গণেশৰ বিবাহৰ কাহিনী জানো আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 18, 2021

গণেশৰ বিবাহৰ কাহিনী জানো আহক : Religious Studies

Religious Studies


এসময়ত গণেশৰ পৰশুৰামৰ সৈতে যুদ্ধ হৈছিল। সেই যুদ্ধত পৰশুৰামে কুঠাৰেৰে গণেশৰ দাঁত এটা ভাঙিছিল। সেইবাবে ভগৱান গণেশকে একদন্ত বুলি কোৱা হয়।(Religious Studies)


 ভগৱান শ্রী গণেশৰ মূৰটো হাতীৰ আৰু এটা দাঁত ভঙা বাবে কোনো কন্যাই গণেশৰ লগতে বিবাহত বহিবলৈ মান্তি হোৱা নাছিল। সেইবাবে শ্রী গণেশৰ বৰ চিন্তা হৈছিল। আৰু আন দেৱতাসকলৰ বিবাহ দেখা পায় বৰ দুখ কৰিছিল। তেনেতে এদিন দুখ মনেৰে চিন্তা কৰি বহি থাঁকোতে ভাৱিলে, মোৰ বিয়া নহয় যদি, মই আন কোনো দেৱতাৰ বিবাহ কাৰ্য্য সম্পন্ন হবলৈ নিদো। 


 যেতিয়া আন দেৱতাসকলৰ বিবাহ হয়, তেতিয়া বিবাহ স্থলীলৈ ভগৱান শ্রী গণেশ আৰু তেওঁৰ বাহন মুচক (নিগনি) উপস্থিত হয়গৈ। আৰু বিবাহৰ কাৰ্য্য সম্পন্ন নহবলৈ ভগৱান শ্রী গণেশৰ সহায়ত মুচকে উৎপাত কৰে। বিবাহৰ যজ্ঞত পানী ধালি দিয়ে, কলপুলি উঘালি দিয়ে। ভগৱান গণেশৰ এনেবোৰ কাৰ্য্য সহিব নোঁৱাৰি দেৱতাসকল মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ ওচৰলৈ গৈ ভগৱান গণেশৰ সকলো কথা বৰ্ণনা কৰিলে। (Religious Studies)


 দেৱতাসকল কথা শুনি মহাদেৱ আৰু পাৰ্ৱতীয়ে কয়, এই সমস্যাৰ সমাধান আমাৰ লগত নাই। আছে মাথো ব্ৰহ্মাৰ ওচৰত হে। 


 মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ কথা শুনি দেৱতাসকল ব্ৰহ্মাৰ ওচৰ পালেগৈ। তেতিয়া ব্ৰহ্মা খ্যাত আছিল। দেৱতাসকলক যোৱা দেখা পায়, ব্ৰহ্মাই সকলো কথা বুজি পালে। তেতিয়া ব্ৰহ্মাই তেওঁৰ মানস পুত্রী ৰিদ্ধি আৰু সিদ্ধিক মাতি আনি ভগৱান গণেশৰ ওচৰলৈ লৈ গল। আৰু ভগৱান গণেশক কলে যে, তুমি ৰিদ্ধি আৰু সিদ্ধিক শিক্ষা দিব লাগে। ভগৱান শ্রী গণেশেও ব্ৰহ্মাৰ কথা মতে, ৰিদ্ধি আৰু সিদ্ধিক শিক্ষা দিবলৈ ললে। 


 যেতিয়া ভগৱান গণেশৰ বাহন মুচকে কোনো দেৱতাৰ বিয়াৰ খবৰ আনে, তেতিয়া ৰিদ্ধি আৰু সিদ্ধিয়ে কোনো বুদ্ধি কৰি কোনো কথাৰ প্ৰসংগ উলিয়াই গণেশক সেই কথাতে ব্যস্ত কৰি ৰাখে। এনেদৰে বহু দিন গল। এনেদৰে বহু দিন যোৱাৰ পাছত এদিন মুচকে আৰু ভগৱান শ্রী গণেশে কথা বোৰ গম পালে। কথাখিনি গণেশে গম পাওঁতেই সেই ঠাইতে ব্ৰহ্মা উপস্থিত হৈ সকলো কথা কলে যে, ৰিদ্ধি আৰু সিদ্ধি তেওঁৰে মানস পুত্রী আৰু ৰিদ্ধি আৰু সিদ্ধিক বিয়া কৰাবলৈ ব্ৰহ্মাই ভগৱান শ্রী গণেশক প্ৰস্তাৱ দিলে! ব্ৰহ্মাৰ কথা শুনি ভগৱান শ্রী গণেশ মান্তি হৈ ৰিদ্ধি আৰু সিদ্ধিক বিয়া কৰোৱালে। 


 ভগৱান শ্রী গণেশৰ ৰিদ্ধি আৰু সিদ্ধি ফালৰপৰা দুই পুত্র আছে। শুভ আৰু লাভ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। (Religious Studies)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages