উত্তৰ ভাৰতত দেৱালী মুঠতে পাঁচ দিন ধৰি পালন কৰা হয়।দেৱালীৰ প্ৰথম দিনা "ধনতেৰচ"।
সেইদিনা লক্ষ্মী আই আৰু ধনৰ দেৱতা কুবেৰক পূজা কৰা হয় আৰু সোণ, ৰূপ, তামৰ বস্তু ক্ৰয় কৰি পূজা কৰি ধন সম্পত্তিৰ বৃদ্ধিৰ কামনা কৰা হয়। ( Religious Studies )
২/দ্বিতীয়দিনা ভূত চতুদৰ্শী বা সৰু দেৱালী।
সেইদিনা মৃতকসকলক সদ্গতিৰ বাবে
প্ৰাৰ্থনা জনোৱা হয় আৰু মৃতকক স্বৰ্গৰ বাট
দেখুৱাবলৈ চাকি জলোৱা হয়।।
সেইদিনা অসম,পচিমবংগ, আদিত শ্যামা বা
কালী পূজা কৰা হয়।
৩/তৃতীয়দিনা আচল দেৱালী।
সেইদিনা লক্ষ্মী পূজাৰ বাবে,দেৱীক আৱাহন কৰিবলৈ,ঘৰ-দুৱাৰ,দোকান, পোহাৰ পৰিষ্কাৰ কৰি সকলোফালে সজাই পৰাই তোলা হয়।
সকলোফালে চাকি ৰু,আজিকালি লাইট জ্বলাই পোহৰাই তোলা হয়।
বিশ্বাস আছে যে=সেইদিনা দেৱী লক্ষ্মী ঘৰে ঘৰে
ভ্ৰমণ কৰে আৰু যাৰ ঘৰত
চাফ-চিকুন আৰু শান্তিৰ পোহৰ দেখে
তাতে তেওঁ বাস কৰে। ( Religious Studies )
৪/চতুৰ্থদিনা গোৰ্বধন পূজা।
সেইদিনা ভগৱান শ্ৰী কৃষ্ণৰ পূজা কৰা হয়।
গৰুৰ গোবৰৰে গোবৰ্ধন পৰ্বত বনাই চোতালত
সজোৱা হয় আৰু তাতেতাতে, মানুহে পূজা কৰে।
মানুহে বিশ্বাস কৰে যে-ভগৱান শ্ৰী কৃষ্ণই হাতৰ কেঞা আঙুলিৰে গোবৰ্ধন পৰ্বত দাঙি
অকস্মাৎ অহা বতাহ বৰষুণ শিলাবৃষ্টিৰ পৰা গকোলৰ প্ৰজাক ৰু গো-ধনসমূহক ৰক্ষা কৰিছিল।
৫/পঞ্চমদিনা অৰ্থাৎ দেৱালীৰ শেষৰদিনা
ভাতৃ দ্বিতীয়া। সেইদিনা ভগ্নীয়ে ভাতৃসকলক
চাউল ৰু সেন্দুৰৰ ফোট দি তেওঁলোকৰ দীৰ্ঘায়ু
কামনা কৰে ৰু বিভিন্ন ব্যঞ্জনেৰে
তেওঁলোকক আপ্যায়ন কৰে।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment