চন্দ্ৰ গ্ৰহণত কি কি কৰিব লাগে জানোঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 18, 2021

চন্দ্ৰ গ্ৰহণত কি কি কৰিব লাগে জানোঁ আহক : Religious Studies

Religious Studies


১৯ নৱেম্বৰ তাৰিখে ২০২১ চনৰ অৰ্থাৎ এই বছৰটোৰ শেষৰটো চন্দ্র গ্রহণ। আঘোণ মাহৰ পূৰ্ণিমা তিথি । এই গ্ৰহণ ১৯ নৱেম্বৰ অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা ১১বাজি ৩০মিনিটৰ পৰা সন্ধ্যা ৫বজালৈ থাকিব। (Religious Studies)


গণনা অনুসৰি এই দিনটোত বৃশ্চিক ৰাশিৰ ওপৰত ভাল প্ৰভাৱ দেখিবলৈ পোৱা নাযাব। লগতে কেইটামান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু কিছুমান ৰাশিৰ ওপৰত কুপ্ৰভাৱ পৰিব। 


চন্দ্র গ্রহণ সাধাৰণতে শুভ লক্ষণ বুলি মান্যতা কৰা নহয়। এই সময়খিনিত বেয়া শক্তিৰ আৰ্ৱিভাৱ বুলি মান্য কৰা হয়। চন্দ্র গ্রহণৰ সময়ত সকলো জীৱ জন্তু আৰু মনুষ্যৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়ে এই সময়ত কেইটামান ৰাশিৰ লোকে সাৱধানে থকা মংগল। 


আগন্তুক ১৯নৱেম্বৰ তাৰিখে হবলগীয়া চন্দ্র গ্রহণ আংশিক ভাৱে দেখা যাব অসম আৰু অৰুণাচলত। চন্দ্র গ্রহণৰ ৯ঘন্টা আগৰেপৰাই অমংগল সময় আৰম্ভ হয়। সেয়ে এই সময়খিনিত কৰ কোনো ধৰণৰ ৰন্ধা বঢ়া কৰা, কোনো ধৰণৰ পূজা পাতল কৰাটো উচিত নহয়। কিয়নো এই সময়খিনিত ভগৱানো চিন্তাত থাকে বুলি কোৱা হয়। এই সময়ত কেৱল মানৱ পূজা কৰাটোহে উচিত। (Religious Studies)


ইয়াৰ উপৰিও এই সময়ত ৰোগীয়া লোক, গৰ্ভৱতী মহিলা আৰু সৰু লৰা ছোৱালীৰ বাহিৰে কোনেও ভোজন গ্ৰহণ কৰাটো উচিত নহয়। এই সময়ত খোৱা খাদ্য বস্তুত তুলসী পাত দি ৰাখিব লাগে। এই সময়ত চোকা আৰু তীক্ষ্ণ কোনো বস্তু ব্যৱহাৰ নকৰাটো ভাল। গ্ৰহণৰ সময়ত খং ৰাগ, হাই কাজিয়া কৰাটো উচিত নহয়। 


গ্রহণ শেষ হোৱাৰ পাছত অৱশ্যে স্নান কৰিব লাগে। তাৰপাছত মহাদেৱক আৰাধনা কৰাটো মংগলজনক। চন্দ্র গ্রহণৰ সময়ত ৰাহু কেতুৰ লগত জড়িত মন্ত্রখিনি উচ্চাৰণ কৰা, হনুমান চালিচা, বিষ্ণু চালিচা, আদি মন্ত্র জপ কৰা দৰকাৰী।  (কথাখিনি সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।(Religious Studies)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages