাৰ শুনি দোকানীজন খংত জুইৰ দৰে জ্বলি উঠিল আৰু কলে সকলো মিছা এনেকুৱা কেতিয়াও হব নোৱাৰে । এইবাৰো দোকানীজন বিজয়ী হল।(Religious Studies)


সত্য এইটো যে আমাৰ নামত মানুহে ভাল ভালকৈ কলে যিদৰে আনন্দ লাগে তেনেদৰে কোনোবাই বেয়াকৈ কলে খং উঠিবই। ইয়াত বেয়াকৈ কোৱাৰ অৰ্থ হৈছে কঠিন পৰিস্থিতি। এই শিক্ষাই আমাক শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ ,৩৮ শ্লোকত  দি কৈছে যে সুখ আৰু দুখ দুয়োটাক সমান চকুৰে চোৱা । খং কৰা ব্যক্তি অন্তৰৰপৰা বহুত ভাল থাকে। মাথো তেওঁৰ ক্ৰোধৰ ওপৰত যি আৱেগ সেইটোক তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কোনোবাই প্ৰসংশা কৰি দিলে আনন্দত উৎসাহিত হৈ পৰে আৰু বেয়াকৈ কৈ দিলে খংত খিংখিঙীয়া হৈ পৰে। মুদ্ৰাৰ দুটা পিঠি থাকে। মাথো সমানতা বজাই ৰখাৰ প্ৰয়োজন। সেইবাবে প্ৰথমে সুখ আৰু দুখ দুয়োটাকে সমানভাৱে অনুভৱ কৰক।


এতিয়া আহো দ্বিতীয়টো শিক্ষাৰ ওপৰত।

এবাৰ এজন বহুত ধনী ব্যক্তি আছিল । তেওঁ এজন জ্যোতিষীৰ ওচৰলৈ গল আৰু কলে মোৰ শৰীৰতো বহুত অসুস্থ হৈ থাকে অনবৰতে মূৰৰ বিষ হৈ থাকে। একোৱেই হজম নহয়, পেট বিষ হৈ থাকে ,টোপনি আহি থাকে আৰু অশান্তি লাগি থাকে, কি কৰিম এই বেমাৰটোৰ লৈ একো ভাবিয়েই পোৱা নাই । মোৰ পত্নী এক নম্বৰৰ এলেহুৱা , কামৰ পৰা পলায় অৰু বাকী কাম কৰা মানুহবোৰো চুৰ হয়। কোনোৱে সময়মতে কাম নকৰে। মোৰ ভাইটিয়ে মোক একো বুলি নাভাবে, যি কৰিব বিচাৰে সেইটোকে কৰে । মুঠতে মই মূৰ্খ ব্যক্তিসকলৰ মাজত সোমাই আছো। সেইবাবে অনবৰতে মোৰ ক্ৰোধ উঠি থাকে, ইয়াৰ কিবা উপায়‌ দিয়ক। জ্যোতিষ আচাৰ্য্যই কলে আপোনাৰ কুণ্ডলীখন দিয়কচোন  । সেইখন চোৱাৰ পাছত জ্যোতিষীয়ে নিজৰ মূৰত হাত থৈ কলে ক্ষমা কৰিব মই আপোনাৰ বাবে একো কৰিব নোৱাৰো। তেতিয়া ব্যক্তিজনে কলে কিবা এটাতো উপায় দিয়ক। বহুত জোৰ কৰাত জ্যোতিষীয়ে কলে তোমাৰ হাতত মাথো দহ দিন আছে । এই কথাষাৰ শুনি ব্যক্তিজনৰ ভৰিৰ তলৰ পৰা মাটি সৰকি গল। সেইজনে হাতজোৰ কৰি কিবা উপায় দিবলৈ কলে। জ্যোতিষীয়ে কলে কি কথা কৈছে মৃত্যুক নো কোনে বাধা দিব পাৰে। এই কথাষাৰ শুনি ব্যক্তিজনে জ্যোতিষীজনৰ ভৰি চুই গুচি গল। ৯ দিনৰ পাছত তেওঁ পুনৰ জ্যোতিষীজনৰ ওচৰলৈ আহিল আৰু হাতজোৰ কৰি কলে হে আচাৰ্য্য কাইলৈ মোৰ জীৱনৰ শেষ দিন  সেইদিনা মই আপোনাক দক্ষিণা নিদিয়াকৈয়ে গুছি গলো। আচাৰ্য্যই কলে এই ৯ দিনত তোমাৰ প্ৰতি তোমাৰ পত্নীৰ কেনেকুৱা ব্যৱহাৰ আছিল। ব্যক্তিজনে কলে মোৰ পত্নীয়েটো মোক বহুত ভাল পায় , মইহে দেখি পোৱা নাছিলোঁ । আকৌ আচাৰ্য্যই শুধিলে , তোমাৰ কামকৰা মানুহবোৰ ! ব্যক্তিজনে কলে সিহঁতিও ঠিকেই আছে আৰু মোৰ ভাইটিয়েও মোক বহুত ভাল পায় । তেতিয়া জ্যোতিষীয়ে কবলৈ আৰম্ভ কৰিলে তোমাৰ যিবোৰ বেমাৰৰ কথা কৈছিলা সেইবোৰ ক্ৰোধৰ বাবে উৎপন্ন হৈছিল । মই নাজানো তোমাৰ মৃত্যু কেতিয়া হব মাথো সোঁৱৰাই দিছিলোঁ যে মৃত্যু নিশ্চিত আৰু তুমি যেতিয়া গম পালা যে তোমাৰ হাতত মাথোঁ দহ দিন আছে তেতিয়া তুমি সেই সময় সিহঁতক ক্ৰোধ কৰাত বা কাজিয়া কৰাত নষ্ট নকৰিলা । মনত ৰাখিবা জীৱনত মৃত্যু যিকোনো মুহূৰ্ততে আহিব পাৰে। যিকোনো এটা দিনেই আমাৰ জীৱনৰ শেষ দিন হব পাৰে।আমিও যদি এই কথা মনত ৰাখো তেতিয়া জীৱনত কেতিয়াও ক্ৰোধ নকৰো।শ্ৰীমদ্ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ ২৭ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে যাৰ জন্ম হৈছে তাৰ মৃত্যু হোৱাটো নিশ্চিত। 


আপোনালোকে ক্ৰোধ কৰাৰ বাবে হোৱাৰ লোকচানৰ কথা জানে । কোনো ব্যক্তিৰ যদি ক্ৰোধ কৰাৰ অভ্যাস আছে তেতিয়া অতীতত তেওঁৰ ইয়াৰ বাবে বহুত লোকচানো হৈছে। আপুনি এখন তালিকা বনোৱক যত আপুনি ক্ৰোধ কৰাৰ বাবে হোৱা লোকচানৰ বিষয়ে লিখি পেলোৱক আৰু এইখন সদায় পঢ়ক । লোকচান সৰু সৰু কথাটো হব পাৰে যেনে ক্ৰোধৰ বাবে নিজৰ বন্ধুজনৰ হৃদয়ত আঘাত পেলোৱাটো‌। এইখন সদায় পঢ়ক আৰু নিজৰ ভুলবোৰ মনত ৰাখি যোৱাক এনে কৰিলে কথাবোৰ মনৰ ভিতৰত সোমাই পৰিব। 


শ্ৰীমদ্ভাগৱত গীতাৰ পঞ্চম অধ্যায়ৰ ১৫ শ্লোকৰ মতে , জ্ঞান অজ্ঞানৰ দ্বাৰা ধাক খাই আছে ,তাৰ পৰাই সাধাৰণ মানুহবোৰ মোহিত হৈ আছে।


শ্ৰীমদ্ভাগৱত গীতাৰ তৃতীয় অধ্যায়ৰ  ৬৩ শ্লোকত কৈছে , যেতিয়া কোনো ব্যক্তিয়ে কোনো এটা বস্তুৰ কথা একেৰাহে ভাবি থাকে তেতিয়া সেই বস্তুটোৰ প্ৰতি এটা আগ্ৰহ উৎপন্ন হয় আৰু আগ্ৰহৰ পৰা ইচ্ছাৰ উৎপন্ন হয় আৰু ইচ্ছাৰ পৰা ক্ৰোধৰ জন্ম হয় ‌।  উদাহৰণস্বৰূপে , আপুনি ভাবি আছে যে আপুনিয়েই শ্ৰেণীটোত প্ৰথম আহিব , কিন্তু আপুনি প্ৰথম নাহিলে তেতিয়া আপোনাৰ ক্ৰোধ আহিব নিজৰ অধ্যাপক অথবা যিজন ব্যক্তি প্ৰথম আহিছে তেওঁৰ প্ৰতি । 


শ্ৰীমদ্ভাগৱত গীতাৰ তৃতীয় অধ্যায়ৰ ১৯ শ্লোকৰ মতে, ফলাফলৰ আশাত কাম নকৰিব , কিয়নো যেতিয়া ফলাফলৰ আশাত যিকোনো কাম কৰি থাকিব তেতিয়া তাৰ প্ৰতি এটা মোহ সোমাই পৰে আৰু ফলাফল নাপালে তাৰ পৰা ক্ৰোধৰ উৎপন্ন হয়।


সেইবাবেই শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ ৪৭ শ্লোকত কৈছে, কাম কৰা কিন্তু ফলাফলৰ চিন্তা কৰি নাথাকিবা ।  যেতিয়া আমাৰ মনটো ফলাফলৰ ওপৰত থাকে তেতিয়া আমি কৰ্মৰ পৰা অন্য দিশে গুচি যাওঁ । ফলাফলক ভগৱানৰ ওপৰত এৰি দিয়ক । এনেকুৱা কৰিলে আপোনাৰ মনটো শান্ত হব । (Religious Studies)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages