যিকালত ত্ৰৈলোক্যত ঈশ্বৰ কৃষ্ণই মথুৰাত উপজিছিল। সেই কালত লক্ষ্মী দেৱীয়ে স্বামীক সেৱা কৰিবলৈ বিদৰ্ভৰ ৰাজ্যৰ ৰজা ভীষ্মকৰ ঘৰত অৱতাৰ হৈছিল। ৰুক্মিণী আছিল ৰূপত ত্ৰিভূৱন মোহিনী। (Religious Studies)
দেশান্তৰী পণ্ডিত সজ্জন, নট ভাট আদিয়ে গাই ফুৰা কৃষ্ণ চৰিত শুনি ৰুক্মিণীয়ে গম পাইছিল যে কৃষ্ণৰ সদৃশ ৰূপে গুণে উত্তম পুৰুষ আৰু ত্ৰিজগতত নাই। এই কথা জানি ৰুক্মিণীয়ে মনে মনে কৃষ্ণক স্বামীৰূপে বৰণ কৰি কৃষ্ণকেই ৰাতিয়ে দিনে ধ্যান কৰিবলৈ ধৰিলে। আনহাতে দ্বৰকাতো গৈ কুণ্ডিলৰ নট ভাটে ৰুক্মিণীৰ গুণ গাই ফুৰিছিল আৰু বহুতো গুণী জ্ঞানী লোকে কৃষক ৰুক্মিণীৰ সুচৰিত্ৰ আৰু জগত মোহিনী কথা শুনাই তেওঁৰ দৰে সৰ্বাংগসুন্দৰ পুৰুষৰ বাবে ৰুক্মিণীৰ দৰে ৰূপৱতী উপযুক্ত ভাৰ্য্যা হব বুলি কৈছিল। এইবোৰ কথা শুনি কৃষ্ণয়ো ৰুক্মিণীক পালে বিয়া কৰাম বুলি ঠিক কৰিলে আৰু তেতিয়া পৰা ৰুক্মিণীতে তেওঁৰ মন নিবদ্ধ হল।
কৃষ্ণৰ ৰূপ গুণ শুনি ভীষ্মক ৰজায়ো ৰুক্মিণীক তেওঁলৈ বিয়া দিম বুলি জ্ঞাতি কুটুম্বৰৰ লগত আলোচনা কৰিলে। কিন্তু তেওঁৰ জেষ্ঠ্য পুত্র ৰুক্মবীৰে এই বিয়াত সন্মতি নিদি চেদিৰ ৰজা শিশুপাললৈ ৰুক্মিণীক বিয়া দিবলৈ স্থিৰ কৰিলে। এই কথা গম পায় ৰুক্মিণীয়ে বেদনিধি নামৰ এদন বিশস্ত ব্ৰাহ্মণৰ হাতত কৃষ্ণলৈ এখন পত্র পথিয়াই কৃষ্ণক জনালে যে, তেওঁৰ ৰূপ গুণত মুগ্ধ হৈ তেওঁকেই তেওঁ স্বামী ৰূপে বৰণ কৰিছে আৰু তেওঁক স্বামী ৰূপে নাপালে প্ৰাণত্যাগ কৰিব এইদৰে কৈ ৰুক্মিণীয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিলে যাতে কুটুম্বসকলে তেওঁক শিশুপাললৈ বিয়া দিয়াৰ আগতে বিদৰ্ভলৈ আহি তেওঁক হৰণ কৰি লৈ যায়। হৰণ কৰাৰ উপায় সম্পর্কেও ৰুক্মিণীয়ে চিঠিখনত লিখিছিল যে, তেওঁলোকৰ ৰাজ্যৰ প্ৰথামতে বিবাহৰ পূৰ্বদিন দেবযাত্ৰা বুলি এক কুলাচাৰ আছে। যিমতে কন্যাক নগৰৰ বাহিৰৰ এক মন্দিৰত দূৰ্গাদেৱীক সেৱা কৰায়। এই প্ৰথা অনুসৰি ৰুক্মিণীয়ে বিয়াৰ আগদিনা যেতিয়া দূৰ্গাক সেৱা কৰি ঘূৰি আহিব, তেতিয়া কৃষ্ণই আহি তেওঁক হৰণ কৰি নিব পাৰিব। (Religious Studies)
চিঠিৰ এই বাৰ্তা পঢ়ি কৃষ্ণ ব্যাকুল হল। দৰাচলতে ৰুক্মিণীয়ে যিদৰে কৃষ্ণত অহৰ্নিশে চিন্তা কৰি আছিল, কৃষ্ণয়ো ৰুক্মিণীৰ চিন্তাত দিনে ৰাতিয়ে মগ্ন হৈ আছিল। গতিকে ৰুক্মিণীৰ বাৰ্তা পাই তুৰন্তে কৃষ্ণই কুণ্ডিল নগৰলৈ যাত্রা কৰিলে আৰু একে ৰাতিতে দ্বাৰকাৰ পৰা আহি কুণ্ডিল নগৰীৰ সমীপত উপস্থিত হল। কৃষ্ণই অকলে অহা বুলি গম পাই বলোৰামে কৃষ্ণৰ কিবা বিপদ হব বুলি আশংকা কৰি চতুৰংগ সেনা লৈ কৃষ্ণৰ লগত আহিল।
ব্ৰাহ্মণ বেদনিধিয়ে যেতিয়া ৰুক্মিণীক কৃষ্ণৰ আগমন আৰু তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিৰ কথা জনালে। তেতিয়া ৰুক্মিণী আনন্দত আত্মহাৰা হৈ পৰিল। বলোৰাম কৃষ্ণই ৰুক্মিণীৰ বিয়া চাবলৈ আহি নগৰৰ সমীপত উপস্থিত হোৱা বুলি যেতিয়া কটোৱালে আহি ভীষ্মক ৰজাক খবৰ দিলে। তেতিয়া তেওঁ সমদলে গৈ বলোৰাম কৃষ্ণক নগৰলৈ আদৰি আনি অৰ্ঘ, মধুপৰ্ক,আচমনি আদিৰে বহুমানে পূজা অৰ্চনা কৰি সমাজৰ মাজত সুবৰ্ণৰ সিংহাসনত বহিবলৈ দিলে। মহামতি ভীষ্মকে জানিছিল যে, ৰুক্মিণীৰ স্বামী কৃষ্ণয়ে হব। নগৰৰ নৰ-নাৰীসকলেও কোৱা কুই কৰিছিল যে, একমাত্র কৃষ্ণহে ৰুক্মিণীৰ স্বামী হবলৈ যোগ্য। তাত সমবেত কিছুমান ৰজাই কোৱা কুই কৰিছিল যে, কৃষ্ণই নিশ্চয় ৰুক্মিণীক হৰণ কৰিব।
ইপিনে বিয়াৰ প্ৰথামতে নাৰীগণে ৰুক্মিণীক বিধিবৎ স্নান কৰোৱাই অভিনৱ বস্ত্ৰ আৰু বত্ৰিশ অলংকাৰ পিন্ধাই নগৰৰ বাহিৰলৈ দূৰ্গাদেৱীক সেৱা কৰাবলৈ লৈ গল। মন্দিৰত গৈ ভালদৰে পূজা কৰিলে আৰু লগতে শিৱ আৰু গণেশকো পূজা কৰিলে। ইয়াৰ পাছত বিপ্ৰভাৰ্য্য আৰু কুলবধুগণকো পূজা কৰি ৰুক্মিণী মন্দিৰৰ পৰা বাজ হৈ লয়লাস ভংগীৰে নগৰলৈ আগবাঢ়িল। ৰুক্মিণীৰ বিয়া চাবলৈ অহা ৰজাবোৰে মন্দিৰৰ পৰা ৰুক্মিণীক লগত লৈ ঘূৰি অহা সমদললৈ নগৰত অপেক্ষা কৰি আছিল। সেই ৰজাবোৰৰ মাজত কৃষ্ণও ৰৈ আছিল। ৰুক্মিণী যেতিয়া কৃষ্ণৰ ওচৰ পালে কৃষ্ণই ৰথৰ পৰা নামি আগবাঢ়ি গৈ, ৰুক্মিণীক কোলাত লৈ নিজৰ ৰথত উঠাই ললে। ৰুক্মিণীক এইদৰে হৰি নিয়া দেখি জৰাসন্ধৰ নেতৃত্বত কৃষ্ণৰ বিৰোধী ৰজাসকলে নিজৰ নিজৰ সৈন্য বাহিনীবোৰ লগত লৈ কৃষ্ণক খেদি গল কিন্তু যাদৱ সেনাগণে সিহঁতক আগবাঢ়িব নিদিলে আৰু বিফল মনোৰথ লৈ সিহঁত উভতি আহিল।
অন্যন্য ৰজাবোৰে কৃষ্ণৰ লগত যুঁজ কৰাৰ আশা এৰি দিলেও কিন্তু ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে কৃষ্ণক যুঁজত হৰুৱাই ৰুক্মিণীক উদ্ধাৰ কৰিবলৈ এক ঔক্ষৌহিনী সেনা লগত লৈ কৃষ্ণক খেদি গল। দুয়োৰে মাজত প্ৰথমে ধনুকাড়েৰে আৰু পাছত তৰোৱালেৰে যুদ্ধ হল। যুজঁত ৰুক্মবীৰ হাৰিল আৰু কৃষ্ণই তেওঁক কাটিবলৈ তৰোৱাল হাতত তুলি ললে। তাকে দেখি ৰুক্মিণীয়ে কৃষ্ণৰ চৰণত পৰি কান্দি কাটি ভাতৃক বধ নকৰিবলৈ কাকূতি কৰিলে। কিয়নো তেনে কৰিলে তেওঁৰ কাৰণে জেষ্ঠ্য ভাই কটা যোৱা বুলি যাবজ্জীবন কুযশ ভুগিব লাগিব।
ৰুক্মিণীৰ কাকুতি শুনি কৃষ্ণই ৰুক্মবীৰক বধ নকৰিলে। কিন্তু কিছু শাস্তি দিব লাগিব বুলি বস্ত্ৰ পকাই তাক বান্ধি ললে আৰু চক্র ধৰি তাৰ ডাঢ়ি চুলি মুণ্ডন কৰিলে। অৱশ্যে মাজে মাজে চিৰল ৰাখিলে যাতে সি দেখাতো কুৰূপা হয়। ৰুক্মবীৰৰ তেনেকুৱা অৱস্থা দেখি ৰুক্মিণীয়ে বিলাপ কৰিবলৈ ধৰিলে। বলোৰামে তেতিয়া ৰুক্মিণীক সান্তনা দি কলে যে ৰুক্মবীৰে তাৰ কৰ্মফলমতেহে এই বিপৰ্য্যয়ৰ সন্মুখীন হৈছে। মানুহে অজ্ঞানৰ প্ৰভাৱতহে সুখ দুখ ভোগে। দৰাচলতে সুখ দুখ বোলা সত্য বস্তু একো নাই। গতিকে আত্মতত্বজ্ঞান সুৱৰি দুখ এৰিবলৈ বলোৰামে ৰুক্মিণীক উপদেশ দিলে। বলোৰামৰ কথা শুনি ৰুক্মিণী প্ৰকৃতিস্হ হল। তাৰ পাছত দ্বাৰকাত নি কৃষ্ণই মহা সমাৰোহেৰে ৰুক্মিণীক বিয়া কৰোৱালে।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।(Religious Studies)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment