শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৪) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 9, 2021

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৪) : Assamese Storyboard

Assamese Storyboard


একমূহুৰ্ত কিবা এটা ভাবিলে তাই । আৰু হাত এখন আগুৱাই দিলে তাৰ ফালে ।পৰম আশ্বাসেৰে ।Assamese Storyboard )


শব্দময়ী ।যেন এটি  আলফুল কবিতা ।  দুওঁঠত যেন ৰদৰ হাঁহি । আবেলি আবেলি দুয়ো দীঘলী পুখুৰীৰ পাৰত খোজ কাঢ়ে   । কেতিয়াবা ব্ৰহ্মপুত্ৰৰ বালিচৰত  বহি তাই গান গাই । সি গীটাৰ বজাই । তাই গোৱা গানৰ সুৰবোৰে তাৰ বুকুত মৌ মেল পাতে ।দিনবোৰ পাৰ হৈ থাকে ।। পাৰ হৈ থাকে বছৰ । আকৌ এবাৰ শৰত আহে । 


শীতল বতাহ বলি থকা সন্ধিয়া এটাত দুয়ো খোজ কাঢ়ি আছিল নিৰ্জন বাট এটাৰে । কৰবাত শেৱালি ফুল ফুলিছিল । শেৱালি ফুলৰ মিঠা সুবাসে আতুৰ কৰি তুলিছিল  তাৰ মনৰ চৌপাশ । 


ইমান দিনে  সংগোপনে বুকুৰ  মাজত কঢ়িয়াই থকা কথাবোৰ হঠাতে কৈ পেলাবৰ মন গৈছিল তাইক । শব্দময়ী ভাল পাওঁ তোমাক ।আজি নহয় । তোমাক প্ৰথম দেখাৰ দিনাৰ পৰা। মনত আছেনে তোমাৰ মাৰোৱাৰী পূজা মণ্ডপত  মই প্ৰথম তোমাক দেখিছিলো । সিদিনা তুমি ৰঙা শাৰী এখন পিন্ধি আছিলা । তেতিয়াৰে পৰা তুমি মোৰ মনৰ মাজত সোমাই আছা । মই তোমাক কাহনিও মোৰ মনৰ পৰা আঁতৰাব নোৱাৰোঁ । Assamese Storyboard )

বহুত ভাল পাওঁ তোমাক । 

তুমি মোৰ হৈ থাকিবানে শব্দময়ী ? 

কোৱা ..কিবা এটা কোৱা । 


নাই তাই একো কব নোৱাৰিলে । মাথো  নীৰৱ হৈ চাই থাকিল তাৰ চকুলৈ । সিও চাই থাকিল তাইৰ চকুলৈ ।আকাশত জ্বলি আছিল শাৰদীয় জোন । 


জোনৰ পোহৰত তোমাৰ মুখ খন কি অপূৰ্ব লাগিছে শব্দময়ী । আৰু তোমাৰ চকুজুৰি ,চকুজুৰি যেন দুটি তিৰবিৰ তৰা ।


শব্দময়ীয়ে লাজত তাৰ বুকুৰ মাজত মুখ খন লুকুৱাই পেলাইছিল । লাজত জই পৰি যোৱা ছোৱালী জনীক সি গভীৰ মৰমেৰে সাৱটি ধৰিছিল । ।আৰু কৈছিল তুমি মোৰ বাবে শৰতৰ এপাহি শুভ্ৰ শেৱালি শব্দময়ী ।


আগলৈ..........


প্ৰীতিৰেখা দাস 

বাংগালোৰ 

কৰ্ণাটক

ফোন _৮১০৫২৫২৩৫০

Assamese Storyboard )

বিঃদ্ৰঃ উক্ত গল্পটি প্ৰীতিৰেখা দাসৰ দ্বাৰা লিখিত (যোগাযোগ নম্বৰ -৮১০৫২৫২৩৫০)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

( এই ধাৰাবাহিকখন  মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে  প্ৰকাশ পায় সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ গুগলত চাৰ্ছ কৰিব smj24.in )

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৩)- https://www.smj24.in/2021/11/assamese-storyboard_6.html



No comments:

Post a Comment

Advertisement

Pages