ৰাম সেঁতুৰ বিষয়ে জানোঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 21, 2021

ৰাম সেঁতুৰ বিষয়ে জানোঁ আহক : Religious Studies

Religious Studies

ভগৱান শ্ৰী বিষ্ণুৱে পৃথিৱীত প্ৰভূ শ্ৰী ৰাম ৰূপে জন্ম লৈছিল। প্ৰভূ শ্ৰী ৰামে ৰাৱণক বধ কৰি লংকাত বিজয়ী প্ৰাপ্ত কৰিছিল৷। এই লংকালৈ যাবলৈ প্ৰভূ শ্ৰী ৰামে বানৰ সকলৰ সহায়তা দ্বাৰা সেঁতু নিৰ্মাণ কৰিছিল। কিন্তু প্ৰভূ শ্ৰী ৰামে নিজে ৰাম সেঁতুৰ আধা অংশ নিজে ভাঙি দিছিল! প্ৰভূ শ্ৰী ৰামে এনে কিয় কৰিছিল! ( Religious Studies )


 বাল্মীকি ৰামায়ণৰ অনুসাৰে ৰাৱণক বধ কৰাৰ পাছত, প্ৰভূ শ্ৰী ৰামে, দেৱী সীতা আৰু লক্ষ্মণৰ সতে অযোধ্যালৈ ঘূৰি আহে। অযোধ্যালৈ ৰজা হোৱাৰ পিছত এদিন প্ৰভূ শ্ৰী ৰাম বিভীষণৰ চহৰলৈ আহে। ৰাৱণৰ বধ হোৱা পাছত বিভিষন লংকাৰ ৰজা হৈছিল। আৰু বিভীষণ আছিল প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ পৰম ভক্তৰ মাজত এজন। সেইবাবে ৰামচন্দ্ৰই বিভীষণক লগ ধৰিবলৈ লংকা যোৱা কথা ভাৱে। সেই সময়ত ভৰতো আহে। আৰু ভৰতো প্ৰভূ শ্ৰী ৰামৰ লগত লংকালৈ যাবলৈ প্ৰস্তুত হয়। তেতিয়া ৰামে লক্ষ্মণৰ অযোধ্যাৰ ভাৰ দি, পুষ্পক বাহনত উঠি ভৰতৰ সৈতে লংকা ফালে গমন কৰে। 


যেতিয়া প্ৰভূ শ্ৰী ৰাম আৰু ভৰতে, বিভিষনৰ লগ কৰিবলৈ লংকালৈ গমন কৰে, তেতিয়া বাটতে তেওঁলোকে কিষ্কিন্ধা নগৰ পায়। তেতিয়া তাতে দুয়ো অলপ সময় জিৰণি লয়। আৰু সুগ্ৰীৱ আৰু অন্য বানৰক দেখা কৰে। যেতিয়া সুগ্ৰীৱে গম পালে প্ৰভূ শ্ৰী ৰাম আৰু ভৰত বিভীষণক দেখা কৰিবলৈ লংকালৈ যাবলৈ ওলাই আহিছে, তেতিয়া সুগ্ৰীৱেও প্ৰভূ শ্ৰী ৰামৰ লগত লংকালৈ বিভীষণক দেখা কৰিবলৈ ওলাল। ( Religious Studies )



বিভীষণে যেতিয়া গম পালে যে, প্ৰভূ শ্ৰী ৰাম তেওঁক দেখা কৰিবলৈ আহি আছে, তেতিয়া তেওঁলোকক আদৰিবলৈ সম্পূর্ণ নগৰ সজাঁই তুলে। বিভীষণে প্ৰভূ শ্ৰী ৰাম, ভৰত আৰু সুগ্ৰীৱক আদৰিবলৈ নিজে আগবাঢ়ি আহে। আৰু তেওঁলোকক লগ পায় বিভীষণ বহু আনন্দিত হৈ পৰে। 


প্ৰভূ শ্ৰী ৰাম বিভীষণক লগ কৰিবলৈ যেতিয়া লংকাত উপস্থিত হলগৈ, তেতিয়া তেওঁ বিভিষনক ধৰ্ম আৰু অধৰ্মৰ জ্ঞান দিয়ে। আৰু কয়, তুমি সদায়ে ধৰ্মপূৰ্ৱক হৈ এই নগৰত অতিবাহিত কৰিবা। 


প্ৰভূ শ্ৰী ৰামৰ কথা শুনি বিভিষনে কয়, ঠিক আছে ভগৱন্ত, মই ধৰ্মপূৰ্ৱক হিচাপে এই নগৰত অতিবাহিত কৰিম। কিন্তু এই ৰাম সেতুঁৰ দ্বাৰা যেতিয়া মানৱ ইয়ালৈ আহি মোক আৰু ৰাজ্যৰ লোকক আমনি কৰিব, তেতিয়া সেই পৰিস্থিতিত মই কি কৰিব লাগিব! বিভীষণে এনে প্ৰশ্ন কৰাত প্ৰভূ শ্ৰী ৰামে নিজৰ বানৰ সেনাৰ দ্বাৰা ৰাম সেতুঁক আধা অংশ ভাঙি পেলাই। তেওঁ ৰাম সেতুঁক তিনি টুকুৰা কৰি মাজৰ অংশ বানৰ সেনাৰ দ্বাৰা ভাঙি দিয়ে। যাতে বিভিষনৰ ভৱিষ্যতে কোনো সমস্যা নহয়। আৰু মানৱ জাতিয়ে তেওঁক কোনো ধৰণৰ আমনি কৰিব নোঁৱাৰে। সেইবাবে ৰামচন্দ্ৰই নিজে বনোৱা ৰাম সেতুঁক ভাঙি পেলাই। আনৰ চিন্তা কৰাৰ বাবে ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages