পৱিত্ৰ ধনতিৰছ বছৰটোৰ এটা সৰ্বশ্ৰেষ্ঠ দিন। ধনতিৰছৰ দিনা কি কি কিনিব! কি কি নিকিনিব! ধনতিৰছ বছৰটোৰ এটা প্ৰৱিত্ৰ দিন। এটা শুভ দিন। সমগ্র ভাৰতত পালন কৰিব লগা। বহুদিনৰ পৰা অপেক্ষা কৰি থকা এটা দিন। ধনতিৰছৰ দিনটো এটা শুভ দিন বুলি গণ্য কৰা হয়। কিহত শুভ মনা হয়! এনে নহয় যে, সকলো ক্ষেত্রতে শুভ। আপোনাৰ ঘৰৰ ধন বৃদ্ধি কৰাৰ এটি শুভ সংযোগ। ( Religious Studies )
এই পৱিত্ৰ দিনটি ধনৰ লগত জড়িত। ধনন্তৰি দেৱতাৰ লগত জড়িত। ২০২১বৰ্ষৰ ধনতিৰছৰ পৱিত্ৰ দিন আৰম্ভ হৈছে ২নৱেম্বৰ মংগলবাৰে পুৱা ১১বাজি ৩১মিনিটৰ পৰা আৰু শেষ হৈছে ৩নৱেম্বৰ পুৱা ৯বাজি ২মিনিটত। এই সময়চোৱা হল ধনতিৰছৰ পৱিত্ৰ সময়।
ধনতিৰছৰ তাৎপৰ্য্য কি! তিৰছ মানে কি! তিৰছ মানে তৰিত্ৰ। আমাৰ যি হিন্দু কেলেণ্ডাৰ আছে, হিন্দু আৰু অসমীয়া কেলেণ্ডাৰৰ মাজত এসপ্তাহ, দুসপ্তাহ ব্যৱধান আছে। হিন্দু কেলেণ্ডাৰৰ মতে কি হয়, যেতিয়া পূৰ্ণিমা হয়, তেতিয়া পূৰ্ণিমাৰ পাচৰ দিনটোৰ পৰা এটা নতুন দিন আৰম্ভ হয়। সেই হিচাপে গণ্য কৰা হয়। আমাৰ হিন্দু কেলেণ্ডাৰৰ মতে প্ৰত্যেক বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী অৰ্থাৎ কাতি মাহৰ ১৩নাম্বাৰ দিনা ধনতিৰছ হিচাপে পালন কৰা হয়। প্ৰকৃততে ধনত্ৰয়োদশী বা আন এটা নাম ধনমন্ত্ৰী জয়ন্তী বা ধনত্ৰয়োদশী তিৰছ বুলি কোৱা হয়। অৰ্থাৎ ধনতিৰছ হিচাপে প্ৰচলিত।
এই দিনটোত এনে কি হৈছিল! এই দিনটো কিয় প্ৰৱিত্ৰ বুলি মনা হয়! আয়ুৰ্বেদৰ জন্মদাতা হৈছে ধনন্তৰি দেৱতা। শাস্ত্ৰত বিধিত আছে, সমুদ্র মন্হনৰ সময়ত সমুদ্র গৰ্ভৰ পৰা ধনন্তৰি দেৱতাৰ জন্ম হৈছিল। এই বিশেষ দিনটিকে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনন্তৰি দেৱতাৰ জন্ম হৈছিল বা প্ৰকট হৈছিল। সেয়ে তেওঁৰ জন্ম দিনটোতে ধনতিৰছ হিচাপে পালন কৰা হয়। এই ধনন্তৰি দেৱতা প্ৰকৃততে আয়ুৰ্বেদৰ জন্মদাতা আছিল। তেওঁ ভগৱান বিষ্ণুৰ অংশ অৱতাৰ বুলি গণ্য কৰা হয়। তেওঁ জন্ম লোৱাৰ মূল কাৰণ আছিল আয়ুৰ্বেদৰ বিস্তাৰ আৰু প্ৰচাৰ। হাতত এটা কলহ। যি কলহত অমৃত বিৰাজমান। সেই অমৃত তেওঁ বিলাইছিল। এই দিনটোত ধনন্তৰি দেৱতা, মা লক্ষ্মী আৰু ভগৱান শ্রী গণেশক পূজা কৰাৰ বিশেষ নিয়ম আছে।
এই দিনটো পৱিত্ৰ বুলি কিয় মনা হয়! এই দিনাখন যি কিনা হয়, সেয়া কোৱ হয় যে, আপোনাৰ জীৱনত ১৩হাজাৰ গুণ বেছি হয়। ৩৬৫দিনৰ ভিতৰত এটা বিশেষ দিন ধাৰ্য্য কৰা হৈছে। যি দিনাখন আপুনি আপোনাৰ সম্পত্তি, ধনৰ ভৰাঁল, ধনৰ পৰিমাণ বৃদ্ধি কৰিবৰ কাৰণে কিবা নহয় কিবা এটা ক্ৰয় কৰক। এই বিশেষ দিনটোৱে হৈছে ধনতিৰছ দিন। ধনতিৰছ দিনা, মা লক্ষ্মী আৰু শ্রী গণেশৰ পূজা কৰা হয়। আৰু দিপাৱলী দিনা মা লক্ষ্মীৰ পূজা কৰা হয়। যিসকল লোকৰ ব্যৱসায়, দোকান বাণিজ্য বা অন্যান্য প্ৰতিষ্ঠান আছে, আপুনি এই ব্যৱসায় প্ৰতিষ্ঠানৰ স্হানত ধনতিৰছ দিনটোত আপুনি এভাগ মা লক্ষ্মী আৰু শ্রী গণেশৰ পূজা নিশ্চয় কৰিব। এয়া অত্যন্ত শুভ। যাৰ যাৰ ব্যৱসায় প্ৰতিষ্ঠান আছে,আপুনি এই দিনতে লাভালাভ হব পাৰে। এভাগ যদি ভগৱান শ্রী গণেশ আৰু মা লক্ষ্মীৰ পূজা সৰুকে হলেও পালন কৰে।
ধনতিৰছৰ পূজাৰ সময়
২০২১বৰ্ষৰ ধনতিৰছ ২নৱেম্বৰ মংগলবাৰৰ পুৱা সময় হৈছে সন্ধ্যা ৬বাজি ১৭মিনিটৰ পৰা ৮বাজি ১১মিনিটলৈ।
ধন তিৰছৰ দিনা বস্তু ক্ৰয় কৰা সময়
২০২১বৰ্ষৰ ২নৱেম্বৰ পুৱা ১১বাজি ৩১মিনিটৰ পৰা আৰম্ভ কৰি ১বাজি ৩০মিনিটলৈ আপুনি বস্তু কিনিব পাৰে। আৰু দ্বিতীয় সময় সন্ধ্যা ৫বাজি ৩৫মিনিটৰ পৰা ৭বাজি ৩০মিনিটলৈকে। যি কিনে, এই দুটা সময়ৰ মাজত কিনিব পাৰে।
ধনতিৰছৰ দিনা কি কি কিনিব আৰু কি নিকিনিব!
ধনতিৰছৰ দিনা, সোণ, ৰূপৰ, অলংকাৰ কিনিব পাৰে। পাত্র কিনিব। এটা মুদ্রা হলেও ক্ৰয় কৰিব পাৰে। পানী ৰখা পাত্র কিনিব পাৰে। পানী ৰখা পাত্র কিনিলে, তাত পানী ভৰ্তি কৰি ৰাখিব। ষ্টিলৰ নিকিনিব। পিতলৰ নাইবা কাঁহৰ কিনিব পাৰে। যদি পাত্র কিনে, তেতিয়া হলে সেই পাত্রত দিপাৱলী লৈকে পানী ভৰ্তি কৰি ৰাখিব।
দক্ষিণা মূৰ্তি শংখ।
যিটো শংখত মা লক্ষ্মীয়ে বসবাস কৰে।
ঘূমতি চক্র। মা লক্ষ্মী গণেশৰ ৰূপৰ মূৰ্তি।
ধনতিৰছৰ দিনা কি কি ক্ৰয় নকৰিব।
যিকোনো কাঁচৰ সামগ্রী, যিকোনো লোহাৰৰ সামগ্রী, যিকোনো প্লাষ্টিকৰ সামগ্রী, যিকোনো এলোমিনিয়ামৰ সামগ্রী, যিকোনো ষ্টিলৰ সামগ্রী।
তেল বা ঘীউ। দা কটাৰী। কলা ৰংৰ সামগ্রী। কাপোৰ।
ধনতিৰছৰ শুভ দিনত, অলপমান ধনীয়া গুটি আনি তিয়াই ৰাখিব। পাচদিনা পুৱা ৯বজাৰ আগে বাৰীত বা টাৱত হলেও চতিয়াব। ধনীয়া সম্পূর্ণ ধনৰ লগত জড়িত। সেই ধনীয়া যেতিয়া লাহে লাহে ডাঙৰ হব, তেতিয়া আপোনাৰ অৰ্থনৈতিক দিশ উন্নতি হব।সেইদিনা আপুনি যিয়ে কিনে, সেয়া ঘৰলৈ আনি প্ৰথম ভগৱানৰ সন্মুখত ৰাখি পূজা কৰিব। তাৰপাছত হে সেই বস্তু নিজৰ ঠাইত ৰাখিব।
ধনতিৰছৰ দিনা ২টা ঝাড়ু (ফুল বা বাঁহৰ) যিকোনো এবিধৰ আনিব। ২টা। ধনতিৰছৰ শুভ সময়ত আনি হাতত বন্ধা ৰঙা ৰচিৰে ঝাড়ু দুচাত তিনিপাক মেৰিয়াব। কুমকুমৰ ফুট দিব। ঝাড়ু হৈছে, মা লক্ষ্মীৰ ৰূপ। ঝাড়ু ৰূপী লক্ষ্মীয়ে আৱৰ্জনা ৰূপী দৰিদ্ৰতাক ঘৰখনত নিৰ্মূল কৰে। (কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্রহিত)।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment