দাঁতৰ পোকে ধৰা সমস্যা‌ দূৰ কৰাৰ উপায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

দাঁতৰ পোকে ধৰা সমস্যা‌ দূৰ কৰাৰ উপায় : Assamese Health Tips

Assamese Health Tips


আজিকালি যুগত দাঁতত পোকে ধৰা সমস্যা এটা, সাধাৰণ সমস্যা হৈ পৰিছে। দাঁত পৰিষ্কাৰ পৰিচ্ছন্নতা নকৰাৰ ফলত আৰু দুৰ্বল যতনৰ ফলত দাঁতৰ সমস্যা দেখা দিয়ে। এই সমস্যা কেৱল সৰু লৰা ছোৱালীৰ ক্ষেত্রত নহয়। বয়োজ্যেষ্ঠ লোকসকলেও এই সমস্যাতে ভুগিব লগীয়া হয়।Assamese Health Tips ) 


পুৱা সঠিকভাৱে দাঁত পৰিষ্কাৰ নকৰা বা, খুৱাৰ পাছত মুখ ভালদৰে পৰিষ্কাৰ নকৰা, দাঁতত লাগি থকা খাদ্য পৰিষ্কাৰ নকৰা ফলত সেইবোৰ দাঁতত লাগি থাকে। আৰু সেইবোৰ পচিবলে আৰম্ভ কৰে। ফলত সেইবোৰ লাহে লাহে বীজাণুলৈ পৰিৱৰ্তিত হয় সমস্যা অধিক গুৰুত্বৰ হৈ পৰে। 


দাঁতৰ বিন্দু(কেভিটি) দৰে সমস্যা পৰিহাৰ কৰিবলৈ ৰাতি দাঁত পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূর্ণ। দাঁতৰ বিন্দুৰ সমস্যা দূৰ কৰিবলৈ কিছুমান ঘৰুৱা সহজ প্ৰতিকাৰ-


১/নহৰু-

দাঁতৰ বিন্দু(কেভিটি) সমস্যাৰ পৰা সকাহ পাবলৈ, নহৰু ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ৪বা৫টা নহৰু কলি বাকলি এৰুৱাই পিচি এটা পেষ্ট বনাওক। এতিয়া এই পেষ্টটো দাঁতত প্ৰয়োগ কৰক আৰু ইয়াক ১০মিনিটৰ বাবে থৈ দিয়ক। তাৰ পাছত পৰিষ্কাৰ পানীৰে ধুইক পেলাওক আৰু ব্ৰাছেৰে ধুই পেলাওক। 


২/হালধি-

প্ৰথমে আপোনাৰ আঙুলিত হালধিৰ গুড়ি লওক আৰু আপোনাৰ দাঁত আৰু আলুত পাতলকৈ লগাই মালিচ কৰক। তাৰ পাছত ব্ৰাছ কৰক। দৈনিক এনে কৰিলে দাঁত স্বাস্হ্য বান হৈ থাকিব। কিয়নো হালধিত বীজাণু নাশক গুণাগুণ আছে, যি আলুৰ বিষ আৰু বিভিন্ন পোকে ধৰা সমস্যাৰ পৰা সকাহ দিয়ে। Assamese Health Tips ) 


৩/আমলখি-

আমলখি এবিধ এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি'ৰে, সমৃদ্ধ ফল। যি বেক্টেৰিয়া আৰু বীজাণুৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়তা কৰে। লগতে ই মুখখন পৰিষ্কাৰ কৰাত আৰু দুৰ্গন্ধমুক্ত উশাহৰ পৰা পৰিত্ৰাণ পোৱাত সহায়তা কৰে। আমলখিৰ পেষ্ট এটা বনাওক আৰু দাঁতত লগাওক। তাৰ পাছত পানীৰে ধুই পেলাওক। ই আপোনাক যথেষ্ট সকাহ দিব। 


৪/নাৰিকল তেল-

দাঁতৰ বিন্দু (কেভিটি) পৰা পৰিত্ৰাণ পাবলৈ, আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি ১চামুচ বিশুদ্ধ ঠাণ্ডা নাৰিকল তেল খাব লাগিব আৰু এই তেল আপোনাৰ মুখত ৰাখিব লাগিব। তাৰ পাছত প্ৰায় ১০মিনিটৰ বাবে মুখৰ ভিতৰত আৰু দাঁতত লগাই ভালদৰে ধুই দিয়ক। তাৰ পাছত নিয়মীয়াকৈ দাঁত পৰিষ্কাৰ কৰাৰ দৰে ব্ৰাছ কৰক। 


৫/যষ্টিমধু(ঔষধি শিপা) 

দাঁতৰ বিন্দু (কেভিটি) পৰা সকাহ পাবলৈ, আপুনি যষ্টিমধুৰ শিপা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে যষ্টিমধুৰ শিপাৰ টুকুৰা এটা লওঁক আৰু ইয়াক শুকাই পাউডাৰলৈ ৰূপান্তৰিত কৰক। তাৰপিছত ৰাতিপুৱা আৰু সন্ধ্যা এই পাউডাৰে ব্ৰাছ কৰক আৰু পৰিষ্কাৰ পানীৰে ধুই দিয়ক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages