সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত কি কৰিব লাগে আৰু নালাগে জানোঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 29, 2021

সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত কি কৰিব লাগে আৰু নালাগে জানোঁ আহক : Religious Studies

Religious Studies


২০২১ বৰ্ষৰ অন্তিমটো সূৰ্য্য গ্ৰহণ ৪ ডিচেম্বৰত লাগিবলৈ গৈ আছে । এই বৰ্ষটোত লাগিবলৈ লোৱা সূৰ্য্য গ্ৰহণে কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল- বেয়া প্ৰভাৱ আনিব পাৰে । অৱশ্যে সূৰ্য্য গ্ৰহণৰ প্ৰভাৱ সম্পূৰ্ণ ১২ টা ৰাশিৰ ওপৰতে পৰা দেখিবলৈ পোৱা যাব । ইয়াৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ কিছুমান নিয়মৰ পালন কৰাটো জৰুৰী । এই সময়ছোৱাত কি কৰিব লাগে আৰু নালাগে জানোঁ আহক ।( Religious Studies )


সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত এই কাম সমূহ নকৰিব - 


১) জ্যোতিষীৰ মতে এই সময়ছোৱাত ভোজন কৰাটো নিষেধ । সেইবাবে এই সময়ছোৱাত ভোজন নকৰিব ।


২) সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ নতুন কামৰ আৰম্ভণি নকৰিব আৰু লগতে কোনো শুভ কাৰ্য নকৰিব ।


৩) এই সময়ছোৱাত নখ কটা আৰু চুলি আঁচোৰাটো সম্পূৰ্ণ   এৰাই চলক ।


৪) গ্ৰহণৰ সময়ছোৱাত শুৱাটো এৰাই চলক ‌।


৫) গ্ৰহণৰ প্ৰভাৱৰ পৰা খাদ্যক বচাই ৰাখিবলৈ আগতেই বনাই থোৱা খাদ্যৰ ওপৰত তুলসী পাত দি ৰাখক ‌।


৬) গ্ৰহণৰ সময়ছোৱাত মন্দিৰৰ দৰ্জা বন্ধ কৰি ৰাখিব ।( Religious Studies )


সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত কৰিবলগীয়া কাৰ্য -


১) গ্ৰহণৰ সময়ছোৱাত ইষ্টদেৱতাৰ পূজা কৰক আৰু মন্ত্ৰ জাপ কৰক ।


২) সূৰ্য্য গ্ৰহণৰ সময়ছোৱাত দান কৰাটো শুভ মনা হয় সেইবাবে প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ দান কৰক । 


৩) গ্ৰহণ শেষ হোৱাৰ পাছত স্নান কৰি বস্ত্ৰ সলনি কৰিব । 


৪) গ্ৰহণ শেষ হোৱাৰ পাছত ঘৰৰ চাফ-চিকুণ কৰিব । 


৫) ঘৰত গংগাজল ছটিয়াব আৰু মন্দিৰটো গংগাজল ছটিয়াব ।


সূৰ্য্য গ্ৰহণৰ সময়-

সূৰ্য্য গ্ৰহণ ৪ ডিচেম্বৰৰ ৰাতিপুৱা ১০ বাজি ৫৯ মিনিটত আৰম্ভ হব আৰু দুপৰীয়া ৩ বাজি ৭ মিনিটত সমাপ্ত হব । 


সূৰ্য্য গ্ৰহণৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ আৰু ধন লাভ কৰিবলৈ জাপ কৰক এই মন্ত্ৰ - https://www.smj24.in/2021/11/religious-studies_99.html


( Religious Studies )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages