আজি ডাঙৰ একাদশী, লগতে তুলসী মাৰ বিবাহৰ দিন : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 15, 2021

আজি ডাঙৰ একাদশী, লগতে তুলসী মাৰ বিবাহৰ দিন : Religious Studies

Religious Studies

আজি দিনটিৰ অধিক মহত্ব আছে। আজি একাদশী দিনতে ভগৱান বিষ্ণুৰ লগত তুলসী মাৰ বিয়া হৈছিল। সেয়ে এই পৱিত্ৰ দিনটিত এই কেইটা কামৰ পৰা বিৰত থাকা উচিত। Religious Studies )


প্ৰথমে, আজি এই পৱিত্ৰ দিনটিত তুলসী তল কেতিয়াও লেতেৰা কৰি নাৰাখিব। কেৱল আজি দিনটিত বুলিয়ে নহয়, তুলসী তল যাতে কেতিয়াও লেতেৰা হৈ নাথাকে, তাৰ প্ৰতি সদায়ে মন কৰিব লাগে। সেয়ে আজি পৱিত্ৰ দিনটিত তুলসী তল ভালদৰে চাফ চিকুন কৰি মুচি ৰাখিব। 


২/আজি এই পৱিত্ৰ দিনটিত যদি কোনো অসহায় লোক আপোনাৰ ঘৰলৈ আহে, তেন্তে তেওঁক খালী হাতেৰে বিদায় নিদিব। কিবা নহয় কিবা এটি অৱশ্যে দান কৰি বিদায় দিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হব আৰু লগতে ভগৱান বিষ্ণু আৰু মা তুলসীৰ আৰ্শীবাদ লাভ হব। 


৩/এই পৱিত্ৰ দিনটিত আমীষ আহাৰ ভোজন নকৰিব। এই দিনত নিৰামিষ আহাৰ ভোজন কৰাটো অত্যন্ত মংগল হয়। Religious Studies )


৪/এই পৱিত্ৰ দিনত খং, ৰাগ, ক্ৰধি কেতিয়াও কৰিব নালাগে। নহলে ইয়াৰ দ্বাৰা আপোনাৰ জীৱনলৈ অশান্তি নামি আহিব পাৰে। আৰু আপোনাৰ কথাত যাতে অন্য লোকৰ মনত কেতিয়াও আঘাত নাপায়। এই কথা মন কৰিব। নহলে ইয়াৰ দ্বাৰা আপোনাৰ দিনটি অশুভ হব পাৰে। 


৫/এই পৱিত্ৰ দিনত কেতিয়াও দেৰিলৈকে শুই নাথাকিব। একাদশী দিনত যিমান পাৰে সোনকালে উঠি স্নান কৰাটো মংগল। ইয়াৰ দ্বাৰা বহুতো সুফল লাভ হয়।। (সংগ্ৰহিত)।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages