মা লক্ষ্মী আৰু ধন কুবেৰৰ কৃপা পাবলৈ পালন কৰক এই নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 2, 2021

মা লক্ষ্মী আৰু ধন কুবেৰৰ কৃপা পাবলৈ পালন কৰক এই নিয়ম : Religious Studies

 

Religious Studies

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ধনতেৰচ। ২নৱেম্বৰত উদযাপন হব ধনতেৰচ আৰু তাৰ দুদিনৰ পাছত সমগ্র দেশতে উদযাপিত হব পোহৰৰ উৎসৱ দিপাৱলী। ( Religious Studies )

ধনতেৰচৰ দিনটো ধন্বন্তৰী, কুবেৰ আৰু ধনৰ দেৱী লক্ষ্মীৰ উপাসনা কৰাৰ নিয়ম আছে। ধনতেৰচৰ নতুন বস্তুৰ বাবে বজাৰ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই উৎসৱৰ আগে ঘৰৰ কিছু অংশ পৰিষ্কাৰ কৰাটো অতি লাভজনক বুলি কোৱা হৈছে। এনে কৰিলে ভগৱান ধন্বন্তৰীৰ আৰ্শীবাদত আপোনাৰ ভাগ্য উজ্বলিব পাৰে। গোটেই বছৰলৈ পাব দেৱী লক্ষ্মী আৰু কুবেৰৰ আৰ্শীবাদ। 


ধনতেৰচৰ দিনা ঘৰৰ এইকেইটা স্হান পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূর্ণ। এই দিনটোত আপুনি আপোনাৰ ঘৰৰ উত্তৰ পূৱ দিশ অৰ্থাৎ ঈশান কোণ, পূৱ দিশ, উত্তৰ দিশ, পৰিষ্কাৰ কৰা উচিত। ঘৰৰপৰা অনাৱশ্যকীয় বস্তুবোৰ আঁতৰাই ভালদৰে পৰিষ্কাৰ কৰক। গংগা জল আনি সমগ্র ঘৰতে ছটিয়াই দিব। গংগা জল এটা পাত্রত লৈ আপোনাৰ ঘৰৰ উত্তৰ দিশত বেছিকৈ ছটিয়াই দিয়ক আৰু লগতে আপুনি যত টকা পইচা ৰাখে তাতো গংগা জল ছটিয়াই দিয়ক। এনে কৰাৰ ফলত ঘৰখনৰ ধনৰ দেৱতা কুবেৰৰ আগমন ঘটে বুলি কোৱা হয়। ( Religious Studies )


ঘৰটো পৰিষ্কাৰ কৰাৰ পাছত ঝাড়ুটো সদায়ে লুকুৱাই ৰাখিব। ইয়াক এনে ঠাইত ৰাখিব যাতে, কোনেও সহজে লক্ষ্য কৰিব নোঁৱাৰে। থিয় আৰু মুকলিকে ৰখা ঝাড়ুক সম্পত্তি ধ্বংসৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপোনাৰ ঘৰত মাছৰ একুৰিয়াম আছে তেন্তে ধনতেৰচৰ দিনা এই একুৰিয়ামক চফা কৰিব লাগিব। ধনতেৰচৰ দিনা সন্ধ্যা ঘৰত পাঁচটি চাকি জ্বলাওক। এটা ঘৰৰ গোসাঁই ঘৰত, এটা তুলসী তলত, এটা পানীৰ পাত্রৰ কাষত আৰু মুখ্য দুৱাৰত দুগচ বন্তি ৰাখক। ধনতেৰচৰ দিনা ধনৰ দেৱতা কুবেৰক স্মৰণ কৰি তেওঁৰ নামত এগচি চাকি জ্বলোৱাটো শুভ ফল পোৱা যায়।। (সংগ্ৰহিত)।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages