আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 21, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

             Horoscope Today


৪ আঘোন , দেওবাৰ , ইং ২১ নৱেম্বৰ , ২০২১ । (Horoscope today)


 ১. *মেষ ৰাশি* (অ,ল) : -  কৰ্মত সহিষ্ণুতা উদাৰতা থাকিব । ধনৰ চিন্তা বৃদ্ধি পাব । শুভ ৰং কমলা । আলহীৰ সমাগম । প্ৰতিবেশীক লৈ অতিষ্ট হব । মাতৃৰ শুভ । শুভ সংখ্যা চাৰি।


২. *বৃষ ৰাশি*( উ,ব,ই) : - কৰ্মক্ষেত্ৰত দক্ষতা , জনহিতকাৰী চিন্তা , উদাৰতা প্ৰদৰ্শন । কোনো লোকে আমনি কৰিব পাৰে । শুভ ৰং ৰঙা । ঘৰৰ চৌহদত তুলসী পানী ছটিয়াওক । 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - বহু কষ্টৰ দ্বাৰা মনৰ আশা পূৰণ হব । পৰচৰ্চাত  ব্যস্ত নাথাকিব । ভৰিত আইনা গজালে বিন্ধিব পাৰে । বিবাহৰ সংযোগ । ভ্ৰমণ । শুভ ৰং মেৰুণ ।


৪. *কৰ্কট ৰাশি*( ড,হ) : - নিজক লৈ গৌৰৱবোধ । ধন বিনিয়োগত সতৰ্ক থাকক । মাদক দ্ৰব্য বৰ্জনীয় । গৃহ শত্ৰু পদানত হব । বিদ্যাক সুখ । ভ্ৰমণ । শুভ ৰং কমলা ।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- ৰাজহুৱা দিশত নেতৃত্ব দিব পাৰিব । দুজনীয়া বাহনত সাৱধান । আলহীৰ আগমন । প্ৰতিবেশীৰ পৰা কষ্ট পাব । খৰচ । শুভ ৰং আকাশী নীলা ।


৬. *কন্যা ৰাশি* (প,ঠ) : - আনৰ ঈৰ্ষাৰ পাত্ৰ হব । প্ৰদূষণে কষ্ট দিব । খং কমিব ।  বস্ত্ৰ অলংকাৰ লাভৰ যোগ । ক্ৰীড়াত সুখ্যাতি বৃদ্ধি । শুভ ৰং  গোলাপী । (Horoscope today)


৭. *তুলা ৰাশি* (ৰ,ত): - কাৰ্য সিদ্ধিত গুৰুৰ প্ৰভাৱ । সৎ লোকৰ সান্নিধ্য পাব । পৰ্যটনৰ প্ৰতি গুৰুত্ব বাঢ়িব । পৰচৰ্চা নকৰিব । শুভ ৰং মেৰুণ । খাদ্যৰ প্ৰতি দুৰ্বলতা 


৮. *বৃশ্চিক ৰাশি* (ন,য): - নিজকে শুদ্ধ বুলি নধৰিব । বিবাহৰ সংযোগ । দুঃচিন্তা মনলৈ আহিব । ভাতৃৰ উন্নতি । শিল্পী লেখকৰ সুখ্যাতি । শুভ ৰং নীলা ।


৯. *ধনু ৰাশি* (ধ,ভ): - আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব । মালিক ভাৰাতীয়াৰ খণ্ডযুদ্ধ হব পাৰে  । গ্ৰহ পূজা কৰক ।  ভঙা আসনত নবহিব । প্ৰতিযোগিতাত জয়লাভ ।


১০. *মকৰ ৰাশি* (খ,জ):  -  সৎ নীতি নিয়ম মানি চলক । আৱেগ পৰিহাৰ কৰক । খৰচান্ত হব । সংযমী হওক । চিত্ৰকৰ , বিজ্ঞানী জ্যোতিষীৰ সুখ্যাতি । শত্ৰু কমিব শুভ ৰং মুগা ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - সুনাম লাভৰ কাৰকতা । স্নায়ুতন্ত্ৰৰ ৰোগত কষ্ট পাব পাৰে । মৎস্য ব্যৱসায়ত উন্নতি । দালালৰ কষ্ট । স্মৃতি ৰোমন্থন । ভ্ৰমণ । 


১২. **মীন ৰাশি-* ( দ,চ) :- আনে নীৰৱতা ভংগ কৰিব পাৰে । আপোনাৰ সম্পত্তি আনে দখল কৰিব পাৰে  । যৌন ৰোগত ভুগিব পাৰে । মদ ভাং নাখাব ।



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages