ভগৱান শিৱই জটা ধৰি থকাৰ ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 23, 2021

ভগৱান শিৱই জটা ধৰি থকাৰ ৰহস্য : Religious Studies

Religious Studies


এবাৰ ভগৱান শ্রী গণেশে মহাদেৱক সুধিলে! পিতা তুমি এনেদৰে চিতাভষ্ম লগাই, মুণ্ডমালা পিন্ধি থাকিলে ভাল নালাগে। মোৰ মাতৃ গৌৰী অপূৰ্ৱ সুন্দৰী। আৰু আপুনি তেওঁৰ লগত এনে ভয়ংকৰ ৰূপত! ( Religious Studies )


পিতা, আপুনি এবাৰ কৃপা কৰি আপুনি আপোনাৰ সুন্দৰ ৰূপত মাতাৰ সন্মুখলৈ আহক। যাৰ বাবে আমি আপোনাৰ সচাঁ ৰূপটো দেখা পাম। 


ভগৱান শিৱই গণেশৰ কথা মানি ললে। 


কিছু সময়ৰ পাছত যেতিয়া মহাদেৱে স্নান কৰি আহিলে, তেওঁ শৰীৰত ভষ্ম নাছিল। বিখৰিট হৈ থকা জটা পৰিপাতিকে আছিল। ডিঙিত মুণ্ডমালা নাছিল। 


তেনে ৰূপত মহাদেৱক দেখি সকলো দেৱতা, গন্ধৰ্ব, শিৱগণে তেওঁক চায়ে থাকিল। মহাদেৱৰ সেয়া এনে ৰূপ আছিল, যি ভগৱান বিষ্ণুৰ মোহিনী ৰূপতকেও বহু গুণে ওপৰত আছিল। মহাদেৱে তেওঁৰ সেই অপূৰ্ৱ ৰূপ কেতিয়াও দেখুৱা নাছিল। মহাদেৱক এই অপূৰ্ৱ ৰূপত কুটি কুটি কামদেৱৰ ৰূপেও তল পৰি গৈছিল।


গণেশে যেতিয়া মহাদেৱৰ এনে সুন্দৰ ৰূপ দেখি সতভংগ হৈ ৰল, আৰু তেতিয়া ভগৱান গণেশে মূৰ দুৱাই কলে, মোক ক্ষমা কৰি দিব পিতা, কিন্তু এতিয়া আপুনি আপোনাৰ পূৰ্ৱৰ ৰূপ ধাৰণ কৰক। ( Religious Studies )


তেতিয়া মহাদেৱে গণেশক সুধিলে, কিয় পুত্র, তুমিয়েটো মোৰ এই ৰূপত চাবলৈ ইচ্ছা কৰিছিলা। এতিয়া আকৌ পুনৰ পূৰ্ৱৰ ৰূপ ধাৰণ কৰিবলৈ কৈছা! 


তেতিয়া গণেশে মূৰ দুৱাইয়ে কলে, ক্ষমা কৰিব পিতা, মোৰ মাতাতকৈ সুন্দৰ আৰু কোনো হব নোঁৱাৰে। আৰু সেই কথা মই সহ্য কৰিব নোঁৱাৰো! 


গণেশৰ এই কথা শুনি মহাদেৱে হাঁহি মাৰি পুনৰ পূৰ্বৰ ৰূপ ধাৰণ কৰিলে। 


বহুতো ঋষি মুনিয়ে নিজৰ অনুভৱৰ দ্বাৰা কয় যে, মহাদেৱ শিৱ শংকৰ, ভগৱান শ্রী ৰামচন্দ্ৰতকেও সুন্দৰ আছিল। কিন্তু মহাদেৱে নিজৰ এই অপূৰ্ৱ ৰূপটো কেতিয়াও ধাৰণ কৰা নাছিল। এনে কৰিলে তেওঁৰ প্ৰিয়তম আৰাধ্য শ্রী ৰামচন্দ্ৰৰ অপূৰ্ব ৰূপৰ গুণৰ প্ৰশংসা কমি যাব।। 


ঔম নমাহ শিৱায়ঃ

জয় জয় শ্রী ৰামঃ

জয় শ্রী গণেশাঃ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages